Logo
image

ৰাজ্যত সৰ্বোচ্ছ গতিবেগ ৮০, সৰ্বনিম্ন ২০ কিলোমিটাৰ

আমাৰ অসম, ২৭ অক্টোবৰঃ ৰাজ্যৰ লোকনিৰ্মাণ বিভাগে [পথ] সকলো ধৰণৰ যান-বাহনৰ গতিবেগৰ ক্ষেত্ৰত সৰ্বাধিক সীমা নিৰ্ধাৰণ কৰি দিছে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে আন সকলো পথত বলৱৎ হ’ব এই নিয়ম৷ লোকনিৰ্মাণ বিভাগে [পথ] জাৰি কৰা জাননী অনুসৰি ছাইড বাম থকা ফ’ৰলেন পথত যান-বাহনৰ সৰ্বাধিক গতিবেগ ঘণ্টাত ৮০ কিলোমিটাৰ, ডাবল লেন পথত ঘণ্টাত ৭০ কিলোমিটাৰ, চাইড বাম নথকা সমতল অঞ্চলত গতিবেগ ঘণ্টাত সৰ্বাধিক ৬০ কিলোমিটাৰ, ইণ্টাৰমিডিয়েট লেনৰ পথত ঘণ্টাত ৫০ কিলোমিটাৰ, চিংগল লেনৰ পথত ঘণ্টাত ৪০ কিলোমিটাৰ বেগত যান-বাহন চলাব পাৰিব৷ গুৱাহাটী মহানগৰীত ঘণ্টাত সৰ্বাধিক ৫০ কিলোমিটাৰ, অন্যান্য নগৰ-চহৰত ৪০ কিলোমিটাৰ, শিক্ষানুষ্ঠান, জনবহুল গাঁও, বজাৰ আৰু অন্যান্য স্পৰ্শকাতৰ ঠাইত ঘণ্টাত সৰ্বাধিক ৩০ কিলোমিটাৰ বেগত যান-বাহন চলাব পাৰিব৷ অতি জনবহুল বজাৰ অঞ্চলত ঘণ্টাত সৰ্বাধিক ২০ কিলোমিটাৰ, পাহাৰৰ ডাবল লেন পথত সৰ্বাধিক ৪০ কিলোমিটাৰ আৰু পাহাৰৰ ছিংগল লেন পথত ঘণ্টাত সৰ্বাধিক ৩০ কিলোমিটাৰ বেগত যান-বাহন চলাব পাৰিব৷ ৰাজ্যত যান-বাহনৰ গতিবেদক লৈ তীব্ৰ বিতৰ্কৰ পাছত অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগে [পথ] যান-বাহনৰ গতিবেগ নিৰ্ধাৰণ কৰি দিয়ে৷ উল্লেখ্য, ৰাজ্যৰ ৰাজপথত সংঘটিত পথ দুৰ্ঘটনাৰ পাছত এইপ্ৰসংগ অধিক চৰ্চিত হৈ পৰে৷