Logo
image

প্ৰচাৰ শেষ, ‘খেলা’ আৰম্ভ

আমাৰ অসম, ২৮ অক্টোবৰঃ ৰাজ্যৰ পাঁচ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বুধবাৰে সন্ধিয়া ৫ বজাত অন্ত পৰে৷ এতিয়া খেলা আৰম্ভ হৈছে৷ ভোটাৰক নিজৰ পক্ষলৈ অনাৰ বাবে আৰম্ভ হৈছে শেষ নিশাৰ খেল৷ বক্ৰপথেৰে হ’লেও প্ৰতিপক্ষৰ ভোটাৰক নিজৰ পক্ষলৈ অনাৰ বাবে আৰম্ভ হৈছে এই খেল৷ ইতিমধ্যে নিৰ্বাচনৰ প্ৰচাৰ সভাসমূহতে ভংগ হৈছে নিৰ্বাচনী আচৰণবিধি৷ ক’ভিড পৰিস্থিতিত অনুষ্ঠিত উপ-নিৰ্বাচনৰ প্ৰচাৰত মুকলিভাৱে ভংগ কৰা হৈছে ক’ভিড বিধি৷ নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ সময়তে বিভিন্ন ৰাজনৈতিক দলে অবাধে ভংগ কৰিছে নিৰ্বাচনী আচৰণবিধি৷ কিন্তু তৎসত্ত্বেও যেন নিৰৱ, নিৰ্লিপ্ত নিৰ্বাচন আয়োগ৷ নিৰ্বাচন আয়োগৰ দুৰ্বল স্থিতিত সাধাৰণ লোকেও প্ৰশ্ন তুলিছে৷ ক’ভিডকালীন পৰিস্থিতিৰ বাবে নিৰ্বাচন আয়োগ এইবাৰ ৭২ ঘণ্টা আগতে ৰাজনৈতিক দলসমূহক প্ৰচাৰ অভিযানৰ সামৰণি পেলাবলৈ নিৰ্দেশ দিছিল৷ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিমটো দিনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গোসাইগাঁও ভবানীপুৰ আৰু তামুলপুৰ সমষ্টিত প্ৰচাৰ চলায়৷ গোসাইগাঁৱত বিশাল জনসভাত ভাগলৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় পূৰ্বৰ বি টি আৰ চৰকাৰে গোসাইগাঁৱৰ বিকাশৰ বাবে প্ৰয়াস নচলোৱাৰ ফলত অঞ্চলটো পিছপৰি আছে৷ ভবানীপুৰ সমষ্টিত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই জনতাক শিকায় উপ-নিৰ্বাচনৰ সংজ্ঞা৷ তেওঁ কয়–সাধাৰণ নিৰ্বাচনত চৰকাৰ সলনি হয়৷ কিন্তু উপ-নিৰ্বাচনত বিধায়ক ‘বনোৱা’ বয়৷ বিজেপি, ইউ পি পি এল আৰু অগপ মিলি ইতিমধ্যে চৰকাৰে গঠন কৰিছে৷ কংগ্ৰেছ ইউ ডি এফ আৰু নাঙল পাৰ্টীয়ে দানা খাব কিন্তু গাখীৰ নিদিয়ে৷ মানুহে বজাৰৰ পৰা গাখীৰ নিদিয়া গৰু কিনি আনিব নেকি? নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিনত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গোসাইগাঁও, ভবানীপুৰ আৰু তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়৷ তিনিওটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়–কংগ্ৰেছে তেওঁলোকৰ শাসনকালত কেৱল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰহে কৰিছিল৷ কংগ্ৰেছে সদায়েই অসম তথা উত্তৰ পূৰ্বাঞ্চলক মাহী আইৰ দৃষ্টিৰে চাইছিল৷ বিজেপিৰ শাসনকালত নতুন দিগন্তৰ সূচনা হৈছে৷ বিজেপিৰ ৰাষ্ট˜ীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই তামুলপুৰ-ভবানীপুৰ সমষ্টিত পদব্ৰজে