Logo
image

পূজা শেষ, সংক্ৰমণ আৰম্ভ

আমাৰ অসম, ১৭ অক্টোবৰঃ দুৰ্গা পূজা শেষ হ’ল৷ ক’ভিডৰ সংক্ৰমণ বাঢ়িল৷ ইয়াকে লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও উদ্বিগ্ন হৈ পৰিছে৷ ৰাজ্যত ক’ভিডৰ সংক্ৰমণৰ হাৰ বৃদ্ধিৰ লগে লগে টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ উল্লেখ্য, বিজয়া দশমীৰ দিনটোত হঠাৎ ক’ভিডৰ সংক্ৰমণৰ হাৰ .৯৩ শতাংশলৈ বৃদ্ধি পাইছে৷ কামৰূপ মহানগৰ জিলাতে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ নৱমীৰ দিনা ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ হৈছিল ১.৫৩ শতাংশ৷ ৰাজ্যৰ ২০৭জন লোকৰ দেহত পোৱা গৈছিল ক’ভিড পজিটিভ৷ বিজয়া দশমীৰ দিনা অৰ্থাৎ শুকুৰবাৰে ৰাজ্যত ১৪৭জন লোকৰ দেহত পোৱা গৈছে ক’ভিড পজিটিভ৷ ইয়াৰে কামৰূপ মহানগৰ জিলাত ৬৩জন, শিৱসাগৰত ১৩জন, যোৰহাটত ৯জন আৰু বৰপেটা জিলাত ৯জন ক’ভিডত আক্ৰান্ত হৈছে৷ শুকুৰবাৰে যোৰহাটত এজন ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে৷ শনিবাৰে ৰাজ্যত নতুনকৈ ২৬৭জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ শনিবাৰৰ দিনটোত ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ .৮২ শতাংশ৷ পূৰ্বৰ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আহোপুৰুষাৰ্থ কৰি ক’ভিড নিয়ন্ত্ৰণলৈ আনিছিল৷ কিন্তু দুৰ্গা পূজাৰ পাছতেই আকস্মিকভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ হাৰ৷ যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে খোদ মুখ্যমন্ত্ৰী শৰ্মা৷ ক’ভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশেষ এছ অ’ পি প্ৰস্তুত কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰখনে নিষেধাজ্ঞা আঁতৰ কৰিলে যদিও দুৰ্গা পূজাক লৈ প্ৰস্তুত কৰা এছ অ’ পিক ধোৱাচাঙত তুলি দুৰ্গা পূজাক লৈ ৰাজ্যবাসী আনন্দত মতলীয়া হোৱাৰ পৰিপ্ৰেক্ষিততে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি ধাৰণা কৰা হৈছে৷ ইফালে, ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ ইতিমধ্যে ক’ভিড বিধিক কাৰ্যতঃ নস্যাৎ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছে শাসক-বিৰোধী প্ৰায় সকলো ৰাজনৈতিক দলে৷ স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাৰ ভিত্তিত নিৰ্বাচন আয়োগে সমদল, ডাঙৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰিছে যদিও সেইবোৰলৈ কাণসাৰ দিবলৈ যেন কাৰো আহৰি নাই৷ ক’ভিডৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে সৰিয়হ ফুল দেখা ৰাজ্যবাসীয়ে এই সময়ত আশা কৰিছে ক’ভিড পৰিস্থিতি তথা উপ-নিৰ্বাচনক লৈ এখন কঠোৰ এছ অ’ পি৷ কিয়নো ক’ভিডৰ বাবে বিগত সময়খিনিত ৰাজ্যবাসীয়ে বহু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল৷ এনে পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে উপ-নিৰ্বাচনক লৈ এখন কঠোৰ এছ অ’ পি বিচাৰিছে ৰাজ্যবাসীয়ে৷ দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছে যদিও বৰ্তমান যি হাৰত ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে তাতকৈ এই হাৰ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কিয়নো দুৰ্গা পূজাৰ অষ্টমী, নৱমী আৰু দশমীৰ দিনকেইটাতহে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে দৰ্শনাৰ্থীৰ৷ আনহাতে, পূজা কমিটীসমূহে পালন কৰা পৰিলক্ষিত হোৱা নাই ক’ভিড বিধি৷ বহু দৰ্শনাৰ্থীৰ মুখত নাছিল মাস্ক, নাছিল কোনো সামাজিক দূৰত্ব৷ ক’ভিড ভেক্‌চিন লোৱাৰ প্ৰমাণ-পত্ৰ পৰীক্ষা কৰাতো দূৰৰে কথা৷ ইফালে, পূজা বন্ধৰ পাছতে বিদ্যালয়-মহাবিদ্যালয়সমূহ খোল খাব৷ গতিকে ক’ভিডক লৈ যে পূৰ্বৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহ’ব সেই কথা নুই কৰিব নোৱাৰি৷ কাজেই এখন কঠোৰ এছ অ’ পি এতিয়া সময়ৰ দাবী৷