Logo
image

নিৰ্বাচনী সভাত ভিৰ দেখি অধ্যক্ষ উদ্বিগ্ন, নিৰ্লিপ্ত নিৰ্বাচন আয়োগ

আমাৰ অসম, ২৫ অক্টোবৰঃ ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া নীতিন খাড়ে ৭ অক্টোবৰত এখন সংবাদ মেল সম্বোধন কৰিছিল৷ এই সংবাদ মেলত মুখ্য নিৰ্বাচনী বিষয়াজনে অসমত অনুষ্ঠিত হ’বলগীয়া ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে পালন কৰিবলগীয়া ক’ভিড প্ৰটোকল সন্দৰ্ভত নীতি নিৰ্দেশনা জাৰি কৰিছিল৷ ক’ভিড প্ৰট’কল আখৰে আখৰে পালন কৰিবলৈ ৰাজনৈতিক দলসমূহক কঠোৰভাৱে সকীয়াই দিছিল বিষয়াজনে৷ এই নীতি নিৰ্দেশনা উলংঘা কৰা দল আৰু লোকৰ বিৰুদ্ধে নিৰ্বাচন আয়োগ কঠোৰ হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিছিল৷ ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াজনে নিৰ্বাচন কেন্দ্ৰীক ক’ভিড প্ৰট’কল ঘোষণা কৰিলে ঠিকেই, কিন্তু কাৰ্য ক্ষেত্ৰত কোনেও পালনহে নকৰিলে তেওঁৰ নিৰ্দেশ৷ নিৰ্বাচন আয়োগৰ চকুৰ সন্মুখতে শাসক বিৰোধী উভয় শিবিৰে পদে পদে উলংঘা কৰি গ’ল আয়োগৰ নিদেৰ্শনা৷ অথচ চকুমুদা কুলিৰ ভাও ধৰি আছে নিৰ্বাচন আয়োগ৷ এই পৰ্যন্ত নিৰ্বাচন আয়োগে কোনো এটা ৰাজনৈতিক দল বা কোনো এজন ৰাজনেতাৰ বিৰুদ্ধে ক’ভিড প্ৰট’কল ভংগৰ নিজাববীয়া অভিযোগ গ্ৰহণ নকৰিলে৷ অথচ আয়োগৰ নিজাববীয়া অভিযোগ গ্ৰহণৰ পূৰ্ণ কতৃৰ্ত্ব আছে৷ ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াজনে জাৰি কৰা নিৰ্দেশনা অনুসৰি আৱদ্ধ ঠাইত ২০০ জনকৈ অধিক লোকক লৈ নিৰ্বাচনী সভা চলাব নোৱাৰিব৷ উপস্থিত লোকৰ তথ্য লিপিবদ্ধ থাকিব লাগিব৷ মুকলি ঠাইত অনুষ্ঠিত ষ্টাৰ কেম্পেনাৰৰ নিৰ্বাচনী সভাত ১০০০ তকৈ বেছি লোক উপস্থিত থাকিব নোৱাৰিব৷ অন্য নিৰ্বাচনী সভাত ৫০০ লোকহে উপস্থিত থাকিব পাৰিব৷ কোনো ধৰণৰ ৰোড শ্ব’, বাইক ৰেলী অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজনৈতিক দলসমূহে৷ পথ সভাত ৫০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব৷ ক’ভিড সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে এনে কঠোৰ বাধা নিষেধ আৰোপ কৰে যদিও এইসমূহ ফাইলৰ মাজতে আৱদ্ধ থাকে৷ শাসক বিৰোধীৰ নিৰ্বাচনী সভাত হেজাৰ হেজাৰ লোক উপস্থিত আছে৷ কোনো লোক মনা নাই নুন্যতম ক’ভিড প্ৰট’কল৷ আয়োগৰ চকুৰ সন্মুখতে অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখনকৈ বিশাল বিশাল নিৰ্বাচনী সমাৱেশ৷ ৰাজনৈতিক দল সমূহৰ এনে দায়িত্বহীন কাৰ্যৰ ফলত শেহতীয়াভাৱে ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ আজিৰ দিনটোত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ১৩৯জন৷ কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা ৪৩ জন৷ মৃত্যু হৈছে ৬ জন লোকৰ৷ ৰাজ্যত শনিবাৰে মৃত্যু হৈছিল ৩ জন ক’ভিড আক্ৰান্তৰ৷ শুকুৰবাৰে মৃত্যু হৈছিল ২ জন লোকৰ৷ ৰাজ্যত পুনৰ ক’ভিডে মূৰ দাঙি উঠাৰ ফলত উদ্বিগ্ন হৈ পৰিছে স্বয়ং অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী৷ এই সন্দৰ্ভত নিজৰ আশংকা প্ৰকাশ কৰি অধ্যক্ষ দৈমাৰীয়ে কয়–নিৰ্বাচনী সভাত মানুহ আহিছে৷ মানুহ লগা লগি হয়৷ গতিকে স্বাভাৱিকভাৱে ক’ভিড বাঢ়িবই৷ দুৰ্গা পূজা হৈ গ’ল৷ অলপ হ’লেও মানুহ পূজা চাবলৈ ওলাইছে৷ মুখামুখি বহিছে৷ ক’ভিডৰ সংক্ৰমণ এনেকোৱা ধৰণৰ পৰিৱেশতে হয়৷ আনহাতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায়৷ এতিয়া অসমত লক ডাউন নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত ক’ভিড সংক্ৰমণ বৃদ্ধিৰ বিষয়টো বিস্তৃতভাৱে আলোচনা হৈছিল৷ আনকি মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈও পৰ্যালোচনা কৰিছিল ৰাজ্যৰ ক’ভিড পৰিস্থিতি৷

