Logo
image

দোকান-পোহাৰ নিশা ১০ বজালৈ, ৰেস্তোৰাঁত ৫০ শতাংশ

আমাৰ অসম, ২৭ অক্টোবৰঃ ৰাজ্যত ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে বলৱৎ হৈ থকা সান্ধ্য আইনত কিছু শিথিলতা অনা হৈছে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে সোমবাৰে  প্ৰকাশ কৰিছে নতুন এছ অ’ পি৷ নতুন এছ অ’ পি অনুসৰি নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব৷ শাক-পাচলি, গেলামাল আদি বিভিন্ন ধৰণৰ দোকান নিশা ১০ বজালৈ খোলা ৰাখিব পাৰিব৷ ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়-বিভাগত নিশা ১০ বজাৰ পাছত কাম কৰিব নোৱাৰিব৷ ৰেস্তোৰাঁ, ধাবা আদি ৫০ শতাংশ আসনেৰে নিশা দহ বজালৈ খোলা ৰাখিব পাৰিব৷ কমেও এটা ক’ভিড ভেক্‌চিন লোৱা ৰিক্সা, অটো, টেক্সী চালকে এশ শতাংশ যাত্ৰী অনা-নিয়া কৰিব পাৰিব৷ আন্তঃজিলা আৰু জিলাৰ ভিতৰত বাছৰ চলাচলত কোনো বাধা ৰখা হোৱা নাই যদিও বাছত থিয় হৈ যোৱাকৈ যাত্ৰী উঠাব নোৱাৰিব৷ বিয়া আৰু আন ধৰ্মীয় অনুষ্ঠানত সৰ্বাধিক ৫০জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব৷ মৃতকৰ অন্তে্যষ্টিক্ৰিয়াটো সৰ্বাধিক ৫০জন লোক সমবেত হ’ব পাৰিব৷ চিনেমা-থিয়েটাৰৰ প্ৰেক্ষাগৃহত দুয়োটা ভেক্‌চিন লোৱা আৰু ৫০ শতাংশ দৰ্শকক প্ৰৱেশৰ অনুমতি দিয়া হ’ব৷ ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট জিলাত বলৱৎ হৈ থকা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ নীতি-নিৰ্দেশনা কাৰ্যকৰী হিচাপে গণ্য কৰা হ’ব৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো পূৰ্বৰ দৰে থাকিব৷ এখন দোকানৰ ভিতৰত একে সময়ত পাঁচজনতকৈ অধিক লোক প্ৰৱেশ কৰিব নোৱাৰিব৷ গ্ৰাহক আৰু দোকানীৰ মাজত কমেও ছয় ফুট ব্যৱধান সুনিশ্চিত কৰিব লাগিব৷ গৰ্ভৱতী, ৩ বছৰ বা তাতকৈ পৰা কম বয়সৰ শিশু থকা মাতৃয়ে ঘৰৰ পৰা কাম কৰিব পাৰিব৷ এই নিয়ম চৰকাৰী, ৰাজহুৱা খণ্ডৰ অনুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত যিকোনো পৰ্যায়ৰ মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব৷ মঙলবাৰৰ নিশাৰ পৰাই কাৰ্যকৰী হ’ব এই এছ অ’ পি৷ উল্লেখ্য, মঙলবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৩৪৭ জন লোক৷ কেৱল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১৬২ জন লোক৷ ৰাজ্যত মঙলবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩ জন লোকৰ৷ ৰাজ্যত পজিটিভিটীৰ হাৰ ০.৮১ শতাংশ।