Logo
image

স্থান-মান সকলো হেৰাল অসমীয়াৰ

আমাৰ অসম, ২২ অক্টোবৰঃ যুদ্ধত পৰাজিত একোখন দেশৰ একোটা জাতিয়ে শত্ৰুৰ আগ্ৰাসনৰ ফলত নিজৰ ভাষা, সংস্কৃতি হেৰুৱাই পেলাবলগীয়া হোৱা ঘটনাৰ অলেখ উদাহৰণ ইতিহাসত আছে৷ কিন্তু চৰকাৰী দুৰ্বলতা আৰু চৰম সীমা অতিক্ৰম কৰি যোৱা আপোচৰ ফলত নিজ ৰাজ্যতে নিজৰ ভাষা ধবংসৰ মুখলৈ আগবাঢ়ি যোৱা অন্যতম জাতি হোৱাৰ দিশে যিদৰে অসমীয়া আগবাঢ়িছে, তেনে উদাহৰণ সাম্প্ৰতিক অতীতত বিৰল৷ শেহতীয়াকৈ এসপ্তাহৰ ভিতৰতে তিনিটা পৃথক দিনত অসমৰ ভিতৰতে এদল উন্নাসিক বাঙালীয়ে অসমীয়া ভাষাৰ ওপৰত যিদৰে উপৰ্যুপৰি আক্ৰমণ সংঘটিত কৰিছে, তাৰ ফলত নিজ ৰাজ্যতে স্থান আৰু মান হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটিছে অসমীয়াৰ৷ অসমীয়া ভাষাৰ ওপৰত বাঙালীৰ এই পৰিকল্পিত আক্ৰমণ সংঘটিত হৈছে চৰকাৰী কাৰ্যালয় আৰু বিভাগত থকা হ’ৰ্ডিঙত, যিটো ঘটনা আইন শৃংখলাৰ দিশৰ পৰাও অপৰাধ৷ আগ্ৰাসী বাঙালীৰ এই আক্ৰমণ মুঠেই বিক্ষিপ্ত ঘটনা নহয়, বৰং অতিশয় পৰিকল্পিত বুলি ধৰিব পাৰি মূলতঃ উপৰ্যুপৰি সংঘটিত হোৱা আক্ৰমণৰ বাবে৷ প্ৰথমে শিলচৰত জলজীৱন বিভাগৰ চৰকাৰী হ’ৰ্ডিঙত থকা অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং লগালে উগ্ৰ বাঙালীয়ে৷ এই ঘটনাত বিজেপিৰ সদস্য জড়িত বুলি ইতিমধ্যে প্ৰমাণ হৈছে৷ দ্বিতীয় ঘটনাও সংঘটিত হ’ল শিলচৰ আই এছ বি টিত, য’ত চৰকাৰী চাইনব’ৰ্ডত পুনৰ অসমীয়া লিপিৰ ওপৰত ক’লা ৰং সানি দিলে অসমত বসবাস কৰা বাঙালীয়ে৷ আজি বৃহস্পতিবাৰে অসমীয়া ভাষাৰ ওপৰত বাঙালীয়ে চলোৱা আক্ৰমণৰ ঘটনা কৰিমগঞ্জলৈ সম্প্ৰসাৰিত হ’ল৷ এই ঘটনাত জড়িত হৈ পৰিল বাঙালী সাহিত্যৰ সংগঠন বংগ সাহিত্য সন্মিলন৷ বংগ সাহিত্য সন্মিলনে বলপূৰ্বকভাৱে কৰিমগঞ্জত থকা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ অসমীয়া ভাষাত লিখা চাইনব’ৰ্ডখন তাৰ পৰা আঁতৰাই পেলাবলৈ বাধ্য কৰিলে৷ বংগ সাহিত্য সন্মিলনৰ এই দাবীত সেঁও মানি উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে নিজেই নমাই আঁতৰাই পেলালে অসমীয়াত লিখা চাইনব’ৰ্ড৷ একেৰাহে তিনিটা দিনত  পৃথক পৃথক স্থানত সংঘটিত ঘটনাই স্পষ্টৰূপত প্ৰমাণ কৰিছে, অসমীয়া ভাষাক নিশ্চিহ্ন কৰাৰ বাবে চলোৱা এয়া আগ্ৰাসী বাঙালীৰ পৰিকল্পিত পদক্ষেপ অতি পৰিকল্পিতভাৱে বৰাকৰ পৰা বাঙালীয়ে অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ চলাইছে আৰু ৰাজ্যজুৰি প্ৰায় নিদ্ৰিত হৈ আছে অসমীয়া বুদ্ধিজীৱী, সংগঠন আৰু সামগ্ৰিকভাৱে চৰকাৰ৷ যি ঘটনাৰ চৰম বিৰোধিতা হ’ব লাগিছিল, যি ঘটনাৰ প্ৰতিবাদত ৰাজ্য উত্তাল হ’ব লাগিছিল, নিজৰ ভাষাৰ ওপৰত হোৱা আক্ৰমণৰ সমান আৰু সৱল প্ৰতিক্ৰিয়া হ’ব লাগিছিল, তেনে প্ৰতিক্ৰিয়া অসমত নাই, অসমীয়াই ভয়ংকৰ প্ৰতিবাদ কৰা নাই৷ ব্যক্তি, সংগঠনৰ প্ৰতিবাদহীন প্ৰতিক্ৰিয়া দেখিলে এটা বিষয় স্পষ্ট হৈ পৰে– আজি অসমীয়া আত্মসন্মানহীন৷ আত্মসন্মান হেৰুৱাই পেলোৱা এটা জাতিয়ে ভিন ভিন লাভৰ আশাত, লোভত যিমান দূৰলৈ আপোচ কৰিব পাৰে, তাতকৈয়ো তললৈ নামি আপোচ কৰি বহি আছে অসমীয়া৷ চৰকাৰী সম্পত্তিৰ ওপৰত সংঘটিত আক্ৰমণৰ ক্ষেত্ৰত চৰকাৰ যিমান সৰৱ হ’ব লাগিছিল অথবা যিদৰে এই ঘটনাৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ পদক্ষেপ ল’ব লাগিছিল তেনে পদক্ষেপ লোৱা দূৰৰে কথা, অভিযুক্তক থানাত বহুৱাই চাহ-পানী খুৱাই আদৰ-সাদৰ কৰি আৰক্ষীয়ে ঘৰত থৈ আহিছে৷ অভিযুক্ত সেই উগ্ৰ বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ে আৰক্ষী-প্ৰশাসনৰ প্ৰশ্ৰয় পাই শৃংখল চলিহাৰ বিৰুদ্ধে আজি শিলচৰ থানাত গোচৰ তৰিছে৷ বি ডি এফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয়ৰ ভূমিকা– চোৰেই গৃহস্থক ধৰি চোৰ সজোৱাৰ দৰে আৰু তেওঁৰ সেই ভূমিকা অসমীয়াই হেবাঙৰ দৰে চাই আছে৷ তেওঁ আনকি ৰাজ্য চৰকাৰকো সমালোচনা কৰি কৈছে– ৰাজ্য চৰকাৰৰ বৈষম্যমূলক নীতিৰ বাবে প্ৰশাসন প্ৰভাৱিত হৈছে৷ আন দুই অভিযুক্ত ৰাজু দেৱ আৰু সমৰ দাসক এদিনতে জামিনৰ সুবিধা কৰি দিলে আৰক্ষীয়ে৷ ইয়াৰে ৰাজু দেৱৰ পত্নীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজেপিৰ টিকটত৷ আনজন অভিযুক্ত হৈছে আৰ এছ এছৰ কৰ্মী৷ সেয়া আৰক্ষীৰ গ্ৰেপ্তাৰৰ লগে লগে প্ৰমাণ হৈ গ’লেও অসমীয়া ভাষাৰ ওপৰত আক্ৰমণৰ ঘটনাত নীৰৱ বিজেপি৷ স্থান আৰু মান সকলো হেৰুৱাই পেলাই অসমীয়া ভাষা ধবংসৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত, এই পৰিকল্পিত আক্ৰমণক দুষ্কৃতিকাৰীৰ কাণ্ড বুলি চকু মুদি, আপোচ কৰি কিমান দিনলৈ অপেক্ষা কৰিব অসমীয়াই?

চূড়ান্ত অসমীয়া বিদ্বেষী প্ৰদীপ দত্ত ৰয়ে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীক কেৱল মুখ্যমন্ত্ৰীৰ মাতৃয়েই নহয়, বৰাকবাসীৰ মাতৃ বুলি অভিহিত কৰিছে৷ কিয়নো বৰাক উপত্যকাত অসমীয়া ভাষাৰ ওপৰত চলি থকা আক্ৰমণৰ ঘটনাত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে যি ভাষ্য প্ৰদান কৰিছিল সেই ভাষ্যই বৰাকৰ অসমীয়া বিদ্বেষীক কিছু পৰিমাণে সুবিধা প্ৰদান কৰিছে৷ সেয়ে প্ৰদীপ দত্ত ৰয়ে কয়– আপুনি কেৱল মুখ্যমন্ত্ৰীৰে মাতৃ নহয়, আপুনি আজিৰ পৰা বৰাকবাসীৰো মাতৃ৷ বাঙালীৰ সমৰ্থনত সত্য আৰু বাস্তৱ কথা কোৱাৰ বাবে আপোনাক ধন্যবাদ৷ আপোনাৰ দৰে এগৰাকী মাতৃয়েই এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক জন্ম দিব পাৰে৷ আপোনাক প্ৰণাম৷ উল্লেখ্য, সাহিত্য সভাৰ উপ-সভাপতি হিচাপে মৃণালিনী দেৱীৰ পৰা এখন বাংলা সংবাদপত্ৰই তেওঁৰ প্ৰতিক্ৰিয়া লৈছিল৷ সেই প্ৰতিক্ৰিয়াত তেওঁ অসমীয়া সমাজত আত্মসমালোচনাৰ পৰামৰ্শ দিছিল৷ তেওঁৰ মতে, নিজৰ ভাষাৰ ঐতিহ্য ৰক্ষাৰ বাবে বাঙালীয়ে বিভিন্ন পদক্ষেপ ল’ব পাৰে৷ এই বিষয়ত তেওঁলোকক দোষ দিয়াৰ আগতে নিজে কিমান সঠিক পথত চলিছে সেয়া অসমীয়াই বিচাৰ কৰা উচিত৷ নিজৰ ভাষাৰ ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত বাঙালীয়ে প্ৰচুৰ কষ্ট আৰু আত্মত্যাগ কৰিছে৷ কিন্তু অসমীয়া মানুহে ভাষাৰ বাবে কি কৰিছে?  তেওঁৰ অভিমত ভাষা ৰক্ষা কৰিবলৈ হ’লে বাঙালীৰ দৰে অসমীয়া ভাষা-ভাষীসকলেও আত্মত্যাগ কৰা জৰুৰী৷ 

