Logo
image

ঋণ ৰেহাই বনাম ঋণৰ বোজা

আমাৰ অসম, ২৫ অক্টোবৰঃ উন্নয়ন, বিকাশ বা নিবনুৱা সংস্থাপন নহয় ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ মূল ইছ্যু হৈছে ঋণ আশ্চৰ্যজনক কথা যে কেৱল শাসকীয় দল বিজেপিৰে নহয় বিৰোধী দল ৰাইজৰ দল কংগ্ৰেছৰো নিৰ্বাচনৰ মূল ইছ্যু ঋণ৷ শাসকীয় দল বিজেপিয়ে মাইক্ৰ’ফাইন্সেৰ ঋণ ৰেহাইক মূল ইছ্যু হিচাপে লৈছে৷ কিন্তু ইয়াৰ বিপৰীতে ৰাইজৰ দলে মূল নিৰ্বাচনী ইছ্যু হিচাপে লৈছে ৰাজ্যবাসীৰ ঋণৰ বোজাক৷ গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, থাওৰা আৰু মৰিয়নি সমষ্টিত বিশাল জনসভা অনুষ্ঠিত কৰি মাইক্ৰ’ফানেন্সৰ ঋণ ৰেহাই দিয়াৰ কথা পুনৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৩ মাহ পূৰ্বেই মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়া বুলি ঘোষণা কৰিছিল যদিও উপ-নিৰ্বাচনৰ প্ৰচাৰত মাইক্ৰ’ফাইন্সেৰ ঋণ ৰেহাই দিয়াৰ কথাটো মূল ইছ্যু হিচাপে লয়৷ ইতিমধ্যে ঋণ ৰেহাই প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি কয় মুখ্যমন্ত্ৰীজনে৷ দুই-এদিনৰ ভিতৰতে মাইক্ৰ’ফাইনেন্সৰ ঋণ লওতাৰ বেংক একাউণ্টত ধন সোমাব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ যদিওবা মাইক্ৰ’ফাইনেন্স সংস্থাসমূহে ঋণ লওতাৰ ঘৰলৈ গৈ সংগ্ৰহ কৰি আছে ঋণৰ কিস্তি৷ ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজ্যবাসীৰ ঋণৰ বোজা কিমান সেই  কথা সবিস্তাৰে বৰ্ণনা কৰে৷ তেওঁ কয় যে–বিজেপি দলে ২০১৬ চনৰ পৰা অসমৰ ৰাইজক ৪৭৬টা প্ৰতিশ্ৰুতিহে ৰক্ষা কৰিছে যিকেইটা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি৷ অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ ধৰুৱা মুখ্যমন্ত্ৰী৷ যোৱা চাৰি মাহত ৮৪০০ কোটি টকা ধাৰ লৈছে অসম চৰকাৰে৷ ৰিজাৰ্ভ বেংকৰ পৰা ৬ জুলাইত ৫০০ কোটি টকা, ৩ আগষ্টত ৫০০ কোটি টকা, ১৭ আগষ্টত ৬০০ কোটি টকা, ৩১ আগষ্টত ৫০০ কোটি টকা আৰু ২৮ আগষ্টত ৫০০ কোটি টকা ঋণ লৈছে৷ অসম চৰকাৰৰ ব’ণ্ড বিক্ৰী কৰি ৩৯০০ কোটি টকা ঋণ লৈছে৷ যি সময়ত চৰকাৰ চলাবলৈ ধন নাই কিন্তু ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি আছে৷ গড়ে মাহত দুশ কোটি টকা ঋণ লৈছে অসম চৰকাৰে৷ বিজেপি চৰকাৰৰ প্ৰথম ঋণ আছিল ৩২,৮৬৩ কোটি টকা৷ ৰাজ্যৰ প্ৰতিজন ব্যক্তিৰ নামত এতিয়া ঋণৰ বোজা ২৭ হাজাৰকৈ টকা৷ তেওঁ আৰু কয় ৰাজ্যবাসীৰ মূৰত পৰা অত্যাধিক ঋণৰ বোজাৰ মূল কাৰণ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মা৷ বিকাশ আৰু উন্নয়নৰ পিনে পিঠি দিন নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ গৈ তেওঁ ৰাজ্যবাসীৰ মূৰত জাপি দিছে ঋণৰ বোজা৷ ইফালে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়–চৰকাৰে অৱস্থা ভাল দেখাবলৈ বিনামূলীয়া চাউল, ঋণ মাফৰ কথা কৈ আছে৷ কিন্তু পুঁজিৰ অভাৱৰ বাবে ৰাজ্যখনৰ ঋণৰ পৰিমাণ বাঢ়ি গৈ আছে৷ আজি জন্ম হোৱা শিশুটোৰ ওপৰতো ৩০ হাজাৰ টকাৰ ঋণৰ বোজা পৰিছে৷ চৰকাৰখনৰ অৱস্থা যে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি সেয়া দেখ দেখকৈ ওলাই পৰিছে৷ অসমৰ বৰ্তমান যি জনমুৰি আয় তাৰ পাঁচ হাজাৰ কোটি টকা যায় কেৱল ঋণৰ সুদ দিয়াতেই৷ বিকাশ ক’ৰ পৰা হ’ব?