Logo
image

বিজতৰীয়া!

আমাৰ অসম, ২০ অক্টোবৰঃ বিজতৰীয়া৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সৃষ্টি ভাওনাক বিকৃত কৰাৰ অভিযোগ৷ গুৰুজনাৰ জন্মস্থান নগাঁও জিলাতে বিকৃত কৰা হৈছে ভাওনা৷ বিকৃত কৰিছে অসমৰ টি ভি ধাৰাবাহিকৰ এজন জনপ্ৰিয় কৌতুক অভিনেতাই৷ এই খবৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত অভিনেতা দ্বীপজ্যোতি কেওঁটক বিভিন্ন সমালোচকে ধোবীয়ে পাট কাপোৰ আছৰাৰ দৰে আছাৰি পেলাইছে৷ এই খবৰটোক লৈ অভিনেতা দ্বীপজ্যোতি কেওঁটক তীক্ষ্ণ বাক্যবানেৰে ফেচবুকত আক্ৰমণ কৰা হৈছে৷ নগাঁও জিলাৰ সাংস্কৃতিকভাৱে চহকী পুৰণিগুদামৰ কঢ়ালি গাঁৱৰ নামঘৰত দেওবাৰে নিশা শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে এখন ভাওনাৰ আয়োজন কৰা হৈছিল৷ ভাওনাৰ নাম সমুদ্ৰ মন্থন৷ নাটকখনৰ মূল কাহিনী ভাগ আছিল ভাগৱতৰ৷ য’ত দেৱতা - অসুৰে মিলি সমুদ্ৰ মন্থন কৰি অমৃত আহৰণ কৰে৷ সেই অমৃত যিয়ে পান কৰিব তেওঁলোকে অমৰত্ব লাভ কৰিব৷ কলহত থকা অমৃত লৈ দেৱতা-অসুৰৰ মাজত টনা-আঁজোৰা লাগে৷ তেতিয়া ভগৱান বিষ্ণুৱে মোহিনীৰ ৰূপ ধাৰণ কৰি কৌশলেৰে অসুৰক প্ৰৱঞ্চনা কৰি অমৃতৰ কলহ লৈ আহে৷ নাটকখনৰ পৰিৱেশনৰ পৰম্পৰা অনুসৰি মোহিনীয়ে অসুৰৰ আগত নানা নৃত্য কৰি প্ৰলোভিত কৰে৷ ভাওনাখন আয়োজন কৰিছিল কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই৷ ভাওনাখনৰ গুৰুত্ব বঢ়াবৰ বাবে মোহিনী চৰিত্ৰ ৰূপায়ণ কৰিবলৈ মাতি অনা হৈছিল ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপ’ষ্ট’ ৰ মোহনৰ চৰিত্ৰ ৰূপায়ণ কৰা দ্বীপজ্যোতি কেওঁটক৷ মোহনে মোহিনীৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ গৈ স্থান-কাল-পাত্ৰ পাহৰি হিন্দী ছবিৰ বাঈজীৰ দৰে নৃত্য কৰাৰ লগতে অসুৰৰ গালত চুম্বন কৰে, অসুৰক ‘ফ্লায়িং কিচ’ দিয়ে, এজন চাপৰ অভিনেতাৰ ডিঙিত সাৱটি ধৰি নাচৰ তালে তালে গালত চৰ মাৰে৷ অভিনেতাজনৰ এনে অভিনয়ত উপস্থিত দৰ্শকে ৰগৰ কৰিলেও সেইবোৰ দৃশ্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে ব্যাপক সমালোচনা হয়৷ ভাওনাক বিকৃত কৰাৰ অধিকাৰ অভিনেতাজনক কোনে দিলে বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ গুৰুজনাৰ অমৰসৃষ্টি ভাওনাক বিকৃত কৰাকলৈ ব্যাপক সমালোচনাৰ পাছত সংবাদ মাধ্যমৰ জৰিয়তে নিজৰ ভুল স্বীকাৰ কৰিছে অভিনেতা দ্বীপজ্যোতিয়ে৷ অভিনেতাজনে সংবাদ মাধ্যমৰ আগত কয় যে ভাওনাক বিকৃত কৰাৰ ধৃষ্টতা তেওঁৰ নাই৷ সৰুৰে পৰা গাঁৱত পিতৃহঁতে কৰা ভাওনা দেখি ভাওনা কৰি আহিছে৷ অৱশ্যে ভাওনা সম্পৰ্কে তেওঁৰ জ্ঞান কম৷ তেওঁ ভাওনাত অসুৰক ফ্লায়িং কিচ দিয়া আৰু এজনক নাচি নাচি গালত মৰাটো ভুল হৈছে বুলি স্বীকাৰ কৰে৷ কিন্তু অসুৰক তেওঁ ডিঙিত চুমা খোৱা নাছিল৷ অসুৰজনৰ কানৰ কাষলৈ মুখখন নি কিবা এটা ক’ব বিচৰাটো চুমা খোৱাৰ দৰে লাগিছিল৷ অভিনেতাজনে এইটোও কয় যে দৰ্শকসকলে যেনেদৰে তেওঁৰ অভিনয়ৰ প্ৰতি সহাঁৰি জনাইছিল যে আনন্দত আত্মহাৰা হৈহে তেনেকুৱা কৰিছিল৷ অভিনেতাজনে কৰা ভুলৰ বাবে ক্ষমা বিচৰাৰ লগতে ভৱিষ্যতে অসমীয়া ভাওনাৰ অভিনয়ত তেনে ভুল নকৰে বুলি দ্বীপজ্যোতিয়ে ৰাইজক উদেশ্যি কয়৷

