Logo
image

সঁচা অৰ্থতেই কাতি বিহু আজি কঙালী

আমাৰ অসম, ১৮ অক্টোবৰঃ ‘তুলসীৰ তলে তলে মৃগ পহু চৰেযতাকে দেখি ৰামচন্দ্ৰই শৰ-ধনু ধৰেযনধৰিবা ধনুশৰ সীতাই দিলে হাকযবনৰ পহু বনত চৰে নামাৰিবা তাক...৷ আজি কাতি বিহু৷ অসমীয়াৰ বাপতি সাহোন বিহুৰ অন্যতম কঙালী বিহু ৰাজ্যবাসীয়ে আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত পালন কৰিব৷ অৱশ্যে এইবাৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে এক প্ৰকাৰ কোঙা কৰি পেলোৱা অসমীয়াই কাইলৈ পালন কৰিব কাতি বিহু৷ কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়৷ কিন্তু এইবাৰ ভূতৰ ওপৰত দানহ পৰা দি মূল্য বৃদ্ধিয়ে ৰাজ্যবাসীক দুগুণে কোঙা  কৰিছে৷ এইবাৰ যেন কঙালী বিহুৱে আৰ্থিক ভাৱে একেবাৰে দুৰ্বল হৈ পৰা সমাজখনৰ সৰ্বসাধাৰণ লোক সকলৰ আৰ্থিক অৱস্থাৰ প্ৰকৃত ছবিখনকে উদঙাই দিছে৷ ৰাজ্যত ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ পাছত খাটিখোৱা লোক সকলে দুবেলা দুমুঠিৰ বাবে সংগ্ৰাম কৰি হাবাথুৰি খাব লগীয়া হোৱা সময়ত পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত সৰ্বসাধাৰণ লোকসকল বিমোৰত পৰিছে৷ এফালে ক’ভিড-১৯ ৰ সংক্ৰমণ আৰু আনফালে মূল্যবৃদ্ধি তাৰ মাজতে আৰু জলবায়ুৰ পৰিৱৰ্তন৷ অক্টোবৰ মাহ পৰ্যন্ত উৎকট গৰমে ৰাজ্যবাসীক দহিছে৷ যাৰ ফলত এইবাৰ কৃষি পথাৰত চিৰাল ফাট মেলা, কৃষকে মূৰে কপালে হাত দি অন্ধকাৰ ভৱিষ্যতৰ ক্ষণগণা সময়তে আহিছে কাতি বিহু৷ শ্যামল পথাৰ খনেই যাৰ ভৰষা৷ নদন বদন পথাৰ খনৰ সোণৰ গুটি চপাবলৈ লগতে শস্যডৰাক কীট পতংগৰ পৰা ৰক্ষা কৰিবলৈ কাইলৈ কৃষিজীৱী ৰাইজে শ্যামল কৃষি পথাৰত জ্বলাব আকাশবন্তি৷ পথাৰৰ মাজতে ধূপ, দ্বীপ, শৰাই আগবঢ়াই কৃষিডৰা যাতে নদন বদন হয় তাৰবাবে নেদেখা জনৰ ওচৰত সেৱা ল’ব৷ শ্যামল পথাৰ খনৰ পৰা সুকলমে যাতে সোণগুটি গৃহস্থৰ ভঁৰাললৈ আনিব পৰা যায় তাৰ বাবেও প্ৰাৰ্থনা কৰিব কৃষিজীৱীসকলে৷ শৰতৰ নিৰ্মল পৰিবেশত পথাৰৰ লখিমীৰ শ্ৰীবৃদ্ধি কামনাৰে আজি সেৱা ল’ব অসমীয়া কৃষিজীৱী ৰাইজে৷ পথাৰৰ লখিমীক সেৱা কৰাৰ লগতে নিজ ঘৰে ঘৰে তুলসী পুলি ৰোপণ কৰি ধূপ, দ্বীপ, নৈবদ্যৰে অসমীয়াই নাম কীৰ্তন কৰিব৷ কংক্ৰিটৰ মহাগৰীতো পৰম্পৰা ৰক্ষা কৰি কাইলৈ কাতি বিহু পালন কৰা হ’ব৷ যদিও মহাগৰীত সেউজীয়া পথাৰখন দেখিবলৈ পোৱা নাযায় তথাপিও নিজৰ আৱসৰ লগতে অট্টালিকা আদিত অসমীয়া জাতিয়ে পৰম্পৰা ৰক্ষা কৰি তুলসী পুলি ৰোপণ কৰিব৷ তাৰবাবে দেওবাৰে গুৱাহাটীৰ মহানগৰীৰ বজাৰ সমূহত মহানগৰবাসীয়ে তুলসী পুলি, চাকি বন্তি