Logo
image

এই দীপাৱলী আলোকিত হ’ব দিব্যাংগৰ মম-চাকিৰে

আমাৰ অসম, ২৭ অক্টোবৰঃ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী৷ পোহৰৰ উৎসৱটোক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী৷ এইবাৰ দীপাৱলীৰ নিশা আলোকিত হ’ব দিবাংগ শিশু-কিশোৰৰ চাকিৰ পোহৰেৰে৷ সমাজৰ বিশেষ ভাৱে সক্ষম শিশু, কিশোৰ, যুৱক-যুৱতীসকল এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ সৃষ্টিশীলতাৰ কামত৷ তেওঁলোকে নিজৰ শিক্ষাগুৰু সকলৰ সহায়ত সাজি উলিয়াইছে ৰং বিৰঙী মাটিৰ চাকি, নানা ডিজাইনৰ মম বাতি আৰু হস্তশিল্পজাত সামগ্ৰী৷ এই সম্পৰ্কে গুৱাহাটীৰ বিৰুৱাৰীৰ ৰামকৃষ্ণ পথত থকা শিশু সাৰথিৰ শিক্ষয়িত্ৰী গায়ত্ৰী অধিকাৰীয়ে কয়– ‘আমি বিগত ২৫ বছৰ ধৰি মাটিৰ চাকি ডিজাইন কৰা কাম কৰি আহিছোঁ৷ আমাৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকল দীপাৱলীৰ সময়ত এই কামত ব্যস্ত হৈ পৰে৷ এইবাৰ ক’ভিড প্ৰট’কল মানি আমাৰ ৮ ৰ পৰা ১০জন শিক্ষাৰ্থীয়ে পাঁচ হাজাৰ মাটিৰ চাকি ডিজাইন কৰিছে৷ এই ক্ষেত্ৰত আমি তেওঁলোকক সহায় কৰোঁ৷ আমি চলিত মাহৰ ২২ অক্টোবৰৰ পৰা মাটিৰ চাকি ৰং আৰু ডিজাইন কৰা কাম আৰম্ভ কৰিছোঁ৷ বিগত দুবছৰ ক’ভিড পৰিস্থিতিৰ বাবে আমি মাটিৰ চাকি ডিজাইন কৰা কাম কৰিব পৰা নাছিলোঁ৷ এইবাৰ আমি কিছু পৰিমাণে অৰ্ডাৰ পাইছোঁ আৰু সেই অনুসৰি কাম আৰম্ভ কৰিছোঁ৷ আনহাতে শিশু সাৰথিত সুৰয ঠাকুৰ, ভাৰ্গবী কাশ্যপ, জিণ্টিমা মজুমদাৰ, দীপম দাসৰ তত্ত্বাৱধানত বিশেষভাৱে সক্ষম শিক্ষৰ্থী নিখিল বাঞ্চাল, শিৱম গুপ্তা, সৈজল জৈন, হিৰকজ্যোতি কলিতা আদিয়ে মাটিৰ চাকি সুন্দৰকৈ ৰং কৰি দীপাৱালীৰ নিশা মহানগৰীবাসীৰ গৃহ আলোকিত কৰি তুলিবলৈ সাজু কৰি তুলিছে৷ প্ৰতিগজ চাকিৰ মূল্য ১০ টকা ধাৰ্য কৰা হৈছে৷ ইফালে দীপাৱলী উপলক্ষে বিশেষভাৱে সক্ষম শিশুৰ পৰা যুৱক-যুৱতীলৈকে প্ৰশিক্ষণ প্ৰদান কৰা গুৱাহাটীৰ বিদ্যালয় ‘সহায়িকা’ শিশু নিৰ্দেশনা কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে সাঁজি উলিয়াইছে নানাৰঙী মাটিৰ চাকি৷ এই সম্পৰ্কে ‘সহায়িকা’ শিশু নিৰ্দেশনা কেন্দ্ৰৰ সঞ্চালক ঈপ্সিতা শৰ্মাই কয় ‘ এইবাৰো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰীসকলে প্ৰস্তুত কৰি উলিয়াইছে বিভিন্ন আকৃতিৰ ৰং-বিৰঙী চাকি, মম বাতি, চাকি প্লেটৰ লগতে হস্তশিল্পজাত অন্যান্য সামগ্ৰী৷ সহায়িকাই প্ৰায় চাৰি লাখ টকাৰ সামগ্ৰী প্ৰস্তুত কৰিছে৷ ইফালে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে সাজি উলিওৱা এই সামগ্ৰীসমূহ বিক্ৰীৰ ব্যৱস্থা কৰিছোঁ৷ সেই উদ্দেশ্যে আমি ২৫ অক্টোবৰৰ পৰা ৪ নৱেম্বৰপৰ্যন্ত গুৱাহাটীৰ ভঙাগড়স্থিত ৰুদ্ৰাক্ষ মলত সামগ্ৰীসমূহ বিক্ৰীৰ ব্যৱস্থা কৰিছোঁ৷ এইবাৰ আমি ২০ হাজাৰ মাটিৰ চাকি ডিজাইন কৰি বিক্ৰীৰ বাবে সাজু কৰি তুলিছো৷ এইসমূহৰ ভিতৰত আছে তিনিটকীয়া সৰু চাকিৰ পৰা এশটকীয়া ডাঙৰ আকাৰৰ চাকি, পাঁচমুখীয়া চাকি, বটল লাইট, পেলনীয়া বিভিন্ন সামগ্ৰীৰে নিৰ্মিত বিভিন্ন সামগ্ৰী৷ এইবাৰ গুৱাহাটীৰ উপৰি লংকেশ্বৰ আৰু তেজপুৰ শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰা সামগ্ৰীসমূহো বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে৷ ‘ উল্লেখ্য, প্ৰতিবছৰে দীপাৱালীৰ সময়ত দিবাংগ সকলে অশেষ ধৈৰ্য্যৰে আলফুলে সজাই তোলা মাটিৰ চাকি, মমবাতি আৰু অন্যান্য হস্তশিল্পজাত সামগ্ৰীয়ে মহাগৰীবাসীৰ লগতে মহাগৰীৰ পাশ্বৰ্বৰ্তী ঠাই সমূহত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