Logo
image

আহিছে আহিছে আকৌ কৰ’না আহিছে

আমাৰ অসম, ২১ অক্টোবৰঃ পুনৰ চৰ্চালৈ আহিছে  মহামাৰী কৰ’না৷ মুখ্যমন্ত্ৰীয়ে ক’লেই যেন কৰ’না নামি আহে৷ তাৰেই স্পষ্ট ইংগিত ফুটি উঠিছে চলিত সপ্তাহটোত৷ দুৰ্গা পূজা, লক্ষ্মী পূজাৰ ব্যাপক জনসমাগমৰ পাছত কৰ’নাকেন্দ্ৰিক বিষয় সৰ্বত্ৰ চৰ্চিত হৈ পৰিছে৷ শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত কৰ’নাই ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰাৰ পাছত বুধবাৰে ক’ভিডৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত পুনৰ লকডাউনৰ ইংগিত দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ মঙলবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক’ভিড পৰিস্থিতি উন্নত নহ’লে চৰকাৰ কঠোৰ হ’ব বুলি ঘোষণা কৰিছিল৷ স্বাস্থ্যমন্ত্ৰী মহন্তৰ এনে ঘোষণাৰ পাছত বুধবাৰে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হাজৰিকাই ৰাজ্যত পুনৰ লকডাউনৰ ইংগিত দি কয়– বিগত কেইটামান দিনত ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ পুনৰ বৃদ্ধি পাব ধৰিছে৷ ৰাজ্যবাসীয়ে দুৰ্গা পূজা উলহ-মালহেৰে উদ্‌যাপন কৰাৰ পাছত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ৷ যদি ক’ভিড পৰিস্থিতি উন্নত নহয় ৰাজ্য চৰকাৰে অসমত লকডাউন ঘোষণা কৰাৰ বিকল্প নাথাকিব৷ মঙলবাৰে ৰাজ্যিক কেবিনেটৰ পাছত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যে অহা সাত দিনৰ ভিতৰত যদি ক’ভিডৰ সংক্ৰমণ নকমে, চৰকাৰে ল’ব পাৰে কঠোৰ সিদ্ধান্ত৷ ক’ভিড পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত পৰ্যালোচনামূলক বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত৷ ৰাজ্যিক কেবিনেটেও এই সিদ্ধান্তত অনুমোদন জনোৱা বুলি কয় স্বাস্থ্যমন্ত্ৰীজনে৷ ইফালে বুধবাৰে ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত ৰূপহীত কাৰ্যতঃ ক’ভিড বিধি উলংঘা কৰিয়েই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ক’ভিডৰ পৰা বাচিবলৈ পৰামৰ্শ দিয়ে৷ তেওঁ কয়– আমি যদি বেমাৰটো ৰোধ কৰিব নোৱাৰোঁ তেনেহ’লে সমাজখন ধবংস হৈ যাব৷ যিসকলে ভেক্‌চিন এতিয়াও লোৱা নাই অনতি পলমে লওক৷ ইতিমধ্যে ভেক্‌চিনৰ এটা মাত্ৰ ড’জ লোৱা সকলেও শীঘ্ৰে লওক ভেক্‌চিনৰ দ্বিতীয়টো ড’জ৷ ক’ভিড পূজাৰ পাছত আৰু আহিব পাৰে৷ যোৱাবেলিও দুৰ্গা পূজাৰ পাছত ক’ভিডৰ ব্যাপক সংক্ৰমণ হৈছিল৷ ক’ভিডৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ী-উপান্ত কৃষকসকল সাংঘাটিক ধৰণে ক্ষতিগ্ৰস্ত