Logo
image

ছেনিটাৰী পেডত ড্ৰাগ্‌ ৰখা কোন এইগৰাকী ৰহস্যময়ী সুন্দৰী...

নিশাৰ ভিতৰতে নায়কৰ পৰা খলনায়কত পৰিণত হ’ল শ্বাহৰুখ পুত্ৰ আৰিয়ান৷ দেশজুৰি জোকাৰি যোৱা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ গ্ৰেপ্তাৰৰ লগতে চৰ্চালৈ আহিছে এগৰাকী ৰহস্যময়ী যুৱতী৷ সুন্দৰী মডেলগৰাকীৰ নাম হ’ল মুনমুন ধামেচা৷ প্ৰমোদতৰীত চলা ড্ৰাগছ পাৰ্টীত বাদশ্বাহ তনয় আৰিয়ানৰ লগতে গ্ৰেপ্তাৰ হৈছে ৰহস্যময়ী সুন্দৰী মুনমুন৷ প্ৰশ্ন হ’ল কোন এই ৰহস্যময়ী নায়িকা মুনমুন? মুনমুন পেছাগতভাৱে এগৰাকী মডেল৷ বলীউডৰ বিভিন্ন হাইপ্ৰফাইল পাৰ্টীত সঘনে দেখা যায় মুনমুনক৷ পাৰ্টীত আনন্দ যোগান ধৰাই মুনমুনৰ কাম৷ সপোনপুৰীৰ বহু তাৰকাৰ সৈতে মুনমুনৰ উঠা বহা৷ সৌন্দৰ্য আৰু ষ্টাইলৰ বাবেও ছ’চিয়েল মিডিয়াত মুনমুন বেছ জনপ্ৰিয়৷ মধ্যপ্ৰদেশৰ সাগৰ নামৰ এখন সৰু চহৰৰ পৰা আহি মায়াপুৰীত  খোজ দিয়েহি মুনমুনে৷ দুচকুত বহুত স্বপ্ন আছিল ৩৯ বছৰীয়া মুনমুনৰ৷ কিন্তু সেই মুনমুন এতিয়া আৰক্ষীৰ জালত বন্দী৷ পাৰ্টীত ৰোমান্স বৃদ্ধি কৰাৰ উদ্দেশ্যেৰেই মুনমুনক পাৰ্টীলৈ আমন্ত্ৰণ জনোৱা হৈছিল৷ বিনিময়ত উপযুক্ত পাৰিশ্ৰমিক প্ৰদানৰ কথাও স্বীকাৰা কৰিছে বাদশ্বাহ পুত্ৰই৷ বলোৰাম নামৰ এজন ব্যক্তিয়ে টিকট বুক কৰাৰ উপৰিও তেওঁৰ নামত এটা কোঠা ভাৰালৈ লৈছিল৷ মোটা টকাৰ বিনিময়ত পাৰ্টী ‘জমাবলৈ’ গৈ ড্ৰাগছ সেৱন আৰু মজুতকৰণৰ অভিযোগত বন্দী হ’ল মুম্বাইৰ উদীয়মান মডেল মুনমুন ধামেচা৷ সম্প্ৰতি ‘নাৰ্ক’টিক্স কণ্ট্ৰল ব্যুৰ’ৰ [এনচিবি] জিম্মাত থকা বলীউড-সুন্দৰী মুনমুন ধামেচাৰ সন্দৰ্ভত অধিবক্তাই প্ৰকাশ কৰিছিল এই চাঞ্চল্যকৰ তথ্য৷ অধিবক্তাৰ দাবী, মডেল মুনমুনক কৰ্ডেলিয়া ক্ৰুজৰ পাট¹লৈ পাৰিশ্ৰমিকৰ বিনিময়ত আমন্ত্ৰণ কৰি নিয়া হৈছিল৷ তেওঁ কৰ্ডেলিয়া ক্ৰুজৰ টিকট কিনা নাছিল, কেবিন বুক কৰা নাছিল৷ সকলো মুনমুনৰ হাতত তুলি দিছিল বলোৰাম নামৰ এজন ব্যক্তিয়ে৷ এই ৰেভ পাট¹ সন্দৰ্ভত খবৰ ৰখা সংবাদ মাধ্যমৰ মতে, লাস্যময়ী মুনমুনে মুহূৰ্ততে এনে পাৰ্টী ৰঙীন আৰু উত্তাল কৰি তুলিব পাৰে আৰু সেইবাবেই বলীউডী পাৰ্টীত তেওঁৰ বিৰাট চাহিদা৷ অসংখ্য বলীউড তাৰকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠা মুনমুনক আৰিয়ান খান আৰু তেওঁৰ সংগীক ৰেভ পাৰ্টীত মোহাবিষ্ট কৰি ৰাখিবৰ বাবেই মোটা টকা দি আয়োজক ফেচন টিভি ইণ্ডিয়াই কৰ্ডেলিয়াৰ ক্ৰুজ যাত্ৰালৈ নিয়া বুলি প্ৰকাশ৷ মুনমুনে ছেনিটাৰী নেপকিনত মাদক দ্ৰব্য লুকুৱাই নিয়া বুলি এন চি বিয়ে দাবী কৰিছে৷ প্ৰমোদতৰীত প্ৰৱেশদ্বাৰত ড্ৰাগছ নিষিদ্ধ বুলি লিখা থকা সত্ত্বেও মুনমুনক অনুসন্ধান কৰা হৈছিল৷ এনচিবিয়ে আদালত আৰু মিডিয়াত দিয়া ভাষ্য পৰস্পৰবিৰোধী, মূলতঃ ড্ৰাগছ কাৰ হাতত উদ্ধাৰ হৈছিলসেই সন্দৰ্ভত৷ মিডিয়াত এনচিবিয়ে প্ৰচাৰ চলাইছে আৰিয়ানৰ কামিজৰ আস্তিন, কলাৰৰ চিলাইৰ ভিতৰত, লেন্সৰ বক্সত আৰু মুনমুনে নিয়া ছেনিটেৰী পেডৰ ভিতৰত ড্ৰাগছ আছিল৷ কিন্তু আদালতত কৈছে, আৰিয়ানৰ হাতৰ পৰা ড্ৰাগছ উদ্ধাৰ হোৱা নাছিল৷ ইতিমধ্যে এন চি বিৰ জেৰাত আৰিয়ানে পিতৃ-মাতৃ শ্বাহৰুখ-গৌৰীৰ অৱহেলাৰ বাবেই ড্ৰাগ্‌ছ লোৱা বুলি স্বীকাৰ কৰিছে৷ ডুবাই আৰু লণ্ডনত গৈয়ো ড্ৰাগ্‌ছ লৈছিল আৰিয়ানে৷