Logo
image

সোণোৱালৰ নেতৃত্বতে হ’ব পৰৱৰ্তী চৰকাৰ

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই ২০২১ৰ বিধানসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী৷’ এই কথাই আকাৰে ইংগিতেৰে স্পষ্ট কৰি দিলে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে৷ বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে এক শিল্পী সম্বৰ্ধনা কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আদৰ্শ আৰু ব্যক্তিত্বৰ মিল থকা বুলি ভুৰি ভুৰি প্ৰশংসা তথা তুলনা কৰি ৰাম মাধৱে কয়–‘২০২১ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে অসমত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰেই সৰল সমৰ্পিত আৰু ধাৰ্মিক মনোভাৱৰ ব্যক্তি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ দৰেই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনো কেলেংকাৰিৰ পৰা মুক্ত৷ ২০১৪ পাছত যেনেদৰে ২০১৯ত পুনৰবাৰ দেশৰ জনতাই বিপুল ভোটত জয়ী কৰালে, ঠিক তেনেদৰে ২০২১ৰ নিৰ্বাচনতো অসমৰ জনতাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক পুনৰবাৰ বিপুল ভোটত জয়ী কৰাব আৰু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে ৰাজ্য পুনৰ বিজেপি চৰকাৰখন গঠন হ’ব৷’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিৱস উপলক্ষে অনুষ্ঠিত হৈ থকা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ৰাজ্যিক বিজেপিৰ উদ্যোগত ‘সেৱা হি সংগঠন’ শীৰ্ষক ই বুক খনি ভাৰ্চুৱেলভাৱে উন্মোচন কৰে ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰমন সিঙে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহবায়ক বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত আৰম্ভণি ভাষণ প্ৰদান কৰি ই-বুকৰ ৰাজ্যিক তত্ত্বাৱধায়ক বিজয় কুমাৰ গুপ্তাই উন্মোচন ই বুক খনৰ বিষয়ে চমু বৰ্ণনা কৰাৰ লগতে সেৱা হি সংগঠন ই বুক নিৰ্মাণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহবায়ক তথা বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়৷