Logo
image

‘সংগ্ৰাম’ চলিব! অগপৰ সংকল্প

আমাৰ অসম, ১৬ অক্টোবৰঃ গোলাঘাটত জন্ম লাভ কৰা  অগপ  দলটো সাতত্ৰিশ বছৰীয়া হ’ল৷ অসম আন্দোলনৰ অন্তত অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে জন্ম লাভ কৰা অগপ প্ৰতিষ্ঠাৰ সাতত্ৰিশ বছৰে অসমীয়াৰ মৰম আৰু আৱেগত ডাঙৰ-দীঘল  হৈছে৷ অগপৰ প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন স্থানত পালন কৰা হয়৷ প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী পালন কৰা হয় শিৱসাগৰৰ ডিমৌত৷ অগপৰ শিৱসাগৰ জিলা সমিতিৰ সৌজন্যত আৰু থাওৰা বিধান পৰিষদৰ উদ্যোগত বৃহস্পতিবাৰে আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচী অনুসৰি– পুৱা দলৰ পতাকা উত্তোলন কৰে সভাপতি অতুল বৰাই৷ পতাকা উত্তোলন কৰি সভাপতি বৰাই অসম আন্দোলনৰ ছহিদসকলক স্মৰণ কৰে আৰু শ্ৰদ্ধা জ্ঞাপন কৰে৷ তেওঁ কয়– অগপ অসমীয়াৰ দল৷ এই দলটোৱে অসমীয়াৰ স্বাভিমান আৰু অধিকাৰ সুৰক্ষাৰ বাবে প্ৰতিষ্ঠা কালৰে পৰা ৰাজনৈতিকভাৱে সংগ্ৰাম চলাই আহিছে৷ সংসদৰ ভিতৰে-বাহিৰে এই সংগ্ৰাম আগবঢ়াই নিবৰ বাবে অসম গণ পৰিষদ অসমৰ ৰাইজৰ ওচৰত সংকল্পবদ্ধ৷ অসম আৰু অসমীয়াৰ স্বাৰ্থত অগপৰ সংগ্ৰাম চলি আছে আৰু চলি থাকিব৷ অগপ মানেই অসমীয়াৰ আৱেগ, এতিয়াও প্ৰতিজন অসমীয়াৰ হৃদয়ত অগপৰ প্ৰতি থকা বিশ্বাস আৰু মৰম অটুট আছে৷ অসমৰ নতুন প্ৰজন্মই অগপৰ ধবজা আৰু গৰিমাক আগুৱাই নিব লাগিব৷ অসমীয়াৰ অধিকাৰ প্ৰতিষ্ঠা কৰি অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব৷ ইয়াৰ পাছতে ছহিদ তৰ্পণ কৰে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই৷ কেশৱ মহন্তই কয়– প্ৰতিষ্ঠাৰ কালৰে পৰা অসমীয়াৰ মান ৰক্ষাৰ বাবে দলটোৰ প্ৰতিজন কম¹য়ে আত্মনিয়োগ কৰি আহিছে৷ সুদীৰ্ঘ সময়ছোৱাত বহু ঘাট প্ৰতিঘাটৰ  সন্মুখীন হৈছে যদিও অগপ আজিও অসমীয়াৰ একমাত্ৰ আপোন দল আৰু আঞ্চলিক দল ৰূপে ৰাইজে জীয়াই ৰাখিছে৷  মহন্তই কয় যে, নৱ প্ৰজন্মৰ বাবে দলৰ দুৱাৰ সদায়ে খোলা আছে৷ অসমীয়াৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ নতুন প্ৰজন্মক অগপৰ মঞ্চলৈ আহিবলৈ আহ্বান জনালো৷  ছহিদ তৰ্পণৰ পাছতে সতীৰ্থ স্মৰণ কৰে দলৰ দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে৷ তেওঁ দলৰ সতীৰ্থসকলৰ আশীষ কামনা কৰে৷ ইয়াৰ পাছতে জন্মদিন উপলক্ষে কেক কাটে দলৰ অন্যতম জ্যেষ্ঠ নেতা হিৰণ্য কোঁৱৰে৷ দুপৰীয়া অতুল বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাৰ আদৰণি ভাষণ আগবঢ়ায় থাওৰা বিধান পৰিষদৰ সভাপতি লীলাজ্যোতি ফুকন আৰু শিৱসাগৰ জিলা সমিতিৰ সভাপতি ঘন গগৈয়ে৷ অগপ নেতা কুশল দত্তই আঁত ধৰা মুকলি সভাত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে দলৰ কৰ্মী, সমৰ্থকসকলক উদ্দেশ্যি কয় যে প্ৰকৃত অসমীয়া সকলেহে অগপ দলটোক জীয়াই ৰাখিছে৷ উজনি অসমৰ সকলো লোকেই প্ৰকৃত অসমীয়া আৰু আৱেগিক৷  অসমীয়াৰ মাজত সদায়ে অগপ জীয়াই থাকিব৷ মুকলি সভাত দলৰ জ্যেষ্ঠ নেতা নুৰুল হুছেইন, হিৰণ্য কোঁৱৰ, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক তথা দলৰ মুখপাত্ৰ কস্তুৰী চুতীয়াই ভাষণ দিয়ে৷ মুকলি সভাত বিশেষ অতিথিৰূপে অংশ লৈ থাওৰা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে কয় যে অগপৰ বাবেই আমি এতিয়া অসমীয়া হৈ থাকিব পাৰিছো৷ অসম আন্দোলনেহে অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষিত কৰিলে৷ অগপ জিন্দাবাদ ধনি দি অগপ নেতৃত্ব আৰু কৰ্মীসকলৰ আশীবাৰ্দ বিচাৰে বৰগোহাঁয়ে৷ মুকলি সভাত দলটোৰ তিনি বিধায়ক ক্ৰমে প্ৰদীপ হাজৰিকা, ভৱেন ভঁৰালী আৰু পোণাকণ বৰুৱা উপস্থিত থাকে৷ ইফালে মুকলি সভাত দলৰ সভাপতি অতুল বৰাই উদাত্ত কণ্ঠৰে কয় যে আগন্তুক দিনত অগপৰ প্ৰতিজন নেতা-কৰ্মীৰ সহযোগিতাইহে দলটোক আগুৱাই নিব৷ মুকলি সভাত সভাপতি বৰাই কংগ্ৰেছ দলক সমালোচনা কৰি  কয় যে ত্ৰেতা যুগত হনুমানে বুকু ফালি দেখুৱাইছিল ৰামৰ প্ৰতি থকা ভক্তিৰ প্ৰমাণ আৰু আজি এই কলি যুগত কংগ্ৰেছী নেতাই গাৰ চোলা ফালি দেখুৱায় বাংলাদেশী-প্ৰীতিৰ প্ৰমাণ৷ কংগ্ৰেছে সদায়ে বাংলাদেশীৰ বাবে অসমৰ দুৱাৰ খুলি ৰাখিছিল আৰু ভোটৰ ৰাজনীতি কৰিছিল৷ বাংলাদেশীক খেদিবলৈ খিলঞ্জীয়া প্ৰকৃত অসমীয়াই অসম আন্দোলন কৰিছিল৷ শেহতীয়াকৈ বিজেপি মিত্ৰজোঁটৰ সৈতে লগ লাগি অসমৰ উন্নয়নৰ বাবে দলটোৱে মনোনিৱেশ কৰা বুলি সভাপতি বৰাই মুকলি সভাত ঘোষণা কৰে৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত  মিচিং, দেউৰী, টাই, আহোম আৰু চাহ জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰ লগতে গায়ন-বায়নো প্ৰৰ্দশন কৰা হয়৷

