Logo
image

দেশৰ ভিতৰতেই অসমৰ জলবায়ুৰ বিপজ্জনক পৰিৱৰ্তন

আমাৰ অসম, ২৮ অক্টোবৰঃ সুজলা, সুফলা বিনন্দীয়া অসমৰ চিৰসেউজ প্ৰকৃতি যেন কৰবাত হেৰাই গৈছে৷ শক্তি পৰিৱেশ আৰু পানী পৰিষদ চমুকৈ চি ই ই ডব্লিউ নামৰ সংস্থাটোৱে উদঙালে প্ৰকৃতি ধবংসৰ ভয়ংকৰ বাস্তৱতা৷ মঙলবাৰে প্ৰকাশ কৰা প্ৰতিবেদনত চি ই ই ডব্লিউয়ে অসমৰ ধেমাজি, নগাঁও জিলাক ভাৰতৰ বিভিন্ন ৰাজ্যৰ জলবায়ু পৰিৱৰ্তনৰ সৰ্বাধিক বিপন্ন জিলা সমূহৰ মাজত স্থান দিয়াৰ পাছতে উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেম৷ উল্লেখ্য যে দেশৰ আগশাৰীৰ জলবায়ু গৱেষণা সংস্থা চি ই ই ডব্লিউৱে ক্লাইমেট ভালনাৰেবিলিটিৰ শীৰ্ষত দেশৰ ৰাজ্যসমূহৰ ভিতৰতে সামগ্ৰিকভাৱে অসমক স্থান দিছে৷ অসমৰ পাছতে ক্ৰমে অন্ধপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু বিহাৰে স্থান লাভ কৰিছে৷ দেশৰ ৬৪০ খন জিলাৰ ভিত্তিত চি ই ই ডব্লিউৱে এই সমীক্ষা চলাইছিল৷ লক্ষণীয় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰাজ্যবাসীয়ে এইবাৰ  নিজেও অনুভৱ কৰিব পাৰিছে৷ প্ৰায় নৱেম্বৰ মাহ আৰম্ভ হ’ল যদিও এতিয়াও শাওন, ভাদ মাহৰ দৰে ৰাজ্যত অব্যাহত আছে উৎকট গৰম৷ কোনো কাৰণ নোহোৱাকৈয়ে লুইতত বৃদ্ধি পাইছে জলস্তৰ৷ চৌদিশে গছবন কাটি তহিলং কৰা, পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষাৰ প্ৰতি চৰকাৰৰ উদাসীনতাই সমগ্ৰ ৰাজ্যবাসীলৈ মাতি আনিছে অশনি সংকেত৷ দিল্লী কলকাতাৰ দৰে ব্যস্ত চহৰ সমূহতো পৰিকল্পিতভাৱে যথেষ্ট গছবন থকাৰ বিপৰীতে টকলা গুৱাহাটীৰ বক্ষই উদঙাই দিছে কোন দিশে গৈ আছে অসম৷ উল্লেখ্য যে চি ই ই ডব্লিউৰ প্ৰতিবেদনত অসমকে ধৰি দেশৰ জিলাসমূহৰ প্ৰাকৃতিক আন্তঃগাঁথনি ভাগি পৰাৰ সন্দৰ্ভত মুখ্যতঃ অৰণ্য ধবংস, নিবিচাৰ নিৰ্মাণ কাৰ্য, জলাহভূমি পুতি পেলোৱা বা ধবংস কৰা, প্ৰাকৃতিক ইক’ছিষ্টেম ধবংস কৰা আদি কাৰকেই জগৰীয়া কৰা হৈছে৷ ইয়াৰ লগতে  ইটাভাটা, চিমেণ্ট কাৰখানাৰ প্ৰদূষণ, শিলৰ কুৱেৰীৰ দ্বাৰা হোৱা পৰিৱেশ ধবংস, যান-বাহনৰ ধোৱাৰ পৰা হোৱা প্ৰদূষণ, ৰাসায়নিক দ্ৰব্যৰ বাবে পানী প্ৰদূষণ, অতিমাত্ৰাত কীটনাশকৰ ব্যৱহাৰ আদি কাৰকসমূহকো স্থানীয়ভাৱে পৰিৱেশ ধবংসৰ বাবে জগৰীয়া কৰা হৈছে৷