Logo
image

খাদ্য, ইন্ধনৰ জুয়ে দহিছে ৰাজ্য

আমাৰ অসম, ২৯ অক্টোবৰঃ ‘মূল্যবৃদ্ধি ৰোধ কৰক, নহ’লে গাদী এৰি দিয়ক৷’– এই শ্লোগানেৰে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ ৰাজপথ উত্তাল কৰি তুলিলে অসম জাতীয় পৰিষদে [এজেপি]৷ পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত দলৰ সহস্ৰাধিক কৰ্মীয়ে মহানগৰীৰ টি চি পইণ্টৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কৰি যায়৷ পদযাত্ৰাৰ সময়ত প্ৰতিবাদকাৰীয়ে আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড চাৰিবাৰকৈ ওফৰাই আগবাঢ়ি যায় আৰু ৰাজভৱনৰ সন্মুখত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷ পদযাত্ৰা কালত কেইবাঠাইতো প্ৰতিবাদকাৰীৰ আৰক্ষীৰ সৈতে হতাহতি হয়৷ হতাহতিৰ ফলত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হয়৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰায় দুঘণ্টাজুৰি চলা ঠেলা-হেঁচা, টনা-আঁজোৰা আৰু সশস্ত্ৰ চি আৰ পি এফৰ বেহু ভাঙি ৰাজভৱনত উপস্থিত হৈ এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ প্ৰতিনিধি দলটোৱে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে স্মাৰক-পত্ৰ প্ৰদান কৰে৷ উল্লেখ্য, খাদ্য সামগ্ৰীৰ পৰা ঔষধলৈ, পেট্ৰ’ল-ডিজেল-ৰন্ধন গেছৰ পৰা নিৰ্মাণ সামগ্ৰীলৈ– সকলোতে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনজীৱন বিপন্ন কৰি তুলিছে৷ খাদ্য-ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধিৰ জুয়ে দহিছে সমগ্ৰ অসম৷ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ক্ষমতাত থকা বিজেপি দলৰ চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ সলনি নিজৰ স্বাৰ্থান্বেষী কাম-কাজেৰে মূল্যবৃদ্ধি হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ অৰিহণা যোগাই আহিছে বুলি অভিযোগ উত্থাপন কৰি এজেপিয়ে চৰকাৰৰ এনে জনবিৰোধী কাৰ্যৰ প্ৰতিবাদত তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত ৰাজভৱনলৈ গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷ সেইমৰ্মে বৃহস্পতিবাৰে দিনৰ ১২ বজাত গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাব টি চি পইণ্টত দলৰ সহস্ৰাধিক নেতা-কৰ্মী সমবেত হয়৷ সমবেত প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে বাঁহৰ বেৰিকেড স্থাপন কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি নিবলৈ বহুকেইখন চিটী বাছ সাজু কৰি ৰাখে৷ প্ৰথমে প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে বাধা দিয়ে আৰু তাতেই মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীত তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে শ্লোগান দিয়ে৷ কিছুসময় শ্লোগান দি পথ সলনি কৰি সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিপৰীত দিশৰ বেৰিকেড