Logo
image

তদন্তৰ আউটিলৈ অহা নাই সাধনিদাৰ ভিভাণ্টাও নিৰ্লিপ্ত

ৰাজকন্যা-কাণ্ড

আমাৰ অসম, ১২ অক্টোবৰঃ সুদীৰ্ঘ ১০ দিন অতিক্ৰম কৰিলে, কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে ১ অক্টোবৰৰ নিশা অনুষ্ঠিত পাৰ্টী সন্দৰ্ভত এবাৰো সোধা-পোচা নকৰিলে হোটেল তাজ ভিভাণ্টা কতৃৰ্পক্ষক৷ কেৱল তাজ ভিভাণ্টা কতৃৰ্পক্ষই নহয়, এই পাৰ্টীৰ আয়োজক ব্যৱসায়ী পংকজ সাধনীদাৰকো আৰক্ষীয়ে এবাৰো তলব কৰা নাই৷ ইয়াৰ বিপৰীতে ১ অক্টোবৰৰ নিশা অনুষ্ঠিত সাধনিদাৰৰ কন্যাৰ জন্মদিনৰ পাৰ্টীৰ পৰা উভতি অহাৰ সময়ত পথ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ জামিনত থকা অৱস্থাত ৰাজকন্যা বৰুৱাক চিকিৎসা প্ৰদান কৰা জি এন আৰ চি হাস্পতালৰ চিকিৎসক ডাঃ নভনীল বৰুৱাক দিছপুৰ আৰক্ষীয়ে ৩ দিন ধৰি মাৰাথান জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ পৰ্যন্ত কৰে৷ পংকজ সাধনীদাৰে ১ অক্টোবৰৰ নিশা হোটেল তাজ ভিভাণ্টাত যি পাৰ্টীৰ আয়োজন কৰিছিল সেই পাৰ্টী নিশা ১২ বজাৰ পাছতো চলি আছিল৷ অথচ চৰকাৰৰ ক’ভিড বিধি অনুসৰি নিশা ৯ বজাৰ পাছত হোটেলত এনে ধৰণৰ পাৰ্টী অনুষ্ঠিত কৰিব নোৱাৰে৷ ৯ বজাত বন্ধ হ’ব লাগে হোটেলসমূহ৷ ১ অক্টোবৰৰ নিশা ১২ বজাৰ পাছত গান্ধী জয়ন্তী উপলক্ষে যিহেতু ড্ৰাই ডে’ সেয়ে ১২ বজাৰ পাছত সুৰা পৰিৱেশন কৰিব নোৱাৰে হোটেল কতৃৰ্পক্ষই৷ কিন্তু তাজ কতৃৰ্পক্ষই চৰকাৰৰ এই দুয়োটা নিয়ম উলংঘা কৰি ব্যৱসায়ী পংকজ সাধনিদাৰক নিশা প্ৰায় ২ বজালৈ পাৰ্টী অব্যাহত ৰখাৰ অনুমতি দিয়ে৷ নিয়ম অনুসৰি আৰক্ষীয়ে তাজ কতৃৰ্পক্ষৰ বিৰুদ্ধে অসম দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰি সোধা-পোচা কৰিব লাগিছিল৷ কিন্তু অসম আৰক্ষীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ৰহস্যজনক নিৰৱতাহে অৱলম্বন কৰিছে৷ নিশা ৯ বজাৰ পাছতো ব্যৱসায়ী পংকজ সাধনিদাৰক তাজ কতৃৰ্পক্ষই পাৰ্টী চলাই ৰখা বাবে কিয় অনুমতি দিলে৷ ঠিক তেনেদৰে ড্ৰাই ডে’ তাকো গান্ধী জয়ন্তীৰ দিনা তাজ কতৃৰ্পক্ষই কিহৰ ভিত্তিত পংকজ সাধনিদাৰৰ পাৰ্টীলৈ অহা অভ্যাগতসকলক সুৰাৰ যোগান ধৰিলে৷ পংকজ সাধনিদাৰ বা তাজ কতৃৰ্পক্ষক এবাৰো সোধা-পোচাৰ বাবে থানালৈ তলৱ কৰাৰ পৰিৱৰ্তে জামিনত থকা ৰাজকন্যা বৰুৱাক চিকিৎসা প্ৰদান কৰাৰ দোষতে চিকিৎসক নভনীল বৰুৱাক তিনিদিন ধৰি জেৰাৰ নামত ঘণ্টাৰ পাছত ঘণ্টা ধৰি থানাত বহুৱাই ৰাখিলে৷ পংকজ সাধনিদাৰৰ পাৰ্টীলৈ অহা অভ্যাগতসকলৰ নামৰ এখন তালিকা তাজ কতৃৰ্পক্ষই ইতিমধ্যে প্ৰশাসনৰ ওচৰত জমা দিছে যদিও চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰি নিশা ৯ বজাৰ পাছতো পাৰ্টীত উপস্থিত থকা লোকসকলৰ নাম পৃথকে উল্লেখ কৰি দিছে নে? উল্লেখ্য, দিছপুৰৰ শাসনাধিস্থ দল আৰু চৰকাৰৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে আৰক্ষীৰ দৃষ্টিৰ বাহিৰত আছে নেকি ব্যৱসায়ী পংকজ সাধনিদাৰ৷ নে ব্যৱসায়ীজনৰ ৰাজনেতাৰে থকা সু-সম্পৰ্কৰ প্ৰভাৱে প্ৰভাৱান্বিত কৰিছে আৰক্ষীক৷ তিনিদিন ধৰি আৰক্ষীৰ নিৰন্তৰ জেৰা, তাৰ পাছত গ্ৰেপ্তাৰ আৰু পৰৱৰ্তী সময়ত জামিনত মুক্তি লাভ কৰা চিকিৎসক নভনীল বৰুৱা বৰ্তমান মানসিকভাৱে বিপৰ্যস্ত হৈ পৰিছে৷ বহুতৰে প্ৰশ্ন– জামিনত থকা ৰাজকন্যা বৰুৱাক চিকিৎসা প্ৰদান কৰাৰ দোষত যদি ডাঃ নভনীল বৰুৱাক অভিযুক্ত কৰা হয় তেন্তে নিশা ৯ বজাৰ পিছতো পাৰ্টী চলাই থাকিবলৈ অনুমতি দিয়াৰ বাবে তাজ কতৃৰ্পক্ষও সমানে দোষী৷ ড্ৰাই ডে’ হোৱাৰ পাছতো সুৰা যোগান ধৰাৰ দোষতো তাজ কতৃৰ্পক্ষ দোষী৷ উল্লেখ্য, এই পাৰ্টীৰ আয়োজক পংকজ সাধনিদাৰ নিজেই এজন হেণ্ড চেনিটাইজাৰৰ ব্যৱসায়ী৷ গতিকে ক’ভিডৰ ভয়াৱহতা আৰু এই ক্ষেত্ৰত থকা চৰকাৰী নিয়ম-নীতি সন্দৰ্ভত তেওঁ নিশ্চয় সম্পূৰ্ণৰূপে অৱগত৷ জামিনত থকা লোক এজনক চিকিৎসক এজনে আই চি ইউত ৰাখি চিকিৎসা কৰে নে কিদৰে চিকিৎসা কৰে সেইটো চিকিৎসকজনৰ কথা৷ একমাত্ৰ সেইটো কাৰণতে আৰক্ষীয়ে চিকিৎসক এজনক গ্ৰেপ্তাৰ কৰিলে তিনিদিন ধৰি জেৰা চলোৱাৰ অন্তত৷ অথচ নিশা ৯ বজাৰ পাছতো পাৰ্টী চলাই থাকিবলৈ অনুমতি দিয়া, ড্ৰাই ডে’ত সুৰা যোগান ধৰা হোটেল তাজ কতৃৰ্পক্ষক কিন্তু আৰক্ষীয়ে জেৰাৰ বাবে তলৱ কৰাৰ প্ৰয়োজনবোধ নকৰিলে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– গোচৰটো আছিল মাতাল হৈ গাড়ী চলাই পথৰ কাষত কাম কৰা মানুহক গুৰুতৰভাৱে জখম কৰাৰ৷ নভনীল বৰুৱাই এবাৰ জামিনত এৰি দিয়া অভিযুক্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাটোৰ লগত এই মূল অভিযোগটোৰ কি সম্পৰ্ক৷ চিকিৎসালয়ত ভৰ্তি কৰাটো কোনোবাই অনৈতিক বুলিব পাৰে, কিন্তু ই নিজেই এটা অপৰাধ হ’ব নোৱাৰে বা এই কথাটোক পূৰ্বতে ঘটি যোৱা অপৰাধ এটাৰ লগত যুক্ত কৰিব নোৱাৰি৷ গ্ৰেপ্তাৰ বাদেই দিলোঁ, এই কথাৰ বাবে ঘণ্টাৰ জেৰাও প্ৰয়োজনীয় বোধ নহয়৷ নভনীল বৰুৱাৰ গ্ৰেপ্তাৰ অক্ৰোশমূলক৷