Logo
image

দিছপুৰ প্ৰায় অচল

আমাৰ অসম, ২৬ অক্টোবৰঃ মন্ত্ৰী আমোলাৰ দীঘলীয়া অনুপস্থিতিৰ ফলত কাৰ্যতঃ স্তব্ধ হৈ পৰিছে অসম সচিবালয়ৰ দৈনন্দিন কাম-কাজ৷ ৫টা সমষ্টিত উপ-নিৰ্বাচনক লৈ ব্যস্ত সমস্ত মন্ত্ৰীসভা৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে গাঁৱে গাঁৱে সোমাই পৰিছে প্ৰতিজন মন্ত্ৰী আৰু শাসকীয় দলৰ অধিকাংশ বিধায়ক৷ যাৰ ফলত প্ৰায় অচল হৈ পৰিছে অসম সচিবালয়৷ কেৱল মন্ত্ৰীয়ে নহয়, শেহতীয়াভাৱে অধিকাংশ আমোলা-বিষয়াৰ অনুপস্থিতিও চকুত লগা হৈছে সচিবালয়ত৷ মন্ত্ৰী বৰ্গৰ দীঘলীয়া অনুপস্থিতিৰ ফলত এতিয়া কাৰ্যালয়ে কাৰ্যালয়ে ফাইলৰ দম৷ কাৰণ দিছপুৰলৈ অহা অধিকাংশ ফাইলতে বিভাগীয় মন্ত্ৰীৰ অনুমোদনৰ প্ৰয়োজন হয়৷ মন্ত্ৰীৰ স্বাক্ষৰৰ অপেক্ষাত দিনৰ পিছত দিন ধৰি সচিবালয়ত পৰি আছে বহু গুৰুত্বপূৰ্ণ আৰু জৰুৰী ফাইল৷ কেৱল মন্ত্ৰীয়ে নহয়, স্বয়ং মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও ব্যস্ত মাৰাথান নিৰ্বাচনী প্ৰচাৰত৷ ড॰ শৰ্মা চৰকাৰ গঠন হোৱাৰ প্ৰায় ৬ মাহ হ’বলৈ হ’ল৷ কিন্তু এই ৬ মাহত অধিকাংশ মন্ত্ৰীয়ে কম সময়ৰ বাবেহে অসম সচিবালয়ৰ কাৰ্যালয়ত বহি বিভাগৰ কাম-কাজত মনোনিৱেশ কৰাৰ সময় পাইছে৷ উপ-নিৰ্বাচনত ব্যস্ততাৰ পূৰ্বে প্ৰতিজন মন্ত্ৰীক একাধিক জিলাৰ অভিভাবক মন্ত্ৰীৰ দায়িত্ব দিয়া হয় চৰকাৰীভাৱে৷ নিজৰ নিজৰ দায়িত্বত থকা জিলা সমূহলৈ মন্ত্ৰীসকলক সপ্তাহত দুবাৰকৈ ভ্ৰমণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হয়৷ ৰাজ্যৰ ৩৪ খন জিলাৰ দায়িত্বত ১৩ জন মন্ত্ৰীৰ মাজত ভগাই দিয়া হয়৷ ফলত মন্ত্ৰীসকলে সঘনে ভ্ৰমণ কৰিবলগীয়া হয় বিভিন্ন জিলা৷ অভিভাক মন্ত্ৰীৰ ওপৰত ন্যস্ত কৰা হৈছে বহু গুৰুত্বপূৰ্ণ প্ৰশাসনিক দায়িত্ব৷ অভিভাৱক মন্ত্ৰীসকলে নিজৰ কামৰ খতিয়ানো সময়ে সময়ে দাখিল কৰিব লাগিব৷ ফলত মন্ত্ৰীসকল বিভিন্ন জিলাত অধিক সময় ব্যস্ত থাকিবলগীয়া হয় সচিবালয়ৰ কাম-কাজতকৈ৷ কেৱল মন্ত্ৰীয়ে নহয়, একাংশ জ্যেষ্ঠ আমোলাৰ মাজত ভগাই দিয়া হয় অভিভাবক আমোলাৰ দায়িত্ব৷ এই আমোলা সকলেও নিয়মীয়াভাৱে পৰ্যবেক্ষণ কৰিবলগীয়া হৈছে দায়িত্ব প্ৰাপ্ত জিলাৰ কাম-কাজ৷ এই ব্যস্ততাৰ মাজতে আৰম্ভ হ’ল মৰিয়নি, থাওৰা, ভবানীপুৰ, আমুনপুৰ আৰু গোসাইগাঁৱত উপ-নিৰ্বাচনৰ বতাহ৷ প্ৰতিজনমন্ত্ৰীক এই পাঁচটা সমষ্টিত দিনে-নিশাই বাহৰ পাতি দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়া হয়৷ এই নিৰ্দেশৰ পৰা মিত্ৰদল অগপ আৰু ইউ পি পি এ ৰ মন্ত্ৰীসকলো বাদ পৰা নাই৷ যাৰ ফলত আজিৰ তাৰিখত মন্ত্ৰী শূন্য হৈ পৰিছে অসম সচিবালয়৷ দীঘলীয়া সময় ধৰি মন্ত্ৰীৰ ধাৰাবাহিক অনুপস্থিতিৰ ফলত স্থবিৰ হৈ পৰিছে সচিবালয়ৰ প্ৰশাসনিক কাম-কাজ৷ বিগত প্ৰায় ১৫ ধৰি দিছপুৰত অব্যাহত আছে এনে পৰিস্থিতি৷ ৩০ অক্টোবৰলৈ দিছপুৰত মন্ত্ৰী শূন্য অৱস্থা বিৰাজ কৰি থকাটো প্ৰায় নিশ্চিত৷ কাৰণ ৩০ অক্টোবৰলৈ মন্ত্ৰীসকল ব্যস্ত থাকিব লাগিব ৫টা সমষ্টিত৷ উল্লেখ্য যে ক’ভিডকালীন পৰিস্থিতিৰ ফলত এই পৰ্যন্ত সাধাৰণ জনতাৰ বাবে বন্ধ হৈ আছে অসম সচিবালয়ৰ দুবাৰ৷ ইয়াৰ পিছতো একাংশ লোকে মুখ্যমন্ত্ৰী বা বিভিন্ন বিভাগৰ মন্ত্ৰীক সাক্ষাতৰ বাবে দিছপুৰলৈ আহি আছে যদিও বিমুখহৈ উভতি যাবলগীয়া হৈছে৷ মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীবৰ্গ এনেদৰে দিনৰ পিছত দিন ধৰি দিছপুৰৰ পৰা আতৰি থকাৰ বিপৰীতে উদং হৈ পৰিছে ৰাজ্যৰ ৰাজকোষ৷ বিগত ৪ মাহত ৰাজ্য চৰকাৰে প্ৰায় ৮.৪০০ কোটি টকা ঋণ গ্ৰহণ কৰিছে ৰাজ্য চলাবলৈ৷ অভাবনীয়ভাৱে হ্ৰাস পাইছে চৰকাৰৰ ৰাজহ সংগ্ৰহ৷ জোৰা টাপলি মাৰি চলি থকা চৰকাৰখনে এই পৰ্যন্ত ৮ বাৰকৈ চৰকাৰী বণ্ড নিলামৰ জাননী জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিক্ৰী কৰিবলগীয়া হৈছে এটাৰ পিছত আনটো চৰকাৰী সম্পত্তি৷ নিবনুৱাৰ বোজাৰে জৰ্জৰিত হৈ পৰিছে ৰাজ্যখন৷ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাবনীয় মূল্যবৃদ্ধিয়ে দিশহাৰা কৰি তুলিছে সৰ্বসাধাৰণ লোকক৷ বজাৰ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে৷ এনে ভয়াৱহ পৰিস্থিতিৰ দিছপুৰক পিঠি দি পিছতো মন্ত্ৰী ব্যস্ত উপ-নিৰ্বাচনকলৈ৷

