Logo
image

ইংলেণ্ডত মুকুল হাজৰিকাক জেৰা প্ৰত্যৰ্পণৰ যো-জা

আমাৰ অসম, ১৮ অক্টোবৰঃ লণ্ডনত থকা আলফাৰ সদ্য প্ৰাক্তন সভাপতি ডাঃ অভিজিৎ অসম ওৰফে ডাঃ মুকুল হাজৰিকাক স্কটলেণ্ড য়াৰ্ড আৰক্ষী আৰু ব্ৰিটিছ আইন বলবৎকাৰী একাধিক সংস্থাই জেৰা কৰিছে আৰু মোদী চৰকাৰৰ অনুৰোধমৰ্মে তেওঁক ভাৰতলৈ প্ৰত্যৰ্পনৰ বাবে যো-জা চলাইছে৷ ব্ৰিটিছ সংবাদ মাধ্যমত প্ৰকাশিত এই খবৰে অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু খবৰ অনুসৰি বিগত কেইবামাহত ডাঃ অভিজিৎ অসমক বহুবাৰ জেৰা কৰাই নহয়, তেওঁ নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনক নেতৃত্ব প্ৰদান কৰা তথা ঘনিষ্ঠভাৱে জড়িত থকাৰ প্ৰমাণ পোৱাৰ বাবেই এসময়ৰ আলফা স্বাধীনৰ সভাপতিজনক ব্ৰিটিছ চৰকাৰে ভাৰতলৈ প্ৰত্যৰ্পন কৰাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে৷ মূলতঃ ভাৰত চৰকাৰে ডাঃ অভিজিৎ অসমক প্ৰত্যৰ্পনৰ বাবে ব্ৰিটিছ চৰকাৰক অনুৰোধ জনোৱাৰ পাছতে কেইবাটাও ব্ৰিটিছ আইন বলবৎকাৰী সংস্থা আৰু স্কটলেণ্ড য়াৰ্ড আৰক্ষীয়ে জেৰা কৰে৷ বিগত কেইবামাহত তেওঁক বহুকেইবাৰ মাটি নি আলফাৰ সৈতে তেওঁ জড়িত থকাৰ বিষয়ে সোধা-পোছা কৰিলেও এতিয়াও প্ৰাক্তন সভাপতিজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ কিন্তু আৰক্ষী আৰু আইন বলবৎকাৰী সংস্থাৰ বিনামুতিত ডাঃ অভিজিৎ অসমক লণ্ডন এৰি নাযাবলৈ নিৰ্দেশ দিয়া হৈছে৷ ফলত গ্ৰেপ্তাৰ নহ’লেও তেওঁৰ অৱস্থা এতিয়া গৃহবন্দীৰ দৰে৷ লণ্ডনস্থ ডাঃ অভিজিৎ অসম আলফাৰ সভাপতি হৈ থকা আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁ আলফা স্বাধীনক প্ৰতিনিধিত্ব কৰি স্বাধীন আৰু সাৰ্বভৌম অসমৰ দাবী জোৰদাৰ কৰাৰ তথ্যসহ ভাৰত চৰকাৰে এখন ড’ছিয়াৰ ইতিপূৰ্বে ব্ৰিটিছ চৰকাৰলৈ প্ৰেৰণ কৰিছিল৷ লণ্ডনত থকা ডাঃ মুকুল হাজৰিকাই যে ভাৰতৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ তৎকালীন সভাপতি তাৰ প্ৰমাণো ভাৰত চৰকাৰে ব্ৰিটেইনৰ ওচৰত দাখিল কৰা ড’ছিয়াৰত উল্লেখ কৰিছিল৷ এনে অকাট্য প্ৰমাণ দাখিল কৰাৰ পাছতেই ব্ৰিটিছ নাগৰিক হোৱা স্বত্বেও ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিৎ অসমক ব্ৰিটিছ আইন বলবৎকাৰী সংস্থা আৰু স্কটলেণ্ড য়াৰ্ডে জেৰা কৰিবলৈ বাধ্য হয় বুলি প্ৰকাশ৷ কিয়নো ভাৰতে ডাঃ অভিজিৎ অসমে ব্ৰিটেইনৰ ভূমিৰ পৰাই ভাৰতৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহী, সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা বুলিও ড’ছিয়াৰত উল্লেখ কৰিছিল মোদী চৰকাৰে৷ উল্লেখ্য, ব্ৰিটেইন আৰু ভাৰতৰ মাজত ১৯৯২ চনৰ পৰাই প্ৰত্যৰ্পন চুক্তি আছে৷ সেই চুক্তি অনুসৰি কোনো অভিযুক্তক গ্ৰেপ্তাৰ নকৰাকৈয়ে পৰস্পৰে প্ৰত্যৰ্পন কৰিব পাৰে৷ কিন্তু বহুবছৰ পূৰ্বেই ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰি ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰাৰ বাবে ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিৎ অসমক ভাৰতলৈ প্ৰত্যৰ্পন কৰাত জটিলতা আহি পৰিব আৰু সেই প্ৰক্ৰিয়া সহজসাধ্য নহ’ব৷

