Logo
image

কাইলৈৰ পৰা ৪৮ ঘণ্টীয়া পেট্ৰ’ল ডিপো বন্ধৰ ভাবুকি

আমাৰ অসম, ২১ অক্টোবৰঃ নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েশ্বনৰ গুৱাহাটী মহানগৰ শাখাই শুকুৰবাৰ, ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে গুৱাহাটীত পেট্ৰ’ল পাম্প বন্ধৰ ভাবুকি প্ৰদান কৰিছে৷ ডীলাৰ্ছ এছ’চিয়েশ্বনৰ গুৱাহাটী মহানগৰ শাখাৰ সভাপতি ৰাজীৱ গোস্বামীয়ে জনোৱা মতে ইণ্ডিয়ান অইল, এইচ পি চি আদি তেল কোম্পানীসমূহৰ স্বেচ্ছাচাৰী আচৰণ আৰু বেপেৰোৱা মনোভাৱৰ বাবেই বাধ্য হৈ পেট্ৰ’ল পাম্পৰ মালিকসকলে ৪৮ ঘণ্টাৰ বাবে পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ ঘোষণা কৰিবলৈ বাধ্য হৈছে৷ গোস্বামীয়ে জনোৱা মতে এই বন্ধৰ সৈতে কমিচন আদি কোনো কথা জড়িত নাই৷ তেল কোম্পানীসমূহে বিভিন্ন ধৰণে পেট্ৰ’লিয়াম ব্যৱসায়ৰ ক্ষেত্ৰত শেহতীয়াকৈ বিভিন্ন ধৰণৰ ডীলাৰবিৰোধী চৰ্ত আৰোপ কৰি আহিছে৷ এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তক অৱগত কৰা হৈছে৷ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ পৌৰোহিত্যত কাইলৈ বিয়লি দুই বজাত তেল কোম্পানীসমূহৰ সৈতে ডীলাৰ এছ’চিয়েশ্বনৰ এখন বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকৰ পাছতহে অৱশ্যে শুকুৰবাৰৰ ৪৮ ঘণ্টীয়া পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী চূড়ান্ত হ’ব বুলিও গোস্বামীয়ে লগতে সদৰি কৰে৷