সুশান্ত বিশ্বাসঘাতকঃ অখিল, অখিল গগৈ ভণ্ডঃ সুশান্ত

থাওৰাৰ উপ-নিবাৰ্চনৰ বতাহ গৰম হৈ থকাৰ সময়তে আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ডিমৌত এখন সংবাদ মেল আয়োজন কৰে৷ তেওঁ সংবাদ মেল সম্বোধন কৰি কয় যে– ৰাইজৰ দলৰ কমীৰ্ক বিজেপি আৰু টি এম পি কেৰ নেতাই আক্ৰমণ কৰিছে৷ এই আক্ৰমণ বিৰুদ্ধে ডিমৌ আৰক্ষীক অভিযোগ দিয়াৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ আৰক্ষীয়ে  বিজেপিৰ হৈ কাম কৰিছে৷ তেওঁ লগতে কয যে– মুখ্যমন্ত্ৰীয়ে নিবাৰ্চনী বিধি উলংঘা কৰি থাওৰা আৰু মৰিয়নিৰ প্ৰচাৰ সভাত বিভিন্ন প্ৰতিশ্ৰুতি দি নিবাৰ্চনী বিধি উলংঘা কৰিছে বুলি অভিযোগ উত্থাপন কৰে৷ মুখ্যমন্ত্ৰীক বৃদ্ধ পেঞ্চন ২৫০ টকাৰ পৰা এক হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাইছিলোঁ৷ সেই দাবী আজিও পুৰণ নকৰিলে বুলি সংবাদ মেলখনত উল্লেখ  কৰে৷ তেওঁ লগতে কয় যে কাৰোবাৰ পৰা টকা লৈ মোৰ বিৰুদ্ধে দুই নম্বৰী দগাবাজে আহি প্ৰেছ মিট দিছে৷ তেওঁ সংবাদ মেলখন তিনিটা মূল উদ্দেশ্যেৰ ওপৰত আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি কয় যে– বিশ্বাসঘাতকতাৰ বিপৰীতে আপোচবিহীন ধৈৰ্য কোঁৱৰ আৰু সঞ্জীৱ গগৈক থাওৰা আৰু মৰিয়নিবাসীক ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যত অত্যধিক হাৰত মূল্যবৃদ্ধি হৈছে৷ এই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে৷ তদুপৰি, অখিল গগৈয়ে কয় যে গো-সুৰক্ষা আইনখন বাতিল কৰাৰ আমাৰ লক্ষ্য৷ কৃষিজীৱি ৰাইজৰ স্বাৰ্থত অসমৰ পৰা গো-সুৰক্ষা আইনখন বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলোঁ৷ এতিয়া জানিব পাৰিছোঁ মুখ্যমন্ত্ৰীয়ে থাওৰা সমষ্টিৰ কেইবাজনো গো-পালকৰ সৈতে আলোচনাত মিলিত হৈছে আৰু শীঘ্ৰে থাওৰাবাসী গো-পালকসকলৰ স্বাৰ্থত ৰাজমাইৰ পশু বজাৰখন মুকলি কৰি দিব৷ ইফালে সভাপতিজনে সুশান্ত বৰগোঁহাই আৰু ৰূপজ্যোতি কুমীৰ্ক তীব্ৰ সমালোচনা কৰি কয় যে  সুশান্ত বৰগোঁহাই আৰু ৰূপজ্যোতি কুমীৰ্ দুইজন ডলাৰ বগৰী৷ তেওঁলোক দুইজন প্ৰৱঞ্চক, প্ৰতাৰক, ধনলোভী আৰু ক্ষমতালোভী৷ এই দলাৰ বগৰীসমূহক পৰাজিত কৰি ৰাজনৈতিক জগতত যাতে কোনো বিধায়কে অন্য দলত যোগদান কৰিব নোৱাৰে সেই মূল্যবোধ প্ৰতিষ্ঠা কৰিবৰ কাৰণেই থাওৰা আৰু মৰিয়নিত নিবাৰ্চন খেলিছোঁ বুলি উল্লেখ কৰি এই দুয়োজনকে হৰুৱাটোৱে আমাৰ মূল লক্ষ্য বুলি কয়৷  সংবাদ মেলত কয় যে, থাওৰাত পঞ্চাছ কোটিতকৈ অধিক ধন বিজেপি দলে নিবাৰ্চনত খৰচ কৰিছে বুলি তীৰ্যক মন্তব্য কৰে৷ ইফালে অখিল গগৈয়ে সুশান্ত বৰগোহঁাইক কৰা সমালোচনাৰ সন্দৰ্ভত বিজেপি প্ৰাথীৰ্জনক সোধা প্ৰশ্নত্তোৰত সুশান্ত বৰগোঁহাইয়ে কয় যে দৈয়াং টেঙানী অঞ্চল এটাৰ পৰাই আন্দোলনৰ জীৱন আৰম্ভ কৰিছিল৷ জীৱনত আজিলৈকে দৈয়াং টেঙানীলৈকে যোৱা দেখা নাই৷ বহুতেই তেওঁক পাহৰিলেই৷ মানুহক ঠগি ঠগি যেতিয়া আন্দোলন কৰিবলৈ উলিয়াই আনে তাৰ পাছত কি হ’ল সেয়া দৈয়াং টেঙানীৰ ৰাইজে বুজি উঠিল৷ সেইকাৰণে আজি-কালি দৈয়াং-টেঙানীৰ কোনো লোক আন্দোলন কৰিবলৈ নাযায়৷ অখিল গগৈ হৈছে এজন ঠগ আৰু প্ৰৱঞ্চক৷ তেওঁ প্ৰত্যেকটো আন্দোলন আধাতে সামৰে৷ অখিল গগৈয়ে গুৱাহাটীত মাটি পট্টাৰ নামত আন্দোলন কৰোঁতে প্ৰণৱ বড়ো নামৰ এজন সুঠাম যুৱকে জুই লগাই মৰা দেখিছিলোঁ৷ এই প্ৰণৱ বড়োৰ ঘটনাটো আজিও ৰহস্য হৈ থাকিল৷ অখিল গগৈয়ে প্ৰণৱ বড়োক জুই লগাই আন্দোলনটো মানুহক আৱেগিক কৰি তোলে৷ আন্দোলনৰ নামত বহু যুৱকক অখিল গগৈয়ে পংগু কৰিলে৷ ‘কা’ আন্দোলন কৰি ছজন যুৱকক মৃত্যুৰ মুখলৈ ঠেলি দিলে৷ ‘কা’ আন্দোলন কৰি অখিল গগৈ বিধায়ক হ’ল৷ ‘কা’ আন্দোলনৰ সন্দৰ্ভত অখিল গগৈয়ে কোনোদিন বিধানসভাৰ মজিয়াত কোনো প্ৰশ্ন উপস্থাপন নকৰিলে৷ ইয়াৰ অন্তৰালত কি আছে সেয়া সহজেই অনুমেয় বুলি সুশান্ত বৰগোঁহাইয়ে প্ৰশ্ন উত্থাপন কৰে৷ মূলতঃ থাওৰাত এতিয়া ইটো ৰাজনৈতিক দলে সিটো ৰাজনৈতিক দলৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে৷ ইটোৱে-সিটোক বোকা ছটিওৱা ৰাজনীতি হৈছে৷ ক্ৰমাৎ যেন থাওৰা সমষ্টিৰ উপ-নিবাৰ্চনৰ ৰাজনৈতিক প্ৰেক্ষাপট অধিক উত্তপ্ত হৈ পৰিছে৷ প্ৰতিজন ৰাজনীতিকৰ বাক্‌যুদ্ধই তাকে প্ৰতিপন্ন কৰিছে৷

