Logo
image

হিন্দুৱে বিলালে মাহে-পৰসাদে...

আমাৰ অসম, ১৬ অক্টোবৰঃ সম্প্ৰীতিৰ নিদৰ্শনৰূপে শিৱসাগৰৰ দেৱী দৌলৰ পৰা ইছলাম ধৰ্মৰ দৌল্লা পৰিয়াললৈ দুৰ্গা পূজাৰ শৰাই আগবঢ়োৱা হয়৷ আহোম ৰাজত্বকালত স্থাপন হোৱা শিৱসাগৰৰ দেৱী দৌলৰ এক নিজস্ব গৰিমা আছে৷ আছে আস্থা আৰু বিশ্বাসৰ প্ৰতিফলন৷ লগতে আছে পুৰণি পৰম্পৰা পালনেৰে সমাজত শান্তি আৰু মৰম গঢ়াৰ এক আধাৰ৷ শাক্তপ্ৰথা গ্ৰহণ কৰা আহোম স্বৰ্গৰ্দেউ শিৱ সিংহৰ দিনত ১৭৩৪ খ্ৰীষ্টাব্দত বৰৰজা অম্বিকাই নিৰ্মাণ কৰাইছিল বাকী দুটা দৌলৰ লগতে দেৱী দৌল৷ তেতিয়াৰ পৰা নিৰৱিচ্ছিন্নভাৱে এই দৌলত দেৱী বন্দনা চলি আহিছে৷ দুৰ্গোৎসৱৰ সময়ত এই দৌল হৈ পৰে ভক্তি আৰু আস্থাৰ ৰম্যভূমি৷ প্ৰতি বছৰে অষ্টমীৰ দিনা ভক্তই দেৱীলৈ আগবঢ়োৱা এক পূজাৰ ভাগ শিৱসাগৰ নগৰৰ ধাই আলিৰ ইছলাম ধৰ্মাৱলম্বীৰ দৌল্লা পৰিয়াললৈ আগবঢ়াই অহা হৈছে৷ কথিত আছে যে দৌল প্ৰতিষ্ঠাৰ কালৰে পৰা শিৱসাগৰৰ দৌল্লা পৰিয়ালে দেৱী দৌলত ঢাক বজোৱাৰ কামত নিয়োজিত হৈ আহিছিল৷ সেয়েহে দুৰ্গা পূজাৰ অষ্টমীৰ এক পূজাৰ ভাগ দৌলত ঢাক বজোৱা দৌল্লা পৰিয়ালক প্ৰদান কৰা হৈছিল৷  পৰৱৰ্তী সময়ত দৌল্লা পৰিয়ালে দৌলত ঢাক বজোৱাৰ পৰম্পৰা নাইকিয়া হ’ল যদিও পুৰণি নিয়ম অনুসৰি পূজাৰ ভাগ প্ৰদানৰ পৰম্পৰা অব্যাহত থাকিল৷ দুবছৰৰ আগলৈকে দৌলৰ পূজাৰ ভাগৰূপে ছাগলী প্ৰদান কৰা হৈছিল যদিও বৰ্তমান পূজাৰ শৰাই আগবঢ়াই অহা হৈছে৷ বিগত বছৰলৈকে দেৱী দৌলৰ পূজাৰ ভাগ দৌল্লা পৰিয়ালৰ জ্যেষ্ঠ মণিৰুদ দৌল্লাই গ্ৰহণ কৰি আহিছিল যদিও তেওঁৰ মৃত্যুৰ পাছত প্ৰথমবাৰৰ বাবে দৌল্লা পৰিয়ালৰ নতুন প্ৰজন্মই এই প্ৰসাদ গ্ৰহণ কৰে৷ অষ্টমীৰ দিনা বিয়লি দৌল উন্নয়ন সমিতিৰ হৈ সম্পাদক বসন্ত গগৈয়ে দৌল্লা পৰিয়ালৰ নতুন প্ৰজন্ম মিলি দৌল্লাৰ লগতে দৌল্লা পৰিয়ালৰ আন আন সদস্যক দেৱী দৌলত পূজাৰ প্ৰসাদৰ ভাগৰূপে ফলমূলৰ শৰাই আগবঢ়ায়৷