Logo
image

ভাৰতৰ পৰা ‘অস্কাৰ’ বাছনি তালিকাত অন্তৰ্ভুক্ত অসমীয়া ছবি ‘ব্ৰীজ’

আমাৰ অসম, ১৯ অক্টোবৰঃ ভাৰতৰ পৰা ‘অস্কাৰ’ বাছনি তালিকাত অন্তৰ্ভুক্ত হৈছে কৃপাল কলিতা পৰিচালিত অসমীয়া ছবি ‘ব্ৰীজ’৷ চলিত বৰ্ষৰ মুঠ ১২খন ভাৰতীয় ছবি আছে এই তালিকাত৷ ইয়াৰে পৰা এখন ছবি জুৰিয়ে বাছনি কৰি ‘অস্কাৰ’ত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ সন্মানৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰেৰণ কৰিব৷ উল্লেখ্য যে ব্ৰীজে ইতিমধ্যে ৩৫ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত পূৰ্ণদৈৰ্ঘৰ ছবি ‘ব্ৰীজ’ৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই অ’টোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ আৰু ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে দুটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান৷ পৰিচালক কৃপাল কলিতাই ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে ইণ্ডিয়ান ফিল্ম ক্ৰিটিকৰ শ্ৰেষ্ঠ নৱাগত পৰিচালক ৰ সন্মান৷ ‘ব্ৰীজ’ৰ কাহিনী-চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ৷ ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ব্ৰীজ ৰ সম্পাদনা কিশোৰ ডেকাৰ৷ ছাউণ্ড ডিজাইন আৰু মিক্সীং অমৃত প্ৰীতমৰ৷