Logo
image

মৌলবাদীৰ সন্ত্ৰাসৰ বিৰুদ্ধে বাংলাদেশৰ ৰাজপথত যুৱ-প্ৰজন্ম

আমাৰ অসম, ২০ অক্টোবৰঃ বাংলাদেশত দুৰ্গা পূজাৰ আলম লৈ হিন্দু ধৰ্মাৱলম্বীৰ ওপৰত সংঘটিত আক্ৰমণ এতিয়াও অব্যাহত আছে৷ এসপ্তাহ ধৰি হিন্দুৰ মঠ-মন্দিৰ ধবংস, ঘৰ-বাৰী-বাসস্থান জ্বলাই উৎখাত কৰি দিয়া সত্ত্বেও দেশখনৰ প্ৰশাসনে এতিয়ালৈকে দৃষ্টান্তমূলক শাস্তিৰ পদক্ষেপ গ্ৰহণ কৰা নাই৷ মৌলবাদীৰ আক্ৰমণত দেশখনত বসবাস কৰি থকা হিন্দু ধৰ্মাৱলম্বী, ঘাইকৈ বাঙালী হিন্দু এতিয়া আতংকিত আৰু সম্পূৰ্ণৰূপে নিঃস্ব৷ শ্বেইখ হাছিনা চৰকাৰে কঠোৰ হাতেৰে মৌলবাদীৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও দেশৰ বিভিন্ন স্থানত তেনে আক্ৰমণৰ বিৰুদ্ধে সংগঠিত প্ৰতিবাদ আৰম্ভ হৈছে৷ তাৎপৰ্যপূৰ্ণ ঘটনা এয়াই যে মৌলবাদীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে বাংলাদেশৰ যুৱ প্ৰজন্ম৷ এই যুৱ প্ৰজন্মৰ মাজত কেৱল দেশখনৰ হিন্দু ধৰ্মাৱলম্বীয়েই নহয়, সংখ্যাগুৰু মুছলমান যুৱক-যুৱতীয়েও অংশগ্ৰহণ কৰিছে৷ ঢাকা বিশ্ববিদ্যালয়ত একেৰাহে তিনিদিন ধৰি মৌলবাদীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদী সমদল, অৱস্থান ধৰ্মঘট চলি আছে৷ এই প্ৰতিবাদী সমদল আৰু ধৰ্মঘটত অংশগ্ৰহণ কৰিছে বিশ্ববিদ্যালয়ৰ মুছলিম শিক্ষাৰ্থীয়ে৷ ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী সমন্বিতে হিন্দু ধৰ্মাৱলম্বীয়ে চলাই থকা এই প্ৰতিবাদত দেশখনৰ মুছলিম যুৱ প্ৰজন্মই সমৰ্থন জনোৱা আৰু একেলগে প্ৰতিবাদ কৰাটো অতি লক্ষণীয় ঘটনা হৈ পৰিছে৷ আনহাতে, ঢাকাৰ শ্বাহবাগ অঞ্চলত দেশখনৰ বিশিষ্ট লোক, সাংস্কৃতিক কৰ্মীৰ উপৰি ৰাজনৈতিক দল, যেনে জাতীয় সমাজতান্ত্ৰিক দল, কমিউনিষ্ট পাৰ্টি, ৱৰ্কাৰ্ছ পাৰ্টিয়ে একেৰাহে দুদিন ধৰি চলাই থকা প্ৰতিবাদত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও যোগ দিছে৷ তেওঁলোকে বিক্ষোভ আৰু মানৱশৃংখল কাৰ্যসূচী পালন কৰি দোষীৰ শাস্তিৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে৷ একেদৰে চট্টগ্ৰাম চহৰতো মৌলবাদী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আজিৰ পৰা তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে৷ বাংলাদেশৰ শাসনাধিষ্ঠিত দল আৱামী লীগে বুধবাৰে দেশৰ প্ৰত্যেকখন জিলা আৰু উপ-জিলাত এই আক্ৰমণৰ বিৰুদ্ধে সম্প্ৰীতি সমাৱেশ আৰু শান্তি শোভাযাত্ৰাৰ আহ্বান জনাইছে৷ আজি সেই কাৰ্যসূচীৰ সূচনা কৰে দেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই৷

