Logo
image

দিছপুৰৰ নাকৰ তলেদিয়েই গোবিন সৰকাৰৰ কাঠ ছিণ্ডিকেট

আমাৰ অসম, ১৮ অক্টোবৰঃ চিণ্ডিকেটৰ বিৰুদ্ধে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যুদ্ধ ঘোষণা কৰাৰ পিছতো ৰাজ্যত সক্ৰিয় হৈ আছে চিণ্ডিকেট চক্ৰ৷ কয়লা চিণ্ডিকেটে বাতৰিৰ শিৰোনামা দখল কৰাৰ পিছত এইবাৰ দিছপুৰৰ নাকৰ তলতে আৰম্ভ হৈছে কাঠৰ চিণ্ডিকেট৷ গোবিন্দ সৰকাৰ নামৰ কাঠৰ ব্যৱসায়ী এজনৰ নেতৃত্বতে দিছপুৰৰ চকুৰ সন্মুখতে চলি আছে এই চিণ্ডিকেট৷ ইতিমধ্যে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কাঠৰ চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ এই সন্দৰ্ভত বিভিন্ন নীতি-নিৰ্দেশনাও দিছে দিছপুৰে৷ আনকি কাঠৰ চোৰাং বেপাৰ ৰোধৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ মেঘালয় চৰকাৰকো আহ্বান জনাইছে৷ কিন্তু দিছপুৰৰ কঠোৰ স্থিতিৰ পিছতো কাঠৰ চিণ্ডিকেট চক্ৰটোৱে পূৰ্ণগতিত অব্যাহত ৰাখিছে নিজৰ বেপাৰ৷ এই ক্ষেত্ৰত চিণ্ডিকেট চক্ৰটোক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছে চৰকাৰৰে একাংশ বিষয়া-কৰ্মচাৰীয়ে৷ এই সমগ্ৰ চিণ্ডিকেটটোক নেতৃত্ব দি আছে বৰপেটা জিলাৰ বহৰিৰ গোবিন্দ সৰকাৰ নামৰ কাঠৰ চোৰাং ব্যৱসায়ী এজনে৷ চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি গোবিন্দ সৰকাৰে চলাই আহিছে কাঠৰ চিণ্ডিকেট৷ এই চিণ্ডিকেটৰ মূল অভিকেন্দ্ৰ হ’ল সৰকাৰৰ গৃহ জিলা বৰপেটা৷ এই চিণ্ডিকেট চক্ৰটোৰ দৌৰাত্মৰ ফলত চৰকাৰে দৈনিক বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাব লগীয়া হৈছে৷ অসমৰ অন্যতম কাঠ মাফিয়া হিচাপে চিহ্নিত গোবিন্দ সৰকাৰৰ নেতৃত্বত প্ৰতি নিশাই সৰবৰাহ হয় ট্ৰাকৰ পিছত ট্ৰাক মূল্যবান কাঠ৷ দেওবাৰে পুৱতি নিশাও বজালী জিলাৰ ভবানীপুৰৰ কয়াকুছিত এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে স্থানীয় ৰাইজে৷ কাঠ ভৰ্তি এই ট্ৰাকখন গোবিন্দ সৰকাৰ বাহিনীয়ে সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ মেঘালয়, অৰুণাচল আৰু নাগালেণ্ডৰ পৰা অসমলৈ চোৰাংভাৱে সৰবৰাহ হোৱা কাঠৰ চিণ্ডিকেটৰো মূল নায়ক হ’ল এইজন গোবিন্দ সৰকাৰ৷ আৰক্ষী আৰু বন বিভাগৰ একাংশ বিষয়াৰে অতি সু-সম্পৰ্ক গোবিনন্দ সৰকাৰৰ৷ এই সকল বিষয়াৰ সহযোগতে গোবিন্দ সৰকাৰে চলাই আছে কাঠৰ চিণ্ডিকেট৷ নিশাৰ আন্ধাৰত চলি আছে কাঠৰ এই চিণ্ডিকেট৷ নিয়ম অনুসৰি মেঘালয়ৰ পৰা বৈধভাৱে কেৱল ‘নন শাল’ কাঠ আনিব নোৱাৰে৷ ৫০ শতাংশ পাইন কাঠ আৰু ৫০ শতাংশ ‘নন শাল কাঠ’ আনিব লাগে৷ কিন্তু কাগজে পত্ৰই ৫০ শতাংশ পাইন কাঠ আৰু ৫০ শতাংশ ‘নন শাল’ কাঠ দেখুৱাই গোবিন্দ চৰকাৰৰ নেতৃত্বত চলি থকা চিণ্ডিকেট চক্ৰটোৱে মেঘালয়ৰ পৰা কেৱল ‘নন শাল কাঠ’ অবৈধভাৱে সৰবৰাহ কৰি আছে৷ যাৰ ফলত প্ৰতি ট্ৰাকৰ পৰা চৰকাৰে হেৰুৱাই আছে বৃহৎ পৰিমাণৰ ৰাজহ৷ দিছপুৰৰ নাকৰ তলতে চলি থকা এই চিণ্ডিকেট চক্ৰটোক প্ৰকৃততে কোনে ৰক্ষণা বেক্ষণ দি আছে তাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপিত হৈছে৷ দেওবাৰে পুৱতি নিশা ভবানীপুৰ থানাৰ অন্তৰ্গত কয়াকুছিত স্থানীয় ৰাইজে জব্দ কৰা এ এছ ০১ এল চি ৯৭১৬ নম্বৰৰ ট্ৰাকখনৰ নামত থকা টিপিত উল্লেখ আছে ‘পাইন’ আৰু ‘নন শাল’ বুলি৷ কিন্তু জব্দ কৰা ট্ৰাকখনত উদ্ধাৰ হয় কেৱল ‘নন শাল’ কাঠ৷ নন শাল কাঠেৰে ভৰ্তি আছিল ট্ৰাকখন৷ গোবিন্দ সৰকাৰৰ বাহিৰে কোনেও মেঘালয়ৰ পৰা কাঠ সৰবৰাহ কৰিব নোৱাৰে৷ কোনোবা ব্যৱসায়ীয়ে যদি মেঘালয়ৰ পৰা সম্পূৰ্ণ বৈঠ উপায়েৰেও কাঠ অসমলৈ আনে তেতিয়াও গোবিন্দ সৰকাৰৰ নেতৃত্বত চলা চিণ্ডিকেট চক্ৰৰ ৰোষৰ বলি হ’বলগীয়া হয়৷ চিণ্ডিকেট চক্ৰৰ ভাবুকিৰ উপৰিও আৰক্ষী আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা অভাবনীয় হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগে এনে ব্যৱসায়ী৷ অতি গোপনে বিদেশৰ অন্য এখন ৰাষ্ট্ৰৰো নাগৰিকত্ব লৈছে গোবিন্দ সৰকাৰে৷ ‘আমাৰ অসম’ৰ ওচৰত ইতিমধ্যে গোবিন্দ সৰকাৰৰ নেতৃত্বত চলি থকা কাঠৰ চিণ্ডিকেটৰ বহু ভয়ংকৰ তথ্য আহি পৰিছে৷ পৰৱৰ্তী প্ৰতিবেদনত ৰাজহুৱা কৰা হ’ব গোবিন্দ সৰকাৰৰ নেতৃত্বত চলা কাঠৰ চিণ্ডিকেটৰ  এনে বিস্ফোৰক খবৰ৷