Logo
image

জাভেদ-জাবিনৰ পৃথিৱী এতিয়াও কুঁৱলীৰে ভৰা

আমাৰ অসম, ২৯ অক্টোবৰঃ যোৰহাটৰ কমাৰবস্তিৰ জাভেদ আশ্ৰাফুল হক [২৫] নামৰ যুৱকজনে ধনৰ অভাৱৰ বাবে নিজকে জাবিন আচাৰীয়ালৈ ৰূপান্তৰ কৰিব নোৱাৰি, তৃতীয় লিংগৰ অস্ত্ৰোপচাৰ কৰিব নোৱাৰি গুৱাহাটীৰ ভাৰা ঘৰত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ তৃতীয় লিংগৰ আগশাৰীৰ কাৰ্যকৰ্তা তথা অধিবক্তা স্বাতী বিধান বৰুৱাই৷ এই সন্দৰ্ভত তেওঁ আমাৰ অসমৰ আগত এনেদৰে কয়–‘কালি গুৱাহাটীৰ নুনমাটিত যিটো ঘটনা ঘটিল এয়া দুৰ্ভাগ্যজনক৷ কোন মানুহে লিংগ সলনি কৰি ল’ৰাৰ পৰা ছোৱালী হ’বলৈ  ৮০ লাখ টকা লাগে বুলি কৈছিল, ইয়াৰ তদন্ত হ’ব লাগে৷ মই জনাত এনে অস্ত্ৰোপচাৰৰ বাবে ৩.৫০-৪ লাখ মান টকাহে খৰচ হয়৷ দেশৰ বহু ৰাজ্যই ইচ্ছুক তৃতীয় লিংগৰ ব্যক্তিসকলক চৰকাৰী খৰচতে লিংগ সলনি কৰি দিয়ে৷ আমাৰ অসমতো চৰকাৰে এনে সুবিধা তৃতীয় লিংগৰ লোকসকলক দিব লাগে৷ ইতিমধ্যে গুৱাহাটী উচ্ছ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজৰিত আৱেদন দাখিল কৰা হৈছে৷ আত্মহত্যা কৰা যুৱকজন যদিহে মানসিকভাৱে ভাগি পৰিছিল তেন্তে মানসিক বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগিছিল৷ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণৰ বিভাগৰ কাষ চপাহেঁতেনো তেওঁ সদায় পালেহেঁতেন৷ বহু সময়ত এনে মানিসক অন্তদ্বৰ্ন্ধত ভুগি থকাসকলে নিজেই চৰম সিদ্ধান্ত লয়৷ কাকো খোলাকৈ কথাবোৰ নকয়৷ তেওঁলোকলৈ অনুৰোধ যে সমাজ বা সমূহৰ পৰা তেওঁলোক যেন পৃথক হৈ নাথাকে৷ অকলশৰীয়া হ’লেও দুবৃৰ্ত্তই সুযোগ ল’ব পাৰে৷’ ইফালে ৰাজ্যৰ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে এই সন্দৰ্ভত এনেদৰে কয়–‘লিংগ পৰিৱৰ্তন এতিয়া বিজ্ঞানসন্মত ঘটনা৷ যদিহে কোনো লোক তেওঁৰ সমকামী আচৰণৰ বাবে সন্তুষ্ট, তেন্তে মনোবিজ্ঞানৰ মতে সমকামিতাও অবৈজ্ঞানিক নহয়৷ কালি যিজন ল’ৰাই লিংগ সলনি কৰিব নোৱাৰি আত্মহত্যা কৰিলে বুলি বাতৰি প্ৰকাশ পাইছে৷ মই এই সন্দৰ্ভত মন্তব্য কৰিবলৈ অপাৰগ৷ কিয়নো মই সেই যুৱকজনৰ বিষয়ে একো নাজানো৷ কিন্তু সামগ্ৰিকভাৱে ক’ব পাৰো যে শতকৰা ৬৫ শতাংশ আত্মহত্যাই হতাশাগ্ৰস্ততাৰ কাৰণেই সংঘটিত হয়৷ সেই হিচাপেও হয়তো উক্ত যুৱকজনেও হতাশাগ্ৰস্তত ভুগিব পাৰে৷ লিংগ সলনি কৰিবৰ  বাবে আৱেদন কৰা সকলে  কেইবাটাও স্বাস্থ্য পৰীক্ষাৰ সন্মুখীন হ’ব লাগে৷ হৰমনজনিত, চাৰ্জাৰী আৰু মনোৰোগ বিশেষজ্ঞৰ সেউজ সংকেট পালেহে লিংগ পৰিৱৰ্তন সম্ভৱ৷’ উল্লেখ্য যে কালি হঠাৎ আত্মহত্যাৰ দৰে চৰমপন্থা গ্ৰহণ কৰা যোৰহাটৰ আশ্ৰাফুল হকে দীৰ্ঘদিন ধৰি এগৰাকী সুন্দৰী যুৱতী হোৱাৰ মন পুহি ৰাখিছিল৷ এগৰাকী সুন্দৰী যুৱতীৰ দৰেই সাজপোছাক পৰিধান কৰি ঘূৰি ফুৰিছিল জাভেদ আশ্ৰাফুল হকে৷ আনকি নিজকে সমাজত ছোৱালী বুলি পৰিচয় দি ভাল পাইছিল জাভেদ আশ্ৰাফুল হকে৷ তদুপৰি অস্ত্ৰোপচাৰৰ জৰিয়তে ছোৱালী হবলৈ দীৰ্ঘদিন ধৰি জাভেদ আশ্ৰাফুল হক গুৱাহাটীত বাহৰ পাতি আছিল৷ কিন্তু নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল মেধাবী যুৱকজন৷ অভিযোগ অনুসৰি ৮০ লাখ টকাৰ বাবেই তৃতীয় লিংগৰ অস্ত্ৰোপচাৰ কৰিব নোৱাৰি যুৱকজনে আত্মহত্যা কৰে৷ পদ্ধতিগত ভাবে অস্ত্ৰোপচাৰ কৰি তৃতীয় লিঙ্গলৈ পৰিৱৰ্তন কৰিব বিচৰা এইজন যুৱকে অৰ্থৰ অভাৱত অস্ত্ৰোপচাৰ কৰিব নোৱাৰি আত্মহনৰ পথ বাছি লব লগা হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছিল মহানগৰী নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগী হাউছিং কলনীত৷ আৰক্ষীৰ পৰা জানিব পৰা মতে, যুৱকজন যোৱা ডেৰ বছৰ ধৰি নাৰেংগী হাউছিং কলনীৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল৷ গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজনে লিংগ সলনি কৰাৰ বাবে নিজৰ নামটো জাভেদ আশ্ৰাফুল হকৰ পৰা জাবিন আচাৰীয়ালৈ সলনি কৰিছিল৷ জানিব পৰা মতে পৰিয়ালৰ সন্মতিত জাভেদ আশ্ৰাফুলে লিংগ সলনি কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভও কৰিছিল৷ কিন্তু যুৱকজনে বুধবাৰে পুৱাৰ ভাগত নিজ কোঠাত চিপ লৈ আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ৷ বুধবাৰে পুৱা প্ৰায় ৯ মান বজাত ভাড়াঘৰৰ এগৰাকী যুৱতীয়ে এই দৃশ্য প্ৰত্যক্ষ কৰি প্ৰথমে ভাড়াঘৰৰ গৰাকীক খবৰ দিয়ে৷ ভাড়াঘৰৰ গৰাকীয়ে ততালিকে নুনমাটি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষা ৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে৷ মূলত লিংগ পৰিৱৰ্তনৰ বাবে হবলগীয়া অস্ত্ৰোপ্ৰচাৰৰ বাবে প্ৰয়োজন হোৱা ৮০ লাখ টকা যোগাৰ কৰিব নোৱাৰা বাবে যুৱক জনে আত্মহননৰ পথ বাছি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা ইউ ডি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

পুত্ৰৰ ইচ্ছাক সন্মান জনাবলৈ মাটি বেচিবলৈ লৈছিল পৰিয়ালে

যোৰহাটৰ চিনামৰা কমাৰবস্তিৰ এজন যুৱকে লিংগ পৰিৱৰ্তনৰ বাবে প্ৰয়োজন হোৱা বৃহৎ পৰিমাণৰ ধন যোগাৰ কৰিব নোৱাৰি অৱশেষত আত্মহননৰ পথ বাছি লোৱাৰ ঘটনা পোহৰলৈ অহাত যোৰহাটবাসী মৰ্মাহত হৈ পৰিছে আৰু পৰিয়ালটোক সমবেদনা জনাইছে৷ উল্লেখ্য, এই ঘটনাত জাভেদ আশ্ৰাফুল হক নামৰ যুৱকজনৰ পিতৃ-মাতৃৰ লগতে আত্মীয়-স্বজন শোকাভিভূত হৈ পৰিছে৷ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা বিএছচি [আইটি] ডিগ্ৰী গ্ৰহণ কৰা মেধাৱী ছাত্ৰজনৰ লিংগ পৰিৱৰ্তনৰ বাসনাৰ বিষয়ে স্থানীয় লোকসকল অৱগত নাছিল বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ সূত্ৰটোৱে জনোৱা মতে, শেহতীয়াকৈ গুৱাহাটীত থাকিবলৈ লোৱা হকে এই বিষয়ে পিতৃ-মাতৃক অৱগত কৰিছিল৷ বিষয়টো কেৱল পৰিয়ালৰ মাজতে আৱদ্ধ আছিল বুলি পৰিয়ালৰ এক সূত্ৰই জানিবলৈ দিছে৷ আনকি ইয়াৰ বাবে প্ৰয়োজনীয় ধন জোৰা মাৰিবলৈ পৰিয়ালে মাটি-ভেটি বিক্ৰী কৰিবলৈও সন্মত হৈছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ কিন্তু পৰিয়ালটোৰ বাবে এই বৃহৎ পৰিমাণৰ ধন জোৰা মৰাটো এক প্ৰকাৰ অসম্ভৱ আছিল৷ এনে পৰিস্থিতিত হতাশ হৈ পৰা আশ্ৰাফুলৰ আত্মহত্যাৰ ঘটনাই তেওঁৰ পিতৃ-মাতৃৰ মূৰত আকাশী সৰগ ভাগি পৰে৷ উল্লেখ্য, আশ্ৰাফুলে পিতৃ-মাতৃৰ লগতে এজন ভায়েকক ইহসংসাৰত এৰি থৈ গৈছে৷ কিন্তু জ্যেষ্ঠ পুত্ৰৰ আত্মহননৰ পৰিয়ালটোত অৱৰ্ণনীয় পৰিস্থিতি বিৰাজ কৰিছে৷ এই ঘটনাত স্থানীয় লোকসকলো শোকাভিভূত হৈ পৰিছে৷ আনকি কোনেও পৰিয়ালয়োক সান্তনা দিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে৷