Logo
image

এনিমেল কৰিড’ৰতেই হোটেল, চাহ বাগিচা

আমাৰ অসম, ২৩ অক্টোবৰঃ কাৰ্বি পাহাৰ অবিহনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ ভৱিষ্যত অন্ধকাৰ৷ বন্যপ্ৰাণীয়ে প্ৰাকৃতিক ভাৱে বিচৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়৷ গঁড়, হাতী, বাঘ, পহু আদি বন্যপ্ৰাণীয়ে প্ৰাকৃতিকভাৱে বিচৰণ কৰিবলৈ নোৱাৰিলে বহু ক্ষেত্ৰত প্ৰাণীবোৰৰ বংশবৃদ্ধি বাধাপ্ৰাপ্ত হোৱাৰ উপৰি প্ৰজাতিটোৰ ওপৰত ভীষণ প্ৰভাৱ পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ইউনেস্ক’ই স্বীকৃতি দিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বিচৰণত বাধাৰ সৃষ্টি নোহোৱাকৈ বন বিভাগে  কেইবাটাও এনিমেল কৰিডৰ চিহ্নিত কৰিছে৷ এই এনিমেল কৰিডৰেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সঘনাই দক্ষিণ দিশে থকা কাৰ্বি পাহাৰলৈ অহা যোৱা কৰি থাকে৷  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষই পূৰ্বৰ চাৰিটা এনিমেল কৰিডৰৰ লগতে পানবাৰী, হালধিবাৰী, বাগৰি, হাৰমতি, কাঞ্চনজুৰি, হাতীদণ্ডি, দেওচুৰ, চিৰাং আৰু আমগুৰিকে ধৰি মুঠ ৯টা এনিমেল কৰিডৰ স্থাপন কৰে৷ দেশৰ উচ্ছতম ন্যায়ালয়ে ২০১৯ চনৰ ১২ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই চিহ্নিত কৰা উক্ত ৯টা এনিমেল কৰিডৰৰ ব্যক্তিগত ভূমিতো কোনো লোকে যাতে কোনোধৰণৰ নিৰ্মাণ কাৰ্য চলাব নোৱাৰে তাৰ এক নিৰ্দেশনা জাৰি কৰিছিল৷ অতি পৰিতাপৰ কথা যে ভাৰতৰ উচ্ছতম ন্যায়ালয়ে কাজিৰঙাৰ এনিমেল কৰিডৰত সকলো নিৰ্মাণ কাৰ্য বন্ধ ঘোষণা কৰাৰ পিছতো ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি, অধিবক্তা, সমবায় সমিতিৰ সচিব, প্ৰতিষ্ঠিত পৰ্যটন ব্যৱসায়ী, ধৰ্মীয় প্ৰতিষ্ঠানৰ বিষয় ববীয়া, অবসৰপ্ৰাপ্ত শিক্ষয়িতীৰ পৰা আৰম্ভ কৰি বহু লোকে অবাধ গতিত নিৰ্মাণ কাৰ্য চলাই আছে৷ উল্লেখ্য যে ইতিমধ্যে দেশৰ উচ্ছতম ন্যায়ালয়ে এনিমেল কৰিডৰত নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পাছতো আইন অমান্য কৰি বোকাখাত মহকুমাৰ অধীনত হালধিবাৰী এনিমেল কৰিডৰত সুৰাৰ দোকান, পৰ্যটন নিবাস নিৰ্মাণ কৰিছে৷ ইয়াত উপৰিও কলিয়াবৰ মহকুমাৰ অধীনত বাগৰি, হাৰমতি, কাঞ্চনজুৰি, আমগুৰি আদি এনিমেল কৰিডৰত পৰ্যটন নিবাস, অতিথি গৃহ, ধাবা, ৰেষ্টোৰাঁ, বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰা দেখা গৈছে৷ উল্লেখ্য বোকাখাতৰ যুৱ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে দেশৰ উচ্ছতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ ভিত্তিত উচ্ছতম ন্যায়ালয়ে ২০১৯ চনৰ ১২ এপ্ৰিলত কাজিৰঙা আৰু কাৰ্বি আংলঙত অবাধ গতিত চলাই থকা শিলৰ কুৱেৰীকে ধৰি সকলো খনন কাৰ্য বন্ধ ঘোষণা কৰিছিল৷ বৰ্তমান উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি এনিমেল কৰিডৰত নিৰ্মাণ কৰা সকলো অবৈধ নিৰ্মাণ কাৰ্য উচ্ছেদ কৰিবলৈ পুনৰ আবেদন জনাইছে পৰিবেশ কৰ্মীজনে৷ পৰিবেশ কৰ্মী ৰোহিত চৌধৰীয়ে জানিবলৈ দিয়া মতে সততে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগতে চোৰাং চিকাৰী ৰোধ কৰাৰ দাবী জনাই থকা ৰাজ্যখনৰ দল - সংগঠন তথা বেচৰকাৰী স্বেচ্ছাসেবী সংগঠনবোৰ বৰ্তমান কিয় নিমাত হৈ আছে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙাৰ এনিমেল কৰিডৰত এচাম লোকে অবাধ গতিত আইন ভংগ কৰি নিৰ্মাণ কাৰ্য চলাই থকা দেখা পোৱাৰ পিছতো বিশেষকৈ কাজিৰঙাত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন কাম কৰি থকা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ডব্লিউ ডব্লিউ এফ, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, দা কৰবেট ফাউণ্ডেশ্যন, আৰণ্যক, ভূমি আদিৰ বিষয়-ববীয়াই এই অবৈধ কাৰ্যৰ প্ৰতি এবাৰো মাত নমতাটো আ(ৰ্যৰ কথা হৈ পৰিছে৷ উল্লেখ্য উক্ত বেচৰকাৰী স্বেচ্ছাসেবী সংগঠনকেইটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত ন্যায়ালয় বা উৰ্ধতম সংশ্লিষ্ট কত্তৃৰ্পক্ষ বা চৰকাৰক অবগত কৰাতো বাদেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষকো এবাৰ দৃষ্টিগোচৰ কৰিবলৈ আহৰি পোৱা নাই বুলি জানিবলৈ দিয়ে৷ এটা কথা উল্লেখ কৰিব লাগিব যে সততে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ কাৰণে প্ৰতিবাদ কৰি ৰাজ্যখনৰ বিভিন্ন দল - সংগঠনেও উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙাৰ এনিমেল কৰিডৰত অবাধ গতিত নিৰ্মাণ কাৰ্য চলাই বন্যপ্ৰাণীৰ বিচৰণত বাধাৰ সৃষ্টি কৰা এই আইন বিৰোধী কাৰ্যৰ প্ৰতি ৰহস্যজনক ভাৱে এবাৰো মাত মতা নাই বুলি কাজিৰঙাৰ কেইবাজনো জ্যেষ্ঠ লোকে মত প্ৰকাশ কৰিছে৷