অখিল গগৈ লক্ষ্যভ্ৰষ্ট নেতাঃ ভূপেন বৰা

থাওৰাৰ উপ-নিবাৰ্চনক লৈ প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে নিবাৰ্চনীৰ প্ৰেক্ষাপট৷ থাওৰা সমষ্টিত শাসক দল বিজেপিৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্কে ধৰি মন্ত্ৰী, সাংসদ, বিধায়কে নিবাৰ্চনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তোলাৰ সময়তে আজি থাওৰাৰ কংগ্ৰেছ প্ৰাথীৰ্ মনোৰঞ্জন কোঁৱৰৰ হৈ নিবাৰ্চনী প্ৰচাৰ চলাই নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে৷ আঠাবাৰী চাহ বাগিচাৰ  মুক্তিযোদ্ধা মালতী ওৰাং ৰঙ্গমঞ্চত অনুষ্ঠিত  কংগ্ৰেছৰ নিবাৰ্চনী সভাত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কংগ্ৰেছ দলে জিকাই পঠোৱা সুশান্ত বৰগোঁহাইক তীব্ৰ সমালোচনা কৰি সমষ্টিবাসীক প্ৰতাৰণা কৰাটো অতিকৈ দুভাগ্যজনক আখ্যা দিয়ে৷ সম্পাদকজনে মুখ্যমন্ত্ৰীজনকো আক্ৰমণ কৰি থাওৰা সমষ্টিত ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি উল্লেখ কৰে৷ তেওঁ ভাষণৰ অন্তত ত্ৰিশ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া থাওৰাৰ উপ-নিবাৰ্চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথীৰ্ মনোৰঞ্জন কোঁৱৰক হাতৰ চিনত ভোট প্ৰদান কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়৷ শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিনোদ কোঁৱৰ আৰু অজয় কুমাৰ গগৈয়ে আঁত ধৰা নিৰ্বাচনী সভাখনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথীৰ্ ভূপেন বৰাই সুশান্ত বৰগোঁহাইক সমালোচনা কৰি ক্ষান্ত নাথাকি ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ক্ষুৰধাৰ সমালোচনা কৰে৷ অখিল গগৈ এজন লক্ষ্যভ্ৰষ্ট নেতা বুলি উল্লেখ কৰাৰ লগতে অখিল গগৈ কেৱল আন্দোলন কৰা নেতাহে৷ আন্দোলন আধাতে এৰি অংক হৈ যোৱাৰ পাছত আন্দোলন বন্ধ কৰি থয়৷ টোলগেটৰ আন্দোলন আৰম্ভ কৰিলে, পাছত সেই আন্দোলন আধাতে এৰি চৰকাৰৰ লগত মিতিৰালি কৰিলে বুলি উল্লেখ কৰি অখিল গগৈ এজন ভুৱা পোছাক পিন্ধা জাতীয়তাবাদী নেতা৷ এইজন নেতাই কেৱল মাত্ৰ ৰাইজক জাতীয়তাবাদৰ কথা কয় ভিতৰি ভিতৰি অংক কৰে৷ অখিল গগৈক অসমৰ ৰাইজে চিনি নাপাবলৈ নাই বুলি উল্লেখ কৰি সভাপতি ভূপেন বৰাই কয় যে– অখিল গগৈয়ে আমাৰ লগত শিৱসাগৰত এখন আলোচনাত মিলিত হৈছিল আৰু তেতিয়া বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাথীৰ্ দিয়াৰ পোষকতা কৰে৷ কিন্তু ইয়াৰ পাছতেই সেইজন অখিল গগৈয়ে দিল্লীৰ অসম ভৱনত মন্ত্ৰীৰ লগত আলোচনাত মিলিত হ’ল আৰু তাৰ পৰা আহি পোনে পোনে থাওৰাত  সংবাদ মেল পাতি ধৈৰ্য কোঁৱৰক ৰাইজৰ দলৰ প্ৰাথীৰ্ ঘোষণা কৰিলে৷ এতিয়া আকৌ থাওৰা উপ-নিবাৰ্চনত বিজেপিৰ চিলিণ্ডাৰটো মূৰত লৈ ঘূৰি ফুৰিছে বুলি তীব্ৰ ভাষাৰে কটাক্ষ কৰে৷ নিবাৰ্চনী সভাত অসম বিধানসভাৰ বিৰোধী বিধায়িনী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ ৰিপুণ বৰা, অসম চাহ মজদুৰ সংঘৰ সভাপতি তথা প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ উপস্থিত থাকি অহা ত্ৰিশ অক্টোবৰত নিবাৰ্চনত কংগ্ৰেছ দলৰ প্ৰাথীৰ্ মনোৰঞ্জন কোঁৱৰক হাতৰ চিনত ভোট দি জয়যুক্ত কৰাবলৈ আহ্বান জনায়৷ সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপাধ্যায়,ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, থাওৰা সমষ্টিৰ তত্বাৱধায়ক তথা নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক প্ৰণতি ফুকন, প্ৰাক্তন বিধায়ক এটোৱা মুণ্ডা, দুগাৰ্ প্ৰসাদ ভূমিজৰ লগতে ভালেকেইজন কংগ্ৰেছ নেতা উপস্থিত থাকে৷ সভাৰ পূৰ্বেই কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোৰঞ্জন কোঁৱৰে আদৰণি ভাষণ প্ৰদান কৰি তেওঁ জয়যুক্ত হ’লে সমস্যাৰে ভাৰক্ৰান্ত থাওৰা সমষ্টিৰ উন্নয়ন হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি সুশান্ত বৰগোহাঁইৰ দৰে থাওৰাবাসীৰ স্বাভিমানক আঘাত নিদিও বুলি উল্লেখ কৰি ত্ৰিশ অক্টোবৰৰ নিবাৰ্চনত হাতৰ চিনত ভোট দি জয়যুক্ত কৰাবলৈ উপস্থিত ৰাইজক আহ্বান জনায়৷

হিমন্তবিশ্বৰ ৰাজনীতি ভয়ংকৰ, বিভেদকামীঃ জিতেন্দ্ৰ সিং

নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক তথা অসম প্ৰদেশৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আজি থাওৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰ্যৱেক্ষণৰ বাবে শিৱসাগৰত উপস্থিত হয়৷ জিলাখনত উপস্থিত হৈয়ে কংগ্ৰেছ নেতাজনে ঐতিহাসিক শিৱসাগৰৰ শিৱ দৌলত সেৱা লৈ সমগ্ৰ ৰাজ্যৰ মংগলৰ বাবে প্ৰাৰ্থনা আগবঢ়ায়৷ থাওৰা বিধানসভা সমষ্টিৰ সন্দৰ্ভত কংগ্ৰেছ নেতাজনে বিজেপি দলটোক তীব্ৰ সমালোচনা কৰে৷ ৰাজনীতিৰ মূল্যবোধ জলাঞ্জলি দি বিজেপি দলৰ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধনৰ পোহাৰ মেলি বিধায়ক কিনা-বেচাৰ এক মুকলি কু-পৰম্পৰা আৰম্ভ কৰা বুলি নেতাজনে সমালোচনা কৰে৷ তেওঁ কয় যে এনে ধনৰ ৰাজনীতি কেৱল অসমৰ বাবে নহয় কিন্তু সমগ্ৰ দেশৰ বাবে ক্ষতিকাৰক৷ আজি বিজেপি দলে কেৱল বিভেদৰ ৰাজনীতি কৰিছে বুলি তেওঁ ক্ষোভ উজাৰে৷ আনহাতে, কংগ্ৰেছ দলৰ হৈ বিগত নিৰ্বাচনত জয়ী হোৱা থাওৰা সমষ্টিৰ সুশান্ত বৰগোহাঁই আৰু মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মীয়ে যে কেৱল কংগ্ৰেছ দলটোক প্ৰতাৰণা কৰিছে এনে নহয়, কিন্তু তেওঁলোকে ৰাইজৰ আস্থাক প্ৰতাৰণা কৰা বুলি অভিহিত কৰে৷ তেওঁলোকে ৰাইজক আভুৱা-ভাঁৰি সমষ্টিৰ বিকাশৰ বাবে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দললৈ গমন কৰিছে বুলি যুক্তি প্ৰদৰ্শন কৰিছে৷ কিন্তু তেওঁলোকে যে সমষ্টিৰ বিকাশৰ বাবে নহয় কিন্তু কেৱল নিজৰ বিকাশৰ বাবহে বিজেপি দললৈ গৈছে সেইয়া ৰাইজে ইতিমধ্যে বুজি উঠিছে বুলি নেতাজনে উল্লেখ কৰে৷ যিসময়ত ৰাজ্যত মূল্যবৃদ্ধিয়ে এক ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে সেইসময়ত কেৱল নিজৰ লাভৰ বাবে দল সলনি কৰি পুনৰ উপ-নিৰ্বাচনৰ পৰিৱেশ সৃষ্টি কৰাসকলক ৰাইজে ক্ষমা নকৰে বুলিও নেতাজনে সমালোচনা কৰে৷ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিসমূহত ৰাইজে প্ৰতাৰক-সুবিধাবাদী নেতাবোৰক শিক্ষা প্ৰদান কৰিব বুলিও কংগ্ৰেছ দলৰ শীৰ্ষ নেতাজনে দাবী কৰে৷ আজিৰ সমষ্টি ভ্ৰমণত নেতাজনক সংগ দিয়া প্ৰাক্তন সভাপতি ৰিপুণ বৰা, সভাপতি ভূপেন বৰা, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আদিয়েও বিজেপি দলৰ লগতে থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনত অন্যতম প্ৰধান প্ৰতিদ্বন্দ্বী দল ৰাইজৰ দলক সমালোচনা কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই থাওৰা সমষ্টিৰ ৰাইজে ইতিমধ্যে বিজেপিক উৎখাত কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি সদৰি কৰে৷ তেওঁ কয় যে বিজেপিৰ বিৰুদ্ধে এজন উমৈহতীয়া প্ৰাৰ্থী হোৱা হ’লে যুঁজখন সহজ হৈ পৰিলহেঁতেন কিন্তু ৰাইজে এই কথাও বুজি পাইছে যে অখিল গগৈৰ ৰাইজৰ দলত ভোট দিয়া মানে বিজেপিক জয়ী কৰোৱা হ’ব৷ সেয়েহে ৰাইজে এতিয়া প্ৰতাৰকসকলক পৰাজিত কৰাৰ ক্ষেত্ৰত এক হৈ ঠিয় দিছে৷ আনহাতে, বৰাকৰ ঘটনাৰ কোনো প্ৰতিবাদ নহয় কিন্তু কেৱলমাত্ৰ একাংশ দুষ্কৃতিকাৰীৰ কাম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কংগ্ৰেছ নেতাজনে এই সন্দৰ্ভত চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ আহ৩ান জোনোৱাৰ লগতে ৰাইজক উত্তেজিত নহ’বলৈ আহ৩ান জনায়৷ আনহাতে, বৰাক কাণ্ডৰ সন্দৰ্ভত কংগ্ৰেছ সভাপতি ভূপেন বৰাই পোনে পোনে বিজেপি দল আৰু আৰ এছ এছ সংগঠনক দোষাৰোপ কৰে৷ গ্ৰেপ্তাৰ হোৱা দুয়োজন বিজেপি আৰু আৰ এছ এছ সৈতে জড়িত আৰু তেওঁলোকে অসমক জাতি-ধৰ্ম-ভাষা-সম্প্ৰদায়ৰ ভিত্তিত ভাগ ভাগ কৰাৰ এক ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ আনে৷ এনে বিভাজনৰ দ্বাৰা ৰাইজক ভ্ৰষ্ট কৰি অপশাসনৰ চৰকাৰ চলোৱাৰ পৰিকল্পনা বিজেপি দলে কৰা বুলি উল্লেখ কৰে কংগ্ৰেছ সভাপতিজনে৷ থাওৰা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত ৰাইজৰ দলক লক্ষ্যভ্ৰষ্ট ধেনুকাঁড় বুলি বৰাই কটাক্ষ কৰে৷ ৰাইজৰ দলৰ লক্ষ্য বিজেপি হোৱাৰ বিপৰীতে কংগ্ৰেছ দলক পৰাভূতৰ লক্ষ্য কৰি লোৱা কথাই ৰাইজৰ দলৰ চৰিত্ৰ প্ৰকট কৰে বুলি সভাপতিজনে মন্তব্য কৰে৷ তথাপিও আগন্তুক উপ-নিৰ্বাচনত কংগ্ৰেছ দলে বিজেপি দলক প্ৰতিহত কৰিবলৈ সক্ষম হ’ব বুলিও দাবী কৰে ভূপেন বৰাই৷ সেইদৰে আজি জিতেন্দ্ৰ সিঙৰ ভ্ৰমণত সংগ দিয়া কংগ্ৰেছ দলৰ জেষ্ঠ নেতা তথা নাজিৰা সমষ্টি বিধায়ক দেৱব্ৰত শইকীয়াই বিজেপি চৰকাৰৰ কামক ‘বাহিৰে ৰংচঙীয়া ভিতৰে কোৱাভাতুৰী’ বুলি অভিহিত কৰে৷ কেৱল ভোটাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে চৰকাৰখনে আঁচনিৰ পাছত আঁচনি ঘোষণা কৰিছে যদিও চৰকাৰখন দিনক দিনে ধাৰত পোতগৈ আছে৷ এতিয়া অসমৰ প্ৰতিজন নাগৰিকৰ মূৰত ২৭,০০০ টকাৰ ধাৰ৷ এনেদৰে কেৱল অসমৰ ৰাইজক ধাৰৰ বোজা দি বিজেপি দলে চৰকাৰ চলাইছে বুলি বিধায়কজনে মন্তব্য কৰে৷ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতাজনে শিৱ দৌলত সেৱা লৈ বাবাৰ আশীৰ্বাদ কামনা কৰি থাওৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বুজ লোৱাৰ লগতে বহুকেইখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷

ট্ৰেক্টৰত ভোট দিলে আপোনালোকে ২৬ লিটাৰ গাখীৰ পাবঃ হিমন্ত

উপ-নিৰ্বাচনৰ দিন যিমানে চমু হৈ আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ নেতা-মন্ত্ৰী-বিধায়কৰ বাক্যবানে জৰ্জৰিত কৰি তুলিছে ৰাজনৈতিক মহল৷ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ আজি তৃতীয়বাৰৰ বাবে প্ৰচাৰ চলাবলৈ গোসাঁইগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী৷ গোসাঁইগাঁৱৰ লালপুৰত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে, যি দলে শান্তি আনিব পাৰে, অঞ্চলৰ উন্নতি কৰিব পাৰে, দুখীয়া ৰাইজক সহায় কৰিব পাৰে তেনে দল-প্ৰাৰ্থীক ভোট দিব লাগে৷ দিল্লী, দিছপুৰ আৰু কোক্‌ৰাঝাৰত কাৰ চৰকাৰ আছে ট্ৰেক্টৰ আৰু বিজেপিৰ চৰকাৰ৷ এই অঞ্চলৰ উন্নয়নৰ বাবে কাক ভোট দিব লাগে ট্ৰেক্টৰত৷ যি গৰুৱে¸ গাখীৰ নিদিয়ে দানা খুৱাই লাভ নহয় কাৰণ গাখীৰ নোলায়৷ ট্ৰেক্টৰত ভোট দিলে ২৬ লিটাৰ গাখীৰ পাব আপোনালোকে৷ বিজেপি - ইউ পি পি এল চৰকাৰ অহাৰ পাছত শান্তি ঘূৰি আহিছে, উগ্ৰপন্থী সমস্যা নাইকিয়া হৈছে৷ সকলোকে শান্তিৰ পথত ঘূৰাই অনা হৈছে৷ বড়ো- অনাবড়ো বুলি বৰ্তমান কোনো ভেদাভেদ নাই৷ ১৯৯৬ - ৯৮ চনত হোৱা গোষ্ঠী সংঘৰ্ষত ক্ষতিসাধন হোৱা সকলো পৰিয়ালক চৰকাৰৰ পৰা আৰ্থিক সহায় কৰাৰ লগতে চৰকাৰী ঘৰ দিয়াৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে আকৌ কয় যে, অসমত বিজেপি চৰকাৰ অহাত উন্নয়নৰ পথ মুকলি হৈছে৷ নিৰ্বাচনত আমি এক লাখ লোকক চাকৰি দিয়াৰ কথা কৈছোঁ৷ এক লাখ যুৱক-যুৱতীয়ে কোনো টকা নোহোৱাকৈ চাকৰি পাব৷  অৰুণোদয় আঁচনি সকলো দুখীয়া পৰিয়ালক দিয়া হ’ব৷ গোসাঁইগাঁৱত ১৭হাজাৰ পৰিয়ালক অৰুণোদয় আঁচনি দিয়া হৈছে৷ অহা দিনত ৮হাজাৰ পৰিয়ালক পুনৰ দিয়া হ’ব৷ ইয়াৰ ধনৰ পৰিমাণ দিনকদিনে বৃদ্ধি কৰা হ’ব৷ বন্ধন বেংকৰ পৰা মহিলাসকলে লোৱা ঋণ চৰকাৰে ঘূৰাই দিব৷ যিসকলে লোণ ল’ব সেইসকলৰ বাবে বেংকত চেক দিয়া হ’ব৷  চৰাইবিল অঞ্চলৰ সকলো দৰিদ্ৰ পৰিয়ালে যাতে ঘৰ লাভ কৰে তাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷ ৰেচন কাৰ্ডৰ চাউল সম্পূৰ্ণ ৰূপে দিব লাগিব৷ কোনেও যাতে চাউল কাটিব নোৱাৰে তাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷ এই অঞ্চলত বিদ্যুতৰ সমস্যা আছে৷ মই নিজে বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ বহুৱাই বিদ্যুৎ নিয়মীয়া কৰাৰ ব্যৱস্থা কৰিম কংগ্ৰেছ, ইউ ডি এফ, বিপিএফ দলক ভোট দি লাভ নাই৷ ২০২৬ চনলৈ অসমত বিজেপি- ইউ পি পি এল চৰকাৰ আছে৷ বড়ো- অনাবড়োৰ মাজত বিবাদ আঁতৰি হাতে হাত ধৰি আগুৱাই যোৱাৰ চেষ্টা কৰিছোঁ৷ উপ-নিৰ্বাচনৰ ফলাফল গোসাঁইগাঁও অঞ্চলৰ উন্নয়নৰ নতুন পথৰ সূচনা কৰিব পাৰিব৷ মৰনৈ চাহ বাগিচাত আদিবাসী লোকসকলে বিভিন্ন সমস্যাৰ ওপৰত অৱগত কৰিছে৷ সেই সমস্যাসমূহ মই সমাধান কৰি দিম৷ আমাক ভোট দি সহায় কৰক আপোনালোকৰ উন্নয়ন আমি কৰিম৷ প্ৰাৰ্থী জিৰণ বসুমতাৰী ৰাইজৰ লগত মিলি হৈ উন্নয়নৰ কাম কৰিব৷ গাখীৰ নিদিয়া গৰুক পালন কৰি গাখীৰ নাপায়৷ ট্ৰেক্টৰৰ পৰা গাখীৰ লাভ কৰিব৷ কোনেও যাতে বড়ো-অনাবড়ো বুলি ভাগ ভাগ নকৰে সকলো একে লগে হাতে হাত ধৰি উন্নয়ন কৰিব লাগে৷ বড়ো-অবড়োৰ দিন শেষ৷ কাৰো হাতত বন্দুক নাই হাতত আছে কলম— পঢ়িব লাগে ভাল শিক্ষা ল’ব লাগে অঞ্চলৰ উন্নয়ন কৰিব লাগিব৷ একেখন সভাত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে ভাষণত কয় যে, কংগ্ৰেছৰ দিনত বন্দুকধাৰীৰ জন্ম হৈছিল৷  কংগ্ৰেছৰ দিনত ৰাইজে জীৱন, সম্পত্তিৰ নিৰাপত্তাৰ অভাৱত ভুগিছিল৷ সঘনাই হত্যা-হিংসা সংঘটিত হৈছিল৷ বিজেপি অহাৰ পাছত ডাক্তৰ, ইঞ্জিনীয়াৰ সৃষ্টি হৈছে৷ বিটিচি অঞ্চলত শান্তি ঘূৰি আহিছে৷ শিক্ষাৰ মান উন্নত হৈছে৷ উগ্ৰপন্থী নাইকিয়া হৈছে৷ বন্দুকধাৰী নোহোৱা হৈছে৷ কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে বদনাম দিছে৷ কংগ্ৰেছ দলে বিগত সময়চোৱাত কি কৰিছে তাক প্ৰমাণ কৰক৷ বিজেপি চৰকাৰৰ দিনত মহিলা, বৃদ্ধ, বৃদ্ধাক আৰ্থিক সহায় কৰিছে৷ কংগ্ৰেছ দলে সমাজৰ কি উন্নয়নৰ কাম কৰিছে তাক দেখুৱাই দিয়ক৷ এতিয়া ৰাইজে মুকলি মনে ঘূৰিব পাৰে৷ মাতৃ সমাজ নিৰাপদে মুকলি মনে ঘূৰিছে৷ অসমৰ ভিতৰত বিটিচি এখন শান্তিময় অঞ্চল হিচাপে প্ৰতিষ্ঠা কৰা হ’ব৷ বিজেপি চৰকাৰৰ দিনত অহা শান্তি কেতিয়াও ঘূৰি যাবলৈ দিয়া নহয়৷ কংগ্ৰেছ আৰু বিপিএফ দলে বিজেপি চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে৷ বিগত ১৭ বছৰে উন্নতি কৰিব পৰা নাই বিপিএফ দলে৷ অসমত ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে৷ সকলোৱে মিলিজুলি উন্নয়নৰ কাম কৰি আহিছে৷ ট্ৰেক্টৰত ভোট দিলে সেই ভোট প্ৰমোদ বড়ো, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীয়ে পাব৷ ডুবা হাতত ভোট দি লাভ নাই৷ নাঙল বনাবলৈ কাঠৰ অভাৱ গতিকে ট্ৰেক্টৰত ভোট দিব লাগিব৷

ভোটৰ প্ৰচাৰ যুদ্ধত নামিল প্ৰমোদ বড়োৰ পত্নীও

অসম বিধানসভাৰ ৫৮নং তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ বিজেপি, ইউপিপিএল, এজিপি মিত্ৰজোঁটৰ দলে তেওঁলোকৰ প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীৰ লগতে হাইপ্ৰ’ফাইল নেতাসকলৰ উপস্থিতিত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বিপৰীতে অন্যান্য প্ৰাৰ্থীসকলে গাঁৱে গাঁৱে সৰু সৰু গোটত নিৰ্বাচনী প্ৰচাৰ চলোৱাতো পৰিলক্ষিত হৈছে৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সহধৰ্মিনী পাৰুল ভৰালী বড়োৱে আজি শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ নাওকাটা, বঙালীপাৰা, ঔবাৰী, সুৱাগপুৰ, মাগুৰমাৰী আদিত নিৰ্বাচনী প্ৰচাৰ চলায়৷ অঞ্চলটোৰ পশ্চিম নাওকাটাত অনুষ্ঠিত সভাৰ পাছতে সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে হাগ্ৰামা মহিলাৰীয়ে নিৰ্মাণ কৰা ৰাষ্টাৰে তেওঁ চাইৰেন বজাই ঘূৰি ফুৰা বুলি কৰা অভিযোগৰ উত্তৰ দি কয় যে এয়া গণতন্ত্ৰ হয়৷ গণেশ কছাৰীয়ে ঘৰৰ টকাৰে অঞ্চলৰ উন্নয়ন কৰিছে নেকি বুলি প্ৰশ্ন কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক বাদ দি তেওঁ এই অঞ্চলত কি উন্নয়ন কৰিছে দেখুৱাই দিবলৈ অনুৰোধ জনায়৷ গণেশ কছাৰীৰ দৰে নেতাসকলৰ বাবেই এটা সময়ত এই বিটিচি অঞ্চলত বডো-অবড়োৰ সৃষ্টি হৈছিল৷ সমাজত শান্তি-সম্প্ৰীতি বিনষ্ট হৈছিল বুলি কয়৷ সম্প্ৰতি বিটিআৰত বিজেপি, ইউপিপিএল আৰু এজিপি মিত্ৰজোঁটৰ চৰকাৰে অঞ্চলটোৰ জনসাধাৰণৰ মাজত সম°«য় অনাৰ বাবে চেষ্টা কৰিছে যদিও এইসকল নেতাই পূৰ্বৰ সেই ভয়াৱহ সময় ঘূৰি অহাৰ বাবে ভাল পায় আৰু কামনা কৰে বুলি কয়৷ তেওঁ সমাজত সদায়ে সম°«য়ৰ বাবে কাম কৰি যাব বুলিও ৰাইজক আশ্বাস দিয়ে৷ অনুষ্ঠানত সমাজকৰ্মী মহেন্দ্ৰ স্বৰ্গীয়াৰী, ইউপিপিএলৰ নেতা প্ৰদীপ নাৰ্জাৰী, আশোক বড়ো, ধনীৰাম বড়ো আৰু মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে৷

ভৱানীপুৰৰ আঠজন প্ৰাৰ্থীৰ পাঁচজনেই ‘অন্তৰ্ধান’