হয়৷ লক্ষণীয় যে বুধবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ভাগ লোৱা ২০ হাজাৰতকৈ অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত বিশাল জনসভাত নাই কোনো ক’ভিড বিধি, নাই কাৰো মুখত মাস্ক৷ সামাজিক দূৰত্বৰ কথাতো বাদেই৷ এই সকলোবোৰ দেখিও নেদেখাৰ ভাও ধৰিছে প্ৰশাসনে৷ নিৰ্বিকাৰ-নিৰ্লিপ্ত নিৰ্বাচন আয়োগ৷ কাৰো যেন দায়িত্ব নাই ৰাজ্যবাসীৰ প্ৰতি মুখ্যমন্ত্ৰী ড॰ শৰ্মাসহ অসম মন্ত্ৰীসভাৰ কেইবাজনো সদস্যই ক’ভিডৰ সংক্ৰমণৰ সমস্ত দোষ দুৰ্গা পূজাৰ ওপৰত জাপি দায় সৰাৰ চেষ্টা কৰাৰ সমান্তৰালভাৱে যেন নিৰ্বাচনী সভাৰ জৰিয়তে ক’ভিডৰ সংক্ৰমণৰ সম্প্ৰসাৰণতহে গুৰুত্ব দিছে৷ অন্ততঃ শেহতীয়া কাম-কাজে ৰাজ্যবাসীক এইদৰে ভাবিবলৈ বাধ্য কৰাইছে৷ উল্লেখ্য, ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত অধিক লোকৰ উপস্থিতিৰে সাংস্কৃতিক অনুষ্ঠানত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বিজেপি বিধায়িনী দলৰ নেতাৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পৃষ্ঠপোষকতাত নলবাৰী সমষ্টিৰ অন্তৰ্গত মৰোৱাত মঙলবাৰে নিশা ২ বজা পৰ্যন্ত চলে সাংস্কৃতিক অনুষ্ঠান৷ কণ্ঠশিল্পী বাবু আৰু গীতালি কাকতিৰ সাংস্কৃতিক অনুষ্ঠানত ক’ভিড বিধিক কাৰ্যতঃ নস্যাৎ কৰি ভাগ লয় হাজাৰ হাজাৰ লোক৷ য’ত নিবোকা চামোন হৈ থকা দেখা গ’ল আৰক্ষী তথা জিলা প্ৰশাসনক৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ আন সমষ্টিটো একেই অৱস্থা৷ উল্লেখ্য, বুধবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৩০৮জন লোক৷ ক’ভিডৰ পজিটিভিটীৰ হাৰ .৭৮ শতাংশ৷ মঙলবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছিল ৩৫৩জন লোক৷ ক’ভিডৰ পজিটিভিটীৰ হাৰ আছিল .৮৯ শতাংশ৷ সোমবাৰে ক’ভিডত আক্ৰান্ত হৈছিল ২৯৮ জন লোক৷ ক’ভিড পজিটিভিটীৰ হাৰ আছিল .৭৩ শতাংশ৷ অৱশ্যে, ক’ভিড সংক্ৰমণৰ এই তথ্যত বিভিন্ন মহলে সন্দেহ প্ৰকাশ কৰিছে৷ উল্লেখ্য, বিধানসভা নিৰ্বাচনৰ সময়ত হিমন্তবিশ্ব শৰ্মাক লৈ ৰচনা কৰা এটা গীতে সাংঘাতিক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ ‘আহিছে আহিছে হিমন্ত আহিছে, আশাৰে বতৰা লৈ...’ শীৰ্ষক এই গীতটোৰ তালে তালে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাচিছিল হিমন্তবিশ্ব শৰ্মা আৰু তেওঁৰ সাংগোপাংগসকলে৷ কৰ’নাৰ দুটাকৈ লহৰে ৰাজ্যখন জোকাৰি যোৱাৰ পাছত এতিয়া তৃতীয় লহৰৰ আগমনৰ আশংকাত কম্পমান ৰাইজে সেই গীতটোৰ আপাহতে মনে মনে গুণিছে– আহিছে আহিছে [আকৌ] কৰ’না আহিছে...৷