Logo
image

কুখ্যাত কয়লা মাফিয়া ৱাহিদৰ বাট মোকলাইছে স্বয়ং আৰক্ষীয়ে

আমাৰ অসম, ২৩ অক্টোবৰঃ অসম দেশৰ বিষম কথা৷ কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱাৰ নামতো নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ কয়লাকে ধৰি সকলো ধৰণৰ ছিণ্ডিকেট-ক’লা ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে অভিযান চলোৱাৰ লগতে তেনে অসৎ কাৰ্যত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰাৰ উপৰি তেওঁলোকৰ সমস্ত নেটৱৰ্ক নিৰ্মূল কৰাটো স্বাভাৱিকতেই আদৰণীয় যদিও বৰাক উপত্যকাত অতিসম্প্ৰতি আৰক্ষীয়ে কয়লা ছিণ্ডিকেট তথা কয়লা মাফিয়াৰ বিৰুদ্ধে চলোৱা অভিযানৰ আঁৰত আন এক অংক থকাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে৷ নক’লেও হ’ব যে ছিণ্ডিকেট-চক্ৰৰ দৰে অবাঞ্ছিত শক্তিৰ সৈতে সততে ৰাজনৈতিক শক্তি জড়িত হৈ থাকে৷ চৰকাৰৰ বৰমূৰীয়াৰ সহযোগ-আশীৰ্বাদ অবিহনে কোনেও ছিণ্ডিকেট চলাই থাকিব নোৱাৰে, মাফিয়াগিৰি কৰি থাকিব নোৱাৰে৷ বৰাক উপত্যকাত দীৰ্ঘদিনে অব্যাহত থকা মাফিয়াগিৰি আৰু ছিণ্ডিকেট-চক্ৰৰ শক্তিশালী হাতোৰাৰ কথা সকলোৱে জানে৷ এই শক্তিৰ সৈতে দিছপুৰৰ দহৰম-মহৰমৰ অভিযোগো আছে৷ সি যি কি নহওক, দীৰ্ঘদিনৰ নীৰৱতা ভংগ কৰি অৱশেষত বৰাকৰ ছিণ্ডিকেট-চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে৷ এই কাৰ্যক সকলোৱে আদৰণি জনাইছে যদিও সমান্তৰালভাৱে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ৷ সেইমৰ্মে কুখ্যাত কয়লা মাফিয়া আব্দুল ৱাহিদ চৌধুৰীক পুনৰ শক্তিশালী ৰূপত কয়লা ছিণ্ডিকেট আৰম্ভ কৰাৰ বাট মোকলাই দিবৰ বাবেহে সম্প্ৰতি কয়লা ছিণ্ডিকেট চলাই থকাসকলৰ বিৰুদ্ধে আৰক্ষী কঠোৰ আৰু সষ্টম হৈ পৰিছে৷ অভিযোগ মতে, বৰ্তমানে কয়লা ছিণ্ডিকেট চলাই থকা চক্ৰটোৰ সৈতে শেহতীয়াভাৱে ‘ওপৰ মহল’ৰ দৰ-দাম নিমিলা হৈছে৷ সাপ্তাহিক, পষেকীয়া, মাহেকীয়া, তিনিমহীয়া, ছমহীয়া আৰু বছৰেকীয়া ভিত্তিত ছিণ্ডিকেট-চক্ৰটোৱে ‘ওপৰ মহল’ক দিবলগীয়া ধনৰ পৰিমাণ তিনিগুণ বৃদ্ধি কৰাৰ সূত্ৰে দুয়োপক্ষৰ মাজত মৃদু সংঘাতৰ সৃষ্টি হয়৷ ‘ওপৰ মহল’ৰ তৰফৰ পৰা ছিণ্ডিকেট বাহিনীক স্পষ্ট কৰি দিয়া হৈছিল যে নিৰ্দিষ্ট সময়ৰ ভিতৰত ‘মাননি’ৰ পৰিমাণ বৃদ্ধি নকৰিলে ছিণ্ডিকেট বন্ধ কৰি দিয়া হ’ব৷ কথামতেই কাম৷ নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছতো ছিণ্ডিকেট বাহিনীয়ে ‘ৰেট’ বঢ়াই নিদিয়াত এইবাৰ ‘ওপৰ মহল’ৰ হস্তক্ষেপত আৰক্ষী তেওঁলোকৰ বিৰুদ্ধে অভিযানত নামি পৰে৷ অভিযোগ মতে, বৰ্তমানৰ ছিণ্ডিকেট বাহিনীক সমূলঞ্চে নিৰ্মূল কৰি কুখ্যাত কয়লা মাফিয়া আব্দুল ৱাহিদ চৌধুৰীক বিস্তাৰিত ৰূপত পুনৰ কয়লা ছিণ্ডিকেট আৰম্ভ কৰাৰ সুযোগ দিবৰ বাবেই শেহতীয়াকৈ বৰাক উপত্যকাত চলিছে ছিণ্ডিকেটবিৰোধী অভিযান৷ ছিণ্ডিকেটৰ বিৰুদ্ধে বৰাক উপত্যকাত আৰক্ষী-প্ৰশাসনৰ নেতৃত্বত মঞ্চস্থ হৈ আছে এখন ছাছপেঞ্চধৰ্মী নাটক৷ আৰক্ষীৰ কঠোৰতা, আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ, শ্ব’কজ– এই সকলোৱেই একেখন নাটকৰে একো একোটা দৃশ্য বুলিও অভিযোগ উঠিছে৷ এই অভিযোগে স্বাভাৱিকতে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, মেঘালয়ৰ পৰা অহা কয়লা জোৱাই-বদৰপুৰ হৈ বৰাক উপত্যকাত প্ৰৱেশ কৰে৷ ইয়াৰে অধিকাংশ ট্ৰাক ‘অভাৰলোড’ হৈ আছে৷ পৰিবহণ বিভাগৰ ধৃত বিষয়া-কৰ্মচাৰী চক্ৰটোৱে দীঘাৰখালৰ গেটত এই ‘অভাৰলোড’ কয়লাৰ ট্ৰাকসমূহ বুজন পৰিমাণৰ ধনৰ বিনিময়ত নথি-পত্ৰত নিয়মীয়া দেখুৱাই পাৰ কৰি দিয়ে৷ শেহতীয়াকৈ কাছাৰ জিলাত আৰক্ষীয়ে অব্যাহত ৰাখিছে এই কয়লা ছিণ্ডিকেট বিৰোধী অভিযান৷ ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্থ বিষয়া ধৰা পৰিছে আৰক্ষীৰ জালত৷ ২১ অক্টোবৰত পুনৰ কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন পৰিবহণ বিষয়াক৷ স্বপন গুহ নামৰ এইজন এনফ’ৰ্চমেণ্ট চেকাৰ [ইচি] দীঘাৰখাল এমভিআই গেটত কৰ্মৰত আছিল৷ ইয়াৰ আগতে আন এজন পৰিবহণ বিষয়া ভব কাকতি আৰু তাহিৰ আহমদ নামৰ এজন কয়লা মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ ইপিনে, ১৩গৰাকী বিষয়াক শ্ব’কজ কৰে কাছাৰৰ জিলা পৰিবহণ বিষয়াই৷ কাৰণ দৰ্শোৱাৰ জাননী পোৱা আন বিষয়াকেইজন হ’ল এনফ’ৰ্চমেণ্ট ইঞ্চপেক্টৰ ৰিতুল বৰগোহাঁই আৰু সত্যনাৰায়ণ ভূঞা, ৬জন সহকাৰী এনফ’ৰ্চমেণ্ট ইঞ্চপেক্টৰ ৰাজীব ভূঞা, আব্দুল ৰেজ্জাক, কলম দাস, যুক্তি বৰকাকতি, সুনন্দা বৰগোহাঁই আৰু বিশ্বজিত দাস৷ ইয়াৰ উপৰি কাছাৰ আৰক্ষীয়ে শ্বকজ কৰিছে আন ৫ এনফ’ৰ্চমেণ্ট চেকাৰক৷ এওঁলোক হ’ল দ্বিপেন বৰুৱা, সম্ৰাট ঘোষ, এচ চোলাংকি, সুজিত দে’ আৰু কে ৰংমাই৷ উল্লেখ্য, ১৯ অক্টোবৰত এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰ ভৱ কাকতিক কাটিগড়া থানাত দিনটো আৰক্ষীয়ে জেৰা কৰাৰ পাছদিনা পুৱা তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায় আৰক্ষীয়ে৷ ভৱ কাকতি দীঘাৰখাল এমভিআই গেটৰ দায়িত্বত আছিল৷ ইয়াৰ পূৰ্বে কয়লা ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগত বদলি কৰা হৈছিল কাটিগড়া থানাৰ অ’চি মনোজ কুমাৰ নাৰ্জাৰী আৰু গুমড়া পিপিৰ ইনচাৰ্জ চিৰাগ শইকিয়াক৷ ইপিনে ভৱ কাকতি গ্ৰেপ্তাৰ হোৱাৰ পাছৰ পৰাই পলাতক হৈ আছে কয়লা মাফিয়া ছহিদ আলম, জুবাইৰ আলম, ছবুৰ উদ্দিন, ছাৰিমুল হক, সুজাম উদ্দিন আৰু গুলজাৰ আহমদসহ কয়লা ছিণ্ডিকেটত জড়িত বহুজন৷