Logo
image

আজি প্ৰচাৰ শেষ

আমাৰ অসম, ২৭ অক্টোবৰঃ ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰচাৰ অভিযান ২৭ অক্টোবৰৰ সন্ধিয়া পাঁচ বজাত অন্ত পৰিব৷ ক’ভিডকালীন পৰিস্থিতিৰ বাবে নিৰ্বাচন আয়োগে এইবাৰ ভোট গ্ৰহণৰ ৭২ ঘণ্টা আগতে ৰাজনৈতিক দলসমূহক প্ৰচাৰ অভিযানৰ সামৰণি পেলাবলৈ নিৰ্দেশ দিছে৷ নিৰ্বাচনী প্ৰচাৰ অভিযান শেষ হ’বলৈ মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে মাৰাথান প্ৰচাৰ অভিযান চলায়৷ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী লাভৰ পাছতো মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি দলীয় প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ সমৰ্থনত থাওৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ইখনৰ পাছত সিখনকৈ নিৰ্বাচন প্ৰচাৰ চলায়৷ মুখ্যমন্ত্ৰীয়ে টেঙাপানী ট্ৰাইবেল হাইস্কুল খেলপথাৰ, গোহাঁইবাৰী চাহ বাগিছা খেলপথাৰ, নিতাইপুখুৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, লখিমী পথাৰ আৰু পালেঙী হাইস্কুল খেলপথাৰত আয়োজিত পাঁচখন বিশাল নিৰ্বাচনী সভাত অংশ লয়৷ মুখ্যমন্ত্ৰীৰ সমান্তৰালভাৱে শাসকীয় বিজেপি আৰু ইয়াৰ মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ মন্ত্ৰী-বিধায়কসকলেও ভাগে ভাগে নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় সমষ্টিয়ে সমষ্টিয়ে৷ ঠিক তেনেদৰে ৰাইজৰ দলে আজি থাওৰাত বিশাল ৰেলী উলিয়ায়৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এই ৰেলীত অংশ লয়৷ ঠিক তেনেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি ভবানীপুৰ সমষ্টিত পাঁচখনকৈ নিৰ্বাচনী সভাত অংশ লয়৷ এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে আজি সমগ্ৰ দিনটো ব্যস্ত থাকে গোসাঁইগাঁও সমষ্টিত৷ উল্লেখ্য, মুখ্যমন্ত্ৰীকে ধৰি প্ৰতিজন মন্ত্ৰী দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সমষ্টিয়ে সমষ্টিয়ে ব্যস্ত থকাৰ ফলত মন্ত্ৰীশূন্য হৈ পৰিছে অসম সচিবালয়৷ স্তব্ধ হৈ পৰিছে ৰাজ্যৰ সমগ্ৰ প্ৰশাসন যন্ত্ৰ৷ অসম সচিবালয়ত এতিয়া মন্ত্ৰীৰ কোঠাই কোঠাই কেৱল ফাইলৰ দম৷ ইয়াৰে অধিকাংশ ফাইল জৰুৰী আৰু গুৰুত্বপূৰ্ণ৷ কিন্তু মন্ত্ৰীৰ দীঘলীয়া অনুপস্থিতিৰ ফলত স্বাক্ষৰ নোহোৱাকৈ পৰি আছে এনে বহু জৰুৰী ফাইল৷

কংগ্ৰেছত খিৰাই থাকিলেও গাখীৰ নোলায়, বিজেপিয়ে 

দৈনিক ২৬ লিটাৰ গাখীৰ দিয়েঃ মুখ্যমন্ত্ৰী

থাওৰালৈ এইবাৰ ব্ৰহ্মপুত্ৰৰ বান নাহে আহিব উন্নয়নৰ বান৷ থাওৰাক অসমৰ দহটা উন্নত সমষ্টিৰূপে গঢ়ি তোলা হ’ব আৰু থাওৰাৰ উন্নয়নৰ দায়িত্ব সুশান্ত আৰু কুশলে গ্ৰহণ কৰিব–উপ-নিবাৰ্চনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী ৰোৱা অৱস্থাত ১০৭ নং থাওৰা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ প্ৰচাৰ চলাবলৈ আহি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ই টেঙাপানী উচ্ছ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত প্ৰচাৰ সভাত এনেদৰে সমবেত ৰাইজক উদ্দেশ্যি কয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ই উদাত্ত ভাষণত কয় যে, ককিলামাৰীৰ পৰা বগীবিললৈ পোনপটীয়াকৈ যাব পৰাকৈ দিহিঙৰ ওপৰত দুখন দলং নিমাৰ্ণ কৰা হ’ব৷ ব্ৰহ্মপুত্ৰৰ মথাউৰি সাৱলীকৰণ কৰি মথাউৰিৰ কাষে কাষে গাইড বান্ধৰ ব্যৱস্থা কৰা হ’ব৷ পানীদিহিঙত এখন পশু চিকিৎসালয় স্থাপন কৰা হ’ব৷ ককিলামাৰীৰ খহনীয়াৰ সমস্যা ৰোধ কৰা হ’ব আৰু দিচাংমুখ সংযোগী বলমাঘাটত এখন পকী দলং নিমাৰ্ণ কৰা হ’ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে, টেঙাপানীত থকা দেউৰী জনগোষ্ঠীৰ উপাসনাৰ স্থলী বলিয়াবাবাৰ থানখন পৰ্যটকৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলা হ’ব আৰু থানখনৰ আন্তঃগাঁথনি উন্নত কৰা হ’ব৷ পানীদিহিঙৰ গো-পালকসকলৰ সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, পানীদিহিঙৰ গো-পালকৰ সমস্যা সমাধান কৰা হ’ব৷ তেওঁ কয় যে, গো-ব্যৱসায় বন্ধ কৰি দিয়া হোৱা নাই বিৰোধীয়ে সেয়া অপপ্ৰচাৰ চলাইছে৷ পানীদিঙিৰ গো-পালকসকলক সমবায় ভিত্তিত গাখীৰৰ ফাৰ্ম খুলিবলৈ আহ্বান জনায় আৰু ব্যৱসায় চলাই নিবলৈ কয়৷ তেওঁ লগতে কয় যে, প্ৰতিলিটাৰ গাখীৰত চৰকাৰে আঠ টকাকৈ চাবছিডি দিয়াৰ ব্যৱস্থা কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে, অসমৰ প্ৰতিজন জনগোষ্ঠীৰ লোকে মাটিৰ পট্ৰা পাব৷ জনগোষ্ঠীয় লোকসকলক মাটিৰ অধিকাৰ দিবলৈ বিজেপি চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে আৰু ২০২৬ চনৰ ভিতৰত সকলোৱে মাটিৰ পট্ৰা পাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে৷ নিবাৰ্চনী সভাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কয় যে, উত্তৰ পাৰত যাতায়াত সুচল কৰিবলৈ ঘূণাসুঁতিৰ ওপৰত দলং নিমাৰ্ণ কৰা হ’ব ৷ এতিয়া চৰকাৰৰ সৈতে গণশক্তি দল মিচিং সমাজ সকলো জড়িত হৈ আছে আৰু মন্ত্ৰী ৰণোজ পেগু. ভূৱন পেগুৱে উন্নয়নৰ ধাৰাত নেতৃত্ব প্ৰদান কৰিছে৷ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষামন্ত্ৰীৰূপে ৰণোজ পেগুৱে দায়িত্ব পালন কৰি অসমৰ শিক্ষাৰ উন্নয়নৰ বাবে আত্মনিয়োগ কৰিছে বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ই ৰাইজৰ আগত কয়৷ ইফালে দেউৰী, মিচিং, সোণোৱাল কছাৰী, নেপালী জনগোষ্ঠীৰ লোকে পৰিপূৰ্ণ ব্ৰহ্মপুত্ৰৰ পাৰৰ পানীদিহিঙক এখন মনোৰম ফুলনিৰ বাগিচা বুলি অভিহিত কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে, এইসকল জনগোষ্ঠীৰ বাবেই বৰ অসমখন বিশ্বৰ ভিতৰতে জিলিকি আছে৷ নিবাৰ্চনী সভাত মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ জনগোষ্ঠীৰ গীত,নাট, সাংস্কৃতিক বিকাশ আৰু সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে এক নতুন দপ্তৰ সৃষ্টি কৰিছে আৰু বাজেটত মুঠ এশ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে৷ দেশৰ  গৃহমন্ত্ৰী অমিত শ্বাহে অহা ২২ নৱেম্বৰত উক্ত দপ্তৰ কামৰ শুভাৰম্ভ কৰিব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, থাওৰা সমষ্টিৰ প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব আৰু বৃদ্ধ পেঞ্চনৰ অনুদান দুগুণ কৰা হ’ব৷ ইফালে অসমত ৮২ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যা আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে আৰু মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাকে গাইপ্ৰতি অনুদানৰ ব্যৱস্থা কৰা হ’ব যাতে প্ৰতিগৰাকী মহিলাই উৎপাদনমুখী কাৰ্যত লিপ্ত হ’ব পাৰে৷ কংগ্ৰেছ দলক কটাক্ষ কৰি কয় যে, কংগ্ৰেছ এতিয়া গাখীৰ নিদিয়া গাই , খিৰাই থাকিলেও কংগ্ৰেছত গাখীৰ নোলায় আৰু বিজেপিয়ে এতিয়া দৈনিক ২৬ লিটাৰ গাখীৰ দিয়ে বুলি মুখ্যমন্ত্ৰীযে৷ এতিয়া কংগ্ৰেছৰ সৈতে কোনো নাই বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সমালোচনা কৰি কয় যে, মইতো অখিল গগৈৰ দৰে দিল্লী-কলকাতালৈ যোৱা নাই৷ মই থাওৰাৰ উন্নয়নৰ বাবে প্ৰতিখন গাঁও পঞ্চায়তৰ মানুহৰ মনৰ খবৰ ল’বলৈ আহিছোঁ৷ যদি হাতত সময় থাকিলহেঁতেন প্ৰতিঘৰ ব্যক্তিৰ ওচৰলৈ গ’লোঁহেঁতেন কিন্তু যাব পৰা নাই৷ মুখ্যমন্ত্ৰীৰূপে এয়াই মোৰ বাবে তীৰ্থযাত্ৰা৷ মুখ্যমন্ত্ৰীয়ে কয় যে, দিছপুৰ আৰু পানীদিহিঙৰ সম্বন্ধ সুদৃঢ় কৰিব লাগিব৷ এতিয়া আপোলোকে সুশান্ত বৰগোহাঁইক পদুমৰ চিনত ভোট দিয়ক থাওৰাৰ উন্নয়নে ডাবোল ইঞ্জিন ৰে’লৰ দৰে গতি লাভ কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে, চিলিণ্ডাৰ চিনত ভোট দি লাভ নাই৷ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰিলেহে থাওৰাৰ উন্নয়নে গতি লাভ কৰিব৷ ইফালে অহা ডিচেম্বৰ মাহত পানীদিহিঙলৈ আহিম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে আৰু ব্ৰহ্মপুত্ৰৰ চাপৰিত সকলোৱে বিজয় উৎসৱ পাতি এসাঁজ খাম বুলি প্ৰতিশ্ৰুতি দিয়ে৷ আজি মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰ সুশান্তৰ বিজয় নিশ্চিত৷ কোনোৱে সুশান্তৰ বিজয় ৰোধিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে ঘোষণা কৰে৷ নিবাৰ্চনী সভাত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহায়ে কয় যে, থাওৰা সমষ্টিৰ উন্নয়নৰ বাবে মই সকলো বদনাম ল’বলৈ সাজু আৰু অহা ত্ৰিশ অক্টোবৰত মোক ভোট দি জয়ী কৰিলে আগন্তুক পাঁচবছৰত মই থাওৰাৰ উন্নয়ন ক্ষীপ্ৰ কৰি সকলো বদনাম নাইকিয়া কৰিম৷ আজি মুখ্যমন্ত্ৰীৰ সৈতে সাংসদদ্বয় তপন কুমাৰ গগৈ, প্ৰদান বৰুৱা, মন্ত্ৰী যোগেন মহন, পীয়ূষ হাজৰিকা, ৰণোজ পেগু, বিধায়ক ভুৱন পেগু, চক্ৰধৰ গগৈ, উৎপল বৰা, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, প্ৰশান্ত ফুকন. সুৰেণ ফুকন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চাৰিঙীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ভাস্কৰ দেউৰী, সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ দিপুৰঞ্জন মাকাৰ্ৰীয়ে সহযোগ কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি থাওৰা সমষ্টিৰ গোহাঁইবাৰী চাহ বাগিচা, নিতাইপুখুৰী উচ্ছ মাধ্যমিক বিদ্যালয় খেলপথাৰ, মহাৰাণী পঞ্চায়তৰ লখিমী পথাৰ আৰু পালেঙী উচ্ছ মাধ্যমিক বিদ্যালয় খেলপথাৰত আন চাৰিখনকৈ নিবাৰ্চনী সভাত অংশলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ মাৰাথন প্ৰচাৰ চলায়৷

সুশান্ত মানে কুশল, কুশল মানে সুশান্তঃ হিমন্ত

শিৱসাগৰ জিলাৰ থাওৰাত অনুষ্ঠিত হ’বলগীয়া  বহুচৰ্চিত উপ-নিবাৰ্চনলৈ মাজত মাথোঁ ৪ টাকৈ দিনৰ অপেক্ষা৷ ৰাজ্যৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সৰ্বাধিক ব্যয়বহুল আৰু বৌদ্ধিক-সংবাদ জগত তথা সাধাৰণ ৰাইজৰ মাজত থাওৰা বিধানসভা উপ-নিবাৰ্চনে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে৷ ইতিমধ্যে ৰাজ্যৰ কেইবাটাও আগশাৰীৰ সংবাদ গোষ্ঠীয়ে সমষ্টিৰ প্ৰাণকেন্দ্ৰ ডিমৌত মুকলি আলোচনাচক্ৰ আয়োজন কৰিছে৷ উল্লেখ্য যে, থাওৰাত শাসকীয় বিজেপি -অগপ আৰু ইউ পি পি এলৰ সমৰ্থিত সুশান্ত বৰগোহাঁই আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ মাজত হাইভল্টেজ যুঁজ পৰিলক্ষিত হৈছে৷ উপ-নিবাৰ্চনত সুশান্ত বৰগোহাঁই নে ধৈৰ্য কোঁৱৰে শেষ হাঁহি মাৰিব তাৰ ছবিখন আজি তাৰিখলৈকে স্পষ্ট হোৱা নাই৷ দুয়োটা দলৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে৷ ইফালে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুশান্ত বৰগোহাঁইৰ হৈ সমষ্টিৰ অন্যতম গোঁহাইবাৰী চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কয়, একাধিক নিৰ্বাচনী প্ৰতিশ্ৰুতি আগবঢ়ায়৷ মুখ্যমন্ত্ৰীয়ে কয়,  থাওৰা সমষ্টিৰ প্ৰতিঘৰ দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনি দিয়া হ’ব৷ অৰুণোদয় আঁচনিৰ ধন প্ৰতিমাহৰ ১০তাৰিখে হিতাধিকাৰীৰ নিজৰ একাউণ্টত সোমাব৷ আনহাতে নবেম্বৰ মাহৰপৰা মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰা প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ আগন্তুক সময়ছোৱাত ৰাজ্যৰ ২৫ হাজাৰ যুৱক-যুৱতীক আৰক্ষী বিভাগত মকৰল কৰা হ’ব৷ ইয়াৰ বাবদ দুখীয়া পৰিয়ালে এটকাও পইচা ঘোচ দিব নালাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ থাওৰা সমষ্টিত কেৱল ৰাস্তা-ঘাট আৰু দলঙৰ সমস্যা আছে৷ সুশান্ত বৰগোহাঁই জয়ী হ’লে এই দুটা সমস্যা সমাধান কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে৷ আনহাতে, গোহাঁইপুখুৰী গাঁও পঞ্চায়তৰ চেঁচামুখ তিনিআলিৰপৰা ভেকুঁৰীচাপৰি হৈ ৰজাবাৰী গাঁও পঞ্চায়তলৈ প্ৰায় ২০ কিঃমিঃ পথ নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ তদুপৰি, নিতাইপুখুৰী চাৰিআলিৰপৰা পাৰলিগুৰি হৈ বামৰজাবাৰীলৈ যোৱা পথটো নিৰ্মাণ কৰা হ’ব বুলি ভাষণত প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ জীৱিকা সখীৰ লগত জড়িত প্ৰতিগৰাকী সদস্যক আৰ্থিক অনুদান আগবঢ়োৱা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়, চাহ বাগিচাৰ শ্ৰমিকসকলক আজি ২০৫ টকাকৈ হাজিৰা প্ৰদান কৰা হৈছে৷ অখিল গগৈক তীব্ৰ সমালোচনা কৰি কয় যে, নিৰ্দলীয় বিধায়কজনে শিৱসাগৰ সমষ্টি উন্নয়নৰ বাবে মোক অনুৰোধ কৰি থাকে৷ নিৰ্দলীয় বিধায়কজনে অধিকাংশ সময় প্ৰেছ কনফাৰেঞ্চৰ নামত ব্যয় কৰে৷ সমষ্টিৰ উন্নয়নৰ কামত কোনো কানসাৰ নিদিয়ে৷ থাওৰাত গেছ চিলিণ্ডাৰ পাৰ্টীৰ বাহিৰৰ একাংশ লোকে কাম কৰি আছে৷ কিন্তু নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত উভতি যাব৷ সমষ্টিৰ ৰাইজৰ সুখ-দুখৰ সময়ত সুশান্ত বৰগোহাঁহে থাকিব৷ থাওৰা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁইক ময়েই আজি একত্ৰিত কৰি একেখন মঞ্চত থিয় কৰাইছোঁ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ফুলনি মানে বাগিচা৷ বাগিচা মানে ফুলনি৷ সুশান্ত বৰগোহাঁই মানে কুশল দুৱৰী, কুশল দুৱৰী মানে সুশান্ত বৰগোহাঁই বুলিও কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয়, ২১ বছৰ মই একেৰাহে বিধায়ক-মন্ত্ৰী হৈ ৰাইজৰ পৰা বহুত মৰম পালোঁ৷ এতিয়া ৰাইজক মৰমবোৰ ওভতাই দিবলৈ আৰম্ভ কৰিছোঁ৷ ৰাইজৰ দলক পুনৰ সমালোচনা কৰি কয় যে, গেছ চিলিণ্ডাৰ দলে জীৱনত চৰকাৰ গঠন কৰিব নোৱাৰে৷ ৰাইজৰ দলে থাওৰাত ভাওনা কৰিবলৈহে আহিছে৷ ভাওনা শেষ হোৱাৰ পাছত ৰাইজৰ দলৰ ভাওৰীয়া থকা পৰিয়ালবোৰ পানীত হাহ নচৰা অৱস্থা হ’ব বুলিও কয়৷ আনহাতে, বজাৰত গাখীৰ দিয়া গাইহে ৰাইজে কিনে৷ গাখীৰ নিদিয়া গাই ৰাইজে ক্ৰয় নকৰে বুলিও মুখ্যমন্ত্ৰীয়ে তিৰ্যক মন্তব্য কৰে৷ কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছে সদায় নিগেটিভ কথা কয়৷ থাওৰাত মেডিকেল কলেজ হোৱাটো কংগ্ৰেছে নিবিচাৰে বুলিও কয়৷ উপস্থিত ৰাইজক উদ্দেশ্য কয় যে, সুশান্ত বৰগোহাঁই জয়ী হ’লে থাওৰা সমষ্টি ফলে-ফুলে জাতিষ্কাৰ হ’ব৷ শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে কয়, উপ-নিবাৰ্চন হোৱাটো আমাৰ বাবে সৌভাগ্যজনক৷ উপ-নিবাৰ্চনৰ বাবেহে মুখ্যমন্ত্ৰীক প্ৰতিখন পঞ্চায়তৰ ৰাইজে কাষত দেখা পোৱাৰ লগতে অঞ্চলটো পৰিভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিছে৷ মন্ত্ৰী যোগেন মহনে কয়, উপ-নিবাৰ্চন মানে সমষ্টিটো ওপৰলৈ লৈ যোৱা৷ বাই ইলেকচন মানে বিৰোধীক বিদায় দিয়া৷ ইফালে প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে কয়, মুখ্যমন্ত্ৰীয়ে আজি ৭খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজক সম্বোধন কৰা কথাই প্ৰমাণ কৰে আমি সৌভাগ্যবান৷ উল্লেখ্য যে, আজি সভাত মন্ত্ৰী যোগেন মহন, পীয়ূষ হাজৰিকা, সাংসদ তপন কুমাৰ গগৈ, বিজেপিৰ ৰাজ্যিক মুখপত্ৰ ৰূপম গোস্বামী, বিধায়ক চক্ৰধৰ গগৈ, মানৱ ডেকা, প্ৰাক্তন বিধায়ক তথা অগপৰ ৰাজ্যিক সম্পাদক হিৰণ্য কোঁৱৰ, বিজেপি শিৱসাগৰ জিলা প্ৰাক্তন সভানেত্ৰী সুৰভী ৰাজকুমাৰী, অগপৰ উপ-সভাপতি সুনীল ৰাজকোঁৱৰ, অগপৰ থাওৰা সমষ্টিৰ সভাপতি লীলাজ্যোতি ফুকন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দ্বীপুৰঞ্জন মাক্ৰাৰীকে ধৰি বহুসংখ্যক নেতা উপস্থিত থাকে৷ ইফালে মুখ্যমন্ত্ৰীয়ে আজি সমষ্টিটোত সাতখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ 

‘উপ-নিৰ্বাচনত কংগ্ৰেছ বিজয়ী হ’লে অসম 

চুক্তিয়ে আত্মা ঘূৰাই পাব’

ভৱানীপুৰৰ উপ-নিৰ্বাচনক লৈ কংগ্ৰেছ-বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত বাকযুদ্ধ লক্ষণীয় হৈ পৰিছে৷ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে৷ আজি এখন সংবাদ মেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে আজি যিমানে গোচৰ ৰুজু নকৰক কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঘৰ-গোনা, প্ৰতাৰক, বিশ্বাসঘাটক আখ্যা দিব বুলি কয়৷ পাঠশালাৰ শীতল ৰিজ’ৰ্টত আয়োজন কৰা সংবাদ মেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত ভৱানীপুৰকে ধৰি পাঁচটা সমষ্টিতে কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰি কয় যে, কালি ভৱানীপুৰত অনুষ্ঠিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাখনত সমষ্টিবাসী ৰাইজে কংগ্ৰেছ দলৰ পক্ষত যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, সেই কথাৰ পৰাই আমাৰ বিশ্বাস হয় যে, খৰ্গেশ্বৰ তালুকদাৰ আৰু আব্দুল আলিমৰ তেজে ধোৱা এই ভৱানীপুৰৰ ৰাইজে এইবাৰৰ নিৰ্বাচনত অসম চুক্তিৰ আত্মাক ঘূৰাই আনি বিজেপি চৰকাৰখনক এক সকীয়নি দিব বুলি আমি দৃঢ়তাৰে ক’ব পাৰোঁ৷ লগতে কংগ্ৰেছ সভাপতিজনে বিগত চাৰি বছৰত বিজেপি চৰকাৰে ৪,৪০০কোটি টকাৰ ধাৰ লৈ চৰকাৰ চলাই থাকি সাধাৰণ ৰাইজৰ মূৰৰ ওপৰত যি বোজা জাপি দিব বিচাৰিছে, সেই কথাৰ বিৰুদ্ধাচৰণ কৰি ভৱানীপুৰ সমষ্টিৰ ৰাইজে এইবাৰ সংকল্প লৈ বিজেপি চৰকাৰখনক এক সকীয়নি দিব বিচাৰিছে বুলি কৈ আৰু কয় যে, আপোনালোকে ভাল কাম কৰিব বুলি প্ৰতিনিধি নিৰ্বাচিত কৰিছিল৷ কিন্তু তাৰ বিপৰীতে এই চৰকাৰখনে ৰাইজৰ বিপক্ষত থিয় দিয়াৰ পোটক তুলিবলৈ সমষ্টিবাসী ৰাইজ এইবাৰ সাজু হোৱা বুলি কংগ্ৰেছ দলে বিশ্বাস কৰিছে৷  নিৰ্বাচনী সভাবোৰত মুখ্যমন্ত্ৰীজনে ৰাজহুৱাভাৱে ৰাজ্যিক কেবিনেটমন্ত্ৰী ৰণজিৎ দাসক বিভিন্ন নিৰ্দেশনা দি থকা কথাৰ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ সভাপতিজনে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ঘৰ-গোনা লোক৷ কাৰণ তেওঁ নিৰ্বাচনী সভাবোৰত হাতত মাইক্ৰ’ফোন লৈ ৰাজ্যৰ এজন কেবিনেট মন্ত্ৰীকহে ধমকি দিব পাৰে৷ কিন্তু মিজোৰামে গুলী ফুটাওঁতে গুলীৰ প্ৰত্যুত্তৰ দিবলৈ আদেশ দিবলৈ তেওঁৰ সাহস নাই৷ আনকি গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নাম সলনি কৰি আদানিক দিব খোজোতেও তেওঁ ঘৰলৈ গৈহে অনুৰোধ কৰিছিল৷ গতিকে এনেকুৱা চৰিত্ৰৰ মানুহক ঘৰ-গোনা নকৈ কি ক’ম বুলিও প্ৰশ্ন উত্থাপন কৰে৷ মুখ্যমন্ত্ৰীৰ ভিতৰত লুকাই থকা চৰিত্ৰটো আগতে মানুহে দেখা পোৱা নাছিল বুলি মন্তব্য কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন বিশ্বাসঘাটক লেং মৰা ৰাজনীতিবিদ৷ এই লেং মৰা ৰাজনীতিৰেই তেওঁ সৰ্বানন্দ সোণোৱালক সাগৰৰ পাৰত বতাহ খাবলৈ দি তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহিছে৷ তেওঁ মুখ্যমন্ত্ৰীক সমালোচনা কৰি পুনৰ কয় যে, এই লেং মৰা ৰাজনীতি কৰিয়ে হিমন্ত বিশ্ব শৰ্মাই ভৃগু ফুকনক লেং মাৰি প্ৰফুল্ল মহন্তৰ খাচ মানুহ হৈ পৰিছিল৷ তাৰ পাছত মহন্তক লেং মাৰি হিতেশ্বৰ শইকীয়াৰ খাচ মানুহ হৈছিল৷ তেনেদৰে আৰু হিতেশ্বৰ শইকীয়াক লেং মাৰি তৰুণ গগৈৰ খাচ হৈ পৰিছিল৷ এতিয়াতো তেওঁ সৰ্বানন্দক লেং মাৰি মুখ্যমন্ত্ৰীৰ আসনখনতে বহি পৰিল৷ কংগ্ৰেছ সভাপতিজনে আন এক প্ৰসংগত পুনৰ কয় যে, এইবাৰৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ ভঙা-গঢ়া কৰিব নোৱাৰে যদিও নিৰ্বাচনত ৰাইজে বিৰোধী পক্ষত ভোটদান কৰিলে কংগ্ৰেছ দলে চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে থিয় হ’বলৈ সাহস পাব৷ আৰু আমি এইদৰে গণতান্ত্ৰিকভাৱে চৰকাৰখনৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হ’ম৷ মুখ্যমন্ত্ৰীক সমালোচনা কৰি কংগ্ৰেছ সভাপতিজনে কয় যে, বিধায়ক-নেতা কিনা-বেচা কৰি নিজে এজন দালালত পৰিণত হোৱা  লোকে গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহাৰ দৰে ব্যক্তিয়ে বহি যোৱা মুখ্যমন্ত্ৰীৰ চকীখনক কলুষিত কৰা হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাই মূৰত ধৰিছে৷ স্বেচ্ছাচাৰী আৰু একনায়কত্ববাদ ৰাজনীতিৰ মহানায়কজনক নিয়ন্ত্ৰণ কৰাৰ বাবে কংগ্ৰেছ দলক সহায় কৰিবলৈ এইবাৰ ভৱানীপুৰ আৰু পাঁচ সমষ্টিৰ ৰাইজে দায়িত্ব লৈছে৷ লগতে তেওঁ কিছুদিন আগতে চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ নিজৰ গাৰ চোলা ফালিছিল৷ এইবাৰ এইজন ভূপেন বৰাই ৰাইজৰ বাবে চৰকাৰৰ বিপক্ষে ৰাজপথত যুঁজ দি বুকুত গুলী পাতি ল’বলৈ সাজু হৈছে৷ মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ পৰাজয় নিশ্চিত বুলি উল্লেখ কৰি কয় যে, এইজন ৰূপজ্যোতিয়ে এদিন মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক দালাল বুলি উপলুঙা কৰিছিল৷ কিন্তু সেইজন লোককে আকৌ বিজেপিএ টিকট দিছে৷ তেওঁক ৰাইজে এইবাৰ প্ৰত্যাখ্যান কৰাতো খাটাং৷ তদুপৰি, সাংবাদিকে সোধা আন এক প্ৰশ্নৰ প্ৰসংগত আজমলক সমালোচনা কৰি কয় যে, আজমল ৰাজনীতিক পেছা বুলি ভবা মানুহ৷ কিন্তু আমি ভাবোঁ ৰাজনীতি এখন সেৱাৰ ক্ষেত্ৰ৷ আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সম্বন্ধ এক ৰহস্য বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে, আজমলে অলপতে সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত কৈছিল যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত মোৰ ব্যৱসায় ভাল হৈছে৷ ঠিক তেনেদৰে মুখ্যমন্ত্ৰীয়েও কৈছিল যে, আজমলৰ পাৰ্টিত টিকট মই দিওঁ৷ আজিৰ এই সংবাদ মেলখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, সাধাৰণ সম্পাদক মাধুৰ্য গোস্বামী, গোলাপ শইকীয়া, সম্পাদক অৰুণ তিৱাৰী, বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শান্তনু শৰ্মা, সাধাৰণ সম্পাদক ধনজিৎ তালুকদাৰ, দিপুল পাটগিৰি, অমলেশ তালুকদাৰকে ধৰি ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে৷  ইফালে আজি ভৱানীপুৰৰ মাজগাঁৱত অনুষ্ঠিত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী জনসভাতো অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই বিজেপি মিত্ৰজোঁটক ক্ষুৰধাৰ সমালোচনা কৰি ভাষণ দিয়ে৷ সভাত ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউডিএফ দলৰ প্ৰাক্তন বিধায়ক আবুল কালাম আজাদে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ প্ৰাক্তন বিধায়ক আবুল কালাম আজাদক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে৷ 

বিজেপিৰ আশীৰ্বাদ থাকিলে জয় নিশ্চিতঃ সিংঘাল

২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত তামাৰহাটত আজি ইউ পি পি এল দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ সভাত কোক্‌ৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে ভাষণ প্ৰসংগত কয়– বি জে পিৰ আশীৰ্বাদ যাৰ ওপৰত থাকিব তাৰ জয় নিশ্চিত বুলি উল্লেখ কৰি কয় এইবাৰ বিজেপিৰ আশীৰ্বাদ ইউ পি পি এলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ ওপৰত আছে, গতিকে জিৰণ বসুমতাৰীৰ জয় নিশ্চিত৷ বিপিএফৰ সভাপতি হাগ্ৰামাক ভয় কৰিব নালাগে বুলি উল্লেখ কৰি অশোক সিংঘালে কয়, এই সমষ্টিত নাঙল, হাত আৰু তলা-চাবিৰ কোনো কাম নাই৷ উক্ত সভাত বিটিচিপ্ৰধান প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি কয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখনক ভাৰতৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰাৰ বাবে চেষ্টা কৰি আছে আৰু অসমৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত গোসাঁইগাঁও সমষ্টিৰ উন্নয়নৰ বাবে চেষ্টা কৰি আছে৷ সেয়ে মুখ্যমন্ত্ৰীৰ হাত অধিক মজবুত কৰাৰ বাবে ইউ পিপি এলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীক ভোট দিবলৈ আহ্বান জনায় বিটিচি প্ৰধানজনে৷ তদুপৰি, বিধানসভাৰ উপাধ্যক্ষ   ডাঃ নোমল মমিন, শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ সজল হিংহই গোসাঁইগাঁও সমষ্টিৰ উন্নয়নৰ বাবে মিত্ৰজোঁটৰ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়৷ আনহাতে, সমষ্টিটোৰ অন্তৰ্গত মোৰনাই চাহ বাগিচা আৰু পলাশকান্দী গাঁৱত অনুষ্ঠিত মিত্ৰজোঁটৰ সভাত কোক্‌ৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল আৰু বিটিচিপ্ৰধান প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি ইউ পি পি এলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায়৷ 

ভৱানীপুৰত বিজেপিলৈ আহিল পাঁচ শতাধিক কংগ্ৰেছী

উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ব্যাপক ৰূপত প্ৰচাৰ চলাইছে ৰাজনৈতিক দলসমূহে৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি সমষ্টিটোত কেইবাখনো সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰামকৃষ্ণ ঘোষ, অজয় পালকে ধৰি কেইবাজনো নেতা-কৰ্মীয়ে৷ ভৱানীপুৰ বিধানসভা সমষ্টিৰ দাঁতিৰবড়ী গাঁও পঞ্চায়তৰ অন্তৰ্গত দাঁতিৰবড়ী উচ্ছতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এক নিৰ্বাচনী প্ৰচাৰ সভাত দাঁতিৰবড়ী গাঁও পঞ্চায়তৰ সভানেত্ৰী তথা কংগ্ৰেছী নেত্ৰী মমতাজ বেগমৰ নেতৃত্বত পঞ্চায়তখনৰ দহজন কংগ্ৰেছী সদস্য, যুৱ নেতা হকিবৰ ৰহমানৰ লগতে প্ৰায় পাঁচশ কংগ্ৰেছৰ সমৰ্থকক লগত লৈ বিজেপিত যোগদান কৰে৷ সভাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই নিজৰ ভাষণত কয়– আমাৰ চৰকাৰে একমাত্ৰ উন্নয়নৰ কথা চিন্তা কৰে৷ বছৰ বছৰ ধৰি কংগ্ৰেছে সংখ্যালঘু লোকক ভোটবেংকৰ স্বাৰ্থতহে ব্যৱহাৰ কৰি আহিছে৷ আমি দুখীয়া মানুহৰ উন্নয়নৰ কথা চিন্তা কৰোঁ৷ আজি দুখীয়া সকলো শ্ৰেণীৰ লোকক আমি ঘৰ প্ৰদান কৰি আহিছোঁ৷ বদৰুদ্দিন আজমলে বিচাৰে আপোনালোকক কেনেদৰে শিক্ষাৰ পৰা বঞ্চিত কৰি থাকিব পাৰে, কেনেদৰে আপোনালোকক তেওঁ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে কেনেদৰে জৰা-ফুকা ৰাজনীতিৰ জৰিয়তে আপোনালোকৰ ভোট লাভ কৰি নিজক সুৰক্ষিত কৰিব পাৰিব তাৰ বাবেহে চিন্তা কৰি আহিছে৷ আপোনালোকৰ দায়িত্ব আমি লৈছোঁ উন্নয়ন আমি কৰিম৷ বদৰুদ্দিনে সদায় আপোনালোকক কোনোধৰণৰ নিৰাপত্তা দিব নোৱাৰে৷ আমি আমাৰ অঞ্চলসমূহ উন্নয়ন কৰিব লাগিব৷ আমাৰ চৰকাৰে কোনো দুৰ্নীতি কৰা ব্যক্তিক প্ৰশ্ৰয় নিদিয়ে বিগত চাৰিমাহত আপোনালোকে তাৰেই প্ৰমাণ পাইছে৷ সুদীৰ্ঘকাল কংগ্ৰেছে অসমখন শাসন কৰি আহিছিল কিন্তু ৰাজ্যখনৰ কোনো উন্নয়ন সাধন কৰিব নোৱাৰিলে বুলি ভাষণ প্ৰদান কৰে৷ সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে নিজৰ সমৰ্থনত প্ৰচাৰ চলাই ভাষণ প্ৰদান কৰে৷ উল্লেখ্য যে, পূৰ্বৰে পৰা কংগ্ৰেছৰ আধিপত্য থকা তথা সংখ্যালঘু অধ্যুষিত অঞ্চলটোত অনুষ্ঠিত বিজেপিৰ এই বিশাল নিৰ্বাচনী প্ৰচাৰ সভা তথা যোগদানপৰ্বই সমষ্টিটোত ৰাজনৈতিক নতুন সমীকৰণৰ বিশেষ তাৎপৰ্য বহন কৰিব৷ ইফালে ভৱানীপুৰৰ ধুমাৰপাথাৰত আজি অনুষ্ঠিত বিজেপিৰ এখন নিৰ্বাচনী সভাত গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হৰিনাৰায়ণ দাস আৰু সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি দাসসহ আঞ্চলিক ছাত্ৰ সন্থাৰ দহজনীয়া বিষয়ববীয়াৰ লগতে ১২৩জন যুৱকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ 

বিজেপিয়ে ভয় খাইছে, চকুত টোপনি 

নোহোৱা হৈছেঃ গণেশ কছাৰী

বিজেপিয়ে ভয় খাইছে৷ তেওঁলোকৰ চকুত টোপনি নোহোৱা হৈছে৷ এই মন্তব্য বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ৷ অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত অঞ্চলটোত প্ৰচাৰকাৰ্য তুংগত কৰি তুলিছে৷ সমষ্টিটোৰ চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে আৰু নিৰ্বাচনী প্ৰাৰ্থীসকলৰ মাজতো বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ নিৰ্বাচনী সভাই-সমিতিয়ে গাখীৰ নিদিয়া গাই গৰু গণেশ কছাৰীক ভোট দি লাভ নাই বুলি কোৱাৰ উত্তৰত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে আজি সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় গণেশ কছাৰী বলধ গৰু৷ গাই গৰুৱেহে গাখীৰ দিয়ে৷ বলধ গৰুৱে কেতিয়াও গাখীৰ নিদিয়ে৷ তেওঁ লগতে কয়– বিজেপি দলৰ মন্ত্ৰী ৰঞ্জিত দাস, ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভিক্ষাৰীৰ দৰে সম্প্ৰতি দোকানে দোকানে সেৱা কৰিবলগীয়া হৈছে৷ উন্নয়ন কৰিব পৰা নাই৷ ৰাইজ আসক্ত হৈ পৰিছে৷ তেওঁলোকে গাঁৱে গাঁৱে মিটিং কৰিব পৰা নাই৷ সেইবাবে বজাৰে বজাৰে সেৱা কৰি ফুৰিছে৷ সমাগত নিৰ্বাচনত তেওঁ ৭৫হাজাৰকৈও অধিক ভোটত জয়লাভ কৰিব বুলিও দাবী কৰে৷ আনহাতে, তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ লৈ তেওঁৰ হৈ প্ৰচাৰ চলাই আছে বুলি কয় যদিহে ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰিলে হয় তেওঁ নিশ্চয় টেক্টৰত উঠি প্ৰচাৰ কৰিলে হয়৷ আমাৰ ভিতৰত কিবা এটা আছে৷ সেইবোৰ মই ডাঙৰকৈ নকওঁ বুলিও কয়৷ গণেশ কছাৰীয়ে তেওঁলোকৰ ভিতৰত গোপন বুজা-বুজি আছে আৰু সেইবাবেই মুখ্যমন্ত্ৰীয়ে তামুলপুৰ, ঔবাৰী, আঙাৰকাটা, কাউলি আদি ঠাইত সঘনে নিৰ্বাচনী প্ৰচাৰ চলাই আছে৷ প্ৰয়োজন হ’লে তেওঁ পুনৰ তামুলপুৰ সমষ্টিলৈ আহিব বুলি কয়৷ বিশ্বজিৎ দৈমাৰী সন্দৰ্ভত তেওঁ কয় যে, এতিয়া বিশ্বজিতৰ টোপনি নাইকিয়া হৈছে৷ অঞ্চলৰ নিৰ্বাচনী সভাসমূহত সমষ্টিৰ মানুহ গোটাব নোৱাৰি পানেৰী সমষ্টিৰ পৰা আৰু ভৱেশ কলিতাই ৰঙিয়া সমষ্টিৰ পৰা বাছে বাছে মানুহ আনিবলগীয়া হৈছে বুলিও কয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগানমন্ত্ৰী ৰঞ্জিত দাস আৰু বিটিআৰৰ উপ-কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ বসুমতাৰীক বিটিআৰৰ সমবায় সমিতিসমূহৰ সুলভ মূল্যৰ দোকানীসকলে দৰিদ্ৰ হিতাধিকাৰীসকলৰ প্ৰতিমাহে চাউল বিতৰণৰ নামত ৫০টকাকৈ লোৱাৰ ক্ষেত্ৰত দোকানীসকলক তলব কৰি পইচা লোৱা কাৰ্য বন্ধ কৰিবলৈ কোৱা আৰু তেনেকুৱা এজেণ্টসকলক জে’লত পঠোৱাৰ ভাবুকি দিয়াৰ ক্ষেত্ৰত তেওঁ কয়– পূৱ ডেফেলী অখণ্ড বহুমুখী সমবায় সমিতিকে চৰকাৰে যাতায়াতৰ খৰচৰ নামত এক কৌটিতকৈও আধিক টকা দিবলগীয়া আছে বুলি উল্লেখ কৰি সেই টকা চৰকাৰে শীঘ্ৰে বহন কৰিবলৈ দাবী জনায়৷ তেওঁ লগতে কয়– বিটিআৰৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ বড়োৱে নিৰ্বাচনৰ পূৰ্বে আত্মসহায়ক গোটসমূহক ৭৫হাজাৰকৈ টকা দিম বুলি কৈ দিব পৰা নাই কিন্তু এতিয়া আত্মসহায়ক গোটসমূহক টোপোলা বিলাই আছে বুলি কয়৷ প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীয়ে নামঘৰ, মছজিদ, বাথৌ থানশালীসমূহৰ সমিতিবোৰক পইচাৰ টোপোলা পঠিয়াই আছে৷ মই দেখা নাই যদিও মোক ৰাইজে কৈ আছে বুলি কয়৷ তেওঁ কয় যদি তেওঁলোকে পইচাৰ টোপোলা পঠিয়াই আছে মই ৰাইজক ল’বলৈ কৈছোঁ বুলি উল্লেখ কৰে৷ তেওঁ ইউপিপিএল দলৰ নিৰ্বাচনী পৰ্যৱেক্ষক ৰাকেশ ব্ৰহ্মই তেওঁৰ ওপৰত কৰা এটা অভিযোগৰ উত্তৰত তেওঁ ৰাকেশ ব্ৰহ্মক ক’লা পঠা আৰু ছাগলীয়ে নাখাই কি পাগলে নকয় কি বুলি কয়৷