গৃহ সম্পৰ্ক কাৰ্যসূচী ৰূপায়ণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ইউ ডি ব্ৰহ্ম, অশোক সিংঘল, বিটিচি মুৰব্বী প্ৰমোদ বড়ো, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা আদিয়েও অন্তিমটো দিনত প্ৰচাৰ চলায়৷ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত থাওৰাত ৰাইজৰ দলৰ কাৰ্যালয় লণ্ডভণ্ড কৰে বিজেপিৰ একাংশ সমৰ্থকে৷ ইফালে থাওৰাত সুশান্ত বৰগোহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়–অখিল গগৈয়ে টকাৰ মায়াজালেৰে পৰিবেষ্টিত হৈ আছে৷ অখিল গগৈয়ে উপ-নিৰ্বাচনত বিজেপিয়ে ৫০ কোটি টকা ব্যয় কৰা বুলি কৈছে৷ এটা উপ নিৰ্বাচনত ৫০ কোটি টকা ব্যয় কৰাৰ কথা কেতিয়াও শুনা নাই৷ এয়া থাওৰাৰ মানুহৰ বাবে অপবাদ৷ দেবব্ৰত শইকীয়াৰ অখিল গগৈৰ সৈতে সনা-পিটিকা আছে৷ সেইবাবে থাওৰাত দুৰ্বল প্ৰাৰ্থী দিছে কংগ্ৰেছে৷ লক্ষণীয়ভাৱে বিটিএডিত বিজেপি-ইউ পি পি এলৰে মিলি পৰিষদীয় গঠন কৰা জি এছ পিৰ সভাপতি সাংসদ নৱ শৰণীয়াই ইউ পি পি এলৰ বিৰুদ্ধে প্ৰচাৰ চলায়৷ ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভবানীপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়৷ ভবানীপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বৰাই কয়–কালি অসমৰ মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচনৰ প্ৰচাৰত অতি হাস্যকৰ ভাৱে কৈছে যে তেওঁ হেনো থাওৰা বিধানসভা সমষ্টিলৈ উন্নয়নৰ গংগা বোৱাই আনিব৷ প্ৰকৃততে মুখ্যমন্ত্ৰীজনে ক’ব লাগিছিল যে যোৱা সময়ছোৱাত মাথোঁ থাওৰালৈকে নহয় সমগ্ৰ অসমলৈ তেওঁ উন্নয়নৰ গংগা নহয়, ঋণৰ গংগা হে বোৱাই আনিছে৷ কাৰণ তেওঁ বিত্তমন্ত্ৰী হৈ থকা অৱস্থাতে অসম সৰ্বকালৰ সৰ্বাধিক ঋণগ্ৰস্ত হ’ল৷ কাৰণ তেওঁৰ দিনতে ৰাজ্য চৰকাৰৰ ঋণৰ বোজা ২০২০-২১ বৰ্ষত হৈছে ৭৯, ৭৫৫ কোটি টকা৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় পৰিসংখ্যা প্ৰকল্প ৰূপায়ণ মন্ত্ৰালয়ে৷ চলিত বৰ্ষত এই ঋণৰ বোজা হ’বগৈ প্ৰায় ৯৮, ০০০ কোটিতকৈও অধিক৷ তদুপৰি তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ ছয় মহীয়া শাসনকালৰ যোৱা চাৰি মাহতে ৰাজ্যিক উন্নয়নী ঋণৰ নামত ৪,৫০০ কোটি টকা আৰু ৩,৯০০ কোটি টকাৰ চৰকাৰী বণ্ডৰ[গৱৰ্নমেণ্ট ছিকিউৰিটি] নিলামৰ যোগেদি ঋণ লৈছে৷ অৰ্থাৎ যোৱা চাৰি মাহতে এই ঋণৰ পৰিমাণ হ’ল ৮,৪০০ কোটি টকা৷ ২১ অক্টোবৰত চৰকাৰী নিলামৰ যোগেদি ১,০০০ কোটি টকাৰ ঋণ লোৱাৰ কথা আছিল৷ যদিহে এই ঋণ লাভ কৰিছে তেন্তে এই ঋণৰ পৰিমাণ হবগৈ ৯,৪০০ কোটি টকা৷
প্ৰতিটো ভোট কেন্দ্ৰতে ৱেব্‌কাষ্টিঙৰ ব্যৱস্থা