অগপৰ প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে দৰঙত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷  অগপৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত জিলাখনৰ কলাইগাঁও, ছিপাঝাৰ আৰু মঙলদৈত সুকীয়াকৈ পালন কৰে  প্ৰতিষ্ঠা দিৱস৷ কলাইগাঁৱৰ  নামখলা আঞ্চলিক অগপৰ উদ্যোগত নামখলাত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিৱেদিতা ডেকাৰ উপস্থিতিত প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে ছিপাঝাৰ বিধান পৰিষদে বুঢ়া আঞ্চলিক অগপৰ সহযোগত বুঢ়া বিষ্ণুপুৰত প্ৰতিষ্ঠা দিৱস পালন কৰে৷ ছিপাঝাৰ বিধান পৰিষদৰ সভাপতি নৱ কুমাৰ ডেকা, দলীয় নেতা হেমন্ত হাজৰিকা, তপন নাথ আদি উপস্থিত থাকে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত৷ আনহাতে মঙলদৈ বিধান পৰিষদে জিলা অগপৰ কাৰ্যালয়ত কমলেশ্বৰ বৰুৱা,  অতুল গোস্বামী, হিৰেন দাস আৰু ৰমেশ ডেকা আদিৰ উপস্থিতিত পালন কৰে প্ৰতিষ্ঠা দিৱস৷