জাতীয়তাবাদী আদৰ্শৰ পৰা লক্ষ্যচ্যুত নহওঁঃ লুৰীণজ্যোতি

তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত বাগ্‌সা জিলা অসম জাতীয় পৰিষদৰ সহযোগত এখন কৰ্মী সভা অনুষ্ঠিত হয়৷ বাগ্‌সা জিলাৰ সভাপতি শৈলেন দাসৰ সভাপতিত্বত আৰম্ভ হোৱা সভাত   অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই অংশগ্ৰহণ কৰি কয় যে, তামুলপুৰত আমাৰ দল সংগঠিত কৰাৰ অংগীকাৰ লৈছোঁ৷ আপোনালোকৰ প্ৰচেষ্টাতে আমি দলৰ কাম কৰি যাম৷ বিটিচি অঞ্চলত জাতীয় পৰিষদৰ সংগঠন শক্তিশালী কৰিবলৈও আমি সাজু৷ শদিয়াৰ ধুবুৰীৰ পৰা অসম জাতীয় পৰিষদ কাম-কাজ চলাই যাবলৈ আমি অংগীকাৰবদ্ধ হৈছোঁ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে, অসমত  কংগ্ৰেছ আৰু বিজেপিৰ দৰে  শক্তিশালী দলৰ সৈতে যুঁজ দি অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ যাৰ ফলত কাৰোবাৰ মূৰৰ কামোৰ হৈ পৰিছে অসম জাতীয় পৰিষদকলৈ৷ আমাৰ দলে  পৃথিৱীৰ ধনী দলটোকে মূৰৰ কামোৰণি তুলিবলৈ সক্ষম হৈছোঁ গতিকে  ভৱিষ্যতে আমাৰ দলে কি কৰিব নোৱাৰিম বুলিও প্ৰশ্ন কৰে৷ সাধাৰণ সম্পাদকজনে আপোচবিহীন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ বুলি কোৱাৰ উপৰিও ৰাইজৰ সহযোগত তামুলপুৰৰ জনগাঁথনিৰ প্ৰতি চকু দি আমাৰ দলে সকলোকে লৈ অসমীয়া জাতীয় সত্ত্বাৰ যি ধাৰণা তাৰ এক সবল সুস্থ পৰিকল্পনা কৰি আগবাঢ়িম আৰু বাগ্‌সা জিলাত ২০২২চনৰ মাৰ্চ মাহৰ ভিতৰত সাংগঠনিক প্ৰক্ৰিয়া শেষ কৰি এক ৰাজনৈতিক পৰিক্ৰমাত শক্তিশালী হৈ খোজ দিব বুলি কয়৷ আনকি তামুলপুৰক উদ্ধাৰ কৰিবলৈ অসম জাতীয় পৰিষদে শক্তিশালী ৰূপত আগবাঢ়ি যাবলৈ ৰাইজকো আহ্বান জনায়৷ তেওঁ কয় যে, উপ-নিৰ্বাচনে চৰকাৰৰ স্থায়িত্বত কোনো প্ৰভাৱ নপৰে৷ কিন্তু অসমৰ বিজেপিবিৰোধী এক মানসিক শক্তি প্ৰদৰ্শন কৰাৰ কাৰণে বিৰোধী প্ৰাৰ্থী  থকাতো প্ৰয়োজন৷  উজনিত আমি সফল হ’ব নোৱাৰিলোঁ সেয়ে বৰ্তমান বিজেপি আৰু এ আই ইউ ডি এফক বাদ দি চৰকাৰবিৰোধী স্থিতি ল’বলৈ আহ্বান জনাই বৰ্তমানৰ চৰকাৰখনে এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে বুলি ভূঞাই দোহাৰে ৷ সভাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, অসমৰ মিত্ৰজোঁটৰ  চৰকাৰখনে দুখীয়াৰ কঁকাল ভাঙি চৰকাৰ চলাই আছে ৷  অসমৰ ভাল দিন নাহিল৷ চৰকাৰখনে ভাবি থকা এনে ভাল দিন অসম জাতীয় পৰিষদক নালাগে বুলি ক্ষোভ উজাৰে৷ তেওঁ চৰকাৰখনে জনতাৰ প্ৰতি গণতন্ত্ৰৰ প্ৰমূল্যবোধৰ বুনিয়াদ ভাঙি দিছে বুলি দোহাৰে ৷  গগৈয়ে  ভুৱা প্ৰতিশ্ৰুতিৰে জনসাধাৰণৰ মাজত ভোট বিচাৰি লজ্জাবোধ কৰা নাই নে? বুলিও প্ৰশ্ন কৰি পুনৰ কয় যে, স্বেচ্ছাচাৰিতা, সম্প্ৰদায়িকতা, টকা, অহমিকাৰে শাসন চলোৱা সহজ নহয় আৰু তাক ভালদৰে বিজেপিয়ে বুজি উঠা উচিত৷ বিজেপিৰ শাসনত ভাৰতবৰ্ষৰ কোনো ৰাইজ শান্তিত থাকিব পৰা নাই৷ শিক্ষা, আৰ্থিক দৈন্য, গণতন্ত্ৰৰ কাৰণে ডাঙৰ কথা হৈ পৰিছে৷ এতিয়া বিবেক কিনা-বেচাৰ বজাৰ সৃষ্টি কৰিছে চৰকাৰখনে৷ সেয়ে ৰাইজক মূল্যবোধ প্ৰতিষ্ঠাৰ সংকল্প ল’বলৈ আহ্বান জনায় ৷ লুৰীণজ্যোতি গগৈয়ে সকলো জাতি-জনগোষ্ঠীৰ সংকটৰ সময়ত থিয় দিবলৈ, অসমীয়া জাতিসত্ত্বাৰ স্বাভিমান আৰু আত্মপৰিচয় দাঙি ধৰিবলৈ পাৰে সেই চিন্তাৰে জাতীয় পৰিষদক সাংগঠনিক ভেটি স্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ বিজেপি এ আই ইউ ডি এফৰ মাজত গোপন সম্পৰ্ক থকাৰ গুৰুতৰ অভিযোগ আনি কয় যে এই সুযোগ লৈয়ে বিজেপিয়ে সুবিধা লৈ আহিছে৷ হিন্দু-মুছলমান কৰি বিভ্ৰান্তৰ সৃষ্টি কৰি ভোট বঢ়াইছে বুলিও কয়৷ অসমৰ সামগ্ৰিক পৰিৱেশৰ  সমগ্ৰ কথাৰ অৱসান বিচাৰিছে জাতীয় পৰিষদৰ নেতাজনে তেওঁ কয় যে, দলটোক সাংগঠনিকভাৱে সবল কৰিবলৈ সিদ্ধান্ত লৈ ৰাইজৰ মাজত আহি থকা পাঁচ বছৰত কাম কৰিবলৈ ভাল পৰিৱেশ সৃষ্টি কৰিবলৈ আহ্বান জনায়৷ তেওঁৰ ভাষণত তামুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ ভাস্কৰ দাহালক ভোট দিবলৈও আহ্বান জনায়৷  নিৰ্বাচনলৈ পাঁচদিন আছে সেয়ে সকলোৱে গাঁৱে গাঁৱে গৈ বিজেপি - এ আই ইউ ডি এফক কিয় ৰোধ কৰিব লাগে ভালকৈ বুজাব লাগে বুলি কৈ উপ-নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব লাগে৷ তেওঁ জাতীয়তাবাদীৰ স্বাৰ্থত আমাৰ লক্ষ্য ২০২৬বুলি সঁজোৰে কয়৷ তেওঁ পুনৰ কয় যে আমাৰ যাত্ৰা আৰু লক্ষ্য স্থিৰ কৰি থাকিলে সততা, নিষ্ঠাৰে, দায়বদ্ধতাৰে কাম কৰিলে আমাৰ মূল লক্ষ্যত সফল হ’ব পাৰিম বুলি দোহাৰি কয় যে  বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনক প্ৰতিহত কৰিব নোৱাৰিলে ভৱিষ্যতে ভয়ানক বিপদ হ’ব বুলি সাৱধানবাণী কৰে৷ আনকি চৰকাৰখনে প্ৰলোভনৰ ৰাজনীতিৰে উন্নয়নৰ নামত মানুহক ঠগ-প্ৰবঞ্চনাৰে ভোট লৈ গৈছে বুলিও ক’ব খোজে৷ শেষত সভাপতিজনে কয় যে  জাতীয়তাবাদী আদৰ্শৰ পৰা মই কেতিয়াও লক্ষ্যচু্যত নহওঁ৷ জাতীয়তাবাদী সত্ত্বাক জীয়াই ৰাখি অসমৰ ভৱিষ্যতৰ কাৰণে কাম কৰি যাবলৈ আমাৰ দল সাজু বুলি দৃঢ়তাৰে কয়৷ সভাত দলটোৰ সম্পাদক বাণী দাস, সাংগঠনিক সম্পাদক মনোজ শৰ্মা, পংকজলোচন গোস্বামী গিৰীণ তালুকদাৰ বাগ্‌সা জিলা সমিতিৰ সম্পাদক প্ৰাণজিৎ তালুকদাৰ  সহকাৰী সম্পাদক কেশৱ কলিতা কংগ্ৰেছ নেত্ৰী চাজিয়া বেগমসহ শতাধিক দলীয় কৰ্মী উপস্থিত আছিল৷