৪১নং ভৱানীপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি৷ ভোটদানৰ দিন চমু চাপি অহাৰ লগে লগে মুঠ আঠজনকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱা সমষ্টিটোত মিত্ৰজোঁট বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ, কংগ্ৰেছৰ শৈলেন্দ্ৰ নাথ দাস আৰু এআইইউডিএফৰ জুব্বাৰ আলীৰ নিৰ্বাচনী প্ৰচাৰ সভা তুংগত উঠিছে৷ তিনিওটা দলৰ প্ৰাৰ্থীৰ বাবে দলীয় নেতা-বিধায়ক-মন্ত্ৰী সকলোৱে নিৰ্বাচনী প্ৰচাৰ সভাত উবুৰি খাই পৰিছে ভৱানীপুৰ সমষ্টিত৷ কিন্তু সমষ্টিটোত অন্য পাঁচজন প্ৰাৰ্থীৰ নাই কোনো কুছ-কাৱাজ, নাই নিৰ্বাচনী প্ৰচাৰ সভা৷ শনিবাৰে হঠাতে কেইজনমান সমৰ্থকৰে সৈতে দেখা গ’ল প্ৰাৰ্থী চৌকত আলী আহমেদক৷ নিৰ্দলীয় ৰূপে মনোনয়ন দাখিল কৰা চৌকত আলী আহমেদে মন্তব্য কৰিলে তেওঁ নিৰ্দলীয় নহয়, তেওঁ তৃণমূল কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী৷ উপ-নিৰ্বাচনত তেওঁৰ জয় নিশ্চিত, ৰাইজে তেওঁক সমৰ্থন জনাইছে৷এআইইউডিএফৰ প্ৰাৰ্থী আনফিট, ৰাইজে প্ৰত্যাখ্যান কৰিছে৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীতকৈ তেওঁৰ প্ৰচাৰ বেছি হৈছে৷ ফণীধৰ তালুকদাৰ ৰাইজৰ বাবে আপদ, দল বাগৰা মানুহক ৰাইজে সমৰ্থন নকৰে৷ চৌকত আলী আহমেদৰ উপৰিও ‘ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্বনেল’ দলৰ শিবেন ডেকা, ‘নেশ্যনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়া’ৰ মেৰাজুল হক, নিৰ্দলীয় আৰিফুল ইছলাম, খাম্ফা খুংগুৰ গয়াৰীৰ দেখা-দেখি নাই ভৱানীপুৰ সমষ্টিত৷

