Logo
image

ভিভাণ্টাৰ উত্তৰত অসন্তুষ্ট প্ৰশাসন হঠাৎ মাত ওলাল সাধনিদাৰৰো

আমাৰ অসম, ২০ অক্টোবৰঃ ক’ভিড এছ অ’ পি উলংঘা কৰি ১ অক্টোবৰৰ নিশা অনুষ্ঠিত বাৰ্থ ডে পাৰ্টী সন্দৰ্ভত হোটেল তাজ ভিভাণ্টা কতৃৰ্পক্ষই দাখিল কৰা জাননীৰ উত্তৰত সন্তুষ্ট নহয় জিলা প্ৰশাসন৷ ইয়াৰ পৰিপ্ৰেক্ষিতত পুনৰ হোটেল কতৃৰ্পক্ষলৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে৷ আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ভিভাণ্টা কতৃৰ্পক্ষই নিজৰ উত্তৰ প্ৰশাসনক জমা দিব লাগিব৷ ৰাজকন্যা বৰুৱাৰ গ্ৰেপ্তাৰৰ পিছতে তদন্তৰ আওতালৈ আহিছিল হোটেল তাজ ভিভাণ্টা৷ হোটেল তাজ ভিভাণ্টা কতৃৰ্পক্ষৰ পৰা বহুকেইটা প্ৰশ্নৰ উত্তৰ বিচাৰি জাননী জাৰি কৰিছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ হোটেল কতৃৰ্পক্ষই প্ৰশ্ন সমূহৰ উত্তৰ ১৮ অক্টোবৰত জিলা প্ৰশাসনৰ ওচৰত জমা দিয়ে যদিও ইয়াৰে বহু প্ৰশ্নৰ উত্তৰক লৈ সন্তুষ্ট নহয় জিলা প্ৰশাসন৷ এই সন্দৰ্ভত মত প্ৰকাশ কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়–কালিয়ে হোটেল কতৃৰ্পক্ষই আমাৰ প্ৰশ্নৰ উত্তৰসমূহ জমা দিছিলে৷ উত্তৰসমূহ আমি ভালদৰে অধ্যয়ন কৰি আছো৷ দুটামান বিষয়ত স্পষ্টকৰণ ল’ব লাগিব হোটেল কতৃৰ্পক্ষৰ পৰা৷ সেয়ে আকৌ এজন জাননী জাৰি কৰা হ’ব৷ বিশেষকৈ চৰকাৰী নিৰ্দেশনা উলংঘা কৰি নিশা ৯ বজাৰ পিছত কিদৰে পাৰ্টী হৈছিল সেই বিষয়টোৰ ওপৰত তেওঁলোকৰ পৰা পুনৰ স্পষ্টীকৰণ বিচৰা হ’ব৷ যিহেতু পাৰ্টীটো হোটেলখনত হৈছিল সেয়ে আমি হোটেল কতৃৰ্পক্ষৰ পৰাহে উত্তৰ বিচাৰিছো৷ পাৰ্টীটোৰ আয়োজক পংকজ সাধনিদাৰে প্ৰশাসনৰ পৰা অনুমতি লৈছিল৷ নিশা ৯ বজালৈ এই অনুমতি আছিল৷ কিন্তু তাৰ পিছতো কিয় পাৰ্টী চলিছিল তাৰ উত্তৰ বিচৰা হৈছে হোটেলখনৰ পৰা৷ আয়োজক জনক জাননী দিয়া হোৱা নাই৷ আৰক্ষীয়ে সেই বিষয়টো তদন্ত কৰি আছে৷ ২৪ ঘণ্টাৰ ভিতৰত তাজ কতৃৰ্পক্ষই দ্বিতীয় জাননীৰ উত্তৰ দিব লাগিব৷ উল্লেখ্য যে ১ অক্টোবৰৰ নিশা অনুষ্ঠিত পাৰ্টী ক’ভিড এছ অ’ পি উলংঘা কৰি নিশা ১ বজালৈ চলিছিল৷ আনহাতে গান্ধী জয়ন্তী উপলক্ষে ড্ৰাই ডে হোৱাৰ পিছতো ১ অক্টোবৰৰ নিশা ১২ বজাৰ পিছতো পাৰ্টীত অহা অভ্যাগত সকলক তাজ কতৃৰ্পক্ষই সুৰা যোগান ধৰিছিল৷ ১ অক্টোবৰৰ নিশা অনুষ্ঠিত পাৰ্টীৰ সবিশেষ তথ্য বিচাৰি ৯ অক্টোবৰতহে জিলা প্ৰশাসনে তাজ কতৃৰ্পক্ষক জাননী জাৰি কৰিছিল৷ এই জাননীৰ উত্তৰ দিবলৈ ৭ দিনৰ সময় বিচাৰিছিল তাজে৷ সেই অনুসৰি ১৮ অক্টোবৰত নিজৰ প্ৰশ্নৰ উত্তৰ দাখিল কৰে তাজ কতৃৰ্পক্ষই৷ হোটেল তাজ কতৃৰ্পক্ষক প্ৰশাসনে ১৭ দিনকৈ সময় দিয়াৰ বিপৰীতে তাজৰ এই পাৰ্টীৰ পৰা উভতি অহাৰ সময়ত সংঘটিত পথ দুৰ্ঘটনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজকন্যা বৰুৱাক৷ জামিনত মুকলি হোৱা ৰাজকন্যা বৰুৱাক চিকিৎসা প্ৰদানৰ অভিযোগত আৰক্ষীয়ে তিনিদিনকৈ জেৰা কৰে চিকিৎসক নভনীল বৰুৱাক৷ পিছত আৰক্ষীয়ে ডাঃ বৰুৱাক গ্ৰেপ্তাৰো কৰে৷ আনহাতে এই বাৰ্থডে পাৰ্টীৰ আয়োজক দিছপুৰৰ অতি ঘনিষ্ট ঠিকদাৰ পংকজ সাধনিদাৰে মঙলবাৰে নিজৰ মৌনতা ভংগ কৰি এক ভিডিঅ’ বাৰ্তা ৰাজহুৱা কৰে৷ ভিডিঅ’ বাৰ্তাটোত ঠিকদাৰ সাধনিদাৰে দাবী কৰি কয়–মই আৰক্ষীক সকলো তথ্য যোগান ধৰিছো৷ মই কতো বাহিৰত গুচি যোৱা নাই৷ মই আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰি আছো৷ মই কোনো অপৰাধ কৰা নাই যে পলাই ফুৰিব লাগিব৷ মোৰ পৰা আৰক্ষীয়ে যি তথ্য বিচাৰিব সকলো দিম৷  অক্টোবৰৰ নিশা অনুষ্ঠিত পাৰ্টীৰ আয়োজক ঠিকাদাৰ পংকজ সাধনিদাৰ বা হোটেল তাজ কতৃৰ্পক্ষক এই পৰ্যন্ত অৱশ্যে আৰক্ষীয়ে জেৰাৰ বাবে এবাৰো চমন জাৰি কৰা নাই৷ অথচ ৰাজকন্যা বৰুৱাক আই চি ইউৰ বিচনাৰ পৰা আৰক্ষীয়ে চোচোৰাই লৈ আনিছিল৷