অসম বিধান সভাৰ সমাগত উপ নিৰ্বাচন মুক্ত, নিকা আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ অৰ্থে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই ভোট গ্ৰহণৰ নিৰীক্ষণ প্ৰক্ৰিয়াত ৱেবকাষ্টিঙৰ ব্যৱস্থা সংযোগ কৰিছে৷ এই অনুসৰি উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ ৫টা সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰতে এই ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ আগন্তুক উপ নিৰ্বাচনৰ বাবে সৰ্বমুঠ ১,১৩৫টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব৷ উল্লেখ্য, এই ব্যৱস্থাৰ জৰিয়তে ভোট কেন্দ্ৰসমূহৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ পৰ্যবেক্ষণ কৰিব পাৰিব৷ আনহাতে ভোটকেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰ স্থাপন কৰা স্থানত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ জোৱানৰ গোট মোতায়েন কৰা হ’ব৷
উজনি-নামনিত মুখ্যমন্ত্ৰী হিমন্তৰ ভিন্ন ৰূপ
মিঞাৰ নাম শুনিলেই সাতটা জাঁপ মৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বুধবাৰে দেখা গৈছে এটা অন্য ৰূপ৷ উজনিত নিৰ্বাচনী সভাসমূহত মুছলমানৰ ভোট নালাগে বুলিয়েই ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ শৰ্মাৰ বাবে গোসাঁইগাঁও ভবানীপুৰ সমষ্টিত অতি আপোন হৈ পৰিল মুছলমান৷ ভবানীপুৰত মুছলমান মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী শৰ্মাই কয়– বাচ্ছা বেছিকৈ জন্ম নিদিবি৷ যিকেইটা আছে সিহঁতক ডাক্তৰ-ইঞ্জিনিয়াৰ বনাব লাগিব৷ স্কুল-কলেজলৈ পঠাব লাগিব সিহঁতক৷ ডাঙৰ মানুহ বনাব লাগিব৷ বেৰিকেড ভাঙি ৰাইজৰ মাজলৈ যোৱা সময়ত মুখ্যমন্ত্ৰী শৰ্মাই মুছলমান মহিলাসকলক উদ্দেশ্যি এনেদৰে কয়৷ ইয়াৰ মাজতে সভাত ভাগ ল’বলৈ অহা ‘ভাগিন’সকলে মুখ্যমন্ত্ৰী শৰ্মাক উদ্দেশ্যি প্ৰশ্ন কৰে– মামা, আমাক বুলেট কেতিয়া দিব? অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই এনে প্ৰশ্নৰ পৰা এৰাই চলে৷ উল্লেখ্য, এইবাৰ উপ-নিৰ্বাচনত প্ৰচাৰৰ মান উদ্বেগজনকভাৱে অৱনমিত হোৱা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিপক্ষৰ প্ৰাৰ্থীক বাজি গাইৰ লগত তুলনা কৰাৰ উপৰি নিৰ্বাচনী সভাৰ মঞ্চতে ঠাট্টা-মস্কৰা কৰা পৰিলক্ষিত হয়৷ মন্ত্ৰী পীয়ূষ হাজৰিকা, ৰঞ্জিত কুমাৰ দাস, বিধায়ক জয়ন্ত মল্ল বৰুৱা বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিপক্ষক উদ্দেশ্যি কৰা ঠাট্টা-মস্কৰাভৰা আচৰণে বিদ্বৎ সমাজক অসন্তুষ্ট কৰি তুলিছে৷