পাঁচ বছৰৰ ভিতৰত অসমৰ ৰাস্তা-ঘাট আৰু দলঙৰ সমস্যা সমাধান কৰিমঃ মুখ্যমন্ত্ৰী

তামুলপুৰ বিধানসভা সমষ্টিৰ ত্ৰিশ অক্টোবৰত অনুষ্ঠিত হ’ব লগা উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ইউপি পি এল দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে৷ শাসকীয় মিত্ৰজোঁটৰ চৰকাৰৰখনৰ খোদ মুখ্যমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য আন আন কাৰ্যবাহী দলৰ নেতা-কৰ্মীয়ে তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ভিৰ কৰিছেহি৷ এক কথাত তামুলপুৰ হৈ পৰিছে মিনি সচিবালয়৷ য’ত মন্ত্ৰী-নেতাৰ ছাইৰেণৰ শব্দত ৰাতি পুৱাই তামুলপুৰত৷ আজি আবেলি মুখ্যমন্ত্ৰী বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে কাউলী হাইস্কুলৰ খেলপথাৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়৷ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয় যে– দিছপুৰত আমাৰ চৰকাৰ মানে আপোনালোকৰ চৰকাৰ কোক্‌ৰাঝাৰত আমাৰ চৰকাৰ মানে আপোনালোকৰ চৰকাৰ চলি আছে৷  আমি চাৰে চাৰি বছৰৰ কাৰণে বিজেপি, ইউ পি পি এল আৰু এজিপি দলৰ চৰকাৰে লগ লাগি তামুলপুৰৰ উন্নয়নৰ কাৰণে কাম কৰিম নে কংগ্ৰেছ আৰু আন নিৰ্দলীয় দলৰ প্ৰাৰ্থীক ভোট দি আমি বিৰোধী শিবিৰত বহি থাকিম৷ বজাৰত গৰু কিনিব গ’লোঁ৷ বজাৰত আমি গাখীৰ দিয়া গৰু কিনিম নে গাখীৰ নিদিয়া গৰু কিনিব৷ তেওঁ কয় যে দিল্লী-দিছপুৰ, কোক্‌ৰাঝাৰত বিজেপি ইউ পি পি এল দলে শাসন চলাই আছে৷ বিজেপি-ইউহপি পি এলে দিনে ২৬লিটাৰকৈ গাখীৰ দিব কিন্তু কংগ্ৰেছক দানা-পানী খুৱাই থাকিলেও গাখীৰ নোলায়৷ আনকি সমগ্ৰ ভাৰততে কংগ্ৰেছ দলৰ গাখীৰ নোলায়৷  এবছুক প্ৰশংসা কৰি কয় চৰকাৰ হোৱা পৰা কোনোধৰণৰ আন্দোলন কৰা নাই এবছুৱে৷ আমাক উন্নয়নৰ স্বাৰ্থত শান্তিৰ প্ৰয়োজন৷ বিটিআৰত শান্তিটো আমি বহুদিনৰ মূৰত বিচাৰি পাইছোঁ৷ ৰাইজৰ প্ৰতি আহ্বান জনাই তেওঁ পুনৰ কয় যে– ইউ পি পি এল দলৰ প্ৰতীকচিহ্ন টেক্টৰেই পদুম, পদুমেই টেক্টৰ সেয়ে ত্ৰিশ অক্টোবৰত পুৱাই সকলোৱে ওলাই আহি টেক্টৰৰ ছবিত ভোট দি জলেন দৈমাৰীক জয়যুক্ত কৰক৷ বিটিচিত এতিয়া উগ্ৰপন্থী নাই৷  শান্তিৰ পৰিৱেশ সৃষ্টি কৰা আৰু সামগ্ৰীক পৰিৱেশ উন্নতি কৰিব লাগিব৷ লগতে দুখীয়া লোকসকলক সৰ্বতোপ্ৰকাৰে উন্নত কৰি লৈ যাব লাগিব৷ মুখ্যমন্ত্ৰীয়ে নিজৰ স্বভাৱসুলভ ভাষণেৰে কয়– এতিয়া তামুলপুৰ জিলা হ’ল, চ্ছজানুৱাৰীত জিলাৰ পতাকা উৰিব তেতিয়া আমি মুছলপুৰ যাব নালাগে৷ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই কুমাৰীকাটা-কাউলী-নাগ্ৰীজুলি সংযোগী পথৰ বাল্টি আৰু মটঙা নদীত তিনিখন দলং নিৰ্মাণ কৰাৰ কথা সদৰি কৰে লগতে  ছমাহৰ পাছত  দলঙৰ কাম আৰম্ভ হ’ব বুলি পুনৰ কয় যে– বিটিআৰ অঞ্চলত দুখীয়া মানুহ বহু আছে৷ অৰুণোদয় আঁচনিৰ যি প্ৰয়োজন আছে এতিয়া সকলো দুখীয়া লোকে পাব৷ প্ৰত্যেক বছৰতে অৰুণোদয় আঁচনিৰ পইচা বাঢ়ি থাকিব৷ বৃদ্ধ, বিধৱাই, অৰুণোদয়ৰ আঁচনিৰ পইচা দহ তাৰিখে লাভ কৰিব৷  তেওঁ কয় যি বিগত সময়ত চাৰিশ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ কৰিছোঁ৷  অনাগত পাঁচ বছৰৰ ভিতৰত আমি অসমখনক এনেদৰে বনাম যে তাত দুখীয়া মানুহৰ পৰা এটকাও ঘোচ ল’বলৈ সাহস নকৰিব কোনো বিষয়া-কৰ্মচাৰীয়ে৷ আনকি মন্ত্ৰী, বিধায়কৰ দৰে দুখীয়া লোককো সন্মানসহকাৰে কাম কৰি দিব লাগিব জিলা উপায়ুক্তৰ কাৰ্যালয়বোৰে৷ বিষয়াসকলে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰৰ কাৰণে এন আৰ চিৰ কথা উলিয়ালে নহ’ব আজিৰে পৰা এন আৰ চি নোহোৱাকৈ প্ৰমাণ-পত্ৰ লাভ কৰিব বুলি কৈ এতিয়াৰে পৰা কোনো দুখীয়াৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ’ব৷ যদিহে টকা খোজে তেতিয়া মই নিজেই মই নিজে বহি ল’ম চহী কৰি দিম৷ একাংশ বিষয়াৰ দুখীয়াৰ ওপৰত অত্যাচাৰ কৰাটো বাহাদুৰি হৈ গ’ল বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে৷ গৰীৱ-দুখীয়াৰ অসন্তুষ্টি থাকিলে কোনো মন্ত্ৰী-বিধায়ক দিল্লী দিছপুৰত আৰামত থাকিব নোৱাৰে৷ নৰেন্দ্ৰ মোদীয়ে চাউল, পায়খানা, গেছ, বিদু্যত, খোৱাপানী দিছে৷ আমি আজি তামুলপুৰত কথা দিছোঁ এই অত্যাচাৰ আৰু হ’ব নিদিওঁ৷ কেৱল শান্তি, সমৃদ্ধি আৰু বিকাশৰ এখন সুন্দৰ অসম পাব লাগিব৷ শিক্ষা, স্বাস্থ্য সকলো সুবিধা পাব লাগিব৷ কেৱল আপোনালোকে মোৰ মূৰৰ ওপৰত আৰু প্ৰমোদ বড়োৰ ওপৰত আশীৰ্বাদ ৰাখিব৷ আনকি কাউলী অঞ্চলত দুমাহৰ ভিতৰত মোবাইল সেৱাৰ সংযোগ দিবলৈ উপযুক্ত টাৱাৰ বহুওৱাৰ লগতে কাউলী উচচ মাধ্যমিক বিদ্যালয়ক উচ্ছতৰ মাধ্যমিকলৈ উন্নত কৰা হ’ব বুলি আশ্বাস দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় য়ে– আশীৰ্বাদ দি থাকিব আমি অসমখনক আগুৱাই নি থাকিম৷ সভাত প্ৰমোদ বড়োয়ে কয় পূৰ্বৰ চৰকাৰৰ কাউলী অঞ্চলত দৃষ্টি পৰা নাছিল৷ সমস্যাবোৰ ভাল সিদ্ধান্ত লোৱা নেতাসকলে এই সমস্যাবোৰ জীয়াই ৰাখিছিল৷ আজি মন্ত্ৰীসকলে সমস্যাবোৰ অনুধাৱন কৰি সঠিক সময়ত সমাধানৰ পদক্ষেপ লোৱা দেখিছোঁ৷ সমাজৰ নাগৰিকসকলে বিচৰাবোৰ আমি পাবলৈ গৈ আছোঁ৷ মানুহ হিচাবে সমাজ এখনে ন্যুনতম সুবিধাখিনি লাভ কৰিব লাগে৷ এই সুবিধা আমি পাব লাগিব বুলি কয় যে ভাৰত আৰু অসমৰ চাৰিসীমাৰ ভিতৰত আমি আছোঁ৷ সেয়ে সকলো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক কমসময়ৰ ভিতৰতে সকলোৰে জীৱনলৈ পোহৰ নামি আহিছে৷ কেতিয়াও আন্ধাৰ হ’বলৈ নিদিব বুলি ৰাইজক বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে আহ৩ান জনায়৷ শান্তি আৰু অস্ত্ৰ-শস্ত্ৰমুক্ত সমাজক নিৰাপত্তা দিব পৰা আৰু শান্তি স্থাপন কৰিবলৈই হৈছে এই নিবাচন৷ এয়া কোনো চৰকাৰ ভঙা-পতা কৰা নিৰ্বাচন নহয় এয়া সমাজৰ উন্নয়ন কৰা নিৰ্বাচন৷  প্ৰমোদ বড়োৱে কয় যে– জি এছ পি দলে ৰাজনীতিৰ এবিচি নজনা লোক এজনক প্ৰাৰ্থী হিচাবে থিয় কৰাইছে৷ নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে বিপিএফৰ হৈ নিৰ্বাচন খেলিছে৷ আনকি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ হাতত ধৰি ৰাজনীতি শিকা গনেশ কছাৰীয়ে কি ৰাজনীতি কৰিব বুলিও দোহাৰে৷ সমাজৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত সমাৰ সৰ্বস্তৰৰ পৰিৱৰ্তনৰ স্বাৰ্থত জলেন দৈমাৰীক টেক্টৰৰ ছবিত ভোট দিবলৈ সকলোকে আহ৩ান জনায় বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে৷ সভাৰ আৰম্ভণিতে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, বিধায়ক বিজয় মালাকাৰে ভাষণ দিয়ে৷  সভাত বিজেপিৰ সভাপতি ভৱেশ কলিতা ইউ পি এলৰ সভাপতি বিপুল কুমাৰ বসুমতাৰী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস সাংসদ কুইন ওজা বিধায়ক দিগন্ত কলিতা, জিতু গোস্বামী, প্ৰাক্তন বিধায়ক শিলাদিত্য বিজেপি নেতা মধু ডেকা প্ৰমুখ্যে বিটিচিৰ কাৰ্যবাহী সদস্য নীলুৎ স্বৰ্গীয়াৰী, ধৰ্মনাৰায়ণ দাস, এম চি এল এসকল আন নেতা-কৰ্মী উপস্থিত থাকে৷