ভাঙি গুৱাহাটী ক্লাব-বাৰোৱাৰী পথেৰে ৰাজভৱনলৈ উদ্দেশ্যি পদযাত্ৰা আৰম্ভ কৰে৷ ৰাজভৱন যাত্ৰাপথত আৰক্ষীয়ে চাৰিটা পৃথক স্থানত বেৰিকেড বহুৱাই যদিও প্ৰতিবাদকাৰীসকলে আটাইকেইটা বেৰিকেড ভেদ কৰি ৰাজভৱনৰ সন্মুখত উপস্থিত হয়৷ বেৰিকেড ভেদ কৰিবলৈ যোৱা প্ৰতিবাদকাৰীক বাধা দিবলৈ যোৱা আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ কেইবাঠাইত ঠেলা-হেঁচা আৰু হতাহতিৰ সৃষ্টি হয়৷ সমদলকাৰীক বাধা দিয়া অসম আৰক্ষীৰ এজন বিষয়াই এজেপিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ ডিঙিত চেপি ধৰাৰ ফলত বসুমতাৰীৰ ডিঙিৰ ছাল ফাটি তেজ নিৰ্গত হয়৷ জাতীয় যুৱ শক্তিৰ কামৰূপ [ম] সমিতিৰ মুখ্য আহ্বায়ক জিণ্টু ডেকাক এগৰাকী আৰক্ষীয়ে গতা মাৰি দিয়াৰ ফলত ডেকাৰ মুখেৰে তেজ ওলাই আহে৷ আহত ডেকাক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন কৰোৱা হয়৷ তদুপৰি গীতা ৰাভা নামৰ আন এগৰাকী দলীয় সদস্যও আৰক্ষীৰ আক্ৰমণত আহত হয়৷ এনেদৰে ঠেলা-হেঁচা, টনা-আঁজোৰা, খেদাখেদিৰে প্ৰায় ডেৰ কিলোমিটাৰ পথ এঘণ্টা সময় পদযাত্ৰা কৰি প্ৰতিবাদকাৰীসকল ৰাজভৱনৰ সন্মুখত উপস্থিত হয় আৰু তাতে আৰক্ষীয়ে তেওঁলোকক আটক কৰি লতাশিল থানালৈ লৈ যায়৷ আনহাতে, দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে ৰাজভৱনলৈ গৈ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিৰ হাতত স্মাৰক-পত্ৰ অৰ্পন কৰে৷ দলৰ সভাপতিৰ লগতে কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু মুখ্য উপদেষ্টা বসন্ত ডেকাৰে গঠিত প্ৰতিনিধি দলটোৱে ৰাজ্যপালক প্ৰদান কৰা স্মাৰক-পত্ৰযোগে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ হকে চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি সেয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা ল’বলৈ দাবী জনায়৷ বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ গণগৰ্জন কাৰ্যসূচীত ভাগ লোৱা প্ৰতিবাদকাৰীক আৰক্ষীৰ লোকে আক্ৰমণ কৰি আহত কৰা ঘটনাক দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই গৰিহণা দিয়ে৷ নেতাদ্বয়ে কয় যে ৰাইজৰ জীৱন-জীৱিকাৰ সৈতে জড়িত বিষয়ক লৈ প্ৰতিবাদ কৰিবলৈ যোৱা লোকৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ কৰা কাৰ্যত চৰকাৰখনৰ মন-মানসিকতা প্ৰতিফলিত হৈছে৷ যিসময়ত অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ বাবে চকুৰে ধুঁৱলি-কুঁৱলি দেখিছে, তেনে সময়ত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি সমগ্ৰ মন্ত্ৰীমণ্ডল ভোট বিচৰাৰ নামত বহুৱালি কৰাত ব্যস্ত৷ এনে এখন চৰকাৰৰ আচলতে ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই৷ একমাত্ৰ নিজৰ ঐশ্বৰ্য-বিভূতি ঘটা আৰু দলৰ শক্তি বৃদ্ধি কৰাটো বিজেপি দল আৰু তেওঁলোকৰ চৰকাৰৰ যে একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য সেই কথা লুকাই থকা নাই৷ চৰকাৰখনৰ এনে স্বাৰ্থান্বেষী আৰু ফেচিবাদী কাৰ্যৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি থিয় দিয়াৰ সময় আহি পৰিছে বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷

অভাৱনীয় মূল্যবৃদ্ধি, দায় সৰা মন্তব্য মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ

ৰাজ্যত পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী, নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি হৈছে৷ ৰাজ্যত পেট্ৰ’লৰ দাম লিটাৰত ১০৭ টকাৰ অধিক হৈছে৷ কাছাৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৪.১৯ টকা, বৰপেটাত ১০৪.৭২ টকা, বিশ্বনাথত ১০৫.১৯ টকা, বঙাইগাঁৱত ১০৩.৮৯ টকা, কাছাৰত ১০৪.৫৪ টকা, চৰাইদেউত ১০৫.১৯ টকা, চিৰাঙত ১০৩.৮৯ টকা, দৰঙত ১০৪.৩৪ টকা, ধেমাজিত ১০৫.৭২ টকা, ধুবুৰীত ১০৪.৯৬ টকা, ডিব্ৰুগড়ত ১০৪.৮৬ টকা, ডিমা হাচাওত ১০৭.২৭ টকা, গোৱালপাৰাত ১০৪.৭৫ টকা, গোলাঘাটত ১০৩.৯৮ টকা, হাইলাকান্দিত ১০৪.৬০ টকা, হোজাইত ১০৪.৮২ টকা, যোৰহাটত ১০৪.৫৭ টকা, কামৰূপ মহানগৰত আৰু কামৰূপত ১০৩.৯৪ টকা, কৰিমগঞ্জত ১০৫.২১ টকা, কাৰ্বিআংলঙত ১০৫.১৫ টকা, কোকৰাঝাৰত ১০৪.১৩ টকা, লখিমপুৰত ১০৬.৩৪ টকা, মাজুলীত ১০৬.৩৮ টকা, মৰিগাঁৱত ১০৫.৩২ টকা, নগাঁৱত ১০৫.১২ টকা, নলবাৰীত ১০৪.৫৪ টকা, শিৱসাগৰত ১০৫.২৫ টকা, শোণিতপুৰত ১০৪.২৭ টকা, তিনিচুকীয়াত ১০৪.২০ টকা, ওদালগুৰিত ১০৫ টকা আৰু পশ্চিম কাৰ্বি আংলঙত ১০৫.৩২ টকা৷ ৰাজ্যত প্ৰতিলিটাৰ ডিজেলৰ দাম এশৰ ঘৰ চুৱাৰ উপক্ৰম হৈছে৷ ডিমা হাচাওত প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছে ৯৯.৫৯ টকা, ধেমাজিত ৯৮.১৫ টকা, লখিমপুৰত ৯৮.৭৪ টকা, মাজুলীত ৯৮.৭৬ টকা৷ ৰাজ্যৰ কোনো এখন জিলাত ৯৬.৫০ টকাৰ তলত নাই ডিজেলৰ দাম৷ বৃহস্পতিবাৰৰ দিনটোত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত ডিজেলৰ দাম লিটাৰত ৯৬.৫০ টকা৷ ৰন্ধন গেছৰ দাম ৰাজ্যত হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে৷ কাছাৰত ঘৰুৱা ৰন্ধন গেছৰ দাম ১০৩৪.৫০ টকা, ডিমাহাচাওত ১০৫৮.৫০ টকা, হাইলাকান্দিত ১০৪৩.৫০ টকা, কৰিমগঞ্জত ১০৩.৫০ টকা হৈছে৷ কামৰূপ মহানগৰত ৰন্ধন গেছৰ দাম ৯৪৮.৫০ টকা, কামৰূপ জিলাত ৯৫৮.৫০ টকা হৈছে৷ নিৰ্মাণ সামগ্ৰীৰ দামো অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ ৰ’দৰ দাম কুইণ্টলত ১০০০-১২০০ টকা বৃদ্ধি পাইছে৷ ৰাজ্যৰ সাধাৰণ ৰ’দৰ দাম কুইণ্টলত ৬৮০০-৭০০০ হৈছে৷ চিমেণ্টৰ দামো বৃদ্ধি পাইছে৷ শাক-পাচলি, আলু পিয়াজ, চাউল দাইলৰ দাম আকাশলংঘী হৈ পৰিছে৷ কিলোত ৮০ টকাৰ তলত এবিধ শাক-পাচলিও পাবলৈ নাই৷ আলুৰ দাম কিলোত ৪০ টকা, পিঁয়াজৰ দাম কিলোত ৬০ টকা হৈছে৷ ভেন্দিৰ কিলোত ৮০ টকা, জিকাৰ কিলো ৭০ টকা, বিনৰ কিলো ১৬০ টকা, স্কোৱাচৰ কিলো ৬০ টকা, ভোলৰ কিলোত ৬০ টকা হৈছে৷ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বাছ-টেক্সীৰ ভাৰাও৷