Logo
image

শিলচৰ মেডিকেলত প্ৰথমটো নিউৰ’ ছাৰ্জাৰী সম্পন্ন

আমাৰ অসম, ২৯ অক্টোবৰঃ বৰাকৰ স্বাস্থ্যসেৱা খণ্ডত নতুন মাত্ৰাৰ সংযোজনেৰে বৃহস্পতিবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰথমবাৰলৈ সম্পন্ন হ’ল নিউৰ’ছাৰ্জিকেল অপাৰেচন৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ’ছাৰ্জাৰী বিভাগৰ বাবে ‘কনছালটেণ্ট’ হিচাপে নিযুক্তি দিয়া বিশিষ্ট নিউৰ’ছাৰ্জন ডাঃ সম্বুদ্ধ ধৰৰ নেতৃত্বত চিকিৎসা মহাবিদ্যালয়খনৰ বিশেষ স্নায়ুৰোগ অস্ত্ৰোপচাৰ গোটে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়খনত বৃহস্পতিবাৰে দুটাকৈ স্নায়ুজনিত অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে৷ ডাঃ ধৰৰ নেতৃত্বত চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ বিভাগৰ তত্ত্বাৱধায়ক অধ্যাপক ডাঃ বিষ্ণু পিনাক এন জি আৰু ছিনিয়ৰ ৰেছিডেণ্ট চিকিৎসক ডাঃ বিশ্বজিৎ দেৱনাথক লৈ গঠিত স্নায়ুৰোগ বিশেষজ্ঞ-ছাৰ্জনৰ দলটোৱে মগজুত বেয়াকৈ আঘাত পোৱা এটি ১২ বছৰীয়া কিশোৰ আৰু এজন ৪০ বছৰীয়া লোকৰ শৰীৰত সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰে৷   অস্ত্ৰোপচাৰ সম্পন্ন হোৱা ৰোগী দুজন কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ বাসিন্দা৷ অস্ত্ৰোপচাৰৰ পাছত সম্প্ৰতি দুয়োজন ৰোগীৰে স্বাস্থ্য সন্তোষজনক বুলি চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ স্বামীয়ে সদৰি কৰিছে৷ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰথমবাৰলৈ সফলতাৰে দুটাকৈ নিউৰ’ছাৰ্জিকেল অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ সক্ষম হোৱাৰ বাবে ডাঃ সম্বুদ্ধ ধৰ, ডাঃ বিষ্ণু পিনাক এন জিসহ চিকিৎসক-ছাৰ্জনৰ দলটোৰ লগতে চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষক অভিনন্দন জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ স্বাস্থ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে যে শিলচৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত স্নায়ুৰোগৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ বিভাগক আৰু অধিক উন্নীত কৰিবলৈ স্বাস্থ্য বিভাগে ব্যৱস্থা লৈছে৷ বিভাগটোৰ বাবে বিশ্বমানৰ তথা অত্যাধুনিক প্ৰযুক্তিৰ যন্ত্ৰ-পাতি অনাৰ বাবেও চৰকাৰে ইতিমধ্যে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে৷ বৃহস্পতিবাৰে সন্ধিয়া কাছাৰৰ উপায়ুক্ত কীৰ্থি জলীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ গৈ স্নায়ুৰোগ বিশেষজ্ঞ-ছাৰ্জনৰ দলটোক স্বাস্থ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনৰ হৈ অভিনন্দন আৰু সম্বৰ্ধনা জনায়৷ শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ স্বামীয়ে জনোৱা মতে, ৰাজ্য চৰকাৰে স্নায়ুৰোগ বিশেষজ্ঞ তথা ছাৰ্জন ডাঃ ধৰক চিকিৎসা মহাবিদ্যালয়খনত নিযুক্তি দিয়াৰ সূত্ৰে এতিয়াৰে পৰা বৰাকৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ ছাৰ্জাৰীৰ ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নহাকৈ শিলচৰতে নিউৰ’ছাৰ্জাৰীৰ ব্যৱহাৰিক শিক্ষা-অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাব৷ ইফালে, চিকিৎসা মহাবিদ্যালয়খনত স্নায়ুৰোগ তথা স্নায়ুজনিত অস্ত্ৰোপচাৰ বিভাগক শক্তিশালী ৰূপত গঢ়াৰ বাবে বিভাগটোত ডাঃ ধৰৰ লগতে বিভাগীয় তত্ত্বাৱধায়ক অধ্যাপক ডাঃ বিষ্ণু পিনাক এন জি, জ্যেষ্ঠ আৱাসিক চিকিৎসক ডাঃ বিশ্বজিৎ দেৱনাথ আৰু ছাৰ্জাৰী বিভাগৰ স্নাতকোত্তৰ মহলাত অধ্যয়নৰত চিকিৎসক-ছাত্ৰসকলক লৈ এটা বিশেষ নিউৰ’ছাৰ্জাৰী গোট গঠন কৰিছে শিলচৰ চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষই৷ অহা ৰ নৱেম্বৰৰ পৰা সপ্তাহৰ প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত স্নায়ুৰোগ বিভাগৰ বৰ্হিঃচিকিৎসা সেৱা [অ’পিডি] মুকলি কৰা হ’ব৷