Logo
image

চাম নহয় ফলাফল!

আমাৰ অসম, ২৯ অক্টোবৰঃ ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান শেষ হ’ল৷ ভোটদান হ’বলৈ এতিয়াও মাজত কিছু সময় বাকী আছে৷ কিন্তু  ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক যেন প্ৰত্যাহ্বানহে জনালে প্ৰাক্তন সভাপতি ৰিপুণ বৰাই৷ মূলতঃ মহাজোঁট ভংগক লৈ যেন মুঠেই সুখী নহয় ৰিপুণ বৰা৷ কাৰণ তেওঁৰ নেতৃত্বতে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে গঠন হৈছিল মহাজোঁট৷ যাৰ অংশীদাৰ আছিল এ আই ইউ ডি এফ, বি পি এফ, বাঁওদলসমূহ আৰু আঞ্চলিক গণ মৰ্চা৷ কিন্তু ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে উপ-নিৰ্বাচনৰ পূৰ্বে মহাজোঁটত ফাট মেলে আৰু ই কাৰ্যতঃ নাইকিয়া হৈ পৰে৷ বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ স্পষ্ট মত– ‘এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ ভাল হ’লনে নাই সেইটো এতিয়াই ক’ব নোৱাৰে৷ সেইটো নিৰ্বাচনৰ ফলাফলৰ পাছত ক’ব পৰা যাব৷ আজি কোৱা টান৷ চাই লওঁ ফলাফল৷ বিগত নিৰ্বাচনত মোৰ আৰু উপ-নিৰ্বাচনত বৰ্তমান কমিটীৰ ৰণকৌশলত কি ভুল, কি শুদ্ধ আছিল তাৰ উত্তৰ ফলাফলে দিব৷ আজমলৰে মিত্ৰতা ভুল নে শুদ্ধ আছিল উপ-নিৰ্বাচনৰ ফলাফলত গম পোৱা যাব৷ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ বিশ্লেষণ আমি কৰিছো৷ প্ৰতিবেদনখনত স্পষ্টভাৱে কোৱা হৈছে যে এ আই ইউ ডি এফৰ কাৰণে আমাৰ ভোট ক’তো কমা নাই৷ বিশেষকৈ উজনি অসমত৷ এ আই ইউ ডি এফৰে মিত্ৰতা হোৱাৰ কাৰণে ২০১৬ চনতকৈ এইবাৰ আমাৰ প্ৰতিটো সমষ্টিতে ভোট বাঢ়িছে৷ বিজেপিৰে পৰাজয়ৰ ব্যৱধান সাংঘাতিক নহয়৷ মিত্ৰতাৰ সিদ্ধান্ত ভুল নাছিল৷  সমগ্ৰ দেশতে সকলো ৰাজনৈতিক দল বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ পৰিৱেশ হৈছে৷ অসমত আমি আগতীয়াকৈ কৰিছোঁ৷’ ৰিপুণ বৰাৰ এই ভাষ্যৰ পৰা স্পষ্ট হৈ পৰিল কংগ্ৰেছৰ অভ্যন্তৰীণ সংঘাত৷ ৫ সমষ্টিৰ উপ-নিৰ্বাচন সভাপতি ভূপেন বৰাৰ বাবে যে অগ্নিপৰীক্ষাস্বৰূপ হ’ব সেইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ কাৰণ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপিবিৰোধী ঐক্য হৈ নুঠাৰ বাবে পোনপটীয়াভাৱে প্ৰদেশ কংগ্ৰেছকে জগৰীয়া কৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাধাৰ ফলতে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতা শেষপৰ্যন্ত হৈ নুঠিল৷ আনহাতে, অসম জাতীয় পৰিষদো কংগ্ৰেছৰ দ্বাৰা বিমুখ হ’বলগীয়া হয় আনুষ্ঠানিকক মিত্ৰতাৰ ক্ষেত্ৰত৷ একেই পৰিস্থিতি এ আই ইউ ডি এফৰ ক্ষেত্ৰতো হ’ল৷ ৰিপুণ বৰাৰ এনে স্থিতিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ভূপেন বৰাই প্ৰত্যক্ষভাৱে একো নক’লেও মাত্ৰ কয়– আগৰ কথাক লৈ মোৰ ক’বলগীয়া একো নাই৷ মই সভাপতি হোৱাৰ আগতে দলত যিবিলাক সিদ্ধান্ত হৈছিল সেইবিলাক সমুহীয়া সিদ্ধান্ত আছিল৷ এতিয়া নতুনকৈ লোৱা সিদ্ধান্তসমূহো সমুহীয়া সিদ্ধান্ত৷ দলৰ নেতৃত্বৰ সলনিৰ লগত, সময় সলনিৰ লগত, পৰিস্থিতিৰ সলনিৰ লগত সিদ্ধান্ত সলনি হয়৷ আমি দেৱালৰ লিখন পঢ়িব পাৰিব লাগিব৷ ৰাইজে কি বিচাৰিছে বুজিব লাগিব৷ নহ’লে দল কিদৰে আগবাঢ়িব৷

