Logo
image

দৈত্যকায় মৎস্য

আমাৰ অসম, ২১ অক্টোবৰঃ বুধবাৰে পুৱা নামনি মাজুলীৰ মলয়া চাপৰিৰ সমীপত সোৱণশিৰী নদীত মাছ ধৰিবলৈ যোৱা দুজন মাছমৰীয়াই এটা বৃহৎ আকাৰৰ মাছ ধৰিবলৈ সক্ষম হয়৷ পুৱাৰ ভাগত মাছমৰীয়া দুজনে নদীত জাল বাই থাকোঁতে মাছমৰীয়া দুজনৰ জালত এক কুইণ্টল একৈশ কিলো তিনিশ গ্ৰাম ওজনৰ বিশালকায় এটা গৰুৱা মাছ লাগে৷ প্ৰথম অৱস্থাত ইমান প্ৰকাণ্ড মাছ এটা জালত লগাত মাছমৰীয়া দুজনে মাছটোক উঠাই আনিবলৈ ভয় কৰিছিল যদিও পাছত মাছমৰীয়াৰ জালত প্ৰকাণ্ড আকাৰৰ মাছ ধৰা পৰাৰ খবৰ বিয়পি পৰাত অঞ্চলবাসী ৰাইজ নদীৰ পাৰত উপস্থিত হোৱাত ৰাইজৰ সহযোগত মাছমৰীয়া দুজনে মাছটো ধৰিবলৈ সক্ষম হয়৷ এক কুইণ্টল একৈশ কিলো তিনিশ গ্ৰাম ওজনৰ বিশালকায় গৰুৱা

মাছটোক চাবলৈ কেইবাশ লোক অঞ্চলটোত উপস্থিত হয়৷  মাছটো কোনোমতে দহ-বাৰজন মানুহে ভাৰ পাতি এছোৱা গাড়ীৰে বালিচাপৰি মাছৰ বজাৰলৈ আনে৷ বালিচাপৰিত এনে বৃহৎ আকাৰৰ মাছটো চাবলৈ স্থানীয় ৰাইজে যথেষ্ট ভিৰ কৰে৷  মাছটো বিক্ৰীৰ বাবে অৰুণাচললৈ প্ৰেৰণ কৰে৷