‘আমাৰ অসম’ৰ কালুগাঁৱৰ প্ৰতিবেদকঃ জগতগুৰু শ্ৰীমন্ত শংকদেৱৰ সৰ্বশ্ৰেষ্ঠ অৱদান হ’ল ভাওনা সংস্কৃতি৷ বহু সময়ত বিভিন্ন কাৰ্যৰ জৰিয়তে একাংশ  পাবত-গজা এচাম লোকৰ নিকৃষ্ট কাণ্ডই ভাওনাৰ গৰিমা আৰু মৰ্যাদা হানি কাৰ্যই প্ৰতিজন মৰ্যাদাপূৰ্ণ অসমীয়াৰ স্বাভিমানত আঘাত কৰি আহিছে৷ ই কেৱল অপমান নহয়, ই অসমীয়া জাতিক ধ্বংস কৰাৰ এক গভীৰ ষড়যন্ত্ৰ৷ ভাওনাক লৈ বহুৱালী কৰা, ভাওনাৰ মৰ্যাদা হানি কৰা এটা ভাওনাৰ ভিডিঅ’ই সামাজিক মাধ্যমত বহুল প্ৰসাৰ লাভ কৰিছে৷ য’ত দেখা গৈছে সস্তীয়া মনোৰঞ্জনৰ বাবে টেলিভিছন পৰ্দাৰ অভিনেতা দ্বীপজ্যোতি কেওঁট ওৰফে ‘বেহাৰবাৰী আউটপোষ্টৰ’ মোহন আৰু তেওঁৰ সহযোগী অভিনেতাৰ অতি নিম্নমানৰ অভিনয় আৰু ব্যংগাত্মক কথা-বতৰাই সচেতন অসমীয়াক আশাহত কৰিছে৷ অসমীয়া গৌৰৱ আৰু মৰ্যাদাৰ প্ৰতীক ভাওনাক লৈ কৰা এনে ঘৃণনীয় কাৰ্যক ভাওনা কুশীলৱ মঞ্চ, শিৱসাগৰে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে প্ৰতিজন সংস্কৃতি প্ৰেমীয়ে এই সচেতনতা প্ৰৰ্দশন কৰি এনে শিল্পী, আয়োজক সমিতি, পৰিচালকৰ লগতে ভাওনাৰ পৰা তেনে সস্তীয়া মনোৰঞ্জন বিচৰা মানসিক ৰোগীসকল যাতে কোনো কাৰণত কোনো অনুষ্ঠানত অংশগ্ৰহণ নকৰে তাৰ বাবে কঠোৰ হ’বলৈ আহ৩ান জনোৱা হ’ল৷ ভাওনা কুশীলৱ মঞ্চ, শিৱসাগৰৰ সভাপতি দিলীপ শইকীয়া, কাৰ্যকৰী সভাপতি  সৌৰভ শইকীয়া, যুটীয়া সম্পাদক বাসৱ বাস্তৱ বৰুৱা আৰু উজ্জল খনিকৰ স্বাক্ষৰিত এক প্ৰেছ বিবৃত্তিযোগে  অসমৰ প্ৰতিজন সংস্কৃতিবান লোক, ভাওনা-ৰাস আয়োজক সমিতি, ভাওনা দলে যাতে তেওঁলোকক সামাজিক অনুষ্ঠানৰ পৰা বৰ্জন কৰি দৃষ্টান্তমূলক শাস্তিৰে ভৱিষ্যতৰ দিনত এনে কাৰ্যৰ পৰা সকলো বিকৃত মানসিকতাৰ লোকক বিৰত ৰখাৰ ব্যৱস্থা কৰি আমাৰ স্বাভিমান আৰু পৰিচয় ভাওনাৰ প্ৰকৃত মৰ্যাদাক সন্মান জনাব পাৰে তাৰ বাবে অনুৰোধ জনাইছে৷