দল বাগৰা প্ৰাৰ্থীক পৰাভূত কৰি শিক্ষা দিয়কঃ ‘কা’বিৰোধী সমন্বয় সমিতি

উপ-নিৰ্বাচনত দলবাগৰা প্ৰাৰ্থীক পৰাভূত কৰি উচিত শিক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছে-‘কা বিৰোধী সমণ্বয় সমিতি’, অসমে৷ এই সম্পৰ্কে ‘কা বিৰোধী সমণ্বয় সমিতি’, অসমৰ সভাপতি ড॰  হীৰেণ গোহাঁই আৰু মুখ্য সমণ্বয়ক দেবেন তামুলীয়ে সংবাদ মাধ্যমক কয়– ‘আগন্তুক ৩০অক্টোবৰত অসমৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এই উপ-নিৰ্বাচন জনগণবিৰোধী আৰু সংবিধানৰ দশম অনুচ্ছেদৰ মূল আত্মাৰ পৰিপন্থী৷ এটা দলৰ পৰা বিধানসভালৈ নিৰ্বাচিত তিনিজন জনপ্ৰতিনিধিয়ে মাত্ৰ ক্ষমতাৰ স্বাৰ্থত দল বাগৰাৰ পৰিপ্ৰেক্ষিতত তিনিটাকৈ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে৷ এনে উপ-নিৰ্বাচনৰ ফলত বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন ব্যয় কৰিবলগীয়া হৈছে৷ যি ধন উপ-নিৰ্বাচন অবিহনে জনসাধাৰণৰ কল্যাণৰ বাবে খৰচ কৰিব পৰা হ’লহেঁতেন৷ এনেধৰণৰ দলত্যাগ সংবিধানৰ দশম অনুচ্ছেদৰ মূল আধাৰৰ পৰিপন্থী৷ সংবিধানৰ এই অনুচ্ছেদে দলত্যাগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে৷ কিন্তু ইয়াত থকা ছিদ্ৰৰ সহায় লৈ শাসকীয় দলটোৱে বিধায়ক কিনা-বেচাৰ দ্বাৰা ৰাজনীতিক কলুষিত কৰা পৰিলক্ষিত হৈছে৷ সেয়েহে সংবিধানত থকা এনে ছিদ্ৰ বন্ধ কৰাৰ আহ্বান জনালোঁ৷ সংবিধানৰ দশম অনুচ্ছেদৰ উপযুক্ত সংশোধন দাবী কৰি দল বাগৰা বিধায়কক পুনৰ নিৰ্বাচনত অংশগ্ৰহণৰ পৰা স্থায়ীভাৱে বাৰণ কৰাৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনালোঁ৷ গণতন্ত্ৰক সজীৱ আৰু সুৰক্ষিত কৰাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী৷ অসমৰ ৰাইজক এনে দল বাগৰা প্ৰাৰ্থীসকলক উপ-নিৰ্বাচনত পৰাভূত কৰি উচিত শিক্ষা প্ৰদান কৰিবলৈ আহ্বান জনালোঁ৷’