নিতাইপুখুৰী ককিলামাৰীত অগপৰ দুই শীৰ্ষ নেতাৰ প্ৰচাৰ

থাওৰাৰ উপ-নিবাৰ্চন তুংগত উঠিছে৷ প্ৰতিটো ৰাজনৈতিক দলৰ হেভিৱেট নেতাই থাওৰাত নিজ নিজ দলৰ প্ৰাথীৰ্ৰ হৈ নিবাৰ্চনী প্ৰচাৰ অধিক গৰম কৰি তুলিছে৷ আজি অসম গণ পৰিষদৰ দুই কেবিনেট মন্ত্ৰীয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাথীৰ্ সুশান্ত বৰগোহঁাইৰ হৈ নিতাইপুখুৰী ককিলামাৰীত বিশাল নিবাৰ্চনী সভাত অংশগ্ৰহণ কৰে৷ ককিলামাৰী সাপ্তাহিক বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নিবাৰ্চনী সভাত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কৃষিমন্ত্ৰী অতুল বৰাই বিশাল নিবাৰ্চনী সভাত অংশগ্ৰহণ কৰি সুশান্ত বৰগোঁহাইৰ হৈ নিবাৰ্চনী প্ৰচাৰ চলায়৷ প্ৰায় তিনি হাজাৰৰো অধিক ৰাইজ উপস্থিত থকা নিবাৰ্চনী সভাত স্বাস্থ্যমন্ত্ৰীজনে ৰাইজক উদ্দেশ্যি কয় যে– বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ই ৰাজ্যখনত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ প্ৰয়াস কৰিছে৷ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ পাঁচটা মাহৰ ভিতৰত ৰাজ্যখনৰ আমূল পৰিৱৰ্তন আনিছে৷ চৰকাৰী কাযাৰ্লয়সমূহত দালালৰাজ বন্ধ কৰি সাধাৰণ জনসাধাৰণক হাৰাশাস্তিৰ পৰা ৰক্ষা কৰিছে৷  নৱ-প্ৰজন্মক ধবংসৰ মুখলৈ ঠেলি দিয়া বৰবিহস্বৰূপ কোটি কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ কৰাৰ লগতে ড্ৰাগ্‌ছ মাফিয়াক কৰায়ত্ত কৰি জে’ললৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে৷ মুখ্যমন্ত্ৰীয়ে অসমখনক ড্ৰাগ্‌ছমুক্ত কৰাৰ উদ্দেশ্যে ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক অধিক কঠোৰ হ’বলৈ নিৰ্দেশ দিছে৷  আৰক্ষী প্ৰশাসনেও ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান চলাই সফল হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰীজনে৷ স্বাস্থ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে– চৰকাৰ গঠন কৰাৰ পাছতে ক’ভিড মহামাৰীৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিবলগীয়া হৈছিল৷ ক’ভিড মহামাৰীৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সন্মুখৰ পৰা যুঁজ দিয়াৰ বাবে  দুইকোটি জনসাধাৰণক বিনামূলীয়াকৈ ভেক্‌চিন প্ৰদান কৰাৰ কথা উল্লেখ কৰে৷ সেয়েহে বিজেপি দলৰ প্ৰাথীৰ্ সুশান্ত বৰ গোহাঁইক অহা ত্ৰিশ অক্টোবৰৰ নিবাৰ্চনত পদুম ফুলৰ চিনত ভোট দি মুখ্যমন্ত্ৰীৰ হাত অধিক শক্তিশালী কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়৷ স্বাস্থ্যমন্ত্ৰীয়ে  ককিলামাৰী ৰাইজৰ বৃহত্তৰ স্বাৰ্থত ১৯৮৫চনতে স্থাপন কৰা ককিলামাৰী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে উক্ত চিকিৎসালয়খনত চিকিৎসক আৰু নাৰ্ছৰ থকাৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ উপৰিও নিতাই পানীদিহিঙৰ কৃষিজীৱি তথা গো-পালক আৰু ম’হ-পালকৰ সুবিধাৰ্থে এখন পশু চিকিৎসালয় স্থাপন কৰা হ’ব বুলি উপস্থিত ৰাইজক প্ৰতিশ্ৰুতি দিয়ে৷ অহা এটা বছৰৰ ভিতৰত নিমাৰ্ণৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ ইফালে, কৃষিমন্ত্ৰী অতুল বৰাই সুশান্ত বৰগোহাঁইৰ হৈ নিবাৰ্চনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ নিবাৰ্চনী সভাত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ, বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকা, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কুশল দত্ত, থাওৰা বিধান পৰিষদৰ সভাপতি লীলাজ্যোতি ফুকনৰ লগতে ভালেসংখ্যক অসম গণ পৰিষদৰ কৰ্মকতাৰ্ উপস্থিত থাকে৷ ইয়াৰ পূৰ্বেই অসম গণ পৰিষদৰ কৰ্মকতাৰ্সকলে বৃহৎ বাইক ৰেলীৰে কেবিনেটমন্ত্ৰী দুজনক ডিমৌৰ পৰা আদৰি নিয়ে৷ 

কংগ্ৰেছৰ হাত ভাঙিছে, নিজে খাব নোৱাৰেঃ আজমল

উপ-নিৰ্বাচনৰ প্ৰচাৰত উঠি-পৰি লাগিছে এ আই ইউ ডি এফ দলৰ প্ৰধান বদৰুদ্দিন আজমল৷ গোসাঁইগাঁও বিধানসভা সমষ্টিত বিজেপি, ইউ পি পি এল দলে প্ৰচাৰ অভিযান তুংগত কৰি তোলাৰ সময়ত ৰাজনৈতিক পথাৰত নামি পৰিছে বদৰুদ্দিন আজমল৷  আজি গোসাঁইগাঁও সমষ্টিত দলৰ প্ৰাৰ্থী খাইৰুল আনাম খণ্ডকাৰৰ হৈ প্ৰচাৰ চলায় দলৰ মুৰব্বীজনে৷ গোসাঁইগাঁৱৰ ৰবিহাজি কলেজৰ খেলপথাৰত অনুষ্ঠিত এ আই ইউ ডি এফ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত বদৰুদ্দিন আজমল উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে, আমি ভোট দিবলৈ গৈ চাব লাগিব ক’ত ভোট দি আছোঁ৷ তলা-চাবি মানুহে জীৱনত এবাৰহে ক্ৰয় কৰে৷ এবাৰ তলা-চাবি কিনিলে বহুবছৰ যায়৷ কিন্তু পদুম ফুল দুদিন পেলাই থলে পচি যায় গোন্ধ ওলায়৷ কিন্তু তলা - চাবি নষ্ট নহয়৷ এবাৰ কিনিলে ২০ - ২৫ বছৰ তলা-চাবি চলি থাকিব৷ মুখ্যমন্ত্ৰীজনে ঘৰৰ পৰা, অফিচৰ পৰা ওলোৱাৰ সময়ত তলা-চাবি ভালকৈ মাৰিবলৈ কয়৷ কিয় কয় যাতে চোৰ-ডকাইতি নহয়৷ সকলো বস্তু সুৰক্ষিত থাকে৷ তাৰ মানে তলা-চাবিৰ গুৰুত্ব অধিক৷ তাৰ মানে আজমলৰ কথা মুখ্যমন্ত্ৰীৰ ভালকৈ মনত থাকে৷ মগজু ভাল থাকিলে তলা-চাবিৰ গোন্ধ নোলায়৷ মগজু বেয়া হোৱা বাবে তলা-চাবি গোন্ধ ওলায় বুলি কৈছে৷  তলা-চাবি গৰু - মহ নহয়৷ সকলোৱে জানে তলা-চাবিয়ে কেতিয়াও গাখীৰ নিদিয়ে সঁচা৷ কিন্তু পদুম আৰু ট্ৰেক্টৰে কেতিয়াবা গাখীৰ দিছে নেকি, ৰাইজে পাইছে নেকি৷ গৰুৱেহে গাখীৰ দিব৷ তলা-চাবিয়ে কেতিয়াও গাখীৰ নিদিয়ে৷ পদুম ফুলে গাখীৰ দিব নোৱাৰে৷ গাখীৰ কমল ফুলেও দিব নোৱাৰে৷ তাৰ মানে পদুম ফুল ডাঙৰ পাৰ্টী গতিকে কমল ফুলত ভোট দিব নালাগে৷ মানুহ পগলা হকে আবুল-তাবুল কয়৷ কংগ্ৰেছৰ বাবে ডি ভোটাৰৰ বদনাম, গৰুখুটি সমস্যা, ডিটেনচন কেম্প, এন আৰ চি আদি কৰি বিভিন্ন সমস্যাত ভুগি আছে সংখ্যালঘু ৰাইজে৷ বিগত ৬০বছৰে মাটিৰ পট্টা নিদিলে কংগ্ৰেছে৷ কংগ্ৰেছৰ ১৩০বছৰ পূৰ্ণ হৈছে বাবে নিজৰ হাত কপি আছে৷ ভঙা হাতে নিজে খাব নোৱাৰে আনক খুৱাব নোৱাৰে৷ ইপিনে, বিজেপি জ্জবছৰীয়া শিশু৷ নিজেও খাব নাপায় আৰু আনক খুৱাব পৰা বুদ্ধি বা কৌশল নাই৷ পচা পদুম ফুল আৰু ভঙা হাতত ভোট দিব একো লাভ নাই৷ ৩০ অক্টোবৰত তলা-চাবিত ভোট দি হাত মজবুত কৰক৷ ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলিও কয়৷ কংগ্ৰেছ মহাজোঁটৰ পৰা আঁতৰি যোৱাত ভাল পাইছোঁ৷ কংগ্ৰেছৰ ৰাজত্বৰ অন্তত পৰিছে৷