বৰাকত অসমীয়া ভাষাৰ ওপৰত সংঘটিত বাঙালীৰ আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰেণ্য সাংবাদিক কনকসেন ডেকাই কয়– বৰাকত এই কাম কেইজনমান দুবৃৰ্ত্তই কৰিছে৷ বিদ্বৎ বাঙালীয়ে এনে কাম কৰা নাই৷ সেয়ে সামগ্ৰিকভাৱে এই ঘটনাৰ ক্ষেত্ৰত বাঙালী সমাজ বা জাতিটোক দোষী সাব্যস্ত কৰিব নোৱাৰি৷ অসমত বসবাস কৰা সকলোৱে সমন্বয় আৰু প্ৰগতিৰ দৌৰত একেলগে আগবাঢ়ি যাব লাগিব৷ মই ভাবো, এই ঘটনাৰ ক্ষেত্ৰত চৰকাৰে দোষীক শাস্তি প্ৰদান কৰিব লাগে৷ আনহাতে কৰিমগঞ্জত বংগ সাহিত্য সন্মিলনে চৰকাৰ কাৰ্যালয়ৰ পৰা অসমীয়া ভাষাৰ চাইনবোৰ্ড আঁতৰাই পেলোৱাৰ বাবে যিদৰে কাৰ্যালয়ৰ কৰ্মচাৰীক হেঁচা দিছে বুলি বাতৰি প্ৰকাশ হৈছে সেই সন্দৰ্ভত মই এতিয়ালৈকে অৱগত নহওঁ৷ যদিহে তেনে ঘটনা সংঘটিত হৈছে তেন্তে মই তেওঁলোকক আহ্বান জনাও, আমাৰ ভাষাকো তেওঁলোকে শ্ৰদ্ধা কৰক৷ এই ঘটনা সম্প্ৰসাৰিত নোহোৱাকৈ ইমানতে বন্ধ কৰাৰ পদক্ষেপ লওক৷ 