ইপিনে, বাংলাদেশত হিন্দু ধৰ্মাৱলম্বীৰ ওপৰত সংঘটিত এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদ আৰু আমেৰিকাই৷ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদে কয় যে, গণতান্ত্ৰিক এখন দেশত সকলো ধৰ্মৰ লোকেই দেশৰ সংবিধান অনুসৰি সকলো সুবিধা লাভ কৰা উচিত৷ ধৰ্মৰ ভিত্তিত এদল সংখ্যাগুৰুৱে দেশখনত বাস কৰা সংখ্যালঘু লোকক মাৰি কাটি, ঘৰ-দুৱাৰ জ্বলাই আৰু তেওঁলোকৰ উপাস্য ঈশ্বৰক অপমান কৰাৰ অধিকাৰ নাই৷ বাংলাদেশ চৰকাৰে দেশখনত বসবাস কৰা হিন্দুৰ ওপৰত সংঘটিত এই পৰিকল্পিত আৰু সংঘবদ্ধ আক্ৰমণ কঠোৰ হাতেৰে দমন কৰিব লাগে বুলি আহ্বান জনাইছে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদে৷ আনহাতে, বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা এই আক্ৰমণক নিন্দা কৰিছে আমেৰিকায়ো৷ আমেৰিকাই চৰকাৰীভাৱে বিবৃতি জাৰি কৰি শ্বেইখ হাছিনা চৰকাৰক হিন্দুৰ ওপৰত সংঘটিত আক্ৰমণ অনতিবিলম্বে বন্ধ কৰাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ আমেৰিকায়ো বাংলাদেশৰ দৰে গণতান্ত্ৰিক দেশত সকলো ধৰ্মৰ লোকে সমান অধিকাৰ লাভ কৰি জীয়াই থাকিব লাগে বুলি মন্তব্য কৰিছে৷ সংখ্যালঘু হ’লেই এচাম লোক দেশখনৰ সংবিধানপ্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিব নোৱাৰিব বুলি আমেৰিকাই কঠোৰ ভাষাৰে মন্তব্য কৰিছে৷

বাংলাদেশৰ ঘটনাক লৈ অসমত প্ৰতিবাদ, প্ৰতিক্ৰিয়া

বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ অসমতো অব্যাহত আছে প্ৰতিবাদ, প্ৰতিক্ৰিয়া৷ সনাতনী হিন্দু আৰ্মী, বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল আদি সংগঠনে বাংলাদেশত হিন্দু নাগৰিক, দুৰ্গা মন্দিৰত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত মঙলবাৰে গুৱাহাটীৰ ৰাজপথত উলিয়াইছে প্ৰতিবাদী সমদল৷ প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বয়ো বাংলাদেশৰ ঘটনাক গৰিহণা দিছে৷ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অভিজিৎ মজুমদাৰে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল আয়োজন কৰি কয়–বাংলাদেশৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো মন্তব্য কিয় কৰা নাই? তেওঁলোকে ৰাজনীতি নহয় ৰাজধৰ্ম পালন কৰক৷ এতিয়াও কিয় বাংলাদেশৰ প্ৰধানমন্ত্ৰীক ফোন কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে? বাংলাদেশ ভাৰতৰ ওপৰত নিৰ্ভৰশীল৷ হিন্দুৰ ওপৰত হোৱা আক্ৰমণ বন্ধ নকৰিলে বাংলাদেশৰ ওপৰত অনতিপলমে ব্যৱস্থা লোৱা হ’ব বুলি জনাই দিয়ক৷ হিন্দু-মুছলমানৰ ৰাজনীতি বন্ধ কৰক৷ সত্যৰঞ্জন আৰু শিলাদিত্যই বাংলাদেশত হৈ প্ৰতিবাদ কৰক৷

