Logo
image

লোকনিৰ্মাণ বিষয়া পৌৰ অভিযন্তা গ্ৰেপ্তাৰ

শিলচৰত গ্ৰেপ্তাৰ লাট মণ্ডল

আমাৰ অসম, ২৩ অক্টোবৰঃ দুৰ্নীতি, উৎকোচ লোৱাৰ অপৰাধত একেদিনাই ৰাজ্যৰ তিনি প্ৰান্তত গ্ৰেপ্তাৰ হ’ল লোক নিৰ্মাণ বিষয়া, পৌৰ অভিযন্তা আৰু লাট মণ্ডল৷ ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত আজি লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক মজুমদাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ৰঙিয়াৰ এজন ব্যৱসায়ীৰ পৰা তেল ডিপোৰ এনঅচি দিয়াৰ বাবে অভিযন্তাজনে উৎকোচ লৈছিল৷ ব্যৱসায়ীজনৰ তথ্যৰ ভিত্তিত  ফোনত ধন লোৱাৰ কথা স্বীকাৰ  কৰিছিল অভিযন্তাজনে৷ ধন লোৱাৰ স্বীকাৰোক্তি সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল৷ ব্যৱসায়ী খনিন মেধিয়ে উৎকোচ লোৱাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল৷ জানিব পৰা মতে বিভাগীয় কতৃৰ্পক্ষই কৰা তদন্তত অভিযন্তা দীপক মজুমদাৰে উৎকোচ লোৱা ঘটনা পোহৰলৈ আহে৷ বিভাগৰ ফালৰ পৰা উপায়ুক্তক যাৱতীয় তথ্যপাতি দিয়াৰ পাছত আৰক্ষীয়ে জাল চমুৱাই আনে৷ ৰঙিয়া থানাৰ ১০১৩/২০২১ গোচৰত আৰক্ষীয়ে ৩৮৪/৪২০/৪০৬/৫০৬/৩৪  ধাৰাত গ্ৰেপ্তাৰ কৰে অভিযন্তাজনক৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযন্তাজনক ৰঙিয়া মহকুমা ন্যায়িক আদালতত হাজিৰ কৰে৷ অভিযন্তাজনৰ জামিনৰ বাবে অধিবক্তাই আবেদন জনাই যদিও আদালতে জামিন আবেদন নাকচ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ ন্যায়িক জিম্মালৈ নিওতে অভিযন্তাজনে গাড়ীৰ ভিতৰত লুকাবলৈ আপ্ৰাণ চেষ্টা কৰা দেখা যায়৷ উল্লেখ্য, ৰঙিয়াৰ খনিন মেধি নামৰ লোকজনক তেল ডিপোৰ এনঅচিৰ বাবে ৰঙিয়া বিল্ডিং ডিভিজনৰ আন এজন কনিষ্ঠ অভিযন্তাও দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোটে ধৰা পৰিছিল৷ ৰাইজে উৎকোচৰ লগত জড়িত বিভাগৰ বাকী কেইজনকো আটক কৰিবলৈ দাবী জনাইছে৷ ইফালে তদাৰকী আৰু দুন¹তি নিবাৰক শাখাই আজি সন্ধিয়া ফাঁচী বজাৰৰ পৌৰনিগমৰ কাৰ্যালয়ত অভিযান চলাই উৎকোচ লৈ থকা  অৱস্থাতে হাতে-লোটে এজন সহকাৰী অভিযন্তাক গ্ৰেপ্তাৰ কৰে৷ ধৃত অভিযন্তাজন হৈছে গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা দিবাকৰ মালী৷ ধৃত মালীয়ে নলাৰ চাফ-চিকুণৰ কাম কৰা বিল আদায় দিয়াৰ বিনিময়ত মানস বৰ্মণ নামৰ এজন ঠিকাদাৰৰ পৰা শতকৰা ৩০ শতাংশকৈ ধন দাবী কৰিছিল৷ মানস বৰ্মন আৰু তিনিসহযোগীয়ে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাক যোগাযোগ কৰি সকলো কথা বিৱৰি কয়৷ তদন্তকাৰী সংস্থাৰ পৰামৰ্শৰ ভিত্তিত আজি মানস বৰ্মনে টকা দিবলৈ জি এম চিৰ কাৰ্যালয়ত উপস্থিত হয়৷ মানস বৰ্মণে ৫০০০ টকা আদায় দিয়াৰ সময়তে তদাৰকী শাখাই অভিযন্তা দিবাকৰ মালীক গ্ৰেপ্তাৰ কৰে৷ আনহাতে জীৱিত ব্যক্তিক মৃত সজাই মাটি বিক্ৰী কৰাৰ অপৰাধত আজি শিলচৰত এজন লাটমণ্ডলকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ জীৱিত ব্যক্তিক মৃত সজাই মাটি বিক্ৰী কৰি দিয়াৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰণয় নাথ নামৰ লাট মণ্ডলজনক গ্ৰেপ্তাৰ কৰে৷ কাছাৰৰ উদাৰবন্দ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে আটক কৰে লাটমণ্ডল প্ৰণয় নাথক৷ পাছত তেওঁক শিলচৰ সদৰ থানালৈ লৈ অহা হয়৷ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য, শিলচৰ ভূবাসন কাৰ্যালয়ৰ অধীনস্থ ভকতপুৰ এলেকাৰ জনৈক ব্যক্তিক মৃত সজাই ১৭ কঠা মাটি প্ৰণয়ৰ সহযোগত এটা দালাল চক্ৰই বিক্ৰী কৰিছিল৷ ব্যক্তিজনৰ পৰিয়ালৰ সদস্যই নামজাৰি কৰিবলৈ যাওঁতে ঘটনাটো পোহৰলৈ আহে৷ পাছত সুবিচাৰ বিচাৰি আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ সদস্যই৷ উল্লেখ্য, কাছাৰৰ উদাৰবন্দ ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত আছিল লাট মণ্ডল প্ৰণয় নাথ৷ ইপিনে ঘটনাৰ সৈতে জড়িত অইন অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে৷ [‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৰঙিয়াৰ প্ৰতিবেদক, ৰঙিয়াৰ বিশেষ প্ৰতিবেদক আৰু শিলচৰৰ প্ৰতিনিধিৰ সহযোগত]