বৰাকত অসমীয়া ভাষাৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে এই ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰি দিছে৷ জাতি গঠনৰ আৰু সমন্বয়ৰ ক্ষেত্ৰত ভাষা কেতিয়াও হেঙাৰ হ’ব নালাগে৷ তেওঁ কয়– এটা কথা স্পষ্টভাৱে কৈছো, বিভেদকামী বা বিচ্ছেদকামী কাম কৰিব নালাগে য’ত দুটা সম্প্ৰদায়ৰ মাজত বিভেদৰ সৃষ্টি হয়৷ ভাষিক সংঘাত হ’ব নালাগে৷ এটা ভাষাই আন এটা ভাষাৰ ওপৰত আক্ৰমণ সংঘটিত কৰিব নালাগে, কিয়নো তেনে পদক্ষেপ এটা জাতিৰ ওপৰত কৰা আক্ৰমণৰ সমাৰ্থক হৈ পৰে৷ অসমৰ ভাষা-সাহিত্যক সন্মান কৰাৰ বাবে আটায়ে বদ্ধপৰিকৰ হ’ব লাগিব৷  অসমত বসবাস কৰা সকলোৱে ৰাজ্যিক ভাষা হিচাপে যি ভাষা আছে, অৰ্থাৎ অসমীয়া ভাষাক সন্মান কৰিব লাগিব৷ ইতিমধ্যে আমি এই সন্দৰ্ভত  কেইটামান পদক্ষেপ গ্ৰহণ কৰিছো৷ [১] সাহিত্য সভাৰ জিলা আৰু শাখাসমূহৰ দ্বাৰা ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সেয়া বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা হৈছে৷ 

[২] বৰাকত সংঘটিত অসমীয়া ভাষাৰ ওপৰত আক্ৰমণৰ ঘটনাক আমি গৰিহণা দিছো আৰু এয়া নিন্দাজনক ঘটনা বুলি কৈছো৷ 

[৩] বিভেদকামী শক্তিক এনে কাম কৰাৰ পৰা বিৰত কৰিব লাগে আৰু বাধা প্ৰদান কৰিব লাগে৷ 

[৪] চৰকাৰে এই ঘটনাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ প্ৰাৰম্ভিকভাৱে এয়া চৰকাৰী সম্পত্তি ধবংস কৰাৰ ঘটনা হিচাপে আইন-শৃংখলাজনিত বিষয় হিচাপে গণ্য কৰি দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ 

এই সন্দৰ্ভত অসম যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়– বৰাক উপত্যকাই যি বিচাৰে সমগ্ৰ অসমতে তেওঁলোকে সেয়া কাৰ্যকৰী কৰিব নোৱাৰে৷ আচলতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ একাংশ বাঙালী বুদ্ধিজীৱীয়ে আৰু বৰাকৰ সকলো বাঙালীয়ে সমগ্ৰ অসমত বাংলাভাষা প্ৰচলন হোৱাটো বিচাৰে৷ তেওঁলোকে ১৯৩৬-১৯৭২ চনৰ মাজৰ পৰিস্থিতিলৈ উভতি যাবলৈ বিচাৰে৷ ২০১১ চনত হোৱা লোকপিয়ল অনুসৰি অসমীয়া লোকৰ সংখ্যা ৰাজ্যত ৪৮ শতাংশলৈ অৱনমিত হৈছে আৰু বাঙালীৰ সংখ্যা ক্ৰমাৎ বাঢ়িছে৷ তেওঁলোকে অসমত ত্ৰিপুৰাৰ দৰে বাঙালী ৰাজ্য প্ৰতিষ্ঠা হোৱাটো বিচাৰে৷ বাঙালীৰ সংখ্যা অসমীয়াতকৈ বৃদ্ধি পালে সংবিধানে সেই ক্ষেত্ৰত ন্যায্যতা প্ৰদান কৰিব৷ সেয়ে অসমত বাঙালী ভাষা প্ৰতিষ্ঠাৰ বাবে তেওঁলোক পৰিকল্পিতভাৱে আগবাঢ়িছে৷ অসমীয়া ৰাজ্যভাষা৷ চৰকাৰী ভাষা থাকিলেও ৰাজ্যভাষা নচলাৰ কোনো যুক্তি নাই৷ দুয়োটা ভাষাই সমানে চলিব পাৰে৷ আমিতো ব্ৰহ্মপুত্ৰ উপত্যকাত বাঙালী ভাষাত লিখা চাইনবোৰ্ড ভাঙি পেলোৱা নাই৷ ইচ্ছা কৰিলেও আমিও তেনে চাইনবোৰ্ড ভাঙি পেলাব পাৰো৷ কিন্তু আইন ভংগ কৰি আমি তেনে কাম নকৰো৷ এতিয়া আচলতে চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ লোৱা প্ৰয়োজন৷  পিছে নিৰ্বাচনৰ কথা ভাবি আৰু ভোটৰ অংকত চৰকাৰে সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি এই বিষয়ত দূৰত্ব বজাই ৰাখিছে৷ অসমীয়া ভাষা নাজানিলে চাকৰি নাপাব বুলি কোৱা মুখ্যমন্ত্ৰীয়েও উপ-নিৰ্বাচনৰ কথা চিন্তা কৰি  প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত আছে৷ চৰকাৰে যদি এনেদৰে নিৰ্বাচনকেন্দ্ৰিক আৰু সমষ্টিকেন্দ্ৰিক পদক্ষেপ লয় তেন্তে উপায় নাই৷

