Logo
image

শালবন এৰি বিকল্প পথৰ সন্ধান

আমাৰ অসম, ৩০ অক্টোবৰঃ অৱশেষত গা-লৰিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ৷ ডবকাবাসীয়ে দেখিছে আশাৰ ৰেঙণি৷ ৰাষ্টীয় ঘাইপথ নিৰ্মাণৰ বাবে প্ৰায় ৬ সহস্ৰাধিক শালগছ কটাৰ পৰিকল্পনা কৰিছিল কতৃৰ্পক্ষই৷ বিগত ৭ দিন ধৰি বিভিন্ন দল-সংগঠনে গছ ৰক্ষাৰ বাবে বিকল্প ঠাইত ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰবল দাবী উত্থাপন কৰাত অৱশেষত আজি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উচ্ছপদস্থ বিষয়া আৰু বন বিভাগৰৰ উচ্ছ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷  তেওঁলোকে¸  বিকল্প ঠায়ো পৰিদৰ্শন কৰে৷ এই সন্দৰ্ভত  ৰাইজ আৰু সাংবাদিকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উচ্ছ পদস্থ বিষয়াৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত জাঙুৰ খাই উঠে বিষয়াজন৷ তাৰ পাছতেই দল-সংগঠনৰ লোক উপস্থিত হৈ বিষয়াজনৰ কৰ্মকাণ্ডক গৰিহণা দিয়ে৷ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত ডবকা সংৰক্ষিত বনাঞ্চলৰ ৬ সহস্ৰাধিক প্ৰকাণ্ড গছ কটাৰ পৰিকল্পনা কৰিছে বন বিভাগে৷ বৰ্তমানেও এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাই বিভাগীয় কতৃৰ্পক্ষ৷ গছ কটাৰ বিৰোধিতাৰে বিভিন্ন দল-সংগঠনে সাত দিনে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল৷ ইয়াৰ পাছত আজি গা লৰিছে বন বিভাগ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ৷ আজি বন বিভাগৰ ফালৰ উত্তৰ অসম বন চক্ৰৰ বন সংৰক্ষক, হোজাইৰ ডিএফঅ’, ডবকাৰ ৰেঞ্জাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলে যৌথভাৱে বিকল্প পথ এলেকা পৰিদৰ্শন কৰে৷ পৰিদৰ্শন কালত তেওঁলোকে নিজৰ নিজৰ মাজতে আলোচনাত বহে৷ আনহাতে গছ কটা আৰু বিকল্প পথ সন্দৰ্ভত প্ৰাধিকৰণৰ এজন বিষয়াৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত বিষয়াজনে সাংবাদিকক অভব্য আচৰণ কৰাৰ লগতে মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ ইয়াকে লৈ ডবকাৰ দল-সংগঠনৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷ দল-সংগঠনৰ কৰ্মকৰ্তাসকলে বিষয়াজনৰ এনে আচৰণক তীব্ৰ ভাষাৰে গৰিহণা দিেয়৷ আনহাতে উত্তৰ অসম বন চক্ৰৰ বন সংৰক্ষক বিষয়া বংকিম শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়– ‘বিশেষ ছাৰ্ভে একো কৰা হোৱা নাই৷ আমি ৰি-এলাইনমেনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক প্ৰস্তাৱ দিছো আৰু সেইটো তেওঁলোকে নিৰীক্ষণ কৰিব৷ বৰ্তমানলৈ গছ কটাৰ কোনো চিন্তা-চৰ্চাও কৰা হোৱা নাই৷ আপোনালোকক কোনে জনাইছে নাজানো৷’ এতিয়া প্ৰশ্ন হয়– গছ কাটি ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নে গছ-গছনি নকটাকৈ বিকল্প স্থানত ফৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিব সেয়াও বৰ্তমানলৈকে স্পষ্ট হোৱা নাই৷ উল্লেখ্য, বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যয়ে এই বিষয়টোৰ সন্দৰ্ভত আজি কয় যে, বিকল্প পথৰ সন্ধান কৰা হৈছে আৰু সেই মৰ্মে সংশ্লিষ্ট বিষয়াক পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে৷