Logo
image

দাম কমাবলৈ এইবাৰ খেতিত ধৰিবলৈ ক’লে ভৱেশ কলিতাই

আমাৰ অসম, ২৫ অক্টোবৰঃ নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত যি সময়ত সৰ্বসাধাৰণ লোকে ত্ৰাহি মধুসুধন সুঁৱৰিছে সেই সময়ত একাংশ ৰাজনেতাই মূল্যবৃদ্ধিক লৈ কেতবোৰ তুলুঙা মন্তব্য কৰি ফুৰিছে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সৰ্বসাধাৰণ লোকক সকাহ দিয়াৰ পৰিৱৰ্তে শাসকীয় দলৰ ৰাজনেতাসকলে কৰা কেতবোৰ অদ্ভূত মন্তব্যই অধিক ক্ষোভিত কৰি তুলিছে ৰাইজক৷ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এইবাৰ আগবঢ়াইছে এক নতুন তত্ব৷ দেওবাৰে অধ্যক্ষ দৈমাৰীয়ে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়–‘মূল্যবৃদ্ধি এটা গুৰুত্বপূৰ্ণ বিষয়৷ মূল্যবৃদ্ধি এনেই নহয়৷ মূল্যবৃদ্ধি কমাব নোৱাৰি৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বেছি হ’লে সাধাৰণ ৰাইজ চলিব নোৱাৰা হৈ যায়৷ পেট্ৰ’ল-ডিজেলৰ মূল্য কমাব লাগিলে মদ, চাধাৰ দাম বঢ়াব লাগিব৷ ক’ৰবাত নহয় ক’ৰবাত ভাৰসাম্য ৰক্ষা কৰিবই লাগিব৷ নহ’লে চৰকাৰে ক’ৰ পৰা টকা পাব৷ টেক্সৰ পৰাহে টকা পাব চৰকাৰে৷ ১০০ টকাৰ সুৰাৰ বটল এটাৰ দাম ২৫০ টকা হয়৷ ১৫০% টেক্স পোৱা হয় সুৰাৰ পৰা৷ মদ নাখালেও মানুহ জীয়াই থাকে৷ চিগাৰেট-বিড়িটো তেনেদৰে টেক্স লগোৱা হয়৷ মদ, চিগাৰেট, বিড়ি খোৱাসকল ধনী লোক চৰকাৰৰ দৃষ্টিত৷ সেয়ে তেওঁলোকৰ পৰাই টেক্স সংগ্ৰহ কৰা হয়৷ পেট্ৰ’ল-ডিজেলৰ দাম কমাই দিলে তেল অহাটোৱে বন্ধ হৈ যাব৷ বাহিৰৰ পৰা পেট্ৰ’ল-ডিজেল আনিব লাগিলে দাম দিবই লাগিব৷ কিছুদিন পূৰ্বে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ হ্ৰাস কৰিবলৈ এখন বাইকত তিনিজনকৈ উঠাৰ পৰামৰ্শ দিছিল প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই৷ আনকি পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২০০ টকা হ’লে চৰকাৰক কৈ এখন বাইকত তিনিজন উঠাৰ ব্যৱস্থা কৰি দিয়া বা তিনিজনীয়া বাইক উদ্ভাবনৰ কথা কৈছিল সভাপতি কলিতাই৷ দেওবাৰে সভাপতি কলিতাই মূল্যবৃদ্ধিৰ কথা স্বীকাৰ কৰি সকলোকে শাক-পাচলিৰ খেতি কৰিবলৈ পৰামৰ্শ দি কয়–সকলোৱে খেতি কৰক৷ বস্তুৰ দাম এনেই কমি যাব৷ আনহাতে ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দাবী মূল্যবৃদ্ধিয়ে ৰাইজৰ ওপৰত প্ৰভাৱ নেপেলায়৷ পিঁয়াজৰ দাম কেতিয়াবা ১০০ টকাও হয় আৰু কেতিয়াবা ১০ টকাও হয়৷ অসমৰ ৰাইজে এই বিলাক কথা বুজি পায়৷ অসমৰ মানুহ বিবেকবান৷ মূল্যবৃদ্ধি সৰ্বভাৰতীয় পৰ্যায়ৰ বিষয়৷ কেৱল অসমৰ বিষয় নহয়৷ মগু দালি, মছুৰ দালি আৰু সৰিয়হৰ তেলৰ কাৰণে আমি অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল৷ যোগান আৰু চাহিদাৰ মাজত সম্পৰ্ক আছে৷ যোগান যেতিয়া কম থাকে আৰু চাহিদা বেছি হয় তেতিয়া স্বাভাৱিকতে মূল্যবৃদ্ধি হয়৷ ভাৰতৰ কোনো লোক ক্ষুধাতুৰ হৈ থকা নাই নৰেন্দ্ৰ মোদীৰ কাৰণে৷