২০১১ চনত ডাঃ মুকুল হাজৰিকাক আলফা স্বাধীনৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছিল৷ ২০১৩ চনত তেওঁক স্থায়ী সভাপতি হিচাপে নিযুক্তি দিয়া হয়৷ কিন্তু আলফাৰ বিধি অনুসৰি নতুন সভাপতিক ডাঃ অভিজিৎ অসম নামেৰে পৰিচয় কৰি দিয়া হয়৷ তেতিয়া নতুন সভাপতিৰ আঁতি-গুৰি কোনেও পোৱা নাছিল৷ কিয়নো সভাপতি হোৱাৰ যোগ্যতা থকা ডাঃ অভিজিৎ হাজৰিকা নামৰ কোনো নেতা আলফাৰ শীৰ্ষস্থানীয় পদত থকাৰ বিষয়ে চৰকাৰ, চোৰাংচোৱা, আৰক্ষী, সংবাদ মাধ্যম কোনো অৱগত নাছিল৷ আলফাৰ তেতিয়াৰ সেনাধ্যক্ষ পৰেশ বৰুৱায়ো এই সন্দৰ্ভত বিশদ তথ্য প্ৰকাশৰ পৰা বিৰত আছিল৷ পৰৱৰ্তী সময়ত যেতিয়া ডাঃ অভিজিৎ অসমে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত আলফাক প্ৰতিনিধিত্ব কৰি স্বাধীন সাৰ্বভৌম অসমৰ দাবী জোৰদাৰ কৰিলে আৰু তেনে অনুষ্ঠানত ভাগ লোৱা ফটো সংবাদ মাধ্যমে প্ৰকাশ কৰিলে তেতিয়া উন্মোচিত হ’ল, তেওঁ লণ্ডনত থকা অসমীয়া চিকিৎসক ডাঃ মুকুল হাজৰিকা৷ তেওঁৰ প্ৰকৃত ঘৰ নগাঁৱৰ পুৰণিগুদামত৷ ১৯৭২ চনত তেওঁ গুৱাহাটী মেডিকেল কলেজৰ পৰা এম বি বি এছ ডিগ্ৰী লৈ ব্ৰিটেইনলৈ যায় আৰু লণ্ডনত চিকিৎসক হিচাপে প্ৰতিষ্ঠা লাভ কৰে৷ পাছত তেওঁ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰে৷ ১৯৯৫ চনত তেওঁ কোপেনহেগেনত ৰাষ্ট্ৰসংঘৰ সমৰ্থিত অনুষ্ঠানত আলফাৰ তেতিয়াৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ যোগে আলফাৰ সংস্পৰ্শলৈ আহে তাৰ পাছৰ পৰাই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত আলফাৰ দাবীসমূহ উত্থাপন কৰে৷ পাছত তেওঁ লিবাৰেচন নামৰ এটা এন জি অ’ প্ৰতিষ্ঠা কৰি আলফাৰ অধিক কাষ চাপি আহে৷ পূৰ্বৰ সভাপতি অৰবিন্দ ৰাজখোৱা গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ আলফাৰ সভাপতিৰ দায়িত্ব লাভ কৰে৷

তাৎপৰ্যপূৰ্ণ যে, ভৱিষ্যতে ব্ৰিটেইনত ডাঃ মুকুল হাজৰিকা বিপদত পৰাৰ আশংকা কৰিছিল আলফাৰ মুৰব্বী পৰেশ বৰুৱাই৷ তেনে আশংকা কৰি তেওঁ বিগত ছেপ্টেম্বৰত আলফাৰ সাংগঠনিক সালসলনি ঘটাই নিজে সৰ্বোচ্ছ কাউন্সিলৰ সভাপতি হয় আৰু ডাঃ অভিজিৎ অসম এটা কাল্পনিক চৰিত্ৰ আছিল বুলি প্ৰেছ বিবৃতি জাৰি কৰে৷ তেওঁ জনায় যে, ডাঃ অভিজিৎ অসম বুলি যিখন ফটো সংবাদ মাধ্যমত প্ৰকাশ পাইছে, সেইজন লণ্ডনত থকা অসমীয়া চিকিৎসক ডাঃ মুকুল হাজৰিকা, তেওঁ অভিজিৎ অসম নহয়৷ অভিজিৎ অসম নামৰ কোনো ব্যক্তিৰ অস্তিত্ব কেতিয়াও নাছিল আৰু সেয়া এক কাল্পনিক ব্যক্তিহে আছিল৷ কিন্তু পৰেশ বৰুৱাৰ এই ঘোষণা পলম হৈ গৈছিল৷ কিয়নো ভাৰতীয় চোৰাংচোৱাই ডাঃ মুকুল হাজৰিকাৰ এসময়ৰ পুৰনিগুদামৰ ঘৰ চিহ্নিত কৰিছিল আৰু তেওঁ ম্যানমাৰৰ আলফাৰ ম’বাইল মুখ্য কাৰ্যালয় থকা টাগাত কাউন্সিলৰ বৈঠকত ভাগ লোৱাৰ ফটো তথ্যও উদ্ধাৰ কৰিছিল৷ তাৰ আলম লৈ ‘নিয়া’ই ২০১৭ চনত ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিৎ অসমৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮, ১৮ এ, ১৮ বি, ২০, ১২১ এ, ১২৪ এ ধাৰাত আদালত গোচৰ তৰে৷ এই ধাৰাৰ অধীনত তেওঁ বে আইনী কাৰ্যকলাপ, ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ-ষড়যন্ত্ৰ, দেশদ্ৰোহিতা ইত্যাদি অভিযোগত দোষীসাব্যস্ত হ’ব পাৰে৷ ডাঃ হাজৰিকাৰ প্ৰত্যৰ্পন সম্ভৱ হ’লে তেওঁ ভাৰতীয় আইন অনুসৰি কঠোৰ শাস্তিৰ সন্মুখীন হ’ব আৰু ব্ৰিটিছ নাগৰিকত্বও হেৰুৱাব৷ ডাঃ মুকুল হাজৰিকাই সেয়ে প্ৰত্যাৰ্পনৰ বিৰোধিতা কৰি ব্ৰিটেইনৰ আদালতৰ দ্বাৰস্থ হৈছে৷