Logo
image

আৱেগতকৈ প্ৰদূষণ ডাঙৰ নহয়...

আমাৰ অসম, ২৭ অক্টোবৰঃ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ অৰ্থাৎ এন জি টিয়ে আৰোপ কৰা নিষেধাজ্ঞা আৰু দেশৰ সৰ্বোচ্ছ আদালতে বাহাল ৰখা নিৰ্দেশনা কেৱল আবেগৰ দোহাই দি উপেক্ষা কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ৷ বায়ু প্ৰদূষণৰ মাত্ৰা দেখি অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে আগন্তুক দীপাৱলীত গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যত কেৱল দুঘণ্টা সময়ৰ বাবে ‘গ্ৰীণ ক্ৰেকাৰ্ছ’ জ্বলোৱাৰ অনুমতি দি ফটকা আৰু আন আতচবাজী জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰি নিৰ্দেশ জাৰি কৰিছিল৷ কিন্তু জনসাধাৰণৰ আবেগৰ কথা মনত ৰাখি চৰকাৰে সেই নিৰ্দেশ পালনৰ পুনৰ পৰ্যালোচনা কৰিব বুলি ৰাজহুৱা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ মন্তব্য, দীপাৱলীৰ বিষয়ে এনে সিদ্ধান্ত লোৱাৰ পূৰ্বে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰা নাছিল৷ তেওঁলোকে চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ এই নিৰ্দেশ জাৰি কৰিছে৷ চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে৷ সম্পূৰ্ণ বিষয়টো পুনৰ নতুনকৈ স্থিৰ কৰা হ’ব৷ কিয়নো ইয়াৰ সৈতে সৰ্বসাধাৰণৰ আবেগ জড়িত হৈ আছে৷

স্বতন্ত্ৰ এটা সংস্থাই পৰিৱেশ আৰু জলবায়ু সুৰক্ষাৰ বাবে জাৰি কৰা এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ এনেদৰে মুখ্যমন্ত্ৰীয়ে উপেক্ষা কৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰীৰ মন্তব্য, সৰ্বসাধাৰণৰ আবেগৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ পুনৰ্বিবেচনা কৰা হ’ব৷ পিছে দীপাৱলীত জ্বলোৱা ফটকা আৰু আতচবাজীয়ে সৃষ্টি কৰা শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণে জনসাধাৰণৰ আবেগ চিনি পাইনে বুলিও সমালোচনাৰ উদ্ভব হৈছে৷ কিয়নো প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে জাৰি কৰা এই নিৰ্দেশ জনসাধাৰণৰ পৰিপন্থী নহয়, বৰং জনস্বাস্থ্যৰ প্ৰতি উপকাৰীহে৷ অথচ মুখ্যমন্ত্ৰীৰ মতে, জনসাধাৰণৰ আবেগ-অনুভূতিহে মুখ্য বিষয়৷

তদুপৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দেশৰ প্ৰত্যেকখন চহৰ, নগৰৰ ‘এয়াৰ কোৱালিটী ইনডেক্স’ [এ কিউ আই] চাই ফটকা-আতচবাজী জ্বলোৱাৰ ক্ষেত্ৰত কিছুমান কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰি থৈছে৷ সেই অনুসৰি যিসমূহ স্থানৰ এ কিউ আই অতি শোচনীয় [পুৱ’ৰ] তেনে স্থানত সকলো ধৰণৰ ফটকা-আতচবাজী জ্বলোৱা নিষিদ্ধ৷ আনহাতে যি স্থানৰ এ কিউ আই মজলীয়া [মডাৰেট] তেনে স্থানত কম সময়ৰ বাবে নিৰ্দিষ্ট উপলক্ষত ‘গ্ৰীণ ক্ৰেকাৰ্ছ’ জ্বলাব পাৰে৷ উল্লেখ্য, গ্ৰীণ ক্ৰেকাৰ্ছৰ প্ৰদূষণৰ মাত্ৰা আন ফটকা-আতচবাজীতকৈ ৩০ শতাংশ কম৷ এবছৰ পূৰ্বে যোৱা ২৩ জুলাইত উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু সঞ্জীব শৰ্মাৰ বিচাৰপীঠে সেউজ ন্যায়াধীকৰণৰ উক্ত নিৰ্দেশ বাহাল ৰাখিছিল৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে সেউজ ন্যায়াধিকৰণ আৰু সৰ্বোচ্ছ আদালতৰ নিৰ্দেশ অনুসৰিয়েই যোৱা ২২ অক্টোবৰত এই জাননী জাৰি কৰিছিল৷ সম্প্ৰতি অসমৰ এ কিউ আই মজলীয়া [মডাৰেট] হোৱাৰ বাবে সকলো ধৰণৰ ফটকা-আতচবাজী ৰাজ্যত নিষিদ্ধ কৰি নিশা দুঘণ্টাৰ বাবে গ্ৰীণ ক্ৰেকাৰ্ছ জ্বলোৱাৰ অনুমতি দিছিল৷ বিগত বছৰ গুৱাহাটীৰ এ কিউ আই অতি বেয়া [পুৱ’ৰ] হোৱাৰ বাবে মহানগৰীত সকলো ধৰণৰ ফটকা-আতচবাজী প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে নিষিদ্ধ কৰিছিল৷ বিজ্ঞান সন্মতভাৱে এটা স্বতন্ত্ৰ সংস্থাই সেউজ ন্যায়াধিকৰণ আৰু উচ্ছতম ন্যায়ালয়ৰ নিষেধাক্ষা পালন কৰি জাৰি কৰা নিৰ্দেশ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে ৰাজহুৱাকৈ প্ৰত্যাখান কৰাৰ ফলত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰশ্ন উঠিছে স্বাস্থ্য গুৰুত্বপূৰ্ণ নে আবেগ, ফটকা প্ৰয়োজনীয় নে প্ৰদূষণ নিয়ন্ত্ৰণ?