ইপিনে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে তেওঁলোকে ইতিমধ্যে শিলচৰত সংঘটিত ঘটনাৰ ক্ষেত্ৰত আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে৷ হাইলাকান্দিৰ ঘটনাক লৈও তেওঁলোকে পদক্ষেপ ল’ব৷ শংকৰজ্যোতি বৰুৱাই কয়– চৰকাৰে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল’ব লাগে৷ অসম আৰক্ষীয়ে তেনেই সহজে অভিযুক্তক মুকলি কৰি দিয়াটো চৰকাৰৰ দুৰ্বলতাৰ পৰিচয়৷ আচলতে মৰিয়নি আৰু থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ চৰকাৰে ভয় খাইছে৷ কিয়নো দুয়োটা সমষ্টিতে যথেষ্ট বাঙালী ভোটাৰ আছে৷ এই ঘটনাত কঠোৰ পদক্ষেপ ল’লে ভোট হেৰুৱাব বুলি ভাবি চৰকাৰে বৰাকৰ ঘটনা ঢিলাই দিছে৷ আমি আগতেই কৈছিলো, ‘কা’ হ’লেই অসমৰ ক্ষতি হ’ব৷ হিন্দু বাংলাদেশীক সংস্থাপন দিলে তেওঁলোকৰ উত্থান হ’ব৷ অসমীয়া তল পৰিব, সংখ্যালঘুত পৰিণত হ’ব৷  আমি কোৱা কথা এতিয়া বৰাকৰ ঘটনাত প্ৰতিফলিত হৈছে৷ ছাত্ৰ সন্থাই এই আগ্ৰাসন ৰোধ কৰিবলৈ উচিত পদক্ষেপ ল’ব৷

শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ প্ৰদীপ দত্তৰয়ৰ

বিভিন্ন নিউজ চেনেলত শৃংখল চলিহাই তেওঁক মাৰপিট আৰু হত্যাৰ ভাবুকি দিয়াৰ বাবে বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰয়ে গোচৰ ৰুজু কৰিছে৷ শিলচৰ সদৰ আৰক্ষী চকীত উপস্থিত হৈ আজি এই গোচৰ ৰুজু কৰে তেওঁ৷ সদৰ আৰক্ষীয়ে ৫০৩[এ]/ ৫০০/৫০৫/৫০৬ ধাৰাত ৩৬০৩ নম্বৰত নথিভুক্ত কৰে এই গোচৰ৷ পাছত সাংবাদিকৰ মুখামুখি হৈ প্ৰদীপ দত্তৰয়ে কয়, ৰাজ্য চৰকাৰৰ বৈষম্য নীতিৰ বাবেই প্ৰশাসন প্ৰভাৱিত হৈছে৷ অসম আৰক্ষীয়ে অসমীয়া আৰু বাঙালীৰ কাৰণে বেলেগ নীতি অনুসৰণ কৰিব পাৰিব নেকি৷ গোচৰৰ বাবে তেওঁ যদি গুৱাহাটীলৈ যাবলগীয়া হয় তেনেহ’লে শৃংখল চলিহা শিলচৰলৈ আহিব লাগিব৷