অগপৰ টিহু নগৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অগপৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ অগপৰ টিহু মাণ্ডলিক পৰিষদৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি দলীয় পতাকা উত্তোলন কৰে দলৰ টিহু নগৰ সমিতিৰ সভাপতি চাণক্য চৰণ কলিতাই৷ বন্তি প্ৰজ্বলন কৰে দলৰ মথুৰাপুৰ সমিতিৰ সভাপতি হৰেকৃষ্ণ মেধিয়ে৷ মাল্যাৰ্পণ কৰে নলবাৰী জিলা অগপৰ কাৰ্যনিৰ্বাহক সুৰেন্দ্ৰ নাথ কলিতাই৷ পুষ্পাঞ্জলি প্ৰদান কৰে জলখানা ভঠুৱাখানা সমিতিৰ সভাপতি নাৰায়ণ কলিতাই৷ ইয়াৰ পাছতে চাণক্য চৰণ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দলৰ টিহু মাণ্ডলিক সমিতিৰ সম্পাদক মাধৱ শৰ্মাই৷ সভাত প্ৰবীণ নেতা নাৰায়ণ কলিতা আৰু যোগেন ডেকাক সম্বৰ্ধনা জনোৱা হয়৷ অগপৰ টিহু নগৰ সমিতিৰ সম্পাদক কৃপা ঠাকুৰীয়াই শলাগৰ শৰাই আগবঢ়ায়৷

উজনি অসমৰ লোকসকলহে শুদ্ধ অসমীয়া! ফণীভূষণৰ ‘নতুন সংজ্ঞা’

বিজেপিৰ বোকোচাত উঠি অগপ নেতৃত্বই সময়ে সময়ে বিতৰ্কিত মন্তব্য কৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷ পূৰ্বে যোগানমন্ত্ৰীৰ দায়িত্বত থাকি মূল্যবৃদ্ধি ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হোৱা অগপৰ জ্যেষ্ঠ নেতা, বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণী ভূষণ চৌধুৰীয়ে এইবাৰ উজনি-নামনিক লৈ কৰা দায়িত্বহীন মন্তব্য চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত ভাগ লৈ বিধায়কজনে কয়– উজনি অসমলৈ আহিলেহে আমাৰ অনুভৱ হয় আমি এজন অসমীয়া৷ নামনিত বিশেষকৈ বঙাইগাঁৱত মানুহে চেলেং কি বস্তু নাজানে৷ শুদ্ধ অসমীয়া মানুহ উজনি অসমত থাকে৷ উজনি অসমৰ যিসকল লোক আছে সেইসকলহে শুদ্ধ অসমীয়া৷ নামনি অসমৰ লোকৰ নাই শুদ্ধ অসমীয়া ভাষাৰ জ্ঞান৷ অগপ এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল৷ এই আঞ্চলিকতাবাদী দলটো শুদ্ধ অসমীয়া মানুহখিনিয়েহে ধৰি ৰাখিব পাৰিব৷ গতিকে উজনি অসমৰ শুদ্ধ অসমীয়া লোকে জীয়াই ৰাখিব লাগিব অসম গণ পৰিষদক৷ বিধায়ক ফণীভূষণ চৌধুৰীৰ এনে বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ বিদ্বৎ সমাজে৷ এজন প্ৰবীণ ৰাজনীতিকৰ এনে মন্তব্যক ভৎৰ্সনা দিছে ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ লোকে৷ উল্লেখ্য, কিছুদিন পূৰ্বে অধ্যাপক ড॰ ননীগোপাল মহন্তই উজনি অসমক ‘আছাম প্ৰপাৰ’ বুলি মন্তব্য কৰি তীব্ৰ বিতৰ্কলৈ আহিছিল৷ সকলো শ্ৰেণীৰ লোকে ভৎৰ্সনা কৰিছিল ননীগোপাল মহন্তক৷