Logo
image

কলিতাক হাউছফেড প্ৰশান্তক পৰিবহণ নিগমত অধ্যক্ষ থাপি প্ৰথমখন তালিকা

আমাৰ অসম, ১৭ অক্টোবৰঃ অৱশেষত বহু যোগ-বিয়োগ, পূৰণ-হৰণৰ পাছত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দলৰ হাইকমাণ্ডৰ অনুমোদন লাভৰ পাছত সাজু কৰিছে বিভিন্ন নিকায়-নিগমৰ অধ্যক্ষ পদৰ প্ৰথমখন তালিকা৷ এই তালিকা সাজু কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতেও বিস্তৃতভাৱে আলোচনা কৰে৷ বিভিন্ন ৰাজনৈতিক সমীকৰণ মিলাই প্ৰস্তুত কৰা হৈছে এই প্ৰথমখন তালিকা৷ অৱশ্যে এই তালিকা সাজু হ’লেও বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচনৰ পূৰ্বে এই তালিকা ঘোষণা কৰা হ’ব নে নাই সন্দেহ আছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ শৰ্মা চৰকাৰে নেতৃত্ব লোৱাৰ পাছৰে পৰা নিকায়-নিগমৰ অধ্যক্ষ পদক কেন্দ্ৰ কৰি দিছপুৰৰ বাহিৰে-ভিতৰে বিভিন্ন ৰাজনৈতিক তৎপৰতা আৰম্ভ হয়৷ উপ-নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰাৰ পাছতে শৰ্মা চৰকাৰে থাওৰা সমষ্টিত বিজেপি দলৰ টিকটৰ অন্যতম দাবীদাৰ তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰীক অসম নগৰ পানীযোগান আৰু পয়-প্ৰণালী পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বৰ্তমান চৰকাৰৰ এইটোৱেই প্ৰথম নিকায়-নিগমৰ অধ্যক্ষ পদত নিযুক্তি৷ মুখ্যমন্ত্ৰীয়ে প্ৰস্তুত কৰা প্ৰথমখন তালিকাত প্ৰদেশ বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতাৰ নাম হাউছফেডৰ অধ্যক্ষ হিচাপে চূড়ান্ত হৈছে৷ পূৰ্বতে এই পদত বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কাৰ্যনিৰ্বাহ কৰিছিল৷ বিজেপিৰ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে লাভ কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পদ৷ বিজেপি নেতা অশোক ভট্টৰাই বৰ্তমান পৰিবহণ নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ ঠিক তেনেদৰে প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাক দিয়া হৈছে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ পদ৷ বৰ্তমান এই পদত কাৰ্যনিৰ্বাহ কৰি আছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই৷ ইতিমধ্যে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দ্বিতীয়টো কাৰ্যকালৰ বাবে এমট্ৰনৰ অধ্যক্ষ পদ দিয়া হৈছে৷ বিধায়ক কলিতা মন্ত্ৰিত্বৰ শক্তিশালী দাবীদাৰ আছিল৷ ছাত্ৰ-যুৱকল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব হিচাপে নিযুক্তি দিয়া হ’ব পৱিত্ৰ মাৰ্ঘেৰিটাক৷ বৰ্তমান মাৰ্ঘেৰিটাই জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ আনহাতে, ছাত্ৰ-যুৱকল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে লক্ষ্য কোঁৱৰে৷ অসম চৰকাৰে নতুনকৈ গঠন কৰিবলগীয়া প’ৰ্ট অথৰিটী অৱ আছামৰ অধ্যক্ষ পদত নিযুক্তি দিব লক্ষ্য কোঁৱৰক৷ অসম চৰকাৰে ইতিমধ্যে ড॰ অৰূপ কুমাৰ মিশ্ৰক অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে যদিও এইটো সম্পূৰ্ণৰূপে অৰাজনৈতিক পদ৷ উচ্ছতম ন্যায়ালয়ৰ গাইডলাইনৰ ভিত্তিত নিয়ম-নীতিৰ মাজেদি অধ্যাপক মিশ্ৰক ৰাজ্য চৰকাৰে পৰিষদৰ অধ্যক্ষ পদত নিযুক্তি দিয়ে৷