আদি ক্ৰয় কৰে৷ ইফালে উৎসবে পাৰ্বনে গুৱাহাটীৰ পাশ্বৰ্বৰ্তী এলেকাৰ পৰা অহা বহু থলুৱা ব্যৱস্যায়ীয়ে দেওবাৰৰ মহানগৰীৰ বজাৰ সমূহৰ পদপথ সমূহত কাতি বিহুৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ভিৰ কৰিছে৷ এই সম্পৰ্কে গুৱাহাটীৰ গণেশগুৰিৰ পদপথত অস্থায়ী বিপনী দিয়া নলবাৰীৰ থলুৱা ব্যৱসায়ী কৰুণা কলিতাই কয় ‘ এইবাৰ তুলসী পুলি ৬০টা আনিছিলোঁ যদিও বহুকেইটা ইতিমধ্যে বিক্ৰী হৈ গ’ল৷ আজি আকৌ আনিব লাগিব৷ একোটা তুলসী পুলি ২০ টকাৰ পৰা ৩০ টকা মূল্যত বিক্ৰী কৰা হৈছে৷ সেইদৰে মাটিৰ চাকি দৰ্জন ৩০ টকা, ৪০ টকা, ৬০ টকা মূল্যত বিক্ৰী কৰা হৈছে৷ আজি পুৱাৰে পৰা বিক্ৰী আৰম্ভ কৰিছোঁ৷ এইবাৰ প্ৰায় ২৬০০ টকাৰ সামগ্ৰী বিক্ৰীৰ বাবে আনিছোঁ৷ এইবাৰ মূল্যবৃদ্ধিৰ বাবে আমাৰ ব্যবসায়ত যথেষ্ট প্ৰভাব পৰিছে৷ ‘ এই সম্পৰ্কে উলুৱাৰীৰ ফল মূলৰ ব্যৱসায়ী ৰাম ভজন শ্বাহে কয় ‘ এইবাৰ ফল মূলত মূল্যবৃদ্ধি হৈছে৷  সেই অনুসৰি জাহাজী কল প্ৰতি দৰ্জন ৭০ টকা, মালভোগ কল প্ৰতি ডৰ্জন ৭০ টকা, চেনি কল প্ৰতি ডৰ্জন ৩৫ টকা, আপেল প্ৰতি কেজি ১২০ টকা, আনাৰস এযোৰ ৮০ টকা, বেদনা প্ৰতি কেজি ১৭০ টকা আদি মূল্যত উপলব্ধ হৈছে৷’  এইবাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ’ল, ডিজেলৰ মূল্যবৃদ্ধিয়েও ৰাজ্যবাসীক জ্বলা-কলা খুৱাইছে৷ এইবাৰ যেন সঁচা অৰ্থতেই  কাতি বিহু কঙালী৷ তথাপিও আজি পৰম্পৰা ৰক্ষা কৰি অসমীয়াই পালন কৰিব কাতি বিহু৷ উল্লেখ্য, বিগত বৰ্ষতো ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে কাতি বিহু সেৰেঙা আছিল৷ কাতি বিহু উপলক্ষে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী বিশেষকৈ ৰাজ্যখনৰ কৃষক সমাজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷  মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘কাতি বিহুৰ পৱিত্ৰ চাকিৰ পোহৰে অসূয়া, অশান্তি আঁতৰাই সমাজক আলোকৰ পথেৰে অগ্ৰসৰ হ’বলৈ প্ৰেৰণা যোগায়৷ কৃষি ভিত্তিক এই উৎসৱ পালনৰ জৰিয়তে অসমৰ শস্য শ্যামলা পথাৰসমূহ সোণ গুটিৰে উপচি পৰি ৰাজ্যখনৰ কৃষক সমাজক কৰ্মৰ পথাৰত আৰু অধিক উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব৷ এই বিহু পালনৰ জৰিয়তে আমাৰ মাজত থকা শান্তি-সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰি অধিক সুদৃঢ় হ’ব৷ বৃহত্তৰ অসমীয়া জাতিৰ সাংস্কৃতিক জীৱনধাৰাক উজ্জ্বীৱিত কৰা এই কাতি বিহু উদ্‌যাপনৰ জৰিয়তে ৰাজ্যখনক আৰু অধিক বিকাশৰ তথা উত্তৰণৰ যাত্ৰাৰে অগ্ৰসৰ হোৱাৰ বাবে প্ৰেৰণা যোগাব৷