Logo
image

সংক্ৰমণ নকমিলে পুনৰ ‘কঠোৰ ব্যৱস্থা’

আমাৰ অসম, ২০ অক্টোবৰঃ উলহ-মালহেৰে ৰাজ্যত সকলোৱে দুৰ্গা পূজা উদ্‌যাপন কৰিলে৷ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ পূৰ্ণগতিত চলি আছে৷ সুদীৰ্ঘ ২০ মাহ পাছত আজিৰ পৰা শিক্ষানুষ্ঠানৰ অফলাইন ক্লাছ আৰম্ভ৷ এই তিনিটা গুৰুত্বপূৰ্ণ পৰিঘটনাৰ মাজত ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিডৰ সংক্ৰমণ পুনৰ দ্ৰুতগতিত বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন স্বয়ং ৰাজ্য চৰকাৰ, মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী৷ ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ অন্তত চৰকাৰে অহা সাত দিনৰ ভিতৰত যিকোনো মুহূৰ্তত গ্ৰহণ কৰিব পাৰে কঠোৰ পদক্ষেপ৷ মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত ক’ভিডৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়৷ প্ৰতিজন মন্ত্ৰীয়ে এইক্ষেত্ৰত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে৷ ইয়াৰ পাছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অতি স্পষ্টভাৱে কয়– ক’ভিড সংক্ৰমণৰ হাৰ এসপ্তাহৰ ভিতৰত যদি সংক্ৰমণ নকমে চৰকাৰে কঠোৰ সিদ্ধান্ত ল’ব৷ কালি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত পৰ্যালোচনামূলক বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে৷ ৰাজ্যিক পৰ্যালোচনামূলক বৈঠকৰ সিদ্ধান্তত মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে অনুমোদন জনায়৷ এইখিনিতে প্ৰশ্ন হৈছে দুৰ্গা পূজাক লৈ স্বাস্থ্য বিভাগে এছ অ’ পি প্ৰকাশ কৰিছে যদিও পূজাৰ এছ অ’ পি মনা নহ’ল৷ দুৰ্গা পূজাৰ শেষৰকেইদিনত দেখা গ’ল হিলদ’ল ভঙা ভিৰ৷ প্ৰশাসনক দেখা গ’ল নিৰ্লিপ্ত, নিৰূদ্বেগ অৱস্থাত৷ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক লৈ ঘোষণা কৰা নাই কঠোৰ এছ অ’ পি৷ শাসক দলৰেই ৰোড শ্ব’, গণসমাৱেশ চলি আছে অবাধে৷ স্কুল খুলিলে যদিও ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীক ভেকচিন আজিও নাই৷ ক’ভিড টেষ্টৰ সংখ্যাও সন্তোষজনক নহয়৷ ক’ভিড সংক্ৰমণ আৰু মৃত্যুৰ পৰিসংখ্যাও সন্দেহজনক৷ উল্লেখ্য, মঙলবাৰে ক’ভিড আক্ৰান্তৰ সংখ্যা ৩৫৩জন৷ আক্ৰান্তৰ হাৰ .৮৯ শতাংশ৷  ইফালে, মঙলবাৰে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেট গ্ৰহণ কৰা সিদ্ধান্ত বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে মন্ত্ৰী মহন্তই৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যত বিদ্যুৎ যোগান ব্যৱস্থা সুচল আৰু বিদ্যুৎ অপচয় ৰোধৰ লক্ষ্যৰে ২৫০.