Logo
image

গ’লকীপাৰ নাই, যিমান পাৰে গ’ল দিয়কঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৮ অক্টোবৰঃ ‘আমাৰ সন্মুখত গ’ল পোষ্টত গ’লকীপাৰ নাই৷ সেয়ে যিমান পাৰে গ’ল দিয়ক৷ গ’ল দিবলৈ প্ৰতিপক্ষই যি গৰাকী প্ৰাৰ্থী থিয় কৰাইছে সেইগৰাকীয়ে তামুলপুৰৰ চাৰিবেৰেই নাজানে৷’ –দুৰ্বল বিৰোধীক লক্ষ্য কৰি এই কটাক্ষ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে তামুলপুৰৰ মহকুমা সদৰস্থিত মটঙাপাৰত বিজেপি, অগপ আৰু ইউপিপিএলৰ এখন বিশাল যৌথ কাৰ্যকৰ্তা সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়– ‘বিটিআৰত কেতিয়াও আৰু বন্দুকৰ উৎপত্তি নহয়৷ ইয়াত শান্তি বিৰাজ কৰিছে৷ এই শান্তি আৰু উভতি যাবলৈ নিদিওঁ৷ শান্তিৰ পৰিৱেশৰ মাজেৰে আমি বিটিআৰৰ উন্নয়নৰ কাম কৰি যাম৷ আগন্তুক উপ-নিৰ্বাচনত বিজেপি, এজিপি, ইউপিপিএল মিত্ৰদলৰ প্ৰাৰ্থী জলেন দৈমাৰী৷ জলেন দৈমাৰীক ভোট দিলে এজিপিয়েও পাব, বিজেপিও পাব আৰু ইউপিপি এলেও পাব৷ জলেন দৈমাৰীক¸ কোনেও ৰোধ কৰিব নোৱাৰে৷’  মুখ্যমন্ত্ৰীয়ে সকলোকে ট্ৰেক্টৰৰ ছবিত জলেন দৈমাৰীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়৷ কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহালক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ তামুলপুৰৰ চাৰিসীমাই চিনি নাপায়৷ ‘কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এদিন চিৰাঙত, এদিন তেজপুৰত, এদিন লখিমপুৰত থাকি কি নিৰ্বাচন খেলিব৷’ এনেদৰে কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেঁৱেই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ তুলনাত তামুলপুৰৰ চাৰিসীমা ভালকৈ জানে৷ যুৱ নেতা ৰাজেশ বড়ো আৰু জিতেন বসুমতাৰী আঁত ধৰা মিত্ৰজোঁটৰ যৌথকৰ্মী সভাত পুনৰ মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক উপ-নিৰ্বাচনত তামুলপুৰত জলেন দৈমাৰী এক লাখ ভোটত জয়ী হ’ব৷ তামুলপুৰৰ উন্নয়নৰ কথা ক’বলৈ গৈ মুখ্যমন্ত্ৰীয়ে কয় যে উপ-নিৰ্বাচনৰ পাছতে তামুলপুৰ জিলা হ’ব আৰু ২০২২ চনৰ ২৬ জানুৱাৰীত তামুলপুৰত জিলাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ তেওঁ নিজে আহিব৷ তদুপৰি তিনিমাহ পিছতে কচুবাৰীত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ ইপিনে পূৰ্বৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিবনুৱা যুবক-যুৱতীক চাকৰি দিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ অৰুণোদয় আচঁনিৰ দ্বাৰা তামুলপুৰত পুনৰ ৭ হাজাৰ লোকক সামৰি লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে৷ গোৰ্খাসকলক ট্ৰাইবেল ব্লক এণ্ড বেল্টত সম-মৰ্যাদা দিয়াৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি নৱেম্বৰ মাহৰ পৰা মহিলাসকলে মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ ধন পাব বুলিও তেওঁ উল্লেখ কৰে৷ ইপিনে পুৱাৰ ভাগত মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়োক লগত লৈ কুমাৰীকাটা জালাহ পথৰ খৈৰানীৰ পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ হ’ব লগা পথ আৰু পকী দলংখন ‘অসম মালা’ আঁচনিৰ আধাৰত নিৰ্মাণ কৰাৰ কথা সদৰি কৰি ৬০০ কোটি টকা আবণ্টন দিয়াৰ কথা সদৰি কৰে৷ জাৰতালুকত নিৰ্মাণৰত পাগলাদিয়াৰ পকী দলং পৰিদৰ্শন কৰাৰ পাছত কচুবাৰীত স্থাপন হ’ব লগা চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হৈ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে৷ আজিৰ সভাত ভাৰতীয় জনতা দলৰ সভাপতি ভবেশ কলিতাই নিজৰ ভাষণত কয়– ‘আমি মিত্ৰগোষ্ঠীৰ ধৰ্ম পালন কৰিছোঁ৷ প্ৰয়াত লেহোৰাম বড়োক শ্ৰদ্ধাঞ্জলি জনাই তামুলপুৰৰ উন্নয়নমূলক কাম কৰিবলৈ উপ- নিৰ্বাচনৰ উমৈহতীয়া প্ৰাৰ্থী জলেন দৈমাৰীক প্ৰক্ষেপ কৰা হৈছে৷’ কলিতাই লগতে কয় যে বিজেপি দলত কোনো কলা টিকট নাই৷ জলেন দৈমাৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী৷ জলেন দৈমাৰী উঠি অহা যুৱ-প্ৰজন্মৰ প্ৰতীক৷ শান্তি আৰু প্ৰগতিৰ কাৰণে জলেন দৈমাৰীক জয়যুক্ত কৰিবলৈ আহ্বান জনাই ভৱেশ কলিতাই৷ সভাত ভাষণ দি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়– বিটিআৰ শান্তি চুক্তিৰ পাছতেই বড়োলেণ্ডৰ পৰিবেশৰ বহু পৰিবৰ্তন হৈছে৷ এয়া সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰলস প্ৰচেষ্টাৰ বাবে৷ ৰুটি কাপোৰ আৰু বাসগৃহৰ বাবে আমাক শান্তি লাগে৷ শান্তিৰ স্বাৰ্থত বিটিচিত চোৰাং চিকাৰীকে আদি কৰি বিভিন্ন দুস্কৃতিকাৰীয়ে মূলসুঁতিলৈ ঘূৰি আহি স্বাভাৱিক জীৱন-যাপন কৰিবলে লৈছে৷ ৮ মাহৰ ভিতৰত আমি যিমান পাৰো দুৰ্নীতি আঁতৰ কৰিবলৈ চেষ্টা কৰিছো৷ আমি ধৰ্ণা নিদিয়াকৈ জিলা পালো, মেডিকেল পালো, দলং পালো আৰু বহুত পাবলৈ গৈ আছো৷’ আজিৰ সভাত মন্ত্ৰী ৰঞ্জিত দাস, অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাইয়ো ভাষণ দিয়ে৷ উল্লেখ্য যে আজি নিৰ্বাচনী প্ৰচাৰ সভাৰ পাছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পাগলদিয়া নৈৰ ওপৰত প্ৰায় ৩০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দলঙৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়৷ আনহাতে দলং নিৰ্মাণৰ বুজ লৈ থকাৰ সময়তে আক্ৰাছুৱে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবী তুলি মুখ্যমন্ত্ৰীৰ সন্মুখতে শ্লোগান দিয়ে৷ একাংশই আকো মুখ্যমন্ত্ৰীৰ সৈতে চেলফি উঠিবলৈও হেতা-ওপৰা লগায়৷