Logo
image

আজি খুলিল স্কুল

আমাৰ অসম, ১৯ অক্টোবৰঃ ক’ভিডসৃষ্ট পৰিস্থিতিত দীৰ্ঘদিন ধৰি বন্ধ থকা শিক্ষানুষ্ঠান মঙলবাৰৰ পৰা পুনৰ খুলিল৷  প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো শ্ৰেণীৰ অফলাইন পাঠদান আৰম্ভ কৰাৰ  বাবে শিক্ষাবিভাগে দেওবাৰে প্ৰকাশ কৰিছিল এছ অ’ পি৷ উল্লেখ্য, কিছুসংখ্যক শ্ৰেণীৰ অফলাইন পাঠদান ইতিমধ্যে আৰম্ভ হৈছে৷ শিক্ষা বিভাগে প্ৰকাশ কৰা এছ অ’ পি অনুসৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ উপৰি সামাজিক দূৰত্বৰ বিধি মানি চলিব লাগিব৷ শিক্ষানুষ্ঠানসমূহত ক’ভিড বিধি মানি চলিছে নে নাই সেই সন্দৰ্ভত তীক্ষ্ণ নজৰ দিছে শিক্ষা বিভাগে৷ বিদ্যালয়ে বিদ্যালয়ে চাডেন ভিজিটৰ ব্যৱস্থা কৰা  হয়৷ বিদ্যালয় কতৃৰ্পক্ষই ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ বাবে সুনিশ্চিত ব্যৱস্থা কৰিব লাগিব৷ অৱশ্যে অফলাইন পাঠদান সকলোৰে বাবে বাধ্যতামূলক নহয় বুলি উল্লেখ কৰা হৈছে এই এছ অ’ পিত৷ অফলাইন পাঠদান আৰম্ভ হয় যদিও শিক্ষানুষ্ঠানসমূহে অনলাইন পাঠদানৰ ব্যৱস্থা চলাই যাবই লাগিব৷ বিদ্যালয় চৌহদত যাতে ছাত্ৰ-ছাত্ৰীৰ ভিৰ নহয় তাৰ বাবে ব্যৱস্থা ল’বলৈ বিদ্যালয় কতৃৰ্পক্ষক নিৰ্দেশ দিয়া হৈছে৷