Logo
image

এইপৰ্যন্ত অসমত ২ কোটি ড’জ ভেক্‌চিন প্ৰদান

আমাৰ অসম, ২৮ অক্টোবৰঃ অসমত ক’ভিড প্ৰতিষেধক অভিযানৰ সফলতাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বুধবাৰে আন এক মাইলৰ খুঁটি অতিক্ৰম কৰিলে৷ ৰাজ্যৰ ২ কোটি লোকক ক’ভিড প্ৰতিষেধক অভিযানৰ অধীনত সামৰি ল’বলৈ সক্ষম হ’ল স্বাস্থ্য বিভাগ৷ ভাৰত চৰকাৰৰ Cowin প’ৰ্টেলৰ তথ্য অনুসৰি বুধবাৰে বিয়লি ৰাজ্যত প্ৰথম পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যাই ২ কোটিৰ সীমা অতিক্ৰম কৰে৷ আনহাতে, বুধবাৰে বিয়লি ৩.৩০ বজালৈকে ৰাজ্যৰ ৭৬,০৬,৩৩৭ গৰাকী লোকে দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে৷ ইয়াকে ধৰি ৰাজ্যবাসীৰ মাজত আজিলৈকে মুঠ ২,৭৬,০৯,৯৬০ পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিলে স্বাস্থ্য বিভাগে৷ ক’ভিড প্ৰতিষেধক অভিযানত অসমে লাভ কৰা এই আশাব্যঞ্জক সফলতাৰ ক্ষেত্ৰত ব্যাপক সঁহাৰি জনোৱাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে ৰাজ্যৰ চুকে-কোণে, গাঁৱে-ভূঞে এই অভিযানক সফল কৰি তোলাত সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰতিগৰাকী চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনৱাড়ী কৰ্মী-সহায়িকা, গাঁওবুঢ়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ স্বাস্থ্যমন্ত্ৰীজনে জিলা প্ৰশাসনসমূহৰ লগতে জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলে এই অভিযান সফল কৰাৰ বাবে গ্ৰহণ কৰা ভূমিকাৰো শলাগ লয়৷