০৮ কোটি টকা ব্যয় সাপেক্ষে ৯ হাজাৰটা বিতৰণযোগ্য ট্ৰেন্সফৰ্মাৰ, ৭০টা পূৰ্বনিৰ্মিত কম্পেক্ট ছাব ষ্টেচন, ১১টা পাৱাৰ ট্ৰেন্সফৰ্মাৰ ক্ৰয় আৰু স্থাপনৰ লগতে ৪২০টা ক্ষতিগ্ৰস্ত বিতৰণযোগ্য ট্ৰেন্সফৰ্মাৰ মেৰামতিত অনুমোদন জনোৱা হয়৷ ১৭১৮.১৮ কোটি টকা ব্যয় সাপেক্ষে বিদ্যুৎ সংযোগ নোহোৱা ৪৮০২৪৯টা পৰিয়াললৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰাত অনুমোদন দিয়া হয়৷ ১৬১.৪২ কোটি টকা আবণ্টনেৰে ৪৮,২৩১টা অংগনৱাড়ী কেন্দ্ৰ আৰু ১৩,১২০খন প্ৰাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগ ব্যৱস্থাত অনুমোদন দিয়া হয়৷ ৰাজ্যিক স্মাৰ্ট মিটাৰ প্ৰকল্পৰে ৰাজ্যত বিলিং ব্যৱস্থা উন্নত আৰু বাণিজ্যিক ক্ষতি ৰোধৰ লক্ষ্যৰে ৬২০১০০টা স্মাৰ্ট মিটাৰ স্থাপনৰ অনুমোদন দিয়ে৷ ২০২১-২২ বৰ্ষৰ বাবে ৰাজ্যৰ আৰক্ষী থানাৰ সামগ্ৰিক উন্নয়ন অভিযানৰ অধীনত মৈত্ৰী ছ’চাইটীলৈ অনুদান হিচাপে ১২০ কোটি টকা মুকলি কৰাৰ প্ৰস্তাৱত অনুমোদন দিয়ে৷ এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ সাহায্যৰে অসম আনুসংগিক পথ নেটৱৰ্ক উন্নয়ন প্ৰকল্পৰ প্ৰস্তুতি আৰু ৰূপায়ণৰ প্ৰাককলন কৰাৰ বাবে প্ৰশাসনীক অনুমোদন দিয়া হয়৷ ওৰাং ব্যাঘ্ৰ সংৰক্ষণ এলেকাত বাঘ আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণত সহায়ক হোৱাকৈ বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ ধাৰা ৩৮[১০] অধীনত ওৰাং ব্যাঘ্ৰ সংৰক্ষণ ফাউণ্ডেশ্বন ন্যাস গঠন কৰাত অনুমোদন জনায়৷ ন্যাসৰ পঞ্জীয়নৰ আনুষ্ঠানিকতা প্ৰধান মুখ্য বন সংৰক্ষকে [বন্যপ্ৰাণী] সম্পূৰ্ণ কৰিব লাগিব৷ ৫০ বা তাতকৈ কম ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ৰেচন কাৰ্ড থকা সুলভ মূল্যৰ দোকান বন্ধ কৰাৰ পূৰ্বৰ কেবিনেটৰ সিদ্ধান্তৰ পৰ্যালোচনাৰে বিধৱা আৰু বিশেষভাৱে সক্ষম সুলভ মূল্যৰ দোকানৰ মালিকসকলক তেওঁলোকৰ ব্যৱসায় অব্যাহত ৰখাত অনুমোদন জনায়৷ খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্থাত সঞ্চালকালয়, অসম আৰু ইয়াৰ উপ-সমন্বয় কাৰ্যালয় গঠনত অনুমোদন জনোৱা হয়৷ ধেমাজি জিলাৰ ৮৯খন ৰাজহ গাঁৱক সামৰি চি চি টেঙানী জনজাতীয় বেল্ট গঠনত অনুমোদন জনোৱা হয়৷ চাহ শ্ৰমিকৰ মজুৰি কাৰ্ড, ২০১৯ অনুসৰি শ্ৰম বিভাগে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি নেশ্বনেল লেভেল ফ্ল’ৰ ৱেজৰ আওতাৰ পৰা ৰেহাই দিয়াৰ সম্ভাৱনা সম্পৰ্কে বিশ্লেষণ কৰিব৷ মজুৰি ক’ড অসম নীতি, ২০২১ অধিকসূচনাৰ খচৰা প্ৰস্তুততো অনুমোদন জনায় কেবিনেটে৷