Logo
image

দীঘাৰখালত মাফিয়া-চক্ৰ পৰিবহণ বিষয়া ধৃত

আমাৰ অসম, ২২ অক্টোবৰঃ ৰক্ষকেই যেন ভক্ষকৰ ৰূপ লৈছে পৰিবহণ বিভাগত৷ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিভাগটোৰ ইজনৰ পাছত সিজনকৈ বিষয়া-কৰ্মচাৰী৷ দুৰ্নীতিৰ সমান্তৰালভাৱে বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰী জড়িত হৈ পৰিছে ছিণ্ডিকেট-চক্ৰৰ সৈতেও৷ উল্লেখ্য, মেঘালয়ৰ পৰা অহা কয়লা জোৱাই-বদৰপুৰ হৈ বৰাকত প্ৰৱেশ কৰে৷ ইয়াৰে অধিকাংশ ট্ৰাক ‘অভাৰলোড’ হৈ আছে৷ পৰিবহণ বিভাগৰ ধৃত বিষয়া-কৰ্মচাৰী চক্ৰটোৱে দীঘাৰখালৰ গেটত এই ‘অভাৰলোড’ কয়লাৰ ট্ৰাকসমূহ বুজন পৰিমাণৰ ধনৰ বিনিময়ত নথি-পত্ৰত নিয়মীয়া দেখুৱাই পাৰ কৰি দিয়ে৷ শেহতীয়াকৈ কাছাৰ জিলাত আৰক্ষীয়ে অব্যাহত ৰাখিছে এই কয়লা ছিণ্ডিকেট বিৰোধী অভিযান৷ ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্থ বিষয়া ধৰা পৰিছে আৰক্ষীৰ জালত৷ আজি পুনৰ কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এজন পৰিবহণ বিষয়াক৷ স্বপন গুহ নামৰ এইজন এনফোৰ্চমেণ্ট চেকাৰক [ইচি] বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে৷ এই গৰাকী পৰিবহণ বিষয়াও দিঘাৰখাল এমভিআই গেটত কৰ্মৰত আছিল৷ বুধবাৰে নিশা তেওঁক আৰক্ষীয়ে সোধা-পোচা কৰাৰ পাছত আজি গ্ৰেপ্তাৰ কৰে স্বপন গুহক৷ ইয়াৰ আগতে আন এজন পৰিবহণ বিষয়া ভব কাকতি আৰু তাহিৰ আহমদ নামৰ এজন কয়লা মাফিয়াক গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে৷ ইপিনে, গ্ৰেপ্তাৰ হোৱা বিষয়া স্বপন গুহসহ আন ১৩গৰাকী বিষয়াক বুধবাৰে শ্বঅকজ জাৰি কৰে কাছাৰৰ জিলা পৰিবহণ বিষয়াই৷ ইয়াৰ ভিতৰত স্বপন গুহক আজি গ্ৰেপ্তাৰ কৰা হৈছে৷ শ্বকজ পোৱা আন বিষয়া কেইজন হ’ল এনফোৰ্চমেণ্ট ইঞ্চপেক্টৰ ৰিতুল বৰগোহাঁই আৰু সত্যানাৰায়ন ভূঞা, ৬জন সহকাৰী এনফোৰ্চমেণ্ট ইঞ্চপেক্টৰ ক্ৰমে, ৰাজীব ভূঞা, আব্দুল ৰেজ্জাক, কলম দাস, জুক্তি বৰকাকতি, সুনন্দা বৰগোহাঁই আৰু বিশ্বজিত দাস৷ ইয়াৰ উপৰি কাছাৰ আৰক্ষীয়ে শ্বকজ প্ৰেৰণ কৰিছে আন প্ত এনফোৰ্চমেণ্ট চেকাৰক৷ এওঁলোক হঅল দ্বিপেন বৰুৱা, সম্ৰাট ঘোষ, এচ চোলাংকি, সুজিত দে আৰু কে ৰংমাই৷ এনফোৰ্চমেণ্ট চেকাৰ স্বপন গুহ গ্ৰেপ্তাৰ হোৱাৰ পিছতে এতিয়া শ্বকজ লাভ কৰা অন্য বিষয়াসকলও গ্ৰেপ্তাৰ হোৱাৰ প্ৰবল সম্ভাবনা দেখা গৈছে৷ এই সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে জানিব দিয়া মতে, ইতিমধ্যে এটা কয়লা মাফিয়া আৰু দুই বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তদন্ত এতিয়াও সমাপ্ত হোৱা নাই৷ এই ঘটনাৰ তদন্ত অব্যাহত থাকিব বুলিও জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে৷