Logo
image

ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰিব ৬ খন দেশ

আমাৰ অসম, ২৩ অক্টোবৰঃ ভ্ৰমণ কৰি ভালপোৱা সকলৰ বাবে আহিছে সুখবৰ। ৬ খন দেশ ভ্ৰমণ কৰিবলৈ নালাগে কোনো ধৰণৰ ভিছা। এই দেশ সমূহত ভিছা অবিহনে কৰিব পাৰিব ভ্ৰমণ। ভ্ৰমণৰ বাবে ভাৰতীয়সকল এই সুবিধা প্ৰদান কৰিছে ৬ খন দেশে।


ভাৰতৰ চুবুৰীয়া ভূটানত প্ৰয়োজন নাই ভিছাৰ। পৰ্যটকৰ বাবে প্ৰথম পচন্দৰ হৈছে ভূটান। যিকোনো ভাৰতীয়ই পাছপোৰ্ট বা বৈধ পৰিচয় পত্ৰ লৈ ভূটানলৈ যাব পাৰে। যদি আপুনি কম খৰচত বিদেশ ভ্ৰমণ কৰিব বিচাৰে, তেন্তে ভূটানতকৈ যাব পাৰে৷ ভূটানৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে অতি বিখ্যাত৷ 


ইণ্ডোনেছিয়া ভ্ৰমণত ভিছাৰ প্ৰয়োজন নাই ভাৰতীয় পৰ্যটকৰ। ৩০ দিনৰ বাবে ইণ্ডোনেছিয়ালৈ ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰে ভাৰতীয়সকলে। সমুদ্ৰ তীৰ, পানীৰ তলৰ জলজতা, পৰম্পৰাগত আৰ্ট গেলেৰী, স্থানীয় খাদ্যক প্ৰলোভিত কৰে ইণ্ডোনেছিয়াই।


আপুনি ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰিব নেপাল। ভাৰতীয়সকলে কেৱল বৈধ পৰিচয় পত্ৰ থাকিলেই নেপাল ভ্ৰমণ কৰিব পাৰে৷ বহু ভাৰতীয়ই চুবুৰীয়া নেপাললৈ যাব বিচাৰে৷ চকু চিকিৎসাৰ বাবে বহু ভাৰতীয়ই নেপাল ভ্ৰমণ কৰে। লগতে নেপালত কাঠমাণ্ডু, পোখৰা, শম্ভুনাথ মন্দিৰ, ভকতপুৰ, লুম্বিনী আৰু চিত্ৰাণৰ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব পাৰে৷


ভিছা অবিহনে ভ্ৰমণ বিশ্বৰ অন্যতম ধনী দেশ মৰিচাছ। বিশেষকৈ মধুচন্দ্রিকাৰ বাবে মৰিচাছ ভ্ৰমণ কৰে বহু ভাৰতীয়ই৷ ভাৰতীয় পাছপোৰ্ট থকা সকলে ৯০ দিন মৰিচাছত থাকিব পাৰে৷ ইয়াৰ বাবে পৰ্যটকৰ ৰিটাৰ্ণ টিকট আৰু ভাল বেংক বেলেন্স থাকিব লাগে৷


ধুনীয়া আৰু শান্ত দেশ ডমিনিকাও ভিছা অবিহনে ভ্ৰমণ। ইয়াত ভিছা অবিহনে ১৮০ দিন দেশত থাকিব পাৰে৷ পাছপোৰ্ট সূচীত এই দেশৰ স্থান ৩৪ নম্বৰত। দেশখন উচ্চ পৰ্বতেৰে আৱৰি থকা হ্ৰদৰ দৰে ডমিনিকা৷