Logo
image

কৰোঁ-নকৰোঁকৈ ভিভাণ্টাৰ কৰ্মীক জেৰা আৰক্ষীৰ

আমাৰ অসম, ১৮ অক্টোবৰঃ ‘আমাৰ অসম’ৰ বাতৰিৰ প্ৰভাৱ গুৱাহাটীৰ সম্ভ্ৰান্ত তাজ ভিভাণ্টাত দুৰ্যোগ ব্যৱস্থাপনা আইন ভংগ কৰি সাংস্কৃতিক অনুষ্ঠানত আয়োজন কৰা সন্দৰ্ভত তদন্ত মুঠেও আগ নবঢ়াত ক্ষুণ্ণ হৈ পৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত৷ ১৭ দিন ধৰি এই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া কিয় আগবঢ়া নাই সেই সন্দৰ্ভত জনোৱাৰ বাবে পূব গুৱাহাটী আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত আৰু দিছপুৰ থানাৰ সংশ্লিষ্ট গোচৰৰ তদন্তকাৰী বিষয়াক তলব কৰিছে আৰক্ষী সঞ্চালকপ্ৰধানজনে৷ পহিলা অক্টোবৰত গুৱাহাটীৰ সম্ভ্ৰান্ত হোটেল তাজ ভিভাণ্টাত নিশা ন বজাৰ পাছতো সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা সন্দৰ্ভত তাজ ভিভাণ্টা কৰ্তৃপক্ষ আৰু আয়োজক চেনিটাইজাৰ ব্যৱসায়ী পংকজ সাধনিদাৰলৈ জাননী এখনকে জাৰি কৰিব পৰা নাই৷ এই সন্দৰ্ভত প্ৰশ্ন কৰিলে গা এৰাহে দিয়ে দিছপুৰ থানাৰ আৰক্ষীয়ে৷ ‘আমাৰ অসম’ত ধাৰাবাহিকভাৱে আৰু সবিস্তাৰে বাতৰি পৰিৱেশন কৰাৰ পাছত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে৷ ডিজিপিৰ কঠোৰ নিৰ্দেশৰ পাছত দেওবাৰে দিছপুৰ আৰক্ষীয়ে কৰো নকৰোকৈ তাজ ভিভাণ্টাৰ কেইজনমান কৰ্মচাৰীক দেওবাৰে জেৰা কৰে৷ উল্লেখ্য, পহিলা অক্টোবৰত তাজ ভিভাণ্টাত বাৰ্থডে পাৰ্টীত ভাগ লোৱাৰ পাছত ৰাজকন্যা বৰুৱাই তেওঁৰ চেভ্ৰোলেট গাড়ীৰে ৰাজপথত কৰ্মৰত আঠজন শ্ৰমিক-পথচাৰীক মহতীয়াই নিছিল৷ ফলত যোচেফ মাৰাক নামৰ এজন লোকে দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছিল৷ সিদিনা নিশাই উক্ত দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও নিশাটোৰ ভিতৰতে ৰাজকন্যা বৰুৱাক জামিনত এৰি দিছিল৷ এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত ৰাজকন্যাক পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ পৰৱৰ্তী সময়ত ৰাজকন্যা বৰুৱাক এন আৰ চি হাস্পতালত আই চি ইউ কক্ষত এডমিট কৰাই অভিযুক্তক ৰক্ষনাবেক্ষণ দিয়াৰ অভিযোগত জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ইফালে তাজ ভিভাণ্টাত নিশা ন বজাৰ পাছতো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি দুৰ্যোগ ব্যৱস্থাপনা আইন ভংগ কৰা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই৷ পত্ৰখনত তেওঁ কয়– চৰকাৰী ক’ভিড নীতি তথা চৰকাৰী নীতি-নিৰ্দেশনা অমান্য কৰি গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত অনুষ্ঠান এটা নিশা ১২ বজাতকৈ অধিক সময় ধৰি চলাৰ তথ্য পোহৰলৈ আহিল, যেতিয়া গুৱাহাটীৰ জি এছ ৰোডত এখন গাড়ীয়ে ৮জনকৈ ঠিকাভিত্তিক শ্ৰমিকক মহতিয়ালে৷ যি গৰাকী চালিকাই মহতিয়ালে তেওঁক ইতিমধ্যেই প্ৰশাসনে গ্ৰেপ্তাৰ কৰি মুকলি কৰি দিয়াৰ পিছত মুখ্যমন্ত্ৰী ৰাজহুৱা বক্তব্যৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰিছে৷ এই প্ৰসংগত মুকলি হৈ থকা অৱস্থাত চিকিৎসা কৰাৰ বাবে এজন চিকিৎসককো অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তিনিদিনকৈ সোধ-পোচ কৰি মুকলি কৰি দিছে৷ কিন্তু অসম চৰকাৰৰ ক’ভিড নীতি উলংঘা কৰি অনুষ্ঠানটো আয়োজন কৰা আয়োজক আৰু আয়োজনস্থলী হোটেল তাজ ভিভাণ্টাৰ বিৰুদ্ধে অসম আৰক্ষী এতিয়াও যেনেধৰণে কঠোৰ হ’ব লাগিছিল তেনেধৰণে কঠোৰ হোৱা দেখা নাই৷ সৰ্বসাধাৰণ ৰাইজৰ মাজত আইন সকলোৰে বাবে সমান নহয় নেকি? লগতে কোনো ৰাজনৈতিক উচ্ছ পদস্থ বিষয়াৰ হস্তক্ষেপৰ বাবে অসম পুলিচে যেনেধৰণে তদন্ত আগবঢ়াই নিব লাগে সেয়া হোৱা নাই৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান স্বৰূপে আপোনাক মুখ্যমন্ত্ৰী নিৰ্দেশলৈ অপেক্ষা নকৰি সমগ্ৰ ঘটনা তদন্ত কৰিবৰ বাবে এটা বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈ আহ্বান জনাইছো৷ এই তদন্তকাৰী গোটে অকল যে জি এছ ৰোডৰ দুৰ্ঘটনাটোৰে তদন্ত কৰিব লাগিব এনে নহয়, ইয়াক আৰু অধিক ক্ষমতা দি ক’ভিডৰ সময়ত উক্ত অনুষ্ঠানটোৰ আয়োজকসকলে কোন কোন ক’ভিড নীতি-নিৰ্দেশনা উলংঘা কৰিছিল আৰু চৰকাৰী নীতি নিৰ্দশনা অনুসৰি কি কি শাস্তি উলংঘনকাৰী সকলে পাব লাগে এই সকলাখিনি নিয়াৰিকৈ তদন্ত কৰি আদালতত অভিযোগনামা দাখিলৰ ব্যৱস্থা কৰিব লাগে৷ তদুপৰি দ্বিতীয় ক’ভিডৰ ঢৌৰ সময়ত সঞ্চালক প্ৰধান হিচাপে আপুনি নিজে উল্লেখ কৰিছিল যে ক’ভিড আইন উলংঘা কৰিলে তেওঁলোকক হত্যাৰ অভিযোগত অভিযুক্ত কৰা হ’ব৷ সেয়েহে তাজ ভিভাণ্টা কতৃৰ্পক্ষ তথা অনুষ্ঠানটোৰ আয়োজক যিগৰাকীয়ে ক’ভিডৰ নিয়ম উলংঘা কৰি মাজনিশালৈকে অনুষ্ঠান চলালে তেখেতসকলৰ ওপৰত আপোনাৰ কঠোৰ দৃষ্টিভংগী অনুসৰি ল’বলগীয়া হত্যাৰ গোচৰত অভিযুক্ত কৰা হওক ইয়াকে মই অসমৰ স্বাৰ্থত আপোনাৰ ওচৰত দাবী জনালোঁ৷