Logo
image

ৰাইজৰ দলে ইমান টকা ক’ত পাইছে? প্ৰশ্ন কংগ্ৰেছৰ

আমাৰ অসম, ২৭ অক্টোবৰঃ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল এতিয়া কেৱল বিজেপিৰ টাৰ্গেত নহয়৷ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰো টাৰ্গেত হৈ পৰিছে৷ ৰাইজৰ দলে নিৰ্বাচনত ব্যয় কৰা ধনক লৈ দলটোক টাৰ্গেট হিচাপে লৈছে কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলক লৈ প্ৰশ্ন কৰি কয়– ৰাইজৰ দল সৌ সিদিনা জন্ম হোৱা ৰাজনৈতিক দল৷ দলটোৰ এজনেই মাথোঁ বিধায়ক৷ নিৰ্বাচনৰ প্ৰচাৰত কিমান গাড়ী ঘূৰাইছে ৰাইজৰ দলে৷ শ শ বাইকৰ অংশগ্ৰহণেৰে বিশাল বাইক ৰেলী উলিয়াইছে৷ নিৰ্বাচনত ইমান ধন ব্যয় কৰিবলৈ ৰাইজৰ দলে টকা ক’ত পালে? অখিল গগৈৰ কংগ্ৰেছৰে মন মিলিছিল কিন্তু অংক নিমিলিল৷ অখিল গগৈৰ কোনো অস্তিত্ব নাই৷ ইফালে, মৰিয়নি সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক সমালোচনা কৰি কয়– অখিল গগৈ ফ’ৰ টুৱেণ্টী মানুহ৷ তেওঁ টকা লুভিয়াই নহয় এজন প্ৰতাৰকো৷ টকা পালেই আন্দোলন বন্ধ কৰে অখিল গগৈয়ে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো ৰাইজৰ দলক সমালোচনা কৰে৷ তেওঁ কয়– ৰাইজৰ দলৰ চৰকাৰ কোনো দিনেই নাহে৷ গতিকে ৰাইজৰ দলক ভোট দি লাভ নাই৷ ৰাইজৰ দল গাখীৰ নিদিয়া গাইগৰু৷ খিৰাই থাকিলেও গাখীৰ নোলায়৷ উল্লেখ্য, থাওৰা সমষ্টিত ৰাইজৰ দলে শাসকীয় দল বিজেপিৰ সমুখত প্ৰত্যাহ্বান হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে স্বাভাৱিকতেই ৰাইজৰ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ কিন্তু বিৰোধী দল কংগ্ৰেছেও ৰাইজৰ দলক লক্ষ্য কৰি লোৱাটো বিশেষভাৱে চৰ্চিত হৈছে৷ উল্লেখ্য, উপ-নিৰ্বাচনৰ কেইদিনমান আগলৈকে কংগ্ৰেছৰে ৰাইজৰ দলৰ মিত্ৰতাক লৈ কেইবালানি আলোচনা অনুষ্ঠিত হৈছিল৷