থাওৰাত ধৈৰ্য কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ

শিৱসাগৰ জিলাৰ থাওৰাত এতিয়া উপ-নিবাৰ্চনক লৈ গৰম পৰিৱেশ৷ শাসনাধিষ্ঠিত বিজেপি-মিত্ৰজোঁট চৰকাৰৰ সমৰ্থিত প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ সমানে সমানে ৰাইজৰ দলৰ প্ৰচাৰ তীব্ৰ হোৱা পৰিলক্ষিত হৈছে৷ আজি সমষ্টিটোৰ পানীদিহিং মৌজাৰ ৰজাবাৰী গাঁও পঞ্চায়তৰ নাওপৰা তিনিআলিত গণশিল্পী মহেন্দ্ৰ হাজৰিকাই ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ হৈ গীত-কথাৰে নিৰ্বাচনী প্ৰচাৰ চলায়৷ মহেন্দ্ৰ হাজৰিকাই কেইবাটাও গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰাৰ লগতে শিক্ষক তথা কৃষকৰ পুত্ৰ ধৈৰ্য কোঁৱৰক এইবাৰ ৰাইজক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ ধৈৰ্য কোঁৱৰৰ সংগ্ৰামী সত্ত্বা আছে৷ সংগ্ৰামী যুৱকজন এজন আপোচবিহীন নেতা৷ শিল্পীজনে কয়, মই মাটিৰ মানুহ৷ সাধাৰণ জনতাৰ বাবে গীত গাই আহিছোঁ৷ জাতিৰ স্বাৰ্থত দেশৰ স্বাৰ্থত কোনো দিন আপোচ কৰা নাই৷ থাওৰাত এইবাৰ ধৈৰ্য কোঁৱৰে শেষ হাঁহি মাৰিব৷ যিহেতু সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ঘূৰি গম পাইছোঁ, এইবাৰ ছাইলেণ্ট ভোট ধৈৰ্য কোঁৱৰৰ পক্ষত যাব৷ বহু ভোটাৰ নীৰৱ হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে৷ থাওৰাত চৌদিশে হালধীয়া ফুলিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ নিৰ্বাচনী প্ৰচাৰ সভাত ভাৰতীয় বায়ুসেনা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী তথা আপোচকামী যুৱক হিমাংশু গগৈয়ে কয়, বিগত সময়ত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী হৈ লুটি-পুটি খালে৷ কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতিৰে পাহাৰ সদৃশ ধন ঘটা হিমন্ত বিশ্ব শৰ্মাই নিজৰ দুৰ্নীতিৰপৰা পৰিত্ৰাণ বিচাৰি বিজেপিত যোগদান কৰিছিল৷ এতিয়া সেই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈ বাৰে বাৰে চিঞৰি থাকে৷  বিজেপি চৰকাৰ দৰিদ্ৰৰ বাবে নহয়৷ পুঁজিপতিৰ স্বাৰ্থত বিজেপি চৰকাৰখনে কাম কৰি আছে বুলি সংগ্ৰামী যুৱকজনে কয়৷ হিমাংশু গগৈয়ে দল বাগৰা বিধায়ক তথা বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক এইবাৰ উপযুক্ত শিক্ষা দিব লাগে বুলিও কয়৷ ধৈৰ্য কোঁৱৰক বিপুল ভোটত ভোটদান কৰি ফেচিষ্ট বিজেপি চৰকাৰক এশিকনি দিবলৈ ৰাইজলৈ আহ্বান জনায়৷ উল্লেখ্য যে, শিল্পী মহেন্দ্ৰ হাজৰিকাই আজি ৰজাবাৰী গাঁও পঞ্চায়তত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ লগতে থাওৰা সমষ্টিত বিগত কেইবাদিনো ধৰি ধৈৰ্য কোঁৱৰৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে৷ আজি নিৰ্বাচনী প্ৰচাৰ সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী, ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অংকুৰ শইকীয়া আৰু সম্পাদক প্ৰবীণ দাসকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে৷

অসমীয়া এতিয়া পিছপৰা জাতি নহয়ঃ  সৰ্বানন্দ সোণোৱাল

৩০ অক্টোবৰত শিৱসাগৰ জিলাৰ থাওৰাত অনুষ্ঠিত হ’বলগীয়া উপ-নিবাৰ্চন ক্ৰমাৎ তীব্ৰ উত্তেজনাপূৰ্ণ আৰু আকৰ্ষণীয় হৈ পৰিছে৷ ইতিমধ্যে শাসকীয় বিজেপি-মিত্ৰজোঁট চৰকাৰখনে বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক যিকোনো প্ৰকাৰে জয়ী কৰাই নিবলৈ সমষ্টিটোত দিনে-নিশাই জঁপিয়াই পৰা দেখা গৈছে৷ যাৰ বাবে সমষ্টিটোৰ প্ৰতিখন পঞ্চায়তত শাসকীয় দলটোৰ একাধিক মন্ত্ৰী-বিধায়ক, স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া তথা একাংশ জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মী বাহৰ পাতি সুশান্ত বৰগোহাঁইৰ হৈ অহৰহ নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে৷ ইয়াৰ মাজতে আজি কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে থাওৰা সমষ্টিৰ বামৰজাবাৰীত সুশান্ত বৰগোহাঁইৰ হৈ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ চলায়৷ বামৰজাবাৰী উচ্ছ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে, আমি বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ  মাজত সমন্বয় গঢ়ি তুলিব লাগিব৷ এইক্ষেত্ৰত জাতি-জনগোষ্ঠীৰ মাজত ঐক্যৰে কাম কৰিব লাগিব৷ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সবকা সাথ সবকা বিকাশ নীতিৰে ভাৰতক বিশ্বৰ এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে৷ কেন্দ্ৰ আৰু ৰাজ্যত বৰ্তমান বিজেপি চৰকাৰ চলি আছে৷ গতিকে অসমক তেওঁ দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে৷ অসমীয়া এতিয়া  এটা পিছপৰা জাতি নহয় বুলি মন্তব্য কৰি কয় যে, আমি বিশ্বজয় কৰিবলৈ আগুৱাই যাব লাগিব৷ বিশ্বজয় কৰিব পৰা শক্তি আমাৰ আছে৷ একবিংশ শতিকা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ৷ নিজৰ  ভাষণত পুনৰ কয় যে, থাওৰাত কুশল দুৱৰী-সুশান্ত বৰগোহাঁইৰ নেতৃত্বত উন্নয়ন হ’ব৷ যিহেতু আমাৰ ডাবল ইঞ্জিন আছে৷ উপ-নিবাৰ্চনত সুশান্ত বৰগোহাঁইৰ বিজয়ৰ মাথোঁ আনুষ্ঠানিকতাহে বাকী আছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে কয়৷ থাওৰা সমষ্টিৰ জনসাধাৰণে সুশান্ত বৰগোহাঁইক বিপুল ভোটত জয়লাভ কৰাব বুলিও মন্ত্ৰীজনে কয়৷ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চৌদিশে উন্নয়নে প্ৰাণ পাই উঠিছে৷ থাওৰা সমষ্টিত দিহিঙৰ মথাউৰি নিৰ্মাণ আৰু  দীৰ্ঘদিনীয়া ভূমি পট্টা এই দুটা প্ৰধান সমস্যা আছে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ মিলি অচিৰেই সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে আদৰণি ভাষণ প্ৰদানৰ পাছতে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে ভাষণ প্ৰদান কৰে৷ নিৰ্বাচনী প্ৰচাৰ সভাখনত মন্ত্ৰী যোগেন মহন,বিমল বৰা,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ প্ৰদান বৰুৱা, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰিতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দ্বীপুৰঞ্জন মাক্ৰাৰী, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি সুৰভী ৰাজকুমাৰী, সম্পাদক প্ৰণৱ চেতিয়া, অগপ থাওৰা সমষ্টিৰ সভাপতি লীলাজ্যোতি ফুকন, অগপ নেতা সুনীল ৰাজকোঁৱৰকে ধৰি বহু ৰথী-মহাৰথী উপস্থিত থাকে৷ ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ পাছতে নঙলামৰা আৰু খৰাহাট চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায়৷ পানীদিহিং গাঁও পঞ্চায়তত ৰাইজৰ দলৰ  বাইক ৰেলীঃ ইফালে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে আজি পানীদিহিং গাঁও পঞ্চায়তত এক বিশাল বাইক ৰেলী উলিয়ায়৷ ধৈৰ্য কোঁৱৰৰ নেতৃত্বত প্ৰায় এহাজাৰৰো অধিক সমৰ্থকে পঞ্চায়তখন পৰিভ্ৰমণ কৰাৰ লগতে  কেইবাখনো ক্ষুদ্ৰ ক্ষুদ্ৰ  নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ জোৰদাৰ কৰি তুলিছে৷ ধৈৰ্য কোঁৱৰে কয় যে, বত্তৰ্মান অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলী মাত্ৰ ৮৩০টকা এগৰাকী মহিলাই লাভ কৰে৷ যিটো সময়ত একোটা গেছ চিলিণ্ডাৰৰ দাম এহেজাৰ বিশ টকা৷ বিজেপি চৰকাৰখনে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক উপকৃত কৰা নাই বুলিও মন্তব্য কৰে৷ থাওৰাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক ৰাইজে এইবাৰ আঁকোৱালি নলয়৷ যিহেতু থাওৰা সমষ্টিৰ ভোটাৰ ৰাইজ সচেতন আৰু বিশ্বাসঘাটকক উপযুক্ত শিক্ষা দিবলৈ প্ৰস্তুত হৈ আছে বুলিও কয়৷

