Logo
image

দিল্লীৰ পৰা কামাখ্যা পালেহি প্ৰথম বিদ্যুৎ ৰে’ল

আমাৰ অসম, ২৩ অক্টোবৰঃ স্বাধীনতাৰ ৭৫ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে পালন কৰি অহা আজাদী  কী অমৃত মহোৎসৱৰ মাজতে দিল্লীৰ পৰা গুৱাহাটীলৈ বহু বছৰৰ অপেক্ষাৰ অন্তত শুকুৰবাৰৰ পৰা প্ৰথমবাৰৰ বাবে দুৰণিবটীয়া বিদ্যুৎচালিত ইঞ্জিনেৰে যাত্ৰীবাহী ৰে’লৰ চলাচল আৰম্ভ হৈছে৷ শুকুৰবাৰে বিয়লি ১-২০ বজাত দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহি থকা ১৪০৫৫ উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইলখন বিদ্যুৎচালিত ইঞ্জিনেৰে কামাখ্যা ৰেল’ৱে ষ্টেচনৰ ২নং প্লেটফৰ্ম আহি পোৱাৰ পাছতে অসমৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ইতিহাসত এক নতুন যুগৰ সূচনা হয়৷ কিয়নো দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পাছত পলমকৈ হ’লেও গুৱাহাটী দেশৰ বিদ্যুৎচালিত যাত্ৰীবাহী ৰে’লসেৱাৰ মানচিত্ৰত সংযোজন হ’ল৷ আনহাতে শুকুৰবাৰে বিয়লি পুনৰ ২ বজাত কামাখ্যা ষ্টেচনৰ ২ নং প্লেটফৰ্মৰ পৰা দিল্লী অভিমুখে আহি থকা ১৪০৫৬ নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলখন দিল্লীলৈ বিদ্যুৎচালিত ইঞ্জিনেৰে যাত্ৰা কৰে৷ অৱশ্যে দুয়োখন ৰে’ল কামাখ্যা-ষ্টেচনৰ পৰা ডিব্ৰুগড়লৈ ডিজেলচালিত ইঞ্জিনেৰে চলাচল কৰে৷ ইফালে মাত্ৰ ৪০ মিনিট সময়ৰ ব্যৱধানত ৰাজ্যখনৰ দুখনকৈ গুৰুত্বপূৰ্ণ আৰু পুৰণি দূৰণিবটীয়া যাত্ৰীবাহী ৰে’ল বিদ্যুৎচালিত ইঞ্জিনেৰে চলাচল কৰাক লৈ কামাখ্যা ষ্টেচনৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ মাজতো উৎসাহৰ সৃষ্টি হয়৷ সদৰ কাৰ্যালয়ৰ একাংশ বিষয়াই জানিবলৈ দিয়া মতে ২১ অক্টোবৰত পুৱা প্ৰথমখন পাৰ্চেল ৰে’ল বিদ্যুৎচালিত ইঞ্জিনেৰে সুকলমে কামাখ্যা ষ্টেচন আহি পোৱাৰ পাছত দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা ব্ৰহ্মপুত্ৰ মেইলখন বিদ্যুৎচালিত ইঞ্জিনেৰে কামাখ্যালৈ আৰু ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যাবলগীয়া ৰে’লখনো কামাখ্যাৰ পৰা বিদ্যুৎচালিত ইঞ্জিনেৰে চলাচল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইফালে পৰিৱেশ অনুকুল, উচ্ছ শক্তিসম্পন্ন বিদ্যুৎচালিত ইঞ্জিনচালিত যাত্ৰীবাহী ৰে’ল শুকুৰবাৰে চলাচল আৰম্ভ হোৱাৰ পাছত আগন্তুক দিনত বাকী দূৰণিবটীয়া যাত্ৰীবাহী ৰে’লসমূহো পৰ্যায়ক্ৰমে বিদ্যুৎচালিত ইঞ্জিনেৰে চলাচল কৰোৱা হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰেল’ৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুণীত কৌৰে জানিবলৈ দিছে৷