বিশ্বনাথ, লামডিঙৰ ৰাজপথত প্ৰতিবাদী সমদল

দুৰ্গোৎসৱৰ মাজতে বাংলাদেশত দেৱী দুৰ্গাৰ প্ৰতিমা ভাঙি চূৰমাৰ কৰাৰ লগতে হিন্দু লোকসকলৰ ওপৰতো চলা অবিৰত নিৰ্যাতন বন্ধ কৰাৰ লগতে দেশখনত হিন্দু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাই আজি লামডিঙৰ আকাশ-বতাহ কঁপাই তোলে শতাধিক প্ৰতিবাদকাৰীয়ে৷ আজি দিনৰ ভাগত লামডিং কালীবাড়ীৰ ভাৰত সেৱাশ্ৰম প্ৰাংগণৰ পৰা সনাতন ধৰ্মাৱলম্বী ঐক মঞ্চৰ এক বিশাল প্ৰতবাদী সমদল উলিয়ায়৷ এই প্ৰতিবাদী সমদলত লামডিঙৰ বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল, প্ৰাগজ্যোতিষপুৰ ঐক্য সংঘ,  ইষ্কন, ৰাম সেৱক সংঘ, ৰামকৃষ্ণ মিশ্যন, গৌৰীয়া মথ, আনন্দ মাৰ্গ, লামডিং কালীবাড়ী,  ভাৰত সেৱাশ্ৰম সংঘকে ধৰি লামডিঙৰ প্ৰায় ১২ টাতকৈয়ো অধিক সনাতন ধৰ্মৰ সংগঠনৰ ৰাইজে অংশগ্ৰহণ কৰে৷ ৷ ইয়াৰ লগতে প্ৰতিটো সংগঠনে লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক স্মাৰক-পত্ৰ দিয়াৰ লগতে অমিত সাহলৈও স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ তেওঁলোকে বাংলাদেশত থকা হিন্দু লোকসকলক অতিশীঘ্ৰে ভাৰত চৰকাৰে সুৰক্ষা প্ৰদান কৰাৰ দাবী জনায়৷ যদিহে বাংলাদেশৰ উগ্ৰ মৌলবাদীয়ে অত্যাচাৰ চলায় তেনেহ’লে পৰৱৰ্তী সময়ত ভাৰততো ইয়াৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে৷ গতিকে ভাৰত চৰকাৰে বাংলাদেশৰ ঘটনাৰ বাবে দেশখনৰ চৰকাৰৰ ওপৰত কূটনৈতিক চাপ বৃদ্ধিৰ দাবী জনায়৷

বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াত হিন্দু জাগৰণ মঞ্চ অসমৰ বিশ্বনাথ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ বাংলাদেশত হিন্দুৰ ওপৰত চলা বৰ্বৰ আক্ৰমণ তথা হত্যাৰ বিৰুদ্ধে গৰজি উঠি আজি বিশ্বনাথ নগৰত হিন্দু জাগৰণ মঞ্চই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্ৰতিবাদকাৰীসকলে বিশ্বনাথ নগৰৰ মাজমজিয়াত সমদল কৰি হিন্দুৰ ওপৰত চলা চক্ৰান্ত বন্ধ কৰক, বাংলাদেশী হুঁচিয়াৰ, মৌলবাদী হুঁচিয়াৰ, শ্বেখ হাছিনা মূৰ্দাবাদ, হিন্দু সুৰক্ষাৰ ক্ষেত্ৰত বুদ্ধিজীৱী নিমাত কিয়, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিমাত কিয় আদি শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ এই কাৰ্যসূচীত উপস্থিত থাকে হিন্দু জাগৰণ মঞ্চৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে আন আন বিষয়ববীয়াসকল৷ 

মুকালমুৱা, সোণতলীত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ আপ্ৰাণ চেষ্টা চলাই থকা সময়তে আকৌ মুছলমানসকলৰ মহানবী হজৰত মহম্মদৰ বিৰুদ্ধে কটু মন্তব্য আগবঢ়োৱাকলৈ জাঙুৰ খাই উঠিছে অসম মিঞা [অসমীয়া] পৰিষদ৷ অসম মিঞা [অসমীয়া] পৰিষদে আজি সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ দাবী তুলি সোণতলী আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ৷ মিঞা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম মুক্তাৰ মণ্ডলে এই এজাহাৰ দাখিল কৰি অসমৰ মুখ্যমন্ত্ৰী, ডিজিপিক সাম্প্ৰদায়িক মন্তব্য কৰা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী কৰে৷ ইফালে, চৰকাৰৰ ব্যাৰ্থতা ঢাকিবলৈ সত্যৰঞ্জন বৰাৰ দৰে নেতাক ব্যাৱহাৰ কৰি এনে অবাঞ্চিত, নিকৃষ্ট মন্তব্য কৰোৱাৰ বাবে চৰকাৰে নিয়োগ কৰিছে নেকি বুলিও অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম মুক্তাৰ মণ্ডলে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে৷ লগতে ভাৰতৰ নিচিনা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত সত্যৰঞ্জন বৰাই আন এটা ধৰ্মৰ ধৰ্মগুৰুক অপমান কৰি ভাৰতীয় সংবিধানকো অৱমাননা কৰিছে বুলি প্ৰকাশ কৰি সত্যৰঞ্জনক সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবে পোহ-পাল দি আহিছে অসমৰ মুখ্যমন্ত্ৰীয়ে বুলিও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে৷ এনে পৰিস্থিতিত অহা ৪৮ঘণ্টাৰ ভিতৰত বিতৰ্কিত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ নকৰিলে আনকি মিঞা পৰিষদে তেওঁৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে৷

ইছলাম ধৰ্মৰ ধৰ্মগুৰু হজৰত মহম্মদক লৈ সত্যৰঞ্জনে ফেচবুকত অপমানসূচক মন্তব্য কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুকালমুৱাতো এজাহাৰ দাখিল বিভিন্ন দল-সংগঠন তথা সচেতন ৰাইজৰ৷ আজি বৰক্ষেত্ৰী অঞ্চলৰ কিছু সচেতন যুৱক তথা বাঘ হাজৰিকা ঐক্য মঞ্চ আৰু আমছু কান্ধবাৰী দাগাপাৰা আঞ্চলিক সমিতিৰ তৰফৰ পৰা মুকালমুৱা আৰক্ষী আৰক্ষী থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ৷ উল্লেখ্য যে, ইছলাম ধৰ্মৰ বিশ্ব নবী হজৰত মহম্মদক ডকাইত আখ্যা দিয়াৰ লগতে হাদিছত বৰ্ণিত জান্নাতৰ প্ৰয়াত ৭২ গৰাকী পৰিচালিকাক যৌন কৰ্মী, বেশ্যা বুলি ফেচবুকত সত্যৰঞ্জন বৰাই বিতৰ্কিত মন্তব্য কৰিছিল সামাজিক মাধ্যমত৷ আনকি সত্যৰঞ্জন বৰাই নিজৰ ফেচবুকত কৰা এনে বিতৰ্কিত পোষ্ট ভাইৰেল হৈ পৰাত জাঙুৰ খাই উঠিছে অসমৰ ইছলাম ধৰ্মীয় লোকসকলৰ লগতে সচেতন ৰাইজ৷ এনে পৰিপ্ৰেক্ষিতত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি বিতৰ্কিত নেতাজনক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে সৰ্বত্ৰে৷