থাওৰাত অখিল গগৈৰ বিশাল বাইক ৰেলী

উপ-নিৰ্বাচনৰ প্ৰচাৰ সামৰণি পৰিবলৈ মাজত দুটা দিন বাকী ৰোৱা অৱস্থাত আজি থাওৰা সমষ্টিৰ থাওৰা, পালেঙী, চৰগুৱা, শুকান পুখুৰীকে ধৰি দহটা পঞ্চায়তত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ সমৰ্থনত বিশাল বাইক ৰেলী উলিয়ায়৷ হাতে হাতে ৰাইজৰ দলৰ ছিলিণ্ডাৰ প্ৰতীক সম্বলিত বেনাৰলৈ সমষ্টিটোত ধৈৰ্য কোঁৱৰ জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ ধবনি দি থাওৰাৰ পৰিৱেশ উত্তাল কৰি তোলে৷ আজিৰ বাইক ৰেলীৰ নেতৃত্ব দিয়ে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে৷ ৰেলীত অংশলৈ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে ভোট ভিক্ষা কৰে আৰু ৩০অক্টোবৰত ছিলিণ্ডাৰ চিনত ভোট দিবলৈ আহ্বান জনায়৷ ৰেলীত অংশলৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক গগৈয়ে কয় যে, থাওৰাত বিজেপি, কংগ্ৰেছ আৰু চিপিআইয়ে একেলগে নিৰ্বাচন খেলিছে আৰু বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক জয়ী কৰিবলৈ সকলো একেলগ হৈছে৷ অখিল গগৈয়ে কয় যে, এতিয়া সকলোৱে আমাক আক্ৰমণ কৰিছে কিন্তু কৰিব লাগিছিল কাক৷ কংগ্ৰেছ আৰু চিপিআই দলে বিজেপি দলৰ প্ৰাৰ্থীজনক জয়ী কৰিবলৈয়ে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে৷ অখিল গগৈয়ে কয় যে– ৰাইজৰ দল যেন এতিয়া নামঘৰৰ দবা, কেতিয়াবা বিজেপিয়ে বজায়, কেতিয়াবা কংগ্ৰেছে বজায় আৰু সুবিধা বুজি চিপিআইয়েও বজায়৷ অখিল গগৈয়ৈ কয় যে, থাওৰাত ধৈৰ্য কোঁৱৰক আৰু মৰিয়নিত সঞ্জীৱ গগৈক ৰাইজে জয়ী কৰোৱাতো নিশ্চিত কৰিছে৷ ইফালে আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পানীদিহিং আৰু পশ্চিম পানীদিহিঙত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ সমৰ্থনত প্ৰচাৰ চলায়৷

প্ৰমোদ-হাগ্ৰামা দুয়োজনেই হিমন্তৰ জেপতঃ জিতেন্দ্ৰ সিং

বিজেপি, ইউ পি পি এল, এ আই ইউ ডি এফ দলৰ পাছত এতিয়া কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ৷ ২৮নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰক লৈ নেতাৰ আগমন ঘটিছে৷ নেতাৰ মুখেৰে ওলাইছে অগ্নি সদৃশ্য প্ৰতিশ্ৰুতি, আঁচনিৰ ফুলজাৰি ৷ গোসাঁইগাঁও সমষ্টিত বিভিন্ন ৰাজনৈতিক দলে পানী ঘোলা কৰাৰ সময়ত আজি কংগ্ৰেছৰ শীৰ্ষ নেতাই চলালে নিৰ্বাচনী প্ৰচাৰ৷ কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুৰ হৈ আজি গোসাঁইগাঁৱৰ হাৰাফুটাত নিৰ্বাচনী প্ৰচাৰ চলায় সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে৷ জিতেন্দ্ৰ সিঙে ভাষণত কয় যে,  অসম চুক্তি ৰাজীৱ গান্ধীৰ দিনত হৈছিল৷ এইখন ভূমিৰ পৰাই ,এই অঞ্চলৰ পৰাই  প্ৰয়াত মিঠিয়াছ টুডু  সাতবাৰ বিধায়ক হৈ মন্ত্ৰীত্ব লাভ কৰিছিল৷ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু বিৰুদ্ধে থকা হাগ্ৰামা  মহিলাৰী দুয়োজন বৰ্তমান  হিমন্তৰ বিশ্ব শৰ্মাৰ পকেটত৷ তেওঁ আকৌ কয় যে,  আজমল নিজেও বিজেপিৰ ওচৰত বিক্ৰী হৈছে৷ একো কৰিব নোৱাৰে৷ মাজেন্দ্ৰ নাজাৰী বহুত ভাল মানুহ আছিল বাবে চাৰিবাৰ বিধায়ক আছিল৷  কংগ্ৰেছ পাৰ্টী কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ সকলোকে একেলগে হাতে হাত ধৰি  আগুৱাই লৈ যোৱা ৰাজনৈতিক দল৷ বিজেপিৰ ইচ্ছা হ’লে বিটিআৰ  শেষ কৰি দিব পাৰে৷ এতিয়া সুশাসন নহয় বিভাজন নীতি চলি আছে অসমত৷  বিগত পাঁচ মাহত খালি মিছা ঘোষণা কৰিছে  হিমন্তৰ চৰকাৰে কোনো কাম কৰা নাই৷ যদি মুখ্যমন্ত্ৰীক কয় গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰ গোসাঁইগাঁৱলৈ বৃদ্ধি কৰক মুখ্যমন্ত্ৰীয়ে সেয়াও ঘোষণা কৰিব৷ ভূমি পট্টা দিব, চাহ শ্ৰমিকক মজুৰি বৃদ্ধি, চাকৰি দিব বুলি কৈছিল কিন্তু আজিলৈকে এটা প্ৰতিশ্ৰুতিও পূৰণ  কৰা নাই৷ আজি মই এই মঞ্চৰ পৰা কওঁ যে– জুৱেল টুডু জিকিব সেয়া নিশ্চিত৷  সকলো মাতৃ সমাজক আহ্বান জনাইছোঁ হাতৰ চিনত ভোট দিয়ক৷  চৰকাৰৰ পৰা ৰন্ধন গেছৰ চৌকা লাভ কৰিছে যদিও গেছ ভৰাবলৈ টকা নাই৷  নিৰ্বাচনৰ সময়ত বিজেপিয়ে ১০০প্লাছ বুলি নিৰ্বাচনী  পোষ্টাৰত লিখিছিল৷ কিন্তু সেই ১০০প্লাছ সত্য হ’ল৷ দলৰ ১০০প্লাছ নহয় ডিজেল-পেট্ৰ’লৰ মূল্য১০০ কৰিলে৷ জুৱেল টুডু জিকাটো নিশ্চিত সেইবাবে  ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধী গোসাঁইগাঁৱত আহিব বুলি প্ৰকাশ কৰে৷ আনহাতে, একেখন সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই নিৰ্বাচনী প্ৰচাৰ সভাত কয় যে, হিমন্ত তোমাক আমি ভয় নকৰোঁ৷  উত্তৰ দিবলৈ সুযোগ পাইছোঁ অহা ৩০অক্টোবৰত ৰাইজে উত্তৰ দিব ৷ মুখ্যমন্ত্ৰীয়ে  অসমৰ প্ৰতিজন মানুহক অপমান কৰিছে৷ বিভিন্ন ভাষাৰে অপমান কৰিছে৷ মুখ্যমন্ত্ৰীয়ে গোসাঁইগাঁৱৰ ৰাইজক  পইতা ভাত খাই শুই থাকিবলৈ দিছে সেয়া প্ৰমাণ হ’ব৷ নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শৰ্মাই কৈছিল আজমল ফাউণ্ডেশ্বনক  সবে মিলি পানীত পেলাই দিব লাগে৷ আমি ভাবিছোঁ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ল  আজমলক নদীত পেলাব কিন্তু সেয়া নহ’ল৷ আজমলে সন্ত্ৰাসবাদীৰ পৰা টকা লোৱা বুলি নিৰ্বাচনৰ আগত কৈছিল হিমন্তই৷  হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত আজমলৰ বেহা  ভালে চলিছে৷  হিমন্ত বিশ্ব শৰ্মা এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আজমলে প্ৰশংসা কৰাৰ ঘটনাটেই গভীৰ ৰহস্য থকাৰ কথা স্পষ্ট হৈ পৰিছে৷ তলা - চাবিত ভোট দিয়া মানে পদুম ফুলত ভোট দিয়া৷  আমাৰ উদ্দেশ্য হৈছে উন্নয়ন হ’ব লাগে, শান্তি লাগে, বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে৷  এতিয়া গেছ ছিলিণ্ডাৰৰ দাম বাঢ়িল, মিঠা তেলৰ দাম বাঢ়িল৷ বজাৰত থকা দালালৰ বাবে শাক পাচলিৰ দাম বাঢ়িল৷ গোসাঁইগাঁও সমষ্টি এখন ফুলনি বাগিচাৰ দৰে৷ ৩০তাৰিখে হাতৰ চিনত ভোট দিয়ক৷ মুখ্যমন্ত্ৰীৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে আমি মাতি যাম৷  জুৱেল টুদু জয়ী হ’লে হিমন্তৰ টোপনি নহ’ব৷  হাগ্ৰামা মহিলাৰীক দেখিলে দুখ লাগে৷ হাগ্ৰামাই কৈছিল হিমন্ত বিশ্ব শৰ্মা উত্তৰ ফালে থাকিলে মই দক্ষিণ ফালে থাকিম৷ প্ৰমোদ বড়ো আগতে ডিভাইড আসাম ফিফটি ফিফটি বুলি কৈছিল এতিয়া ডিভাইড মানি ফিফটি ফিফটি হৈছে৷ হিমন্ত আৰু হাগ্ৰামাই যে বিটিচিৰ উন্নয়নৰ ধন ভগাই খাইছে সেয়া মুখ্যমন্ত্ৰীয়ে নিজে নিৰ্বাচনৰ পূৰ্বে কৈছিল৷ এতিয়া ডিভাইড মানি ফিফটি ফিফটি চলিছে বিটিআৰত৷

মৰিয়নি সমষ্টিত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰচাৰ

২২অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নি সমষ্টিৰ বিভিন্ন বাগিচা আৰু গাঁও সামৰি চাৰিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছত আজি পুনৰ পাঁচখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ মৰিয়নি সমষ্টিত উপস্থিত হয়৷ পুৱা ১১ বজাত চেলেংহাটৰ বৰনগঞা গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰূপজ্যোতি কুৰ্মীক ভোট দিবলৈ আহ্বান জনায়৷ চেলেংহাটত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ভাষণত প্ৰতিশ্ৰুতিৰ বন্যা৷ বাট-পথৰ উন্নয়ন, ঘৰে ঘৰে খোৱাপানী, ঘৰে ঘৰে বিজুলী সংযোগ, বৃদ্ধ পেঞ্চন, অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিকে ধৰি বহু প্ৰতিশ্ৰুতি দিয়ে হিমন্ত বিশ্ব শৰ্মাই৷ চেলেংহাট উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়নৰ বাবে তিনি কোটি টকা ঘোষণা কৰাৰ লগতে এখন মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে, অসমত পুনৰ লকডাউনৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ কিন্তু ক’ভিড সংক্ৰমণৰ পৰা সকলোকে সুৰক্ষিত হৈ থাকিবলৈ সকলোকে আহ্বান জনায়৷ ইয়াৰ উপৰিও মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰসংগও পুনৰ ঘোষণা কৰে আৰু অহা নবেম্বৰ মাহৰ পৰাই এই ৰেহাই প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলিও ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেলেংহাটৰ বৰনগঞা আৰু পিঠাখোৱাত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছতে চৈকটা চাহ বাগিচাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ ইয়াৰ মাজতে চৈকটা চাহ বাগিচাৰ ৰাইজৰ সৈতে মুকলি মতবিনিময় কৰাৰ অন্তত শ্ৰমিক ৰাইজৰ সৈতে একেলগে বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে জংঘলব্লক আৰু মৰিয়নি নগৰত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰূপজ্যোতি কুৰ্মীক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়৷ মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত নিৰ্বাচনী সভাত মৰিয়নিৰ প্ৰয়াত বিজেপি নেতা তথা ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ চেয়াৰমেন অলক কুমাৰ ঘোষৰ মূৰ্তি মৰিয়নি নগৰত শীঘ্ৰে স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে৷ আজি নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ তপন কুমাৰ গগৈ, পল্লৱ লোচন দাস, কামাখ্যা প্ৰসাদ তাচা, মন্ত্ৰী ৰণোজ পেগু, সঞ্জয় কিষাণ, বিধায়ক শিবু মিশ্ৰ, ৰমাকান্ত দেউৰীকে ধৰি বহুকেইজন ৰথী-মহাৰথীয়ে৷

‘২০২৬ৰ পাছত ভৱানীপুৰত এটাও কেঁচা ৰাস্তা নাথাকিব’

ভৱানীপুৰত নাথাকে কোনো ভোটৰ ব্যৱধান৷ ভৱানীপুৰত বিপুল ভোটত জয়লাভ কৰিব বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ ভৱানীপুৰ সমষ্টিৰ শালবাৰীৰ আনন্দ বজাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত আজি অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিজনে কয়, অন্য দলে সংখ্যালঘু, সংখ্যাগুৰুৰ ৰাজনীতি কৰে কিন্তু বিজেপিয়ে সেৱাৰ ৰাজনীতি কৰে৷ ভৱানীপুৰ সমষ্টিত বিজেপিয়ে পাঁচ-দহ হাজাৰ লাভ কৰিব সংখ্যালঘু ভোট৷ কংগ্ৰেছে মৰুভূমিত মৰিচিকা দেখিছে৷ কংগ্ৰেছৰ নৃত্য-নাটিকাত ৰাইজে আৰু ভোল নাযায়৷ বদৰুদ্দিন আজমলে নাজানে যে পদুম ফুল নপচে, পদুম ফুল শুকাই যায়৷ তথাপি গোন্ধ নকমে৷ ভৱানীপুৰৰ ৰাইজে সিদ্ধান্ত লৈছে৷ এইবাৰ ফণীধৰ তালুকদাৰক ভোট দিয়াৰ বাবে সাজু হৈছে৷ ভৱানীপুৰ সমষ্টিৰ ৰাস্তা-ঘাট জিলাপিৰ পেছৰ দৰে৷ বিটিচি অঞ্চলত চাউল মাক দেউতাকেহে পায়৷ ল’ৰাই নাপায়৷ এতিয়া সকলোৱে পাব৷ কংগ্ৰেছে মূল্যবৃদ্ধিৰ কথা কোৱা ভূতৰ মুখত ৰামনাম শুনা একে কথা৷ পদুম ফুলৰ কথা বদৰুদ্দিন আজমলে কি বুজি পাব৷ পদুম ফুল ৰাষ্ট্ৰভক্তি, দেশভক্তিৰ কাৰণে লাগে, তলাটো ক’তো নালাগে৷ তেওঁ কয়, বিকশিত অসম, বিকশিত ভৱানীপুৰ গঢ়িবলৈ আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ হ’বলৈ বিজেপিক ভোট দিব লাগিব৷ স্বাস্থ্যৰ পৰা অন্ন লৈকে গুৰুত্ব দিয়া চৰকাৰখনেই হৈছে মোদী চৰকাৰ৷ এশ কোটি জনতাক বিনামূলীয়া ভেক্‌চিন দিছে মোদীয়ে৷ বিজেপি চৰকাৰ জনতাৰ সেৱাৰ বাবে, দুৰ্নীতিৰ বাবে নহয়৷ ২০২৬ চনৰ ভিতৰত ভৱানীপুৰত কোনো কেঁচা ৰাস্তা নাথাকিব৷ একেখন সভাতে অংশগ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগে কয়, আমাৰ ৰাইজলৈ মেছেজ এটাই সেইয়া হ’ল উন্নয়ন৷ কেৱল উন্নয়ন৷ মুখ্যমন্ত্ৰীয়ে সকলো কথাই স্পষ্টভাৱে কৈছে৷ যোৱা পাঁচটা মাহত উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনে যি পদক্ষেপ লৈছে সেয়া বলিষ্ঠ পদক্ষেপ৷ এইবেলি ভৱানীপুৰৰ ৰাইজে বিজেপিক ভোট দিয়ক আৰু ভিন্ন সমস্যাৰ পৰা সমষ্টিবাসী মুক্ত হওক৷ অসম জাতীয় পৰিষদে বিগত নিৰ্বাচনত যি ফল দেখুৱালে সেইয়া ৰাইজে দেখিছেই৷ এইবেলি পাঁচোটা সমষ্টিতে বিজেপি বিপুল ভোটত জয়ী হ’ব৷ আমাক আশীৰ্বাদ দিয়ক আমি তাৰ বিনিময়ত উন্নয়ন কৰিম৷ ভাৰতীয় জনতা পাৰ্টীৰ বজালী জিলা মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মহিলা মৰ্চাৰ সভানেত্ৰী ধীৰুমণি ৰয়ে৷ সভাত ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিধায়ক ৰামকৃষ্ণ ঘোষ, প্ৰাক্তন বিধায়ক গুণীন দাস, মলয়া বৰ্মন, ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

ভৱানীপুৰত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা

চৰকাৰ গঠন হোৱা চাৰিমাহতে চাৰি হাজাৰ কোটি টকা লোন লোৱা মুখ্যমন্ত্ৰীয়ে পাঁটটা সমষ্টিত উপ-নিৰ্বাচন হোৱা প্ৰতিটো সমষ্টিতে দুহাজাৰ কোটিকৈ দিয়াৰ মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ এই মন্তব্য ৰাজ্যৰ প্ৰধান বিৰোধী দল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ৷ ভৱানীপুৰৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ সমৰ্থনত আজি ভৱানীপুৰত আয়োজিত এখন বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰি বৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মকভাৱে কয় যে, হিমন্ত বিশ্ব শৰ্মা প্ৰতাৰক, প্ৰবঞ্চক, লেং মৰা মানুহ৷ তেওঁৰ দৰে মানুহ সমগ্ৰ অসমতে বিচাৰিলেও পোৱা নাযাব৷ তেওঁ সৰ্বানন্দ সোণোৱালক লেং মাৰি মুখ্যমন্ত্ৰী হৈছে৷ সোণোৱালে এতিয়া সাগৰৰ পানী খাই আছে৷ সভাপতি বৰাই হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি নিজৰ ভাষণ প্ৰসংগত কয় যে, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছৰ ‘গ’ল কীপাৰ’ নাই৷ কিন্তু আজিৰ সভাতে উপস্থিত হাজাৰ-হাজাৰ লোকে প্ৰমাণ কৰিছে কংগ্ৰেছৰ কিমান ‘গ’ল কীপাৰ’ আছে৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে পইতা ভাত সংক্ৰান্তত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে গৰীব-দুখীয়া লোকসকলক পইতা ভাত খাবলৈ উপলুঙা কৰিছে৷ ৩০ অক্টোবৰত ভৱানীপুৰৰ ৰাইজে দেখুৱাই দিব পইতা ভাতৰ জোৰ কিমান৷ লগতে বৰাই হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ নিৰ্বাচনৰ আগতে বিজেপি এশ প্লাছৰ শ্লোগান দিছিল৷ কিন্তু তেওঁলোকৰ এশ প্লাছ নহ’লেও আজি দাইলৰ দাম, পেট্ৰ’ল-ডিজেলৰ দাম এশ প্লাছ হ’ল বুলি মন্তব্য কৰে৷ তেওঁ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা সাহসী মানুহ নহয়৷ তেওঁ এজন ভয়াতুৰ মানুহ বুলি কৈ তেওঁ মিজোৰামে যেতিয়া গুলী ফুটাইছিল তেতিয়া বৰাক, নলবাৰী, গুৱাহাটী দিম বুলি ভয়তে কৈছিল৷ এই প্ৰসংগতে তেওঁ মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ৩ান জনাই কয় যে, মুখ্যমন্ত্ৰীক ৰাইজে ভয় খাব নালাগে৷ তেওঁ এজনো সংখ্যালঘু মানুহৰ বৃদ্ধ পেঞ্চন কাটি দেখুওৱাক, এজনো মানুহৰ ঘৰ কাটি দেখুওৱাক আমি গণ সংগ্ৰাম গঢ়ি তুলিম৷ আদালতলৈ যাম৷ আনহাতে, তেওঁ ভাষণত মুখ্যমন্ত্ৰীক কয় যে, তেওঁ যদি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক সন্মান কৰে তেনেহ’লে অসম চুক্তিৰ আত্মাত আঘাত সানি ‘কা’ জাপি দিয়াৰ উত্তৰ ৰাইজক দিব লাগিব৷ লগতে তেওঁ ভাষণত এ আই ইউ ডি এফ দল আৰু বদৰুদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে৷ প্ৰচাৰ সভাখনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আমি দেশত ধৰ্ম, ভাষা, জাতিৰ নামত দেশৰ জনতাক ভাগ-ভাগ নকৰোঁ৷ কিন্তু তেওঁলোকে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দেশৰ জনসাধাৰণক ভাগ কৰিছে বুলি ভাষণত উল্লেখ কৰে৷ তেওঁ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে অকল কংগ্ৰেছে যুঁজি আছে বুলি মন্তব্য কৰি এই যুঁজত বাকী বহু দল বিলাক হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই আছে বুলি কয়৷ ভৱানীপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত সভাখনত সৰভোগৰ বিধায়ক তথা চিপিআই[এম] নেতা মনোৰঞ্জন তালুকদাৰ, সাংসদ আব্দুল খালেক, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বিৰাজ প্ৰভাকৰ সাথে, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বকো সমষ্টিৰ বিধায়ক নন্দিতা দাস, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক বসন্ত দাস, ছিদ্দিক আহমেদ, কংগ্ৰেছৰ বিধায়কসকল ৰেকিবুদ্দিন আহমেদ,  দিগন্ত বৰ্মন, আব্দুৰ ৰহিম আহমেদ, আব্দুল বাতেন শিকদাৰ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, কণ্ঠশিল্পী অজয় ফুকন, কংগ্ৰেছৰ বাগ্‌সা জিলাৰ সভাপতি ভূপেন দৈমাৰী, বৰপেটা জিলাৰ সভাপতি ৰহিম খান, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক, গিৰীশ পাটগিৰিকে ঘৰি দুকুৰি নেতা-নেত্ৰীয়ে অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ সমৰ্থনত প্ৰচাৰ চলায়৷

নিৰ্বাচনী আচৰণ বিধি আৰু ক’ভিড বিধি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ জিলা প্ৰশাসন

১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া আগন্তুক উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলা প্ৰশাসনে নিৰ্বাচনী আচৰণ বিধি আৰু ক’ভিড নিয়মাৱলী ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ উল্লেখ্য যে, মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ অহাৰ পূৰ্বে সমদল ওলাই ভাৰতীয় নিৰ্বাচন আয়োগৰ ২৮ ছেপ্টেম্বৰ তাৰিখৰ প্ৰেছ টোকা নং ই চি আইয পি এনয৮৩/ ২০২১ত উল্লিখিত নিৰ্দেশনা ভংগ কৰি তথা ক’ভিড নিয়মাৱলী উলংঘা কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে জিলা প্ৰশাসনে ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে৷ তদুপৰি, ভাৰতীয় নিৰ্বাচন আয়োগৰ ২৮ ছেপ্টেম্বৰ তাৰিখৰ প্ৰেছ টোকা নং ই চি আই/ পি এন/৮৩/ ২০২১ ত উল্লিখিত নিৰ্দেশনা ভংগ কৰি বাইক ৰেলী তথা ৰোড শ্বো কৰাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ বিৰুদ্ধেও ইতিমধ্যে জিলা প্ৰশাসনে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে৷ পৰৱৰ্তী পৰ্যায়ত দুয়োজন প্ৰাৰ্থীলৈ নিৰ্বাচনী আচৰণবিধি কোষৰ তৰফৰ পৰা লিখিত সতৰ্কবাণী প্ৰেৰণ কৰা হয়৷