Logo
image

সুৰাত মগন...

আমাৰ অসম, ২১ অক্টোবৰঃ ৰাজ্য চৰকাৰৰ এই মুহূৰ্তত ৰাজহ সংগ্ৰহৰ হাৰ সন্তোষজনক নহয়৷ কৰ’না পৰিস্থিতি, লকডাউন আদি বিভিন্ন কাৰণত ৰাজহ সংগ্ৰহৰ হাৰ উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ ৰাজহ ঘাটিৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে ইটোৰ পাছত সিটো প্ৰতিষ্ঠানৰ পৰা ঋণ ল’বলগীয়া হৈছে৷ আনকি মুকলি বজাৰৰ পৰাও অধিক সূদত ঋণ লৈছে ৰাজ্য চৰকাৰে৷ কিন্তু ইয়াৰ মাজতে এটা সুখবৰ যে ৰাজ্যত আবকাৰী ৰাজহ বাঢ়িছে৷ পূজাৰ বতৰত এক অভিলেখসংখ্যক আবকাৰী ৰাজহ সংগ্ৰহ হৈছে৷ এই ৰাজহ সংগ্ৰহত সুৰাপায়ীসকলে এক ডাঙৰ অৰিহণা যোগাইছে৷ কাৰণ মাথোঁ অক্টোবৰৰ প্ৰথম বিশ দিনতে ৰাজ্যত সুৰাৰ পৰা ১০০ কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যজুৰি প্ৰায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে শাৰদীয় দুৰ্গোৎসৱৰ সময়ত৷ ইয়াৰ ভিতৰত গুৱাহাটীতেই মাথোঁ পূজাৰ কেইদিনত প্ৰায় ৬০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে৷ এই সংখ্যাক নিশ্চয় এক অভিলেখ বুলিয়েই ক’ব পাৰি৷ লক্ষণীয় যে এইবাৰ পূজাৰ কাপোৰ আদিৰ বজাৰ যথেষ্ট ঠাণ্ডা আছিল৷ কিন্তু ইয়াৰ পাছতো সুৰাৰ বজাৰখন গৰম হোৱাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷ চৰকাৰী সূত্ৰই জনোৱা মতে পূজাৰ সময়ত ৰাজ্যত বিক্ৰী হোৱা ৩৫০ কোটি টকাৰ সুৰাৰ পৰা প্ৰায় ১৭৫ কোটি টকাৰ ৰাজহ পোনে পোনে ৰাজ্যৰ ৰাজকোষলৈ আহিছে৷ কিয়নো সুৰাৰ ওপৰত ৫০ শতাংশতকৈ অধিক বিক্ৰীকৰ, উপকৰ আৰু উৎপাদন শুল্ক বলৱৎ হৈ আছে৷