Logo
image

টে’ট শিক্ষক, পিএইচডি-ধাৰীৰ সমস্ত নথি-পত্ৰ পুনৰীক্ষণৰ নিৰ্দেশ

জাল চাৰ্টিফিকেটৰ সন্ধানত শিক্ষা বিভাগ

আমাৰ অসম, ২০ অক্টোবৰঃ ৰাজ্যত ভুৱা টেটৰ প্ৰমাণ পত্ৰৰে টেট শিক্ষকৰ নিযুক্তি ধৰা পৰাৰ পাছতে বিগত পাঁচ বছৰৰ টেট শিক্ষকৰ নিযুক্তিৰ সমস্ত তথ্যপাতিৰ পুংখানুপুংখ পুনৰীক্ষণৰ নিৰ্দেশ দিলে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক মমতা হোজাইয়ে ২০১৬ চনৰ অক্টোবৰ মাহৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ মাহ পৰ্যন্ত ৰাজ্যৰ প্ৰাদেশিকৃত হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু হাই মাদ্ৰাছা স্কুল সমূহত নিযুক্তি পোৱা ৫৫৯২ জন স্নাতক আৰু পষ্ট গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তিৰ সমস্ত তথ্যপাতি জৰুৰীভাৱে মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণৰ বাবে জিলা বিদ্যালয় পৰিদৰ্শকসমূহক নিৰ্দেশ দিছে৷ ২২ অক্টোবৰৰ ভিতৰত এই তথ্যসমূহ প্ৰেৰণৰ নিৰ্দেশ দিছে৷ ছফট আৰু হাৰ্ড কপি দুয়োটা ফৰ্মেটতে তথ্যপাতিৰ সবিশেষ দাখিলৰ নিৰ্দেশ দিয়া হৈছে৷ ৰাজ্যৰ ২১ খন ভৈয়াম জিলাত সংশ্লিষ্ট সময়চোৱাত নিযুক্তি পোৱা টেট শিক্ষকসকলৰ টেট উত্তীৰ্ণৰ বৰ্ষ, টেটৰ ৰোল নম্বৰ, টেটত লাভ কৰা শতাংশ নম্বৰ আদিৰ সবিশেষ বিচাৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে৷ উল্লেখ্য যে যি সকল টেট শিক্ষকৰ নিযুক্তি সবিশেষ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে বিচাৰিছে এই গোটেই বিলাকেই ৰাজ্যৰ বিজেপি চৰকাৰৰ আমোলত নিযুক্তি পোৱা৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত নিযুক্তি পোৱা এইসকল টেট শিক্ষকৰ সবিশেষ এনেধৰণৰ ২০১৬-১৭ বৰ্ষৰ পষ্ট গ্ৰেজুৱেট টিচাৰ চমুকৈ পিজিটিত ৪৪জন, গ্ৰেজুৱেট টিচাৰ চমুকৈ জিটিত ২৯ জন [মুঠ ৭৩ জন], ২০১৬-১৭ বৰ্ষত পিজিটিত ৩৩৭ জন, জিটিত ৮৮৬ জন [মুঠ ১২২৩ জন] ২০১৮-১৯ বৰ্ষত পিজিটিত ১০৪ জন, ২০১৯-২০ বৰ্ষত নাই, ২০২০-২১ বৰ্ষত পিজিটিত ২ জন, জিটিত ৪১৯০ জন [মুঠ ৪১৯২ জন]৷ আনহাতে ৰাজ্যৰ উচ্ছ শিক্ষা সঞ্চালক ধৰ্মকান্ত মিলিয়ে আন এক জাননীৰ জৰিয়তে ২০১৬ চনৰ পহিলা জানুৱাৰী বা ইয়াৰ পাছত লাভ কলেজ শিক্ষকসকলৰ নিয়মীয়া পি এইচ ডি আৰু এমফিল ডিগ্ৰীৰ সৱিশেষ তথ্য বৃহস্পতিবাৰ অৰ্থাৎ ২১ অক্টোবৰৰ ভিতৰত সঞ্চালকালয়লৈ প্ৰেৰণৰ বাবে নিৰ্দেশ দিছে৷ লক্ষণীয় যে ইয়াৰ পূৰ্বেও শিক্ষকৰ পি এইচ ডি, এমফিলৰ সবিশেষ তথ্য বিচাৰিছিল উচ্ছ শিক্ষা সঞ্চালকালয়ে৷