Logo
image

লাভলীনা, নীৰজৰ নাম ‘খেলৰত্ন’ৰ তালিকাত

আমাৰ অসম, ২৮ অক্টোবৰঃ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি অসমৰ ক্ৰীড়া ইতিহাসত নজিৰ স্থাপন কৰা বক্সাৰ লাভলীনা বৰগোহাঁইৰ নাম দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান মেজৰ ‘ধ্যানচান্দ খেলৰত্ন’ৰ  বাবে প্ৰস্তাব কৰা হৈছে৷ লাভলীনাসহ মুঠ ১১জন খেলুৱৈৰ নাম এই বঁটাৰ বাবে মনোনীত কৰিছে ৰাষ্ট্ৰীয় ক্ৰীড়াবঁটা বাছনি কমিটিয়ে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল অলিম্পিকত ব্যক্তিগত স্বৰ্ণপদক জয় কৰা ভাৰতৰ দ্বিতীয়জন খেলুৱৈ নীৰজ চোপ্ৰা৷ জেভেলিন থ্ৰ’ৱাৰ নীৰজৰ উপৰি টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী মল্লযোদ্ধা ৰবি দাঢ়িয়াৰ নামো খেলৰত্ন বঁটাৰ বাবে প্ৰস্তাব কৰা হৈছে৷ তদুপৰি ভাৰতীয় হকী দলৰ গ’লৰক্ষক পি আৰ শ্ৰীজেশ আৰু ভাৰতীয় মহিলা টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ নাম দেশৰ এই সবোৰ্চ্ছ ক্ৰীড়া সন্মানৰ বাবে প্ৰস্তাব কৰা হৈছে৷ আনহাতে, খেলৰত্ন বঁটাৰ বাবে প্ৰস্তাৱিত তালিকাত প্ৰথমজন ফুটবলাৰ হিচাপে স্থান পাইছে সুনীল চেত্ৰীয়ে৷ ইফালে, পেৰা অলিম্পিকত ভাগ লোৱা খেলুৱৈসকলৰ প্ৰদৰ্শন বিবেচনা কৰাৰ বাবে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদানত পলম হয়৷ ২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত টকিঅ’ পেৰা অলিম্পিকত  স্বৰ্ণপদক লাভ কৰা আটাইকেইজন খেলুৱৈৰ নাম খেলৰত্ন বঁটাৰ বাবে বাছনি কনিটিয়ে প্ৰস্তাব কৰিছে৷ তেওঁলোক হ’ল- অৱনি লেখাৰা আৰু মনীষ নাৰৱাল [শ্বুটিং], সুমিত আণ্টিল [জেভেলিন থ্ৰ’], প্ৰমোদ ভগৎ আৰু কৃষ্ণ নাগৰ¸  [বেডমিণ্টন]৷ একেদৰে ৩৫ জন খেলুৱৈৰ নাম অৰ্জুন বঁটাৰ বাছনি তালিকাত স্থান দিয়া হৈছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল ক্ৰিকেটাৰ শিখৰ ধৱন, অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ফেন্সিং খেলুৱৈ ভৱানী দেৱী, অলিম্পিয়ান বক্সাৰ ছিমৰমজিৎ কৌৰ, ৰেষ্টলাৰ দীপক পুনিয়াৰ লগতে কেইবাগৰাকী এথলীট আৰু পেৰা এথলীট৷ তদুপৰি  টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা  ভাৰতীয় পুৰুষ হকী দলটোৰ খেলুৱৈসকলক এই বঁটাৰ তালিকাত স্থান দিছে বাচনি কমিটিয়ে৷ অৱশ্যে মনপ্ৰীত সিং আৰু শ্ৰীজেশে পূৰ্বতেই অৰ্জুন বঁটা লাভ কৰাৰ বাবে তেওঁলোক দুজনক মনোনীত কৰা হোৱা নাই৷ উল্লেখ্য, ২০২০ চনত পাঁচগৰাকী খেলুৱৈক খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল৷