Logo
image

টুৱেণ্টী২০ ক্ৰিকেটত কোহলিৰ ৯,০০০ ৰান

আমাৰ অসম, ০৭ অক্টোবৰঃ দিল্লী কেপিটেলছৰ বিৰুদ্ধে সোমবাৰে অংশ লোৱা আই পি এলৰ খেলখনত প্ৰথম ভাৰতীয় হিচাপে এক বিশেষ সফলতা অৰ্জন কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দলৰ অধিনায়ক বিৰাট কোহলিয়ে৷ খেলখনত টি-২০ ক্ৰিকেটত ৯০০০ ৰান কৰা  প্ৰথম  ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় আৰ চি বিৰ অধিনায়কজন৷ দিল্লীৰ বিৰুদ্ধে খেলখনত অৱতীৰ্ণ হোৱাৰ সময়ত এই মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে কোহলিক প্ৰয়োজন হৈছিল ১০ ৰানৰ৷ হৰ্ষল পেটেলৰ বল শ্বৰ্ট ফাইন লেগ পজিশ্বনলৈ ঠেলি পঠিয়াই মাইলৰ খুঁটিত উপনীত হ’ল কোহলি৷ সোমবাৰৰ খেলখনত কোহলিয়ে সংগ্ৰহ কৰে ৪৩ ৰান৷ ২৮৬ খন টি-২০ত কোহলিৰ সংগ্ৰহ এই পৰ্যন্ত ৯,০৩৩ ৰান৷ টি-২০ ক্ৰিকেটত সকলোতকৈ অধিক ৰান সংগ্ৰহ কৰিছে ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিকেটাৰ ক্ৰিচ গেইলে৷ ৪০৪ খন মেচত তেওঁৰ সংগ্ৰহ ১৩২৯৬ ৰান৷  তালিকাত দ্বিতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজৰ কিৰন পোলাৰ্ড৷ ৫১৭ খন মেচত তেওঁৰ সংগ্ৰহ ১০৩৭০ ৰান৷ টি-২০ ক্ৰিকেটত ৯০০০ ৰানৰ ক্লাবত আগতেই স্থান পাইছে ছোৱাইব মালিক, ব্ৰেণ্ডন মেককালাম, ডেভিদ ৱাৰ্নাৰ আৰু এ’ৰন ফিন্সে৷ পঞ্চমজন ক্ৰিকেটাৰ হিচাপে টি-২০ ক্ৰিকেটৰ ৯০০০ ৰানৰ এলীট ক্লাবত প্ৰৱেশ